স্কেট্চ (বা পূৰ্বতে কোৱা বহেমিয়ান ক'ডিং) হৈছে ওলন্দাজ কোম্পানী স্কেট্চ বি.ভি.-দ্বাৰা বিকশিত মেকঅ'এছৰ বাবে এক ভেক্টৰ গ্ৰাফিক্স সম্পাদক। ইয়াক প্ৰথমবাৰৰ বাবে ২০১০ চনৰ ৭ ছেপ্টেম্বৰত মুকলি কৰা হৈছিল১ আৰু ই ২০১২ চনত এপল ডিজাইন বঁটা লাভ কৰিছিল।২
ইয়াক মুখ্যতঃ ৱেবছাইট আৰু ম'বাইল এপৰ ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠ আৰু ব্যৱহাৰকাৰী অভিজ্ঞতা ৰূপাংকণৰ বাবে ব্যৱহাৰ কৰা হয় আৰু ইয়াত প্ৰিণ্ট ডিজাইনৰ সা-সুবিধা নাই।৩ স্কেট্চত শেহতীয়াকৈ প্ৰ'ট'টাইপিং আৰু সহযোগিতাৰ বাবে সুবিধা যোগ কৰা হৈছে। কেৱল মেকঅ'এছ-ত উপলব্ধ হোৱাৰ বাবে অইন প্লেটফৰ্মত স্কেট্চৰ ডিজাইনসমূহ চাবলৈ তৃতীয় পক্ষৰ ছফ্টৱেৰ আৰু ৰূপান্তৰ-সঁজুলি ব্যৱহাৰ কৰিব পাৰি।৪
স্কেট্চ মুখ্যতঃ ম'বাইল এপ আৰু ৱেবৰ ইউআই আৰু ইউএক্স ৰূপাংকণৰ বাবে ব্যৱহাৰ কৰা হয়। স্কেট্চত ডিজাইন কৰা ফাইলসমূহ ইয়াৰ নিজা .sketch ফাইল ফৰ্মেটত সাঁচি থোৱা হয়, অৱশ্যে .sketch ফাইলসমূহ এড'বী ইলাষ্ট্ৰেটৰ, এড'বী ফ'ট'শ্বপ আৰু অন্যান্য প্ৰ'গ্ৰামত খুলিব পাৰি। ডিজাইনবোৰ জনপ্ৰিয় পিএনজি, জেপিজি, এছভিজি, পিডিএফ, টিআইএফএফ, ৱেবপি আদি ফৰ্মেটতো সাঁচি থ'ব পাৰি। স্কেট্চত সৃষ্টি কৰা ডিজাইনবোৰ এপ্ অভিযন্তাসকলে ম'বাইল এপ্ ৰূপাংকণ কৰিবলৈ আৰু ৱেবছাইট বিকাশকাৰীসকলে ডিজাইনবোৰ ৱেবছাইটলৈ ৰূপান্তৰ কৰিবলৈ ব্যৱহাৰ কৰে।৫
যদিও স্কেট্চ আগতে এপ্ ষ্ট'ৰৰ জৰিয়তে বিক্ৰী কৰা হৈছিল, বিকাশকসকলে ২০১৫ চনৰ ডিচেম্বৰ মাহত ষ্ট'ৰৰ পৰা এপ্টো আঁতৰাই তেওঁলোকৰ নিজা ৱেবছাইটৰ জৰিয়তে বিক্ৰী কৰা আৰম্ভ কৰে। তেওঁলোকে এই সিদ্ধান্তৰ কাৰণ হিচাপে এপলৰ কঠোৰ কাৰিকৰী নিৰ্দেশনা, লেহেমীয়া পৰ্যালোচনা প্ৰক্ৰিয়া আৰু উন্নীতকৰণ মূল্যৰ অভাৱৰ কথা উল্লেখ কৰে।৬ ৮ জুন ২০১৬ তাৰিখে তেওঁলোকে তেওঁলোকৰ ব্লগত স্কেট্চৰ এক নতুন অনুজ্ঞাপন ব্যৱস্থালৈ সলনি কৰাৰ কথা ঘোষণা কৰে। অনুজ্ঞা-পত্ৰই ব্যৱহাৰকাৰীসকলক ১ বছৰৰ বাবে আপডে'ট লাভ কৰিবলৈ দিয়ে যাৰ পিছত তেওঁলোকে অনুজ্ঞা-পত্ৰৰ ম্যাদ উকলি যোৱাৰ পূৰ্বে প্ৰকাশিত অন্তিম সংস্কৰণটো ব্যৱহাৰ কৰা অব্যাহত ৰাখিব পাৰে নাইবা আৰু এবছৰৰ বাবে আপডে'ট লাভ কৰা অব্যাহত ৰাখিবলৈ তেওঁলোকৰ অনুজ্ঞা-পত্ৰ নৱীকৰণ কৰিব পাৰে।৭
প্ৰতিযোগী
- ফিগমা
- এড'বী এক্সডি
- ইনভিজন ষ্টুডিঅ'
- মক্প্লাছ
- ফ্ৰেমাৰ
- লুনাচী
- গ্ৰেভিট
তথ্যসূত্ৰ
- ↑ (7 September 2010). Sketch 1.0 finally released. Bohemian Coding
- ↑ Lowensohn, Josh. (11 June 2012). Apple announces 2012 Design Award winners. CNET
- ↑ Sutton, Kelly. (2014-10-21). An Interview with Pieter Omvlee, the Founder of Bohemian Coding
- ↑ Schoenmaker, Martijn. (1 February 2016). How I Started Using Sketch App In Windows. Design + Sketch
- ↑ Solutions, Fantastech. (10 September 2018). Converting Website Designs to Code. Fantastech.co
- ↑ Weinberger, Matt. (2 December 2015). One of Apple's most important initiatives is showing signs of failure. Business Insider Australia
- ↑ (8 June 2016). Versioning, Licensing, and Sketch 4.0
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্কেট্চ (ছফ্টৱেৰ)” প্ৰবন্ধৰ সংশোধন ৩৯৫০২৪ (৪ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।