বন্দে ভাৰত এক্সপ্ৰেছ, পূৰ্বতে ট্ৰেইন ১৮ বুলি জনাজাত,১ ভাৰতীয় ৰেলৱেৰ দ্বাৰা পৰিচালিত এখন বৈদ্যুতিক বহু ইউনিটযুক্ত ৰেল। পৰীক্ষাৰ সময়ত ৰে’লখনে ঘণ্টাত ১৮৩ কিলোমিটাৰ (ঘণ্টাত ১১৪ মাইল) সৰ্বোচ্চ গতি লাভ কৰিছিল। ভাৰতীয় ৰেলপথৰ গতিবেগ ক্ষমতা আৰু যাতায়তৰ বাধাৰ বাবে দিল্লী-ভূপাল পথত ৰেলখনৰ চলাচলৰ গতি ১৬০ কিলোমিটাৰ প্ৰতি ঘণ্টা, আৰু অন্যান্য পথত ঘণ্টাত ১১০–১৩০ কিলোমিটাৰত সীমাবদ্ধ।
সুবিধাসমূহ
বন্দে ভাৰত এক্সপ্ৰেছত ১৬টা দবা আছে, যাৰে ২ টা এক্সিকিউটিভ ক্লাছ কোচ (EC) আৰু ১৪ টা চেয়াৰ কাৰ কোচ (CC)। ৰে’লখনত কেইবাটাও আধুনিক বৈশিষ্ট্য আছে। যেনে স্বয়ংক্ৰিয় দুৱাৰ, অনব’ৰ্ড ৱাই-ফাই, জিপিএছ ভিত্তিক যাত্ৰী তথ্য ব্যৱস্থা, বায়’-ভেকুয়াম টয়লেট, চিচিটিভি কেমেৰা ইত্যাদি। ৰে’লখনত এখন ৰান্ধনী দবা আছে, য’ত যাত্ৰীসকলক সদ্যহতে ৰন্ধা খাদ্য পৰিবেশন কৰা হয়।
নিৰিখ
প্ৰতিখন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলত ২ টা এক্সিকিউটিভ ক্লাছ কোচ (EC) আৰু ১৪ টা চেয়াৰ কাৰ কোচ (CC) থাকে। দুয়োবিধেই শীততাপ নিয়ন্ত্ৰিত। দিল্লী-বাৰানসী যাত্ৰাৰ বাবে এক্সিকিউটিভ ক্লাছ (EC)ত ৩,৩১০টকা আৰু চেয়াৰ কাৰ (CC)ত ১,৭৬০টকা। বন্দে ভাৰত এক্সপ্ৰেছত কোনো ৰেহাইমূলক ভাড়া বা শিশুৰ ভাড়া প্ৰযোজ্য নহয়।
প্ৰস্তাৱিত বন্দে ভাৰত এক্সপ্ৰেছসমূহ
- দিল্লী - বিকানেৰ
- জবলপুৰ - ইন্দোৰ
- জয়পুৰ - ইন্দোৰ
- জয়পুৰ - আগ্ৰা - কানপুৰ
- মেংগালুৰু - মহীশূৰ
- ত্ৰিবেন্দ্ৰম - মেংগালুৰু
- মুম্বাই - মদগাঁও
- মুম্বাই - উদয়পুৰ
- হাওৰা জংচন - পুৰী
- হাওৰা জংচন - বোকাৰো ষ্টীল চিটি
- হাওৰা জংচন - জমছেদপুৰ - ৰাঁচী জংচন
- হাওৰা জংচন - পাটনা
- হাওৰা জংচন - বাৰানসী
- বিশাখাপট্টনম - শালিমাৰ
- বিশাখাপট্টনম - ভুৱনেশ্বৰ
- বিশাখাপট্টনম - তিৰুপতি
- বিশাখাপট্টনম - নৰসপুৰম
- গন্তুৰ - নৰসপুৰম
- বেংগালুৰু - কইম্বাটুৰ
- বেংগালুৰু - ধাৰৱাদ
- বেংগালুৰু - বিজয়ৱাড়া
- বেংগালুৰু - কুৰ্নুল
- বেংগালুৰু - কন্যাকুমাৰী
- বেংগালুৰু - চেকেন্দ্ৰাবাদ
- পুনে - চেকেন্দ্ৰাবাদ
- নগপুৰ - চেকেন্দ্ৰাবাদ
- চেন্নাই চেণ্ট্ৰেল - চেকেন্দ্ৰাবাদ
- চেন্নাই চেণ্ট্ৰেল - এৰ্নাকুলাম
- চেন্নাই চেণ্ট্ৰেল - বিজয়াৱাদা
- চেন্নাই এগম'ৰ - কন্যাকুমাৰী
- চেন্নাই এগম'ৰ - মাদুৰাই
- জম্মু - শ্ৰীনগৰ
তথ্যসূত্ৰ
- ↑ India's fastest to be called Vande Bharat Express. Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বন্দে ভাৰত এক্সপ্ৰেছ” প্ৰবন্ধৰ সংশোধন ৩৮৭৯৩৬ (১৭ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।