, ব্যৱসায়িক ৰবটৰ উদাহৰণ]]

ৰবট হৈছে বিশেষভাবে কম্পিউটাৰৰ দ্বাৰা প্ৰগ্ৰেম কৰা স্বয়ংক্ৰিয়ভাবে কিছুমান জটিল কাৰ্য শৃংখল সম্পাদন কৰিব পৰা এক প্ৰকাৰৰ যন্ত্ৰ।১ ৰবটবোৰক বাহ্যিকভাবে নাইবা তাৰ ভিতৰতে থকা এক প্ৰকাৰৰ নিয়ন্ত্ৰকৰ যোগেদি নিয়ন্ত্ৰণ কৰা হয়। ৰবটবোৰ মানুহৰ শৰীৰৰ গঠনৰ আৰ্হিতো (যন্ত্ৰমানৱ) নিৰ্মাণ কৰা হয়, যদিও বেছিভাগ ৰবট সাধাৰণ যন্ত্ৰৰ দৰেই নিৰ্মাণ কৰা হয়।
ৰবটবোৰ স্বয়ংচালিত বা অৰ্ধ স্বয়ংচালিত হব পাৰে আৰু মানৱকৃতি, যেনে হোণ্ডাৰ Advanced Step in Innovative Mobility (ASIMO) আৰু TOSYৰ TOSY Ping Pong Playing Robot (TOPIO) নাইবা ব্যৱসায়িক ৰবট, চিকিৎসাত ব্যৱহৃত ৰবট, ৰোগীক সহায়কৰা ৰবট, ডগ থেৰাপী ৰবট, সামগ্ৰিকভাবে প্ৰগ্ৰেম কৰা স্বাৰ্ম ৰবট, ইউএভি ড্ৰোণ যেনে General Atomics MQ-1 Predator, আৰু আনকি আনুবীক্ষণিক নেন ৰবট হব পাৰে। জীৱসদৃশ প্ৰকাশভংগী বা স্বয়ংক্ৰিয় সঞ্চালন অনুসৰণ কৰি কৰি ৰবটবোৰৰ জ্ঞান নাইবা চিন্তা শক্তিৰ বিকাশ হব পাৰে। ঘৰুৱা সহায়কাৰী বা মূল চালকৰ ঠাইত স্বয়ংচালিত গাড়ী২ হিচাপে আগন্তুক দশকবোৰত স্বয়ংচালিত যন্ত্ৰবোৰৰ সংখ্যা বৃদ্ধি হব বুলি আশা কৰা হৈছে।৩
ৰবটৰ ডিজাইন, নিৰ্মাণ, পৰিচালনা, আৰু প্ৰয়োগ৪ লগতে সিহঁতক চালন কৰা কম্পিউটাৰ ছিষ্টেইম, চেনচৰি ফীডবেক, আৰু তথ্য আহৰণ প্ৰক্ৰিয়াৰ সৈতে জড়িত প্ৰযুক্তিৰ শাখাটোক ৰবটিকছ বোলে। এই প্ৰযুক্তিবোৰত বিপদজনক পৰিৱেশ বা নিৰ্মাণ প্ৰক্ৰিয়া, নাইবা মানৱ সদৃশ প্ৰকাশ, ব্যৱহাৰ, বা জ্ঞানৰ প্ৰদানৰ বাবে স্বয়ংচালিত যন্ত্ৰ ব্যৱহাৰ কৰা হয়। বৰ্তমানৰ জৈৱ−অনুপ্ৰাণিত ৰবটিকছ (bio-inspired robotics)ৰ বহুতো ৰবট প্ৰকৃতিৰ দ্বাৰা অনুপ্ৰাণিত। এই ৰবটবোৰে চফ্ট ৰবট (soft robotics) নামৰ ৰবটিকছৰ এটা নতুন শাখাৰ সৃষ্টি কৰিছে।
ৰবটা (robota), অৰ্থ "forced labor";৫ পৰা আহৰণ কৰা হৈছে। ৰবট শব্দটো Czech লেখক কাৰেল চাপেক (Karel Čapek)ৰ ১৯২০ চনৰ নাটকR.U.R.(Rossumovi Univerzální Roboti - Rossum's Universal Robots)ত মানৱ সদৃশ কাল্পনিক চৰিত্ৰৰ বাবে প্ৰথম ব্যৱহাৰ কৰা হৈছিল, কিন্তু ইয়াৰ প্ৰকৃত আৱিষ্কাৰক আছিল কাৰেলৰ ভাতৃ জোছেফ চাপেক (Josef Čapek)৬৭৮
ইংলেণ্ডৰ বিষ্টলৰ ৱিলিয়াম গ্ৰে ৱাল্টাৰে ১৯৪৮ চনত প্ৰথম ইলেক্ট্ৰনিক স্বয়ংক্ৰিয় বৰট আৱিষ্কাৰৰ লগতে ১৯৪০ চনত জন টি পাৰচনে, ১৯৪০ শেষৰফালে জন টি পাৰচন আৰু ফ্ৰেংক এল. ষ্টুলেনে Computer Numerical Control (CNC) যন্ত্ৰ সঁজুলিৰ নিৰ্মাণে ইলেক্ট্ৰনিকছৰ বিকাশে এক নতুন মাত্ৰা লাভ কৰে। ১৯৫৪ চনত জৰ্জ ডেভলে ইউনিমেট নামৰ প্ৰথম ব্যৱসায়িক, ডিজিটেল আৰু কম্পিউটাৰ প্ৰগ্ৰেমেবল ৰবট নিৰ্মাণ কৰি উলিয়াই।৯
বহুক্ষেত্ৰত ৰবটে মানুহৰ ঠাই অধিকাৰ কৰিছে।১০ বাৰে বাৰে কৰিবলগীয়া আৰু বিপদজনক কিছুমান কাম যিবোৰ মানুহে সাধাৰণতে কৰিব নিবিচাৰে, বা বিভিন্ন প্ৰতিবন্ধকতা, বা অতি জঘন্য পৰিবেশ যেনে সাগৰৰ অতি গভীৰ অঞ্চল আদিৰ বাবে কৰিব নোৱাৰে, তেনে কামবোৰ ৰবটে অতি সহজে সম্পাদন কৰিব পাৰে। বৰ্তমান প্ৰায় সকলো কামতে ৰবটৰ ব্যৱহাৰ এটা বিতৰ্কৰ বিষয় হিচাপে পৰিগণিত হৈছে। ৰবটে মানুহৰ কাম কাঢ়ি লৈ নিবনুৱাৰ সংখ্যা বৃদ্ধি কৰিছে বুলিও কোৱা হয়।১১
তথ্যসূত্ৰ
- ↑ Definition of 'robot'. Oxford English Dictionary. Retrieved November 27, 2016
- ↑ Forecasts - Driverless car market watch. www.driverless-future.com
- ↑ www.conres.com/it-products-solutions/news-events retrieved April 18, 2017
- ↑ robotics. Oxford Dictionaries
- ↑ Other Slavic languages also use this stem in similar meaning, eg. Eastern Slavic Belarusian & Russian рабыня (rabynya), Ukrainian раб (rab) & Southern Slavic Bosnian, Bulgarian, Croatian, Macedonian, Serbian Роб (rob). Czech is a Western Slavic language, as is Slovak. Robota, in Slovak, is used to just mean work
- ↑ Ivan Margolius,'The Robot of Prague', Newsletter, The Friends of Czech Heritage no. 17, Autumn 2017, pp. 3 - 6. czechfriends.net/images/RobotsMargoliusJul2017.p
- ↑ Karel Capek – Who did actually invent the word "robot" and what does it mean? at capek.misto.cz – archive
- ↑ Kurfess, Thomas R. (1 January 2005). Robotics and Automation Handbook. Taylor & Francis. ISBN 9780849318047
- ↑ Pearce, Jeremy. "George C. Devol, Inventor of Robot Arm, Dies at 99", The New York Times, August 15, 2011. Retrieved February 7, 2012. "In 1961, General Motors put the first Unimate arm on an assembly line at the company's plant in Ewing Township, N.J., a suburb of Trenton. The device was used to lift and stack die-cast metal parts taken hot from their molds."
- ↑ Akins, Crystal. 5 jobs being replaced by robots. Excelle. Monster
- ↑ Hoy, Greg. (28 May 2014). Robots could cost Australian economy 5 million jobs, experts warn, as companies look to cut costs. ABC News. Australian Broadcasting Corporation
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰবট” প্ৰবন্ধৰ সংশোধন ৪৬৭১৪২ (৩০ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।