বিশ্বকোষ
৬ প্ৰবন্ধ
-
ৱিকিপিডিয়া
ৱিকিপিডিয়া (Wikipedia) হৈছে অব্যৱসায়িক ৱিকিমিডিয়া ফাউণ্ডেছন সমৰ্থিত এখন মুক্ত, ৱেব-ভিত্তিক, সহযোগিতামূলক, বহুভাষিক বিশ্বকোষ। বিশ্বৰ প্ৰায় ৪.১ নিযুত স্বেচ্ছাসেৱকে সহযোগিতাৰে ইংৰাজী ৱিকিপিডিয়া প্ৰায় ৪.৩ মিলিয়ন প্ৰবন্ধ লিখি উলিয়াইছে।
-
বিকাশপিডিয়া
বিকাশপিডিয়া (হিন্দী ভাষাত 'विकासपीडिया', ইংৰাজী ভাষাত 'Vikaspedia') ভাৰত চৰকাৰে আৰম্ভ কৰা এটি অনলাইন তথ্য পথপ্ৰদৰ্শক। ৱেবচাইটটো চি-ডিএচি হায়দৰাবাদৰ দ্বাৰা চালিত আৰু বৈদ্যুতিন আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়, যোগাযোগ তথা তথ্য প্ৰযুক্তি মন্ত্ৰালয় (ভাৰত)ৰ দ্বাৰা স্থাপিত।
-
বিশ্বকোষ
বিশ্বকোষ (ইংৰাজী: Encyclopedia) এক উদ্ধৃতি কাৰ্য বা সংগ্ৰহ য'ত সকলো বিষয় বা কোনো বিশেষ বিষয়ৰ সাৰাংশ পোৱা যায়। বিশ্বকোষত প্ৰায় কেইবাটাও প্ৰবন্ধ থাকে যি সাধাৰণতে বৰ্ণমালাৰ ক্ৰমত শৃংখলিত কৰা হয়। কেতিয়াবা বিষয়গত বৰ্গীকৰণো দেখা যায়। বিশ্বকোষত যিকোনো বিষয়ৰ তথ্য সাধাৰণতে অভিধানতকৈ অধিক থাকে।
-
বাংলাপিডিয়া
বাংলাপিডিয়া: বাংলাদেশ ৰাষ্ট্ৰীয় বিশ্বকোষ বাংলাদেশ এছিয়াটিক ছ'চাইটিৰ দ্বাৰা প্ৰকাশিত বাংলাদেশৰ প্ৰথমখন ৰাষ্ট্ৰীয় বিশ্বকোষ। এই বিশ্বকোষখন বাংলা আৰু ইংৰাজী উভয় ভাষাতে ছপা সংস্কৰণ, ইলেক্ট্ৰনিক সংস্কৰণ আৰু চিডি-ৰেমত উপলব্ধ। এই ছপা সংস্কৰণটো ৫০০ পৃষ্ঠাৰ দহটা খণ্ডৰে গঠিত।
-
সংক্ষিপ্ত অসম বিশ্বকোষ
সংক্ষিপ্ত অসম বিশ্বকোষ(Hankhipto Asom Biswakosh) হৈছে শান্তনু কৌশিক বৰুৱাৰ পৰিকল্পনা, সংকলন আৰু সম্পাদনাত প্ৰকাশিত এখন অসমীয়া ভাষাত প্ৰকাশিত কেৱল অসম বিষয়ক তথ্যসমৃদ্ধ গ্ৰন্থ। গ্ৰন্থখন পাঁচটা খণ্ডত বিভক্ত। ২০২১ চনৰ আগষ্ট মাহত প্ৰথমটি খণ্ড প্ৰকাশ পায়।
-
অমনিগ্ল'ত
অমনিগ্ল'ত হৈছে এখন অনলাইন বিশ্বকোষ, য'ত বিভিন্ন ভাষা আৰু লিখন পদ্ধতি সামৰি লোৱা হৈছে। অমনিগ্ল'ত শব্দটো লেটিন উপসৰ্গ অমনি (সমস্ত) আৰু গ্ৰীক শব্দ গ্ল'ত (জিভা) যোগ হৈ উৎপত্তি হৈছে।