ফিগমা হৈছে এক ৱেব-ভিত্তিক ভেক্টৰ গ্ৰাফিক্স সম্পাদক আৰু প্ৰ'ট'টাইপিং সঁজুলি। অথচ মেকঅ'এছ আৰু ৱিণ্ড'জৰ বাবে নিৰ্মিত ডেস্কটপ এপ্লিকেশ্যনত কিছুমান অতিৰিক্ত অফলাইন সুবিধা পোৱা যায়। এণ্ড্ৰইড আৰু আইঅ'এছ-ৰ বাবে নিৰ্মিত ফিগমা মিৰ'ৰ কম্পেনিয়ন এপৰ জৰিয়তে ম'বাইল ডিভাইচসমূহত বাস্তৱ-সময়ত ফিগমা প্ৰ'ট'টাইপসমূহ চাব পাৰি। বাস্তৱ-সময়ত সহযোগিতা কৰিব পৰা সুবিধা থকা এই এপ্লিকেশ্যনটো বিশেষভাৱে ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠ আৰু ব্যৱহাৰকাৰী অভিজ্ঞতা ৰূপাংকণৰ বাবে তৈয়াৰ কৰা হৈছে।১
ইতিহাস
ডাইলান ফীল্ড আৰু ইভান ৱালেছে ২০১২ চনত ফিগমাৰ ওপৰত কাম কৰা আৰম্ভ কৰে।২ ব্ৰাউন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থাকোঁতে ফীল্ড আৰু ৱালেছে ২০১১ চনত আন কেইবাটাও প্ৰকল্পৰ লগতে ৱেব-ভিত্তিক ৰূপাংকণ সঁজুলি প্ৰস্তুত কৰাৰ কথা চিন্তা-চৰ্চা কৰে। ২০১২ চনত ৱালেছে ব্ৰাউন বিশ্ববিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু ফীল্ডে বিশ্ববিদ্যালয় এৰি থিয়েল ফেল'শ্বিপ গ্ৰহণ কৰে যিয়ে তেওঁক নিজৰ ষ্টাৰ্টআপৰ ওপৰত কাম কৰিবলৈ $100,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। ফিগমাৰ ওপৰত পূৰ্ণকালীনভাৱে কাম কৰিবলৈ দুয়ো ছেন ফ্ৰাঞ্চিস্ক'লৈ গুচি যায়।৩
ফিগমাই ৩ ডিচেম্বৰ, ২০১৫ তাৰিখে কেৱল আমন্ত্ৰিত লোকলৈ বিনামূলীয়া পূৰ্বলোকন কাৰ্যসূচী আগবঢ়োৱা আৰম্ভ কৰে।৪ ২০১৬ চনৰ ২৭ ছেপ্টেম্বৰত ৰাজহুৱাকৈ ফিগমা মুকলি কৰা হয়।৫
২২ অক্টোবৰ, ২০১৯ তাৰিখে ফিগমাই ফিগমা কমিউনিটী মুকলি কৰে য'ত ডিজাইনাৰসকলে নিজৰ কাম প্ৰকাশ কৰিব পাৰে আৰু আনে সেইবোৰ চাব আৰু ব্যৱহাৰ কৰিব পাৰে।৬
প্ৰতিযোগী
- স্কেট্চ
- এড'বী এক্সডি
- বালছামিক ৱায়াৰফ্ৰেম
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Gonzalez, Robbie. (July 25, 2017). Figma Wants Designers to Collaborate Google-Docs Style. WIRED
- ↑ Crook, Jordan. (February 15, 2019). Figma gets $40 million Series C to put design tools in the cloud. TechCrunch
- ↑ Cheng, Michelle. (April 18, 2019). Why Teams at Uber and Slack Use This Powerful Design Tool. Inc.com
- ↑ Constine, Josh. 23-Year-Old’s Design Collaboration Tool Figma Launches With $14M To Fight Adobe. TechCrunch
- ↑ Figma Releases: Figma 1.0.0. Figma
- ↑ Lee, Dami. Figma’s new community profiles let users view and remix design files. The Verge
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফিগমা (ছফ্টৱেৰ)” প্ৰবন্ধৰ সংশোধন ৫৩৭২৯১ (৫ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।