অনলাইন আলোচনী
১৪ প্ৰবন্ধ
-
সাহিত্য ডট অৰ্গ
সাহিত্য ডট অৰ্গ অসমীয়া ভাষাত প্ৰকাশিত এখন মাহেকীয়া ই-আলোচনী। ২০১১ চনৰ জুলাই মাহত এই আলোচনীখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ হয়। প্ৰতি অসমীয়া মাহৰ ১ তাৰিখে আলোচনীখন প্ৰকাশ পায়।
-
আমি অসমীয়া
আমি অসমীয়া অসমীয়া ভাষাৰ এখন মাহেকীয়া অনলাইন আলোচনী। ২০১২ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে এই আলোচনীখন প্ৰথম সংখ্যাটি প্ৰকাশ হয়। ফেচবুকৰ ‘আমি অসমীয়া’ নামৰ এটি গোটৰ জৰিয়তে এই আলোচনীখনে আত্মপ্ৰকাশ কৰিছিল।
-
এনাজৰী
এনাজৰী হৈছে এখন দ্বিভাষীক আৰু প্ৰথম অসমীয়া অনলাইন আলোচনী। ২০১০ চনৰ ১৩ মাৰ্চ তাৰিখে এই ৱেৱছাইট গুৱাহাটী প্ৰেছ ক্লাবত অসমৰ প্ৰসিদ্ধ সাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে উন্মোচন কৰে। আলোচনীখনৰ মুখ্য সম্পাদক আৰু মুখ্য পৰিকল্পনাকাৰী হ’ল হিমজ্যোতি তালুকদাৰ।
-
গণিত চ’ৰা
গণিত চ’ৰা (Gonit Sora) এখন গণিত বিষয়ক দ্বিভাষিক মাহেকীয়া ই-আলোচনী৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ কেইজনমান ছাত্ৰৰ উদ্যোগত ২০১১ চনৰ এপ্ৰিল মাহৰ ২১ তাৰিখে এই আলোচনীখনৰ প্ৰথম প্ৰকাশ হয়৷ ২০১৩ চনত আলোচনীখনে Mathematics of Planet Earth 2013 প্ৰকল্পৰ সহযোগী আলোচনীৰূপে স্বীকৃতি পায়৷
-
পয়েট্ৰী উইডাউট ফীয়েৰ
পয়েট্ৰী উইডাউট ফীয়েৰ (Poetry Without Fear, ISSN 2583 4258) অসমৰ ডিব্ৰুগড় জিলাৰ পৰা প্ৰকাশিত অসমীয়া ভাষা আৰু ইংৰাজী ভাষাত প্ৰকাশিত এখন তিনিমহীয়া দ্বিভাষিক কবিতা বিষয়ক ই-আলোচনী। ২০২২ চনৰ ৩০ এপ্ৰিল তাৰিখে এই আলোচনীখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ হয়।
-
নীলা চৰাই
নীলা চৰাই হৈছে অসমীয়া ভাষাৰ এখন মাহেকীয়া অনলাইন আলোচনী। ২০১২ চনৰ জানুৱাৰীত এই আলোচনীখন প্ৰথম প্ৰকাশ হয়।
-
গেটওৱিয়ান
গেটওৱিয়ান (ইংৰাজী: Gatewayian) হৈছে গেটৱে একাডেমী জুনিয়ৰ কলেজ,বাইহাটা চাৰিআলিৰ পৰা প্ৰকাশিত ই-মুখপত্ৰ। অসমৰ ভিতৰত এইখনেই প্ৰথমখন কোনো কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা সম্পূৰ্ণ স্বতন্ত্ৰভাৱে প্ৰকাশিত ই-মুখপত্ৰ।
-
টুনচ মেগ্
টুনচ মেগ্ (Toons Mag) হ'ল ইণ্টাৰনেট ভিত্তিক এখন কাৰ্টুন আলোচনী। সম্পাদকীয় কাৰ্টুন, কমিকছ, কেৰিকেঁচাৰ, ইলাষ্ট্ৰেশন আৰু আনুষংগিক বিষয়ত বাতৰি আৰু প্ৰবন্ধ প্ৰকাশ কৰে। ইয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় কাৰ্টুন প্ৰতিযোগিতা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰে।
-
নিউ ইণ্ডিয়া সমাচাৰ
নিউ ইণ্ডিয়া সমাচাৰ হৈছে ভাৰত চৰকাৰে ২০২০ চনৰ ১৫ আগষ্টত আৰম্ভ কৰা এখন পষেকীয়া ই-পত্ৰিকা। এইটো বিউৰ’ অফ আউটৰিচ এণ্ড কমিউনিকেশ্বন (BOC) দ্বাৰা প্ৰকাশিত হয়, যি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ অধীনত চলা এটি সংবাদ সংগঠন।
-
জ'নজিৰ'
জ'নজিৰ (ইংৰাজী: ZoneZero) হৈছে ফটোগ্ৰাফিৰ বাবে উৎসৰ্গিত এটা ৱেবছাইট, যাক ১৯৯৪ চনত মেক্সিকান ফটোগ্ৰাফাৰ পেদ্ৰো মেয়াৰে প্ৰতিষ্ঠা কৰিছিল। এই ৱেবছাইটটো ইণ্টাৰনেট জনসাধাৰণৰ বাবে উপলব্ধ হোৱাৰ সময়তে প্ৰথম অনলাইনত উপস্থিত হয়, আৰু তেতিয়াৰে পৰা আজিলৈকে সচল হৈ থকা ফটোগ্ৰাফিৰ ভিতৰত আটাইতকৈ পুৰণি ৱেবছাইট…
-
ফটাঢোল
ফটাঢোল অসমীয়া ভাষাত প্ৰকাশিত এখন মাহেকীয়া ই-আলোচনী। ২০১৭ চনৰ জুলাই মাহত এই আলোচনীখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ হয়। প্ৰতি ইংৰাজী মাহৰ ১ তাৰিখে আলোচনীখন প্ৰকাশ পায়।
-
মণিকূট (ই-আলোচনী)
মণিকূট অসমীয়া ভাষাত ইউনিকোডত প্ৰকাশিত এখন মাহেকীয়া মাল্টিমিডিয়া ই-আলোচনী। ২০১৮ চনৰ ১৫ আগষ্টত এই আলোচনীখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ কৰা হয়। প্ৰথম দুবছৰ আলোচনীখন দুমহীয়া আছিল আৰু প্ৰতি দুমাহৰ মূৰত ১৬ তাৰিখে আলোচনীখন প্ৰকাশ পাইছিল।
-
মুক্ত চিন্তা (আলোচনী)
মুক্ত চিন্তা অসমীয়া ভাষাত প্ৰকাশিত এখন ই-আলোচনী। ২০১৫ চনৰ জুলাই মাহত এই আলোচনীখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ হয়। অসমীয়া ভাষাত বিজ্ঞান মানিসকতা গঠন, প্ৰসাৰ আৰু প্ৰচাৰৰ লগতে ডিজিটেল মাধ্যমত ভাষা-সাহিত্য-সংস্কৃতিৰ উন্নতিৰ হকে এই আলোচনীখনে কাম কৰি আহিছে।
-
সন্ধান ডট কম
সন্ধান হৈছে অসমীয়া ভাষাৰ এখন অনলাইন আলোচনী। ২০১২ চনৰ জুলাই মাহত এই আলোচনীখনৰ প্ৰথম সংখ্যা প্ৰকাশ হয়। ই-আলোচনীখনে ২০১৫ চনত 'দক্ষিণ এছিয়া আৰু এছিয়া পেচিফিক মন্থন বঁটা লাভ কৰে ৷ তদুপৰি ২০১৬ চনত ই-সংস্কৃতি আৰু ঐতিহ্য শিতানত ৬ষ্ঠ ই-নৰ্থ ইষ্ট বঁটা লাভ কৰে ৷