অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

মাইক্ৰছফ্ট বিং

মাইক্ৰছফ্ট বিং (Microsoft Bing; পূৰ্বতে বিং বুলি জনা যায়) হৈছে মাইক্ৰছফ্টৰ মালিকানাধীন আৰু পৰিচালিত এক ৱেব অনুসন্ধান ইঞ্জিন (ৱেব চাৰ্চ ইঞ্জিন)। মাইক্ৰছফ্ট বিংৰ উৎস হৈছে MSN সন্ধান, উইণ্ডোজ লাইভ সন্ধান আৰু পিছত লাইভ সন্ধান।

হালনাগাদ: ১৬ মে’ ২০২৬ ৭০২ শব্দ · ৪ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

মাইক্ৰছফ্ট বিং (Microsoft Bing; পূৰ্বতে বিং বুলি জনা যায়) হৈছে মাইক্ৰছফ্টৰ মালিকানাধীন আৰু পৰিচালিত এক ৱেব অনুসন্ধান ইঞ্জিন (ৱেব চাৰ্চ ইঞ্জিন)। মাইক্ৰছফ্ট বিংৰ উৎস হৈছে MSN সন্ধান, উইণ্ডোজ লাইভ সন্ধান আৰু পিছত লাইভ সন্ধান। বিং ৱেবে, ভিডিঅ', ছবি আৰু মেপ সন্ধান সামগ্ৰীসহ বিভিন্ন সন্ধান সেৱা প্ৰদান কৰে। ইয়াক ASP.NET ব্যৱহাৰ কৰি সৃষ্টি কৰা হৈছে।

লাইভ ছাৰ্চৰ পৰিবৰ্তে মাইক্ৰছফ্টৰ বিং, ২০০৯ চনৰ ১৮ মে' তাৰিখে মাইক্ৰছফ্টৰ চি ই ও ষ্টীভ বলমেৰে কেলিফৰ্ণিয়াৰ ছেন ডিয়েগোত অনুষ্ঠিত হোৱা All Things Digital নামৰ সন্মিলনত প্ৰতিষ্ঠাপন কৰে।১ ৩ জুন, ২০০৯ তাৰিখে ইয়াৰ উন্মোচন কৰা হয়। উল্লেখযোগ্য নতুন বৈশিষ্ট্যবোৰৰ ভিতৰত আছিল প্ৰবিষ্ট কৰোঁতে সন্ধান পৰামৰ্শৰ তালিকা,আৰু পাৱাৰছেট শব্দকোষ প্ৰযুক্তিৰ ওপৰত আধাৰিত সন্ধানৰ তালিকা (যাক "এক্সপ্ল'ৰাৰ ব্লেড" বুলি জনা যায়), যাক মাইক্ৰছফ্টে 2008 চনত অধিগ্ৰহণ কৰিছিল।২৩

জুলাই ২০০৯-ত, মাইক্ৰছফ্ট আৰু য়াহু!-এ এটা চুক্তি ঘোষণা কৰে য'ত বিং-এ য়াহু! সন্ধানক শক্তি প্ৰদান কৰিব।৪ সকলো য়াহু! ব্যৱহাৰ কৰা বিশ্বব্যাপী গ্ৰাহক আৰু সহযোগীসকলে ২০১২ চনৰ আৰম্ভণিৰ ভিতৰত এই নতুন পৰিৱৰ্তনটোত সন্নিবিষ্ট হʼল।৫ চুক্তিখন ২০১৫ চনত সলনি কৰা হৈছিল, যাৰ ফলত য়াহু! কেৱল "বেছিভাগ" সন্ধানহে Bing ব্যৱহাৰ কৰি কৰিব পৰা হʼল।৬

২০১১ চনৰ অক্টোবৰ মাহত, মাইক্ৰ'ছফ্টে কৈছিল যে তেওঁলোকে ব্যৱহাৰকৰ্তাৰ বাবে দ্ৰুত আৰু সামান্য অধিক প্ৰাসঙ্গিক সন্ধান ফলাফল প্ৰদান কৰাৰ লক্ষ্যৰে নতুন বেক-এণ্ড সন্ধান আন্তঃগাঁথনিৰ ওপৰত কাম কৰি আছে। "টাইগাৰ" নামেৰে খ্যাত, এই নতুন সূচী পৰিবেশন প্ৰযুক্তি সেই বছৰৰ আগষ্টৰ পৰা বিশ্বব্যাপী বিঙত অন্তৰ্ভুক্ত কৰা হৈছিল।৭ মে' ২০১২-ত, মাইক্ৰছফ্টে ইয়াৰ চাৰ্চ ইঞ্জিনৰ আন এটা নকশাৰ ঘোষণা কৰে য'ত "চাইডবাৰ" অন্তৰভুক্ত কৰা হয়। ই এক সামাজিক সুবিধা যি সন্ধান প্ৰশ্নৰ সৈতে প্ৰাসঙ্গিক তথ্যৰ বাবে ব্যৱহাৰকৰ্তাৰ সামাজিক নেটৱৰ্ক সন্ধান কৰে।৮

বিটফানেল অনুসন্ধান ইঞ্জিন সূচীকৰণ (BitFunnel search engine indexing) চাৰ্চ ইঞ্জিনৰ বিভিন্ন উপাদান ২০১৬ চনত মাইক্ৰছফ্টে জনসাধাৰণৰ বাবে মুক্ত উৎস (open source) কৰিছিল।৯১০ অক্টোবৰ ২০১৮ লৈকে, বিং বিশ্বব্যাপী তৃতীয় সৰ্ববৃহৎ চাৰ্চ ইঞ্জিন (৪.৫৮%), গুগলৰ (৭৭%) আৰু বায়ডুৰ (১৪.৪৫%) পিছতেই। য়াহু! সন্ধান (২.৬৩%), যি বিংৰ মুখ্য ক্ষমতা আছিল চতুৰ্থ শাৰিত থিয় দিয়ে।১১

ইতিহাস

এমএছএন অনুসন্ধান

মাইক্ৰছফ্টে MSN ১৯৯৮ চনত Inktomi (কোম্পানী)-ৰ পৰা সন্ধান ফলাফল ব্যৱহাৰ কৰি আৰম্ভ কৰা হৈছিল। মাইক্ৰছফ্টে এমএছএন অনুসন্ধানৰ বাবে নিজৰ ৱেব ক্ৰলাৰ নিৰ্মাণ কৰি ৱেব সন্ধানত বৃহৎ বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছিল, যাৰ সূচী সাপ্তাহিক আৰু কেতিয়াবা দৈনিক আধুনিকিকৰন কৰা হৈছিল।১২ ২০০৪ চনৰ নৱেম্বৰ মাহত এই প্ৰগ্ৰেমটো বিটা প্ৰগ্ৰাম হিচাপে আৰম্ভ হৈছিল, আৰু ফেব্ৰুৱাৰী 2005 ত বিটাৰ পৰা ওলাই আহিছিল। প্ৰতিদ্বন্দ্বী Yahoo! অনুসন্ধানে নিজৰ ক্ৰলাৰটো ওলাই যোৱাৰ এবছৰ পিছত এয়া ঘটিছিল। ছবি অনুসন্ধান পিকচাৰ্ছ নামৰ এটা তৃতীয় পক্ষৰ দ্বাৰা চালিত হৈছিল। এই সেৱাই প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰচেষ্টাত থকা অন্যান্য চাৰ্চ ইঞ্জিন পোৰ্টেলবোৰক বজাৰত উন্নত ভাৱে সন্ধান ফলাফল প্ৰদান কৰিবলৈ আৰম্ভ কৰিছিল।

উইণ্ডোজ লাইভ অনুসন্ধান / উইণ্ডোজ লাইভ চাৰ্চ

এমএছএন সন্ধানৰ সলনি উইণ্ডোজ লাইভ চাৰ্চৰ প্ৰথম ৰাজহুৱা বিটা উন্মোচন কৰা হৈছিল, ২০০৬ চনৰ ৮ মাৰ্চত আৰু ১১ ছেপ্টেম্বৰ, ২০০৬ত ইয়াক চূড়ান্ত মুক্তি দিয়া হৈছিল। নতুন চাৰ্চ ইঞ্জিনে ৱেব, সংবাদ, ছবি, সঙ্গীত, ডেস্কটপ, স্থানীয় আৰু মাইক্ৰছফ্ট এনকাৰ্টা (Microsoft Encarta অন্তৰ্ভুক্ত থকা সন্ধান-টেববোৰ ব্যৱহাৰ কৰে। এমএছএন অনুসন্ধান উইণ্ডোচ লাইভ চাৰ্চলৈ ৰূপান্তৰিত হোৱাৰ পাছত, মাইক্ৰছফ্টে পিকচাৰ্চক তেওঁলোকৰ ছবি সন্ধান প্ৰদানকাৰী হিচাপে ব্যৱহাৰ কৰা বন্ধ কৰে আৰু তেওঁলোকৰ নিজৰ অভ্যন্তৰীণ ছবি সন্ধান এলগৰিথমৰ দ্বাৰা ইন্ধন যুক্ত তেওঁলোকৰ নিজৰ ছবি সন্ধান কৰা আৰম্ভ কৰে।১৩

লাইভ অনুসন্ধান / লাইভ চাৰ্চ

২০০৭ চনৰ ২১ মাৰ্চত মাইক্ৰছফ্টে ঘোষণা কৰে যে, ই ইয়াৰ সন্ধান প্ৰক্ৰিয়াটো উইণ্ডোজ লাইভ সেৱা পৰিয়ালৰ পৰা পৃথক কৰিব, সেৱাটো "লাইভ চাৰ্চ" হিচাপে পুনৰ ব্ৰেণ্ডিং কৰিব। লাইভ চাৰ্চ ক মাইক্ৰছফ্টৰ প্লেটফৰ্ম আৰু চিষ্টেম বিভাগৰ অংশ সত্য নাডেলাৰ (Satya Nadella) নেতৃত্বত লাইভ চাৰ্চ আৰু এড প্লেটফৰ্মত একত্ৰিত কৰা হৈছিল। এই পৰিৱৰ্তনৰ অংশ হিচাপে, লাইভ চাৰ্চ মাইক্ৰছফ্ট এডচেণ্টাৰৰ (Microsoft adCenter) সৈতে একত্ৰিত কৰা হৈছিল।১৪ লাইভ চাৰ্চ ব্ৰেণ্ডিঙৰ অধীনত মাইক্ৰছফ্টৰ সন্ধান এক শৃংখলাবদ্ধ ৰূপত পুনৰ্সংগঠন আৰু একত্ৰীকৰণ কৰা হৈছিল।

23 মে, 2008-ত, মাইক্ৰছফ্টে "লাইভ চাৰ্চ বুকছ" (Live Search Books) আৰু "লাইভ চাৰ্চ একাডেমিক"(Live Search Academic) বন্ধ কৰাৰ কথা ঘোষণা কৰে আৰু সকলো শৈক্ষিক আৰু কিতাপ সন্ধান ফলাফলক নিয়মীয়া অনুসন্ধানত একত্ৰিত কৰে, আৰু ইয়াৰ ফলত লাইভ চাৰ্চ বুকছ প্ৰকাশক প্ৰ’গ্ৰাম বন্ধ হৈছিল।

তাৰ কিছু দিনৰ পিছত, উইণ্ডোজ লাইভ এক্সপো (Windows Live Expo) 31 জুলাই, 2008-ত বন্ধ কৰা হৈছিল। লাইভ চাৰ্চ মেক্ৰ'এক সেৱা, ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ নিজা কাষ্টম চাৰ্চ ইঞ্জিন সৃষ্টি কৰিবলৈ বা আন ব্যৱহাৰকাৰীসকলে সৃষ্টি কৰা মেক্ৰ’ ব্যৱহাৰ কৰাৰ বাবে ইয়াৰ সহায় লয়। ইয়াকো কিছুদিন পিছত বন্ধ কৰা হৈছিল। 2009 চনৰ 15 মে’ত, লাইভ প্ৰডাক্ট আপল’ড বন্ধ কৰা হৈছিল। লাইভ প্ৰডাক্ট আপল’ড (Live Product Upload) এক সেৱা যি ব্যৱসায়ীসকলক লাইভ চাৰ্চ প্ৰডাক্টত (Live Search Product) সামগ্ৰীৰ তথ্য আপল’ড কৰিবলৈ অনুমতি দিয়ে। অন্তিম পুনৰ্সংগঠনটো আহিছিল লাইভ চাৰ্চ কিউএনএ (Live Search QnA ৰূপত। ইয়াক 18 ফেব্ৰুৱাৰী, 2009ত এমএছএন কিউএনএ হিচাপে পুনৰ ব্ৰেণ্ডকৰা হৈছিল, অৱশ্যে, পৰৱৰ্তী সময়ত ইয়াক 21 মে, 2009 তাৰিখে বন্ধ কৰা হৈছিল।১৫

তথ্যসূত্ৰ

  1. ↑ Microsoft's New Search at Bing.com Helps People Make Better Decisions · News Center. news.microsoft.com
  2. ↑ Microsoft Bing rides open source to semantic search. The Register
  3. ↑ Microsoft to Acquire Powerset. Bing
  4. ↑ (July 29, 2009). Microsoft and Yahoo seal web deal. BBC News
  5. ↑ (December 1, 2011). _ylt=AvrC8b99B5.r4JmW33gA5ChaMnlG When will the change happen? How long will the transition take?. Yahoo!
  6. ↑ Bright, Peter. (April 16, 2015). Microsoft loses exclusivity in shaken up Yahoo search deal. Ars Technica
  7. ↑ (September 30, 2011). Bing Unleashing Tiger to Speed Search Results. Search Engine Watch
  8. ↑ Goldman, David. (May 10, 2012). Bing fires at Google with new social search. CNN Money
  9. ↑ Microsoft open-sources Bing components for fast code compilation | InfoWorld
  10. ↑ Verma, Arpit. (2016-09-07). Microsoft Open Sources Major Components Of Bing Search Engine, Here's Why It Matters. Fossbytes
  11. ↑ Net Marketshare, Market Share Statistics for Internet Technologies. netmarketshare.com
  12. ↑ (June 30, 2003). Microsoft's MSN Search To Build Crawler-Based Search Engine
  13. ↑ Chris Sherman. (September 11, 2006). Microsoft Upgrades Live Search Offerings. Search Engine Watch
  14. ↑ Mary Jo Foley. (March 21, 2007). Microsoft severs Live Search from the rest of the Windows Live family. ZDNet
  15. ↑ Doug Caverly. (May 29, 2009). Yahoo Answers Outlives MSN QnA. WebProNews

সম্পৰ্কিত শ্ৰেণী

ৱেবছাইট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাইক্ৰছফ্ট বিং” প্ৰবন্ধৰ সংশোধন ৬০৬৬৩১ (১৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।