অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

ৱিক্স্যনেৰী

ৱিক্স্যনেৰী বা ৱিকি অভিধান এক বহুভাষিক, ৱেবভিত্তিক প্ৰকল্প য'ত সকলো ভাষাৰ সকলো শব্দৰে এখন মুক্ত অভিধান সজাৰ প্ৰয়াস কৰা হয়। এটা ৱিকিৰ জৰিয়তে ইয়াত সহযোগিতামূলক সম্পাদনা কৰা হয়। wiki আৰু dictionary শব্দ দুটাৰ পৰা ইয়াৰ নামটো লোৱা হৈছে। ১৭১টা ভাষা আৰু সৰল ইংৰাজীত এই প্ৰকল্প উপলব্ধ।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ৫২৬ শব্দ · ৩ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ৱিক্স্যনেৰী বা ৱিকি অভিধান এক বহুভাষিক, ৱেবভিত্তিক প্ৰকল্প য'ত সকলো ভাষাৰ সকলো শব্দৰে এখন মুক্ত অভিধান সজাৰ প্ৰয়াস কৰা হয়। এটা ৱিকিৰ জৰিয়তে ইয়াত সহযোগিতামূলক সম্পাদনা কৰা হয়। wiki আৰু dictionary শব্দ দুটাৰ পৰা ইয়াৰ নামটো লোৱা হৈছে। ১৭১টা ভাষা আৰু সৰল ইংৰাজীত এই প্ৰকল্প উপলব্ধ। ইয়াৰ ভগ্নী প্ৰকল্প ৱিকিপিডিয়াৰ দৰে ৱিক্স্যনেৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যনে পৰিচালনা কৰে আৰু স্বেচ্ছাসেৱীসকলে সহযোগিতাৰে লিখে। ইয়াৰ ৱিকি ছফ্টৱেৰ মিডিয়াৱিকিৰ জৰিয়তে ইণ্টাৰনেট সংযোগ থকা যিকোনো লোকে ৱিক্স্যনেৰীত সৃষ্টি আৰু সম্পাদনা কৰিব পাৰে।

ছপা মাধ্যমৰ সীমাবদ্ধতা নথকাৰ বাবে ৱিক্স্যনেৰীৰ বেছিভাগ ভাষাৰ সংকলনত বহু ভাষাৰ শব্দৰ সংজ্ঞা আৰু অনুবাদ অন্তৰ্ভুক্ত কৰা হয়। কিছুমান সংকলনত Thesaurus আৰু lexicon-ত পোৱা অতিৰিক্ত তথ্যও সন্নিৱিষ্ট কৰা হয়।

ইতিহাস আৰু বিকাশ

ডেনিয়েল এষ্টনৰ প্ৰস্তাৱ আৰু ৱিকিপিডিয়াৰ সহ-প্ৰতিষ্ঠাপক লেৰী ছেংগাৰৰ এটা ধাৰণাৰ আঁত ধৰি ২০০২ চনৰ ১২ ডিচেম্বৰত ৱিক্স্যনেৰীৰ আৰম্ভণি হয়। ২০০৪ চনৰ ২৮ মাৰ্চত ফৰাচী আৰু প'লিচ ভাষাত ৱিক্স্যনেৰীৰ কাম আৰম্ভ হয়। তাৰ পাছত বহু ভাষাত ৱিক্স্যনেৰী আৰম্ভ কৰা হৈছে। ২০০৪ চনৰ ১ মে'লৈকে এটা অস্থায়ী ড'মেইন নামত (wiktionary.wikipedia.org) ৱিক্স্যনেৰীৰ কাম চলোৱা হৈছিল আৰু ইয়াক বৰ্তমানৰ ড'মেইন নামলৈ অনা হয়। ২০১৬ চনৰ নৱেম্বৰৰ তথ্য অনুসৰি ৱিক্স্যনেৰীত ২.৫৯ কোটি অন্তৰ্ভুক্তি আছে।১ ৬৬ লাখৰো অধিক অন্তৰ্ভুক্তিৰে ইংৰাজী ৱিক্স্যনেৰীয়েই সকলোতকৈ ডাঙৰ সংকলন। বৰ্তমান ৪১খন ৱিক্স্যনেৰী সংকলনত এক লাখৰো বেছি অন্তৰ্ভুক্তি আছে।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ www.wiktionary.org/

সম্পৰ্কিত শ্ৰেণী

ৱিকিমিডিয়া প্ৰকল্পসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱিক্স্যনেৰী” প্ৰবন্ধৰ সংশোধন ৬৩৮৬৯১ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।