অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

য়াহু!

য়াহু! এক ৱে'ব সেৱা প্ৰদানকাৰী। ইয়াৰ মুখ্য কাৰ্যালয় কেলিফ'ৰ্নিয়াৰ চানীভেইলত অৱস্থিত। ই অ'থ ইন্‌ক'ৰ্প'ৰেচনৰ জৰিয়তে ভেৰিজ'ন কমিউনিকেচন্‌ছৰ মালিকানাধীন। মূল য়াহু! কোম্পানীটো জেৰী য়াং আৰু ডেভিদ ফিল'ই ১৯৯৪ চনত খুলিছিল আৰু ১৯৯৫ চনৰ ২ মাৰ্চত কাম আৰম্ভ হৈছিল।

হালনাগাদ: ১৬ মে’ ২০২৬ ১৫৭ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

য়াহু! এক ৱে'ব সেৱা প্ৰদানকাৰী। ইয়াৰ মুখ্য কাৰ্যালয় কেলিফ'ৰ্নিয়াৰ চানীভেইলত অৱস্থিত। ই অ'থ ইন্‌ক'ৰ্প'ৰেচনৰ জৰিয়তে ভেৰিজ'ন কমিউনিকেচন্‌ছৰ মালিকানাধীন।১২ মূল য়াহু! কোম্পানীটো জেৰী য়াং আৰু ডেভিদ ফিল'ই ১৯৯৪ চনত খুলিছিল আৰু ১৯৯৫ চনৰ ২ মাৰ্চত কাম আৰম্ভ হৈছিল।৩৪ ১৯৯০ দশকৰ প্ৰাথমিক ইণ্টাৰনেট যুগত য়াহুৱে এক অগ্ৰণী ভূমিকা পালন কৰিছিল।৫

য়াহু ৱে'ব প'ৰ্টেল, চাৰ্ছ ইঞ্জিন আৰু আন সেৱা যেনে য়াহু! ডিৰেক্টৰী, য়াহু! মেইল, য়াহু! নিউজ, য়াহু! ফাইনান্স, য়াহু! গ্ৰুপ্‌ছ, য়াহু! এন্সাৰ্ছ, বিজ্ঞাপন, অনলাইন মেপিং, ভিডিঅ' শ্বেয়াৰিং আৰু ইয়াৰ ছ'ছিয়েল মিডিয়া ৱে'বছাইটৰ বাবে জনাজাত আছিল। এটা সময়ত ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় ছাইটসমূহৰ এটা আছিল।৬ তৃতীয় পক্ষৰ ৱে'ব এনালাইটিক ছাইট এলেক্সা আৰু ছিমিলাৰৱে'বৰ মতে প্ৰতি মাহে ৭০০ কোটিতকৈও অধিক পৃষ্ঠা দৰ্শনেৰে ২০১৬ চনত য়াহু! বিশ্বৰ সকলোতকৈ বেছি পঢ়া বাতৰি আৰু মিডিয়া ৱে'বছাইট আৰু ষষ্ঠ জনপ্ৰিয় ৱে'বছাইট আছিল।৭৮৯

২০০০ চনমানৰ পৰা য়াহু!ৰ জনপ্ৰিয়তা হ্ৰাস পাবলৈ ধৰে।১০ ২০১৭ চনত ভেৰিজ'ন কমিউনিকেচন্‌ছে য়াহুৰ বেছিভাগ ইণ্টাৰনে'ট ব্যৱসায় ৪৪৮ কোটি ডলাৰত কিনি লয়।১১১২১৩ আলিবাবা গোট আৰু যাহু! জাপানৰ নিকিনা অংশ য়াহুৰ উত্তৰসূৰী কোম্পানী Altaba-ৰ হাতলৈ যায়।১৪

তথ্যসূত্ৰ

  1. ↑ Fiegerman, Seth. End of an era: Yahoo is no longer an independent company
  2. ↑ Yahoo Era Ends Verizon Closes $4.4 Billion Buyout
  3. ↑ (March 1, 2015). Yahoo! celebrates 20th anniversary. Yahoo! News
  4. ↑ (March 1, 2015). At 20, Yahoo celebrates and looks ahead. Yahoo!
  5. ↑ (July 25, 2016). Yahoo’s Sale to Verizon Ends an Era for a Web Pioneer. The New York Times
  6. ↑ Staff. (2012). yahoo.com. Quantcast – It's your audience. We just find it.. Quantcast Corporation
  7. ↑ Yahoo.com Site Overview. Alexa.com. Alexa Internet
  8. ↑ Yahoo.com Analytics. SimilarWeb.com
  9. ↑ Top 50 sites in the world for News And Media. SimilarWeb.com
  10. ↑ Yahoo: 9 reasons for the internet icon's decline
  11. ↑ Yahoo! Inc, Form 8-K, Current Report, Filing Date Feb 21, 2017. secdatabase.com
  12. ↑ Yahoo! Inc, Form SC TO-I/A, Filing Date Jun 14, 2017. secdatabase.com
  13. ↑ (February 21, 2017). Verizon, Yahoo agree to lowered $4.48 billion deal following cyber attacks
  14. ↑ Yahoo! Inc, Form SC TO-I, Filing Date May 16, 2017. secdatabase.com

সম্পৰ্কিত শ্ৰেণী

ৱেবছাইট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “য়াহু!” প্ৰবন্ধৰ সংশোধন ৬০৬৬৫৪ (১৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।