অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

ৱিকিউদ্ধৃতি

ৱিকিউদ্ধৃতি (Wikiquote (ৱিকিকোৱ'ট)) বা ৱিকিউক্তি হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যন পৰিচালিত আৰু মিডিয়াৱিকি ছফ্টৱেৰ ব্যৱহাৰ কৰা এক ৱিকি-ভিত্তিক প্ৰকল্প। ডেনিয়েল এলষ্টনৰ পৰিকল্পনা আৰু ব্ৰায়'ন ৱিবাৰৰ কাৰ্যকাৰিতাত জন্মলাভ কৰা এই প্ৰকল্পৰ উদ্দেশ্য হৈছে সমিলমিলেৰে উল্লেখযোগ্য ব্যক্তি, গ্ৰন্থ, চলচ্চিত্ৰ বা…

হালনাগাদ: ৪ এপ্ৰিল ২০২৬ ২১৭ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ৱিকিউদ্ধৃতি (Wikiquote (ৱিকিকোৱ'ট)) বা ৱিকিউক্তি হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যন পৰিচালিত আৰু মিডিয়াৱিকি ছফ্টৱেৰ ব্যৱহাৰ কৰা এক ৱিকি-ভিত্তিক প্ৰকল্প। ডেনিয়েল এলষ্টনৰ পৰিকল্পনা আৰু ব্ৰায়'ন ৱিবাৰৰ কাৰ্যকাৰিতাত জন্মলাভ কৰা এই প্ৰকল্পৰ উদ্দেশ্য হৈছে সমিলমিলেৰে উল্লেখযোগ্য ব্যক্তি, গ্ৰন্থ, চলচ্চিত্ৰ বা ফকৰা যোজনাৰ উক্তিসমূহ সংগ্ৰহ কৰা আৰু সঠিক এট্ৰিবিউচনেৰে সেইবোৰ বৰ্ণনা কৰা। উক্তিৰ আন আন বহুতো অনলাইন সংগ্ৰহ থাকিলেও ৱিকিউদ্ধৃতিত পঢ়ুৱৈয়ে নিজে অৰিহণা যোগাবলৈ সুবিধা পায়।১ ৱিকিউদ্ধৃতিৰ পৃষ্ঠাৰ পৰা উল্লেখযোগ্য ব্যক্তিসমূহৰ বিষয়ে ৱিকিপিডিয়ালৈ সংযোগ দিয়া হয়।২

প্ৰথমে ৱিকিউদ্ধৃতি কেৱল ইংৰাজী ভাষাত মুকলি কৰা হৈছিল; ২০০৪ চনৰ জুলাই মাহৰ পৰা আন আন ভাষাসমূহ অন্তৰ্ভুক্ত কৰাৰ কাম আৰম্ভ হয়।

ইতিহাস

বৃহত্তম আঠখন ৱিকিকোৱ'টৰ বিকাশ।
বৃহত্তম আঠখন ৱিকিকোৱ'টৰ বিকাশ।ছবি: Public domain
তাৰিখপৰিঘটনা
<center>২৭ জুন ২০০৩অস্থায়ীভাৱে ৱ'ল'ফ ভাষাৰ ৱিকিপিডিয়াত (wo.wikipedia.com) থোৱা হয়।
<center>১০ জুলাই ২০০৩নিজা উপডমেইন সৃষ্টি কৰা হয় (quote.wikipedia.org)।
<center>২৫ আগষ্ট ২০০৩নিজা ডমেইন সৃষ্টি (wikiquote.org)।
<center>১৭ জুলাই ২০০৪নতুন ভাষা যোগ।
<center>১৩ নৱেম্বৰ ২০০৪ইংৰাজী ভাষাৰ প্ৰকল্পত ২০০০ পৃষ্ঠা সম্পূৰ্ণ।
<center>নৱেম্বৰ ২০০৪২৪টা ভাষাত সক্ৰিয়।
<center>মাৰ্চ ২০০৫মুঠ ১০,০০০ পৃষ্ঠা। ইংৰাজী প্ৰকল্পত প্ৰায় ৩০০০ পৃষ্ঠা।
<center>জুন ২০০৫এটা দ্ৰুপদী (লেটিন) আৰু এটা কৃত্ৰিম (এছপেৰেণ্ট')কে ধৰি ৩৪টা ভাষাত মুকলি।
<center>৪ নৱেম্বৰ ২০০৫ইংৰাজী ৱিকিউদ্ধৃতিত ৫০০০ পৃষ্ঠা।
<center>এপ্ৰিল ২০০৬আইনী কাৰণত ফ্ৰেঞ্চ ৱিকিউদ্ধৃতি বন্ধ।
<center>৪ ডিচেম্বৰ ২০০৬ফ্ৰেঞ্চ ৱিকিউদ্ধৃতি পুনৰায় আৰম্ভ।
<center>৭ মে' ২০০৭ইংৰাজী ৱিকিউদ্ধৃতিত ১০,০০০ পৃষ্ঠা।
<center>জুলাই ২০০৭৪০টা ভাষাত মুকলি।
<center>ফেব্ৰুৱাৰী ২০১০সকলো ভাষা মিলি ১,০০,০০০ প্ৰবন্ধ।
<center>জুলাই ২০১২৮৮টা ভাষাত মুকলি।
<center>মে' ২০১৬সকলো ভাষা মিলি ২,০০,০০০ প্ৰবন্ধ।
<center>জানুৱাৰী ২০১৮বিদ্যালয় আৰু অলাভজনক সংস্থাসমূহৰ মাজত ৰাষ্ট্ৰীয় অংশীদাৰিত্বৰ পাঠ্যক্ৰমত প্ৰৱৰ্তন কৰা হৈছে (ইটালী)৩

বহুভাষিক সহযোগিতা

২০২৬ চনৰ এপ্ৰিল মাহলৈকে ৯৯টা ভাষাৰ বাবে ৱিকিউদ্ধৃতি চাইট আছে ইয়াৰে ৭৬টা সক্ৰিয় আৰু ২৩টা বন্ধ। সক্ৰিয় ছাইটসমূহত ৩৭১,২৭২টা প্ৰবন্ধ আৰু বন্ধ চাইটসমূহত ৬৩৮টা প্ৰবন্ধ আছে। ইয়াত ৪,৪৫৮,০২১ জন পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰী আছে, তাৰে ভিতৰত ২,৯৪৯ জন শেহতীয়াকৈ সক্ৰিয়।৪

অসমীয়া ভাষাত ৱিকিউদ্ধৃতি

অসমীয়া ভাষাত "ৱিকিউক্তি" নামেৰে ২০০৮ চনত এই প্ৰকল্প আৰম্ভ কৰা হৈছিল। কিন্তু দীৰ্ঘদিনৰ নিষ্ক্ৰিয়তাৰ বাবে ২০১০ চনত ইয়াক ইন্‌কিউবেটৰলৈ স্থানান্তৰ কৰা হয়। ইয়াৰ পিছত ৱিকিউদ্ধৃতি নামেৰে প্ৰকল্পটো সম্পাদনা কৰিবলৈ আৰম্ভ কৰা হয়। ২০২১ চনৰ মধ্যভাগৰ পৰা ৱিকিউদ্ধৃতিৰ কাম পূৰ্ণ ৰূপত চলি আহিছিল। পৰৱৰ্তী সময়ত প্ৰকল্পটোত যথেষ্টসংখ্যক সমল হোৱাত ৱিকিমিডিয়া ফাউণ্ডেছনৰ ভাষা সমিতিৰ ওচৰত অসমীয়া ভাষাৰ বাবে সুকীয়া ডমেইনৰ প্ৰস্তাৱ আনুষ্ঠানিকভাৱে দাখিল কৰা হয়। প্ৰকল্পটোৰ সমল আৰু সক্ৰিয়তাৰ ভিত্তিত সমিতিয়ে ২০২২ চনৰ শেষৰ ভাগত প্ৰস্তাৱটোক মান্যতা প্ৰদান কৰে আৰু সেইসূত্ৰে ৪ জানুৱাৰীত অসমীয়া ৱিকিউদ্ধৃতিয়ে নিজাকৈ ডমেইন লাভ কৰে।

তথ্যসূত্ৰ

  1. ↑ DeVinney, Gemma. (18 January 2007). Wikiquote: Another source for quotes on the Web. UB Reporter. University of Buffalo
  2. ↑ Ahsan, Hafsa. (27 January 2007). It's all about Wikis. DAWN
  3. ↑ (2018-01-26). Protocollo MIUR-Wikimedia. Ministero dell'istruzione, dell'università e della ricerca
  4. ↑ Wikiquote Statistics. Meta.Wikimedia.org

সম্পৰ্কিত শ্ৰেণী

ৱিকিৱেবছাইটৱিকিমিডিয়া প্ৰকল্পসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱিকিউদ্ধৃতি” প্ৰবন্ধৰ সংশোধন ৫৯৯৯১৩ (৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।