অসম সম্পৰ্কীয় ৱেবছাইট
১৬ প্ৰবন্ধ
-
শব্দ (অভিধান)
শব্দ ডট অৰ্গ (Xobdo.org) হৈছে বিশ্বৰ সৰ্বপ্ৰথম আৰু এতিয়ালৈকে একমাত্ৰ ইংৰাজী-অসমীয়া সতাঁৰ বা অনলাইন অভিধান৷ শব্দ হৈছে প্ৰধানতঃ উত্তৰপূৰ্বাঞ্চলৰ ভাষাবোৰৰ বৰ্ণনাত্মক, বহুভাষিক আৰু বহুমাধ্যম সন্নিবিষ্ট অভিধান। এই অভিধানখন ২০০৬ চনৰ ১০ মাৰ্চত নিৰ্মাণ কৰা হয়।
-
সাহিত্য ডট অৰ্গ
সাহিত্য ডট অৰ্গ অসমীয়া ভাষাত প্ৰকাশিত এখন মাহেকীয়া ই-আলোচনী। ২০১১ চনৰ জুলাই মাহত এই আলোচনীখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ হয়। প্ৰতি অসমীয়া মাহৰ ১ তাৰিখে আলোচনীখন প্ৰকাশ পায়।
-
আমি অসমীয়া
আমি অসমীয়া অসমীয়া ভাষাৰ এখন মাহেকীয়া অনলাইন আলোচনী। ২০১২ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে এই আলোচনীখন প্ৰথম সংখ্যাটি প্ৰকাশ হয়। ফেচবুকৰ ‘আমি অসমীয়া’ নামৰ এটি গোটৰ জৰিয়তে এই আলোচনীখনে আত্মপ্ৰকাশ কৰিছিল।
-
অসমীয়া ৱিকিপিডিয়া
অসমীয়া ৱিকিপিডিয়া হ'ল অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ অসমীয়া সংস্কৰণ। ২০০২ চনৰ ২ জুনত ইয়াক মুকলি কৰা হয়। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান টা প্ৰবন্ধ আছে। ২০১১ চনৰ পৰাহে অসমীয়া ৱিকিপিডিয়াৰ বিকাশ খৰতকীয়া হয়।
-
এনাজৰী
এনাজৰী হৈছে এখন দ্বিভাষীক আৰু প্ৰথম অসমীয়া অনলাইন আলোচনী। ২০১০ চনৰ ১৩ মাৰ্চ তাৰিখে এই ৱেৱছাইট গুৱাহাটী প্ৰেছ ক্লাবত অসমৰ প্ৰসিদ্ধ সাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে উন্মোচন কৰে। আলোচনীখনৰ মুখ্য সম্পাদক আৰু মুখ্য পৰিকল্পনাকাৰী হ’ল হিমজ্যোতি তালুকদাৰ।
-
গণিত চ’ৰা
গণিত চ’ৰা (Gonit Sora) এখন গণিত বিষয়ক দ্বিভাষিক মাহেকীয়া ই-আলোচনী৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ কেইজনমান ছাত্ৰৰ উদ্যোগত ২০১১ চনৰ এপ্ৰিল মাহৰ ২১ তাৰিখে এই আলোচনীখনৰ প্ৰথম প্ৰকাশ হয়৷ ২০১৩ চনত আলোচনীখনে Mathematics of Planet Earth 2013 প্ৰকল্পৰ সহযোগী আলোচনীৰূপে স্বীকৃতি পায়৷
-
পয়েট্ৰী উইডাউট ফীয়েৰ
পয়েট্ৰী উইডাউট ফীয়েৰ (Poetry Without Fear, ISSN 2583 4258) অসমৰ ডিব্ৰুগড় জিলাৰ পৰা প্ৰকাশিত অসমীয়া ভাষা আৰু ইংৰাজী ভাষাত প্ৰকাশিত এখন তিনিমহীয়া দ্বিভাষিক কবিতা বিষয়ক ই-আলোচনী। ২০২২ চনৰ ৩০ এপ্ৰিল তাৰিখে এই আলোচনীখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ হয়।
-
অসমীয়া অভিধান
অসমীয়া আৰু ইংৰাজী ডিজিটেল অভিধান (Assamese & English Digital Lexicon) হৈছে অসমীয়া আৰু ইংৰাজী ভাষাৰ এটা বৃহৎ কলেবৰৰ মুক্ত অনলাইন অভিধান আৰু ভাষিক তথ্যভঁৰাল।
-
অসমীয়া ৱিকিউৎস
অসমীয়া ৱিকিউৎস (Assamese Wikisource) ৱিকিমিডিয়া ফাউণ্ডেছনৰ দ্বাৰা পৰিচালিত অসমীয়া ভাষাৰ মুক্ত উৎস পাঠৰ এক ডিজিটেল পুথিভঁৰাল। ইয়াৰ উদ্দেশ্য হৈছে অসমীয়া ভাষাৰ লিখনিৰ ভাণ্ডাৰ বা সংকলন তৈয়াৰ কৰা, যাতে যিকোনো ভাষাৰ অনুবাদ আৰু অন্যান্য সম্পৰ্কিত বিষয় আদি ইয়াত সন্নিবিষ্ট কৰিব পাৰি।
-
নীলা চৰাই
নীলা চৰাই হৈছে অসমীয়া ভাষাৰ এখন মাহেকীয়া অনলাইন আলোচনী। ২০১২ চনৰ জানুৱাৰীত এই আলোচনীখন প্ৰথম প্ৰকাশ হয়।
-
চাকৰি ডট অৰ্গ
চাকৰি ডট অৰ্গ হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান আদিৰ নিয়োগ সংক্ৰান্তীয় বাতৰি প্ৰকাশ কৰা এটা ৱেবছাইট। ২০১০ চনৰ ১০ জুনত ইয়াক মুকলি কৰা হয়।
-
দৈনিক চুটি বুদ্ধি
দৈনিক চুটি বুদ্ধি হৈছে অসমীয়া বিদ্ৰূপাত্মক হাস্যৰসৰ (satire) ৱেবছাইট। সমাজ, ৰাজনীতি, শিক্ষা আদি সম্পৰ্কীয় ব্যঙ্গাত্মক, প্ৰহসন লিখনীৰ উপৰি কৌতুক, কাৰ্টুন, সাধু, আন ভাষাৰ তেনে লিখনিৰ অসমীয়া অনুবাদ আদি ইয়াত প্ৰকাশ কৰা হয়। ২০১১ চনৰ ১০ অক্টোবৰত এই ৱেবছাইটটো মুকলি কৰা হয়।
-
প্ৰথম খবৰ
প্ৰথম খবৰ (ইংৰাজী: Pratham Khabar) অসমীয়া ভাষাৰ এটা নিউজ পোৰ্টেল। ২০১৭ চনৰ ১৫ এপ্ৰিলত আৰম্ভ কৰা এই নিউজ পোৰ্টেলটোৱে ৰাজ্যখনৰ বিভিন্ন খবৰ প্ৰকাশ কৰি আহিছে। স্থানীয় সংবাদৰ পৰা আৰম্ভ কৰি ৰাজ্যখনৰ ৰাজনৈতিক খবৰলৈ প্ৰখম খবৰত প্ৰকাশ হৈ আহিছে। নিউজ পোৰ্টেলটোৰ সম্পাদক হৈছে ৰুবুল দাস।
-
মণিকূট (ই-আলোচনী)
মণিকূট অসমীয়া ভাষাত ইউনিকোডত প্ৰকাশিত এখন মাহেকীয়া মাল্টিমিডিয়া ই-আলোচনী। ২০১৮ চনৰ ১৫ আগষ্টত এই আলোচনীখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ কৰা হয়। প্ৰথম দুবছৰ আলোচনীখন দুমহীয়া আছিল আৰু প্ৰতি দুমাহৰ মূৰত ১৬ তাৰিখে আলোচনীখন প্ৰকাশ পাইছিল।
-
মুক্ত চিন্তা (আলোচনী)
মুক্ত চিন্তা অসমীয়া ভাষাত প্ৰকাশিত এখন ই-আলোচনী। ২০১৫ চনৰ জুলাই মাহত এই আলোচনীখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ হয়। অসমীয়া ভাষাত বিজ্ঞান মানিসকতা গঠন, প্ৰসাৰ আৰু প্ৰচাৰৰ লগতে ডিজিটেল মাধ্যমত ভাষা-সাহিত্য-সংস্কৃতিৰ উন্নতিৰ হকে এই আলোচনীখনে কাম কৰি আহিছে।
-
সন্ধান ডট কম
সন্ধান হৈছে অসমীয়া ভাষাৰ এখন অনলাইন আলোচনী। ২০১২ চনৰ জুলাই মাহত এই আলোচনীখনৰ প্ৰথম সংখ্যা প্ৰকাশ হয়। ই-আলোচনীখনে ২০১৫ চনত 'দক্ষিণ এছিয়া আৰু এছিয়া পেচিফিক মন্থন বঁটা লাভ কৰে ৷ তদুপৰি ২০১৬ চনত ই-সংস্কৃতি আৰু ঐতিহ্য শিতানত ৬ষ্ঠ ই-নৰ্থ ইষ্ট বঁটা লাভ কৰে ৷