ৱেব পেজ বা ৱেব পৃষ্ঠা (Web page) হৈছে এটা একক দস্তাবেজ, যি ৱেব ব্ৰাউজাৰৰ জৰিয়তে প্ৰদৰ্শিত হয়।১ এটা ৱেবছাইট সাধাৰণতে বহুতো ৱেব পৃষ্ঠাৰদ্বাৰা গঠিত হয় যিটো এটা সাধাৰণ ডমেইন নামৰ অধীনত একেলগে সংযুক্ত কৰা হয়। সেয়েহে "ৱেব পেজ" শব্দটো কাগজৰ পৃষ্ঠাবোৰক একেলগে বান্ধি ৰখা কিতাপ এখনৰ উপমা হিচাপে ব্যৱহাৰ কৰা হয়।
নেভিগেচন

প্ৰতিটো ৱেব পৃষ্ঠা এটা সুকীয়া ইউনিফৰ্ম ৰিচ'ৰ্চ লকেট (URL)ৰদ্বাৰা চিনাক্ত কৰা হয়। যেতিয়া ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ ৱেব ব্ৰাউজাৰত এটা URL ইনপুট কৰে, ব্ৰাউজাৰে এটা ৱেব চাৰ্ভাৰৰপৰা প্ৰয়োজনীয় বিষয়-বস্তু উদ্ধাৰ কৰে আৰু তাৰ পিছত ইয়াক ব্যৱহাৰকাৰীৰ পৰ্দাত এটা পাৰস্পৰিক দৃশ্যমান উপস্থাপনলৈ ৰূপান্তৰিত কৰে।২
যদি ব্যৱহাৰকাৰীয়ে এটা লিংক ক্লিক বা টেপ কৰে, ব্ৰাউজাৰে নতুন URL লোড কৰিবলৈ এই প্ৰক্ৰিয়া পুনৰাবৃত্তি কৰে, যি বৰ্তমানৰ ৱেবছাইটৰ অংশ বা বেলেগ হ'ব পাৰে। ব্ৰাউজাৰত বৈশিষ্ট্যসমূহ আছে, যেনে ঠিকনা বাৰ, যিয়ে কোনটো পৃষ্ঠা প্ৰদৰ্শিত হৈছে তাক সূচায়।
উপাদান
ৱেব পৃষ্ঠাসমূহ একোখন গঠনমূলক নথি-পত্ৰৰ দৰে। যাৰ মূল উপাদান হৈছে হাইপাৰটেক্সট মাৰ্কআপ লেংগুৱেজ (HTML)ত লিখা এটা লিখিত ফাইল। ই পৃষ্ঠাৰ বিষয়-বস্তু ধাৰ্য্য কৰে,৩ লগতে ছবি আৰু ভিডিঅ' অন্তৰ্ভুক্ত কৰে।
কেস্কেডিং শৈলী পত্ৰিকা (CSS)এ পৃষ্ঠাৰ উপস্থাপন ধাৰ্য্য কৰে।৩ CSS নিয়মসমূহ পৃথক লিখিত নথি-পত্ৰত বা HTML নথি-পত্ৰৰ ভিতৰত সন্নিৱিষ্ট হ'ব পাৰে।
বেছিভাগ ৱেব পৃষ্ঠাত জাভাস্ক্ৰিপ্ট প্ৰগ্ৰেম আছে, যিয়ে বহুতো আচৰণক সামৰ্থবান কৰে।৪৩ নতুন WebAssembly-ক ভাষাৰ পৰিপূৰক হিচাপেও ব্যৱহাৰ কৰিব পাৰি।৫
ৱেব এপ নামেৰে জনাজাত আটাইতকৈ অত্যাধুনিক ৱেব পৃষ্ঠাসমূহে এই উপাদানসমূহক জটিলভাৱে একত্ৰিত কৰে।
উন্নতি
চাৰ্ভাৰ-পক্ষৰ ৱেবছাইট মোতায়েনৰ দৃষ্টিকোণৰপৰা ৱেব পৃষ্ঠা দুটা ধৰণৰ: স্থিতিশীল আৰু গতিশীল। স্থিতিশীল পৃষ্ঠাসমূহ ৱেব চাৰ্ভাৰৰ নথি-পত্ৰপ্ৰণালীৰপৰা কোনো পৰিৱৰ্তন নকৰাকৈ উদ্ধাৰ কৰা হয়,৬ আনহাতে গতিশীল পৃষ্ঠাসমূহ ব্যৱহাৰকাৰীৰ ব্ৰাউজাৰলৈ পঠোৱাৰ আগতে চাৰ্ভাৰে উৰন্ত সময়ত সৃষ্টি কৰিব লাগিব, সাধাৰণতে এটা সাঁচ পূৰণ কৰিবলৈ এটা ডাটাবেছৰপৰা পঢ়ি।৭ গতিশীল পৃষ্ঠাৰ এটা উদাহৰণ হ'ল সন্ধান ইঞ্জিনৰ ফলাফল পৃষ্ঠা।
তথ্যসূত্ৰ
- ↑ Web page – definition of web page by The Free Dictionary
- ↑ Behind the scenes of modern web browsers. Tali Garsiel
- ↑ Flanagan, David. (18 April 2011). JavaScript: the definitive guide. O'Reilly. পৃ. 1. ISBN 978-1-4493-9385-4
- ↑ Usage Statistics of JavaScript as Client-side Programming Language on Websites. W3Techs
- ↑ (18 October 2023). The State of WebAssembly 2023. Scott Logic
- ↑ Melendez, Steven. (2018-08-10). The Difference Between Dynamic & Static Web Pages. Chron
- ↑ Definition of: dynamic Web page. PC Magazine
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱেব পেজ” প্ৰবন্ধৰ সংশোধন ৬৩১৯২২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।