ভাৰতৰ অন্যতম বৃহৎ ডিজিটেল পেমেণ্ট প্লেটফৰ্ম পেটিএমৰ মূল কোম্পানী ওৱান নাইন্টিচেভেন কমিউনিকেশ্বন লিমিটেড (ইংৰাজী ভাষা: One97 Communications Limited) ৰ সহযোগী প্ৰতিষ্ঠান পেটিএম পেমেণ্টছ বেংক লিমিটেড (PPBL) হৈছে ভাৰতৰ এটা ডিজিটেল বেংক। পিপিবিএলৰ মুখ্য কাৰ্যালয় উত্তৰ প্ৰদেশৰ নয়ডাত আৰু ই সমগ্ৰ দেশতে শাখা, এটিএম, আৰু বেংকিং অংশীদাৰৰ নেটৱৰ্কৰ জৰিয়তে কাম কৰে।১
ইতিহাস
পেটিএম পেমেণ্টছ বেংকৰ কাম আৰম্ভ কৰিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা অনুমোদন লাভ কৰাৰ পিছত ২০১৭ চনৰ ২৩ মে’ত আৰম্ভ কৰা হৈছিল। আৰম্ভণিৰ সময়ত পিপিবিএল এয়াৰটেল পেমেণ্টছ বেংক আৰু ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংকৰ পিছত ভাৰতত কাম আৰম্ভ কৰা তৃতীয়টো পেমেণ্ট বেংক হিচাপে পৰিগণিত হয়।২
প্ৰথম বছৰত পিপিবিএলে গ্ৰাহকৰ বাবে ৮০ লাখৰো অধিক সঞ্চয় একাউণ্ট মুকলি কৰিছিল। ২০২২ চনৰ জানুৱাৰী মাহলৈকে বেংকটোৰ ৭ কোটি ১০ লাখতকৈ অধিক গ্ৰাহক আছে আৰু সমগ্ৰ ভাৰততে ১০০০ৰো অধিক শাখা আৰু এক লাখৰো অধিক বেংকিং পইণ্ট পৰিচালনা কৰে।
সমালোচনা
২০১৮ চনত আৰবিআইয়ে কেৱাইচি (Know Your Customer) নিয়ম উলংঘা কৰা বুলি ধৰা পেলোৱাৰ পিছত পেটিএম পেমেণ্টছ বেংক সমালোচনাৰ সন্মুখীন হৈছিল। ইয়াৰ পিছত আৰবিআইয়ে বেংকটোক ১ কোটি টকা জৰিমনা বিহিছিল। মাহেকীয়া লেনদেনৰ সীমা অতিক্ৰম কৰা গ্ৰাহকৰ একাউণ্ট ব্লক কৰাৰ অভিযোগতো বেংকটোৱে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়।৩
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পেটিএম পেমেণ্টছ বেংক” প্ৰবন্ধৰ সংশোধন ৩৭১৬৫১ (১৪ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।