ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংক (IPPB) হৈছে ভাৰতৰ এটা ৰাজহুৱা খণ্ডৰ পেমেণ্ট বেংক, যাৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত। ই ভাৰতীয় ডাক সেৱাৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান। ২০১৮ চনৰ ১ ছেপ্টেম্বৰত আৰম্ভ কৰা এই প্ৰতিষ্ঠানটোৱে পৰম্পৰাগত বেংকিং সেৱাৰ সুবিধা নোপোৱা লোকসকলক মৌলিক বেংকিং আৰু বিত্তীয় সেৱা প্ৰদান কৰাৰ লক্ষ্য লৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা প্ৰদান কৰা পেমেণ্ট বেংকৰ অনুজ্ঞাপত্ৰৰে এই বেংকটো কাম কৰে।১
ইতিহাস
সমগ্ৰ দেশতে ১৫৫,০০০ৰো অধিক ডাকঘৰ থকা ইণ্ডিয়া পোষ্টৰ বিশাল নেটৱৰ্কৰ সহায় লৈ জনসাধাৰণৰ অভাৱগ্ৰস্ত শ্ৰেণীক বেংকিং সেৱা প্ৰদান কৰাৰ লক্ষ্যৰে ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংক স্থাপন কৰা হৈছিল। ২০১৮ চনৰ ১ ছেপ্টেম্বৰত এই বেংকটো আৰম্ভ কৰা হৈছিল সকলো ভাৰতীয়কে বিশেষকৈ গ্ৰাম্য আৰু দুৰ্গম অঞ্চলত বসবাস কৰা লোকসকলক বেংকিং আৰু বিত্তীয় সেৱা আগবঢ়োৱাৰ উদ্দেশ্যেৰে।
সেৱাসমূহ
আই.পি.পি.বিয়ে চেভিংছ একাউণ্ট, কাৰেণ্ট একাউণ্ট, মানি ট্ৰেন্সফাৰ, বিল পেমেণ্ট, আৰু মোবাইল ৰিচাৰ্জকে ধৰি বহুতো বেংকিং আৰু বিত্তীয় সেৱা আগবঢ়ায়। ইণ্টাৰনেট বেংকিং, মোবাইল বেংকিং, মোবাইল এপকে ধৰি বিভিন্ন ডিজিটেল সেৱাও বেংকটোৱে আগবঢ়ায়।২
আই.পি.পি বিয়ে কেইবাটাও বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে অংশীদাৰিত্ব কৰি বিত্তীয় সামগ্ৰী আৰু সেৱাসমূহ আগবঢ়াইছে। ডিজিটেল পেমেণ্ট সেৱা আগবঢ়াবলৈ এইচ.ডি.এফ.চি বেংক, আই.চি.আই.চি.আই বেংক, এক্সিছ বেংকৰ দৰে আগশাৰীৰ বেংকৰ সৈতে চুক্তিবদ্ধ হৈছে। ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ (ইউ.পি.আই) আৰু ভাৰত বিল পেমেণ্ট চিষ্টেম (বি.বি.পি.এছ)কে ধৰি বিভিন্ন ধৰণৰ পেমেণ্ট সেৱা আগবঢ়াবলৈ ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্প’ৰেশ্যন (এন.পি.চি.আই)ৰ সৈতেও অংশীদাৰিত্ব কৰিছে।
বিত্তীয় সাক্ষৰতা আৰু অন্তৰ্ভুক্তিৰ প্ৰসাৰৰ বাবেও আই.পি.পি.বিয়ে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। বেংকটোৱে একধৰণৰ বেংকিং নেটৱৰ্ক স্থাপন কৰিছে, যʼত মানুহবোৰ বেংকিং সেৱা আগবঢ়াবলৈ প্ৰশিক্ষণপ্ৰাপ্ত। ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংকে, বেংকিং আৰু বিত্তীয় সেৱাৰ বিষয়ে মানুহক জ্ঞান দিবলৈ ফাইনেন্সিয়েল লিটাৰেচি প্ৰগ্ৰেম নামৰ বিত্তীয় সাক্ষৰতা কাৰ্যসূচীও আৰম্ভ কৰিছে।৩
তথ্যসূত্ৰ
- ↑ www.ippbonline.com/web/about-us{{Dead link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ www.npci.org.in/what-we-do/payments-bank/india-p
- ↑ economictimes.indiatimes.com/industry/banking/fi link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংক” প্ৰবন্ধৰ সংশোধন ৪৩৮৫৯২ (১৭ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।