অসমত সৰহীয়া কুঁহিয়াৰৰ খেতিয়কে ঘৰুৱাভাৱে গুৰ প্ৰস্তুত কৰোঁতে কুঁহিয়াৰৰ ৰস চেপিবলৈ পৰম্পৰাগত ভাৱে এই প্ৰৱন্ধত উল্লেখ কৰা কুঁহিয়াৰ শালখন ব্যৱহাৰ কৰে। অৱশ্যে যান্ত্ৰিকীকৰণৰ ফলত এসময়ত উজনি অসমৰ অনেক খেতিয়কে ব্যৱহাৰ কৰা এই শালখনৰ গুৰুত্ব আজিকালি প্ৰায় লোপ পাইছে।
কাঠৰ ফ্ৰেম
কুঁহিয়াৰ শালৰ ফ্ৰেমটো প্ৰায় ৩ ফুট ৯ ইঞ্চি উচ্চতাৰ আৰু প্ৰায় ৫-৬ ইঞ্চিমান প্ৰস্থৰ চাৰিডাল মজবুট কাঠেৰে দুটা "A" আকৃতিৰ ফ্ৰেম প্ৰায় তিনিফুটমান দুৰত মজবুটকৈ পুতি লৈ তৈয়াৰ কৰা হয়। দুইটা "A"-ৰ মাজত আনুভুমিকভাবে প্ৰায় চাৰে তিনিফুট উচ্চতাত লগাই লোৱা এখন মজবুট কাঠৰ তক্তা শালৰ লোহাৰ যান্ত্ৰিক অংশৰ আধাৰ হিচাবে লগাই লোৱা হয়। এই অংশক ওপৰৰ পৰা সঁহাৰি দিবলৈ A দুটাৰ শীৰ্শত পঠালিকৈ আৰু এডাল মজবুত ধৰণী কাঠ লগাই লোৱা হয়।
লোহাৰ ভীম
শালখনত তিনিটা লোহাৰ গোটা (ফৌঁপোলা নহয়) চুঙা বা ভীম লগালগিকৈ ফ্ৰেমৰ মাজৰ তক্তাখন আৰু ওপৰৰ কাঠডালৰ মাজত উলম্ব অক্ষত ঘুৰিব পৰাকৈ ধুৰাত লগাই লোৱা হয়। তিনিওটা ভীমৰ ব্যাস অনুসৰি ডাঙৰৰ পৰা সৰুটোলৈকে যথাক্ৰমে ডাঙৰ বা মতা, মাজু বা মাইকী আৰু সৰু বা পোৱালি ভীম বুলি কোৱা হয়। ইহঁতৰ গাত লম্বভাৱে প্ৰা্য আধা ইঞ্চি অন্তৰে অন্তৰে খাজ বা শিৰ কটা থাকে। পৰস্পৰৰ মাজত খাজ খাই পৰা গীয়েৰৰ দাঁতৰ সহায়ত সংলগ্ন এই এই গধুৰ ভীমকেইটাৰ এটা ঘুৰালে আটাইকেইটা ঘুৰে আৰু মাজৰ যৎসামান্য ফাঁকত সুমুৱাই দিয়া কুঁহিয়াৰৰ টুকুৰা চেপি ৰস বাহিৰ কৰে। কুঁহিয়াৰ পোৱালী আৰু আৰু মাইকী ভীমৰ মাজেদি গৈ মতা আৰু মাইকী ভীমৰ মাজত চেপা খাই বিপৰীত দিশেৰে ডাবৰি হৈ ওলাই যায়।
ৰহতা
ভীমে চেপি উলিওৱা ৰসখিনি তলৰ ৰহতা নামৰ লোহাৰ পাট এচলাতে পৰি নিগৰি গৈ আন পাত্ৰত পৰেগৈ।
মুৰীয়া আৰু কাঁতৰি
মতা ভীমৰ ধুৰাডালৰ ওপৰত, ফ্ৰেমৰ ওপৰৰ ধৰণী কাঠডালৰ ওপৰবাগীত উলম্বভাৱে এটা লোহাৰ আঙঠি লগোৱা হয়। ইয়াকে "মুৰী্য়া" বা "মুণ্ডা" বোলে। ইয়াৰ মাজৰ ফুটাটোৱেদি আনুভূমিকভাৱে শালৰ চৌপাশে ঘুৰিব পৰাকৈ আঠ দহ ফুটমান দীঘল এডাল মজবুট বাঁহৰ ডাঙ লগাই গৰু বা ম'হৰদ্বাৰা ভীম কেইটা ঘুৰোৱা হয়। এই বাঁহডালকে "কাঁতৰী" বোলে।
তথ্যসংগ্ৰহ
- অসমীয়া সংস্কৃতিৰ কণিকা, সম্পাদনা- ডঃ নাৰায়ণ দাস, ডঃ পৰমানন্দ ৰাজবংশী, পৃষ্ঠা নং- ৮৫-৮৬
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ কুঁহিয়াৰ শাল” প্ৰবন্ধৰ সংশোধন ৩৩৫৭৬২ (২৫ অক্টোবৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।