ছফ্টৱেৰ
১৬ প্ৰবন্ধ
-
টিকটক
টিকটক (TikTok) বা ডয়ইন (抖音; pinyin: Dǒuyīn; অৰ্থ: 'কম্পিত শব্দ') iOS আৰু এণ্ড্ৰইডত উপলদ্ধ এটা মিডিয়া এপ যিটো ছুটি ভিডিঅ' প্ৰকাশ আৰু প্ৰচাৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই এপটোৱে ইয়াৰ ব্যৱহাৰকাৰীসকলক ৩-১৫ ছেকেণ্ডৰ ছুটি সংগীতৰ আৰু ৩-৬০ ছেকেণ্ডৰ লুপিং ভিডিঅ' প্ৰকাশ কৰাৰ সুবিধা প্ৰদান কৰে।
-
ৱেব ব্ৰাউজাৰ
ৱেব ব্ৰাউজাৰ হৈছে ৱৰ্ল্ড ৱাইড ৱেবৰ পৰা উপলব্ধ তথ্য সমূহ আহৰণ কৰি কম্পিউটাৰত প্ৰদৰ্শন কৰা ছফ্টৱেৰ। ব্ৰাউজাৰে আহৰিত কৰা তথ্য সমূহক ৰেণ্ডাৰিং ইঞ্জিনৰ সহায়ত বিশ্লেষণ কৰি উপযুক্ত আৰু বোধগম্য ভাবে প্ৰদৰ্শন কৰে।
-
মিডিয়াৱিকি
মিডিয়াৱিকি হৈছে এক মুক্তউৎসৰ ৱিকি ছফ্টৱেৰ পেকেজ, ইয়াক মূলতঃ ৱিকিকিপিডিয়াত ব্যৱহাৰ কৰা, পিএইচপি প্ৰ'গ্ৰামিং ভাষাত লিখা হয়। বৰ্তমান এই ছফ্টৱেৰটোৱে অব্যৱসায়িক প্ৰতিষ্ঠান, ৱিকিমিডিয়া প্ৰতিষ্ঠানৰ বিভিন্ন পৰিসেৱা আৰু প্ৰকল্পৰ কৃতকৰ্মকো সামৰি লয়; আনকি এই ৱেবছাইট অৰ্থাৎ অসমীয়া ৱিকিপিডিয়ায়েও এই…
-
এড'বী এক্সডি
এড'বী এক্সডি (এড'বী এক্সপিৰিয়েঞ্চ ডিজাইন বুলিও জনা যায়) হৈছে এড'বী ইন্ক'ৰ্পৰেশ্যনদ্বাৰা বিকশিত আৰু প্ৰকাশিত ৱেব এপ্ আৰু ম'বাইল এপৰ বাবে এক ভেক্টৰ-ভিত্তিক ব্যৱহাৰকাৰী অভিজ্ঞতা ৰূপাংকণ সঁজুলি।
-
ফিগমা (ছফ্টৱেৰ)
ফিগমা হৈছে এক ৱেব-ভিত্তিক ভেক্টৰ গ্ৰাফিক্স সম্পাদক আৰু প্ৰ'ট'টাইপিং সঁজুলি। অথচ মেকঅ'এছ আৰু ৱিণ্ড'জৰ বাবে নিৰ্মিত ডেস্কটপ এপ্লিকেশ্যনত কিছুমান অতিৰিক্ত অফলাইন সুবিধা পোৱা যায়।
-
স্কেট্চ (ছফ্টৱেৰ)
স্কেট্চ (বা পূৰ্বতে কোৱা বহেমিয়ান ক'ডিং) হৈছে ওলন্দাজ কোম্পানী স্কেট্চ বি.ভি.-দ্বাৰা বিকশিত মেকঅ'এছৰ বাবে এক ভেক্টৰ গ্ৰাফিক্স সম্পাদক। ইয়াক প্ৰথমবাৰৰ বাবে ২০১০ চনৰ ৭ ছেপ্টেম্বৰত মুকলি কৰা হৈছিল আৰু ই ২০১২ চনত এপল ডিজাইন বঁটা লাভ কৰিছিল।
-
ভেল’ৰেণ্ট
ভেল’ৰেণ্ট (Valorant) হৈছে ৱিণ্ড’জৰ বাবে ৰায়ট গে’ম্ছদ্বাৰা বিকশিত আৰু প্ৰকাশিত এক বিনামূলীয়াকৈ খেলিবপৰা ফাৰ্ষ্ট পাৰ্ছন কৌশলগত হিৰ’ শ্বুটাৰ গে’ম। 2019 চনৰ অক্টোবৰত প্ৰজেক্ট এ সাংকেতিক নামেৰে ইয়াৰ টীজাৰ মুকলি কৰা হৈছিল; 7 এপ্ৰিল, 2020 তাৰিখে সীমিত লোকৰ বাবে বিটা সংস্কৰণ মুকলি কৰা হৈছিল আৰু তাৰপাছত…
-
ৱিকিৱিকিৱেব
ৱিকিৱিকিৱেব হৈছে প্ৰথম ৱিকি, বা ব্যৱহাৰকাৰীয়ে সম্পাদনা কৰিব পৰা ৱেবছাইট। ১৯৯৫ চনৰ ২৫ মাৰ্চত প্ৰগ্ৰেমাৰ ৱাৰ্ড কানিংহামে ইয়াক আৰম্ভ কৰিছিল আৰু ২০১৫ চনৰপৰা ই কেৱল পঢ়িব পৰা আৰ্কাইভ হিচাপে পৰিগণিত হৈছে।
-
ৱিণ্ড'জ ১১
ৱিণ্ড'জ ১১ হৈছে মাইক্ৰ’ছফ্টদ্বাৰা বিকশিত ৱিণ্ড’জ এন টি অপাৰেটিং ছিষ্টেমৰ এক উল্লেখযোগ্য সংস্কৰণ যাৰ ঘোষণা ২০২১ চনৰ ২৪ জুনত কৰা হয়। ই ছবছৰ আগতে মুক্তি লাভ কৰা ৱিণ্ড’জ ১০ৰ নৱসংস্কৰণ যি ২০২১ চনৰ শেষৰ ফালে মুক্তি লাভ কৰে।
-
অপাৰ্থিৱ গোলক
অপাৰ্থিৱ গোলক (Virtual Globe) হৈছে পৃথিৱী বা আন এখন জগতৰ ত্ৰিমাত্ৰিক (3D) ছফ্টৱেৰ মডেল বা প্ৰতিনিধিত্ব। ভাৰ্চুৱেল গ্ল'বে ব্যৱহাৰকাৰীক দৰ্শন কোণ আৰু অৱস্থান সলনি কৰি ভাৰ্চুৱেল পৰিৱেশত মুক্তভাৱে ঘূৰি ফুৰাৰ ক্ষমতা প্ৰদান কৰে।
-
কম্পিউটাৰ আৰু ইণ্টাৰনেট প্ৰট’কল ঠিকনা পৰীক্ষক
কম্পিউটাৰ আৰু ইণ্টাৰনেট প্ৰট’কল ঠিকনা পৰীক্ষক (CIPAV) ইলেক্ট্ৰনিক নিৰীক্ষণৰ অধীনত সন্দেহযুক্ত লোকৰ স্থানৰ তথ্য অনুসৰণ আৰু সংগ্ৰহ কৰিবলৈ ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেচনে (এফ বি আই) ব্যৱহাৰ কৰা এটা তথ্য সংগ্ৰহৰ আহিলা।
-
ভিজুৱেলএডিটৰ
ভিজুৱেলএডিটৰ (VisualEditor) বা চমুকৈ ভি ই হৈছে মিডিয়াৱিকিৰ এক অনলাইন উচ্চ-পাঠ্য (ৰিচ্চ-টেক্স) এডিটৰ। ই এগৰাকী ব্যৱহাৰকাৰীক WYSIWYG (হোৱাট য়ু ছি ইজ হোৱাট য়ু গেট অৰ্থাৎ যি দেখিবা তাকেই পাবা) নীতিৰ আধাৰত পৃষ্ঠাসমূহৰ সম্পাদনা কৰোঁতে এক পোনপটীয়া ৰূপ দেখা পোৱাৰ সুবিধা প্ৰদান কৰে।
-
শুনো এআই
শুনো এআই বা শুনো (Suno AI) হৈছে এটা উৎপাদনশীল কৃত্ৰিম বুদ্ধিমত্তা সংগীত সৃষ্টি প্ৰগ্ৰেম, যিটো বাস্তৱিক গীত সৃষ্টি কৰিবলৈ ডিজাইন কৰা হৈছে যিয়ে কণ্ঠ আৰু বাদ্যযন্ত্ৰৰ সংমিশ্ৰণ ঘটায়।
-
ৱিকিট্ৰাষ্ট
ৱিকিট্ৰাষ্ট (WikiTrust) ফায়াৰফক্স প্লাগ ইন হিচাপে উপলব্ধ এটা ছফ্টৱেৰ। ইয়াৰ উদ্দেশ্য হৈছে হালধীয়া বা কমলা পৃষ্ঠভূমিৰ সৈতে "অবিশ্বাসযোগ্য" পাঠৰ ওপৰত আলোকপাত কৰি ৱিকিপিডিয়াৰ ধ্বংসপ্ৰৱণতা আৰু সংশয়ী সম্পাদনা চিনাক্ত কৰাত সম্পাদকসকলক সহায় কৰা।
-
ৱিকিভাষা
ৱিকিভাষা (WikiBhasha) হৈছে অনলাইন বিশ্বকোষ ৱিকিপিডিয়াৰ বাবে এক বহুভাষিক সমল সৃষ্টি এপ্লিকেচন যাক কম্পিউটাৰত স্থাপন কৰিব লাগে।
-
ৱিকিৱাণ্ড
ৱিকিৱাণ্ড (Wikiwand) ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহ চাবৰ উদ্দ্যেশ্যৰে বিকাশ ঘটোৱা এক ছফ্টৱেৰ ইণ্টাৰফেচ। ই বহুকেইটা জনপ্ৰিয় ৱেব ব্ৰাউজাৰত বিনামূলীয়া এক্সটেনশ্যন বা মোবাইল এপ্প হিচাপে উপলব্ধ। ই কাষ্টম নেভিগেশ্যন, বিজ্ঞাপন আৰু প্ৰায়োজিত প্ৰবন্ধসমূহৰ সৈতে এক ইণ্টাৰফেচ ইয়াত সংযোগ কৰে।