অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

ৰাউটাৰ (কম্পিউটাৰ সম্বন্ধীয়)

কম্পিউটাৰ নেটৱৰ্ক বোৰৰ মাজত ডেটা পেকেট সমূহ সৰবৰাহ কৰিবলৈ ৰাউটাৰ বা ৰুটাৰ (Router) নামৰ সঁজুলি বিধ ব্যৱহাৰ কৰা হয়। ৰাউটাৰ এটা সাধাৰণতে দুটা বা ততোধিক ডেটা লাইনৰ সহয়ত বিভিন্ন নেটৱৰ্কৰ লগত সংযুক্ত কৰা হয়।

হালনাগাদ: ১৯ ফেব্ৰুৱাৰী ২০২২ ২৯২ শব্দ · ২ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

কম্পিউটাৰ নেটৱৰ্ক বোৰৰ মাজত ডেটা পেকেট সমূহ সৰবৰাহ কৰিবলৈ ৰাউটাৰ বা ৰুটাৰ (Router) নামৰ সঁজুলি বিধ ব্যৱহাৰ কৰা হয়। ৰাউটাৰ এটা সাধাৰণতে দুটা বা ততোধিক ডেটা লাইনৰ সহয়ত বিভিন্ন নেটৱৰ্কৰ লগত সংযুক্ত কৰা হয়। যেতিয়া এটা ডেটা পেকেট এটা ডেটা লাইনত আহি উপস্থিত হয় তেতিয়া ৰাউটাৰটোৱে ডেটা পেকেটটোত লিখা থকা ঠিকনা (Message Information) পঢ়ি তাৰ লক্ষ্য নিৰ্ধাৰণ কৰে। তাৰ পিছত ইয়াৰ ৰাউটিং তালিকাৰ (routing table) তথ্য অনুসৰি পেকেটটোক পিছৰটো নেটৱৰ্কলৈ প্ৰেৰণ কৰে। আচলতে ইয়াক নেটৱৰ্কৰ ট্ৰেফিক পুলিচৰ নিচিনা। এটা ডেটা পেকেট নিজৰ লক্ষ্যত উপনীত নহোৱালৈকে ৰাউটাৰৰ সহায়ত এটাৰ পৰা আন এটা নেটৱৰ্কলৈ ভ্ৰমণ কৰি থাকে।১

বহুলভাবে পৰিচিত ৰাউটাৰ যেনে ঘৰত আৰু সৰু অফিচ আদিত ব্যবহৃত ৰাউটাৰ সমূহে (home and small office routers) সাধাৰণতে ঘৰৰ কম্পিউটাৰ আৰু ডি এছ এল মডেমৰ (DSL modem) মাজতে (যিয়ে আই এছ পিৰ (Internet Service Provider) সহায়ত ইণ্টাৰনেট সংযোগ প্ৰদান কৰে) ডেটা যেনে ৱেব পেজ বা ইমেইল আদি তথ্যৰ আদান প্ৰদান কৰে। ইয়াৰোপৰি বহুতো বেলেগ বেলেগ ৰাউটাৰ পোৱা যায় যিয়ে বিভিন্ন ধৰণৰ নেটৱৰ্কত বিভিন্ন ধৰণে সেৱা আগবঢ়ায়।

প্ৰয়োগ

আন্তঃসংযোগী নেটৱৰ্কত সংযোগ হৈ থকা একাধিক ৰাউটাৰে পৰস্পৰৰ মাজত তথ্যৰ আদান প্ৰদান কৰিবলৈ Dynamic Routing Protocol ব্যৱহাৰ কৰে। প্ৰতিটো ৰাউটাৰে দুটা সংযোগী বিন্দুৰ মাজত আটাইতকৈ চুটি পথ সমূহৰ তালিকা বনাই এখন টেবুল প্ৰস্তুত কৰে। ৰাউটাৰ এটাৰ ভৌতিক ভাৱে বিভিন্ন ধৰণৰ নেটৱৰ্ক সংযোগী ব্যৱস্থাৰ লগত কাম কৰিব পৰা ক্ষমতা থাকে, যেনে কপাৰ তাঁৰ, ফাইবাৰ অপটিক তাঁৰ নাইবা বেতাঁৰ প্ৰসাৰণ (wireless transmission) আদি। বিভিন্ন ধৰণৰ নেটৱ'ৰ্ক প্ৰট'কলৰ (networking protocol) বাবে থকা বিভিন্ন ধৰণৰ ফাৰ্মৱেৰ (firmware) ইয়াত সংযোগ কৰা থাকে

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ ^ "Overview Of Key Routing Protocol Concepts: Architectures, Protocol Types, Algorithms and Metrics". Tcpipguide.com. Retrieved 15 January 2011

সম্পৰ্কিত শ্ৰেণী

কম্পিউটাৰ হাৰ্ডৱেৰতথ্য প্ৰযুক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাউটাৰ (কম্পিউটাৰ সম্বন্ধীয়)” প্ৰবন্ধৰ সংশোধন ৩১৪৬১৬ (১৯ ফেব্ৰুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।