বিত্তীয় হিচাপকৰণত দেনাৰ অৰ্থ হৈছে এটা প্ৰতিষ্ঠানৰ ন্যায়িক ধাৰ বা কৰ্ত্তব্যসমূহ যি ব্যৱসায়িক কাৰ্যকলাপৰ পৰা উদ্ভৱ হয়। সময়ৰ লগে লগে দেনাসমূহ টকা, সামগ্ৰী বা সেৱাকে ধৰি অৰ্থনৈতিক লাভৰ হস্তান্তৰৰদ্বাৰা নিৰ্বাহ কৰা হয়।১ নিম্নলিখিত বৈশিষ্ট্যসমূহৰদ্বাৰা দেনাৰ সংজ্ঞা দিয়া হয়:
- কোনো ব্যক্তি বা বেংকৰপৰা ব্যৱসায় অথবা ব্যক্তিগত আয়ৰ উন্নতিৰ অৰ্থে লোৱা এক হ্ৰস্ব বা দীৰ্ঘ সময়সীমাৰ ভিতৰত পৰিশোধনীয় যিকোনো ধাৰ;
- অন্যৰ প্ৰতি কোনো কৰ্ত্তব্য বা দায়িত্ব যি ভৱিষ্যতে এক নিৰ্দিষ্ট সময় বা দিনত, কোনো বিশেষ ঘটনা সংঘটিত হ'লে, বা [সেই পক্ষই] দাবী কৰিলে, কোনো সম্পত্তিৰ হস্তান্তৰকৰণ বা ব্যৱহাৰ, সেৱা প্ৰদান বা অৰ্থনৈতিক লাভালাভ সৃষ্টিকাৰী অন্য লেনদেন সন্নিৱিষ্ট কৰে।
- এটা পক্ষক আনটো পক্ষৰ প্ৰতি দায়বদ্ধ কৰি তোলা কোনো কৰ্ত্তব্য বা দায়িত্ব; আৰু,
- হৈ যোৱা কোনো লেনদেন বা ঘটনা যি পক্ষটোক দায়বদ্ধ কৰি তোলে।
বিত্তীয় হিচাপকৰণৰ সমীকৰণে সম্পত্তি, দেনা আৰু গৰাকীৰ স্বত্বৰ (owner's equity) সম্পৰ্ক স্থাপন কৰে:
সম্পত্তি = দেনা + গৰাকীৰ স্বত্ব
এই সমীকৰণ উদ্বৃত্তপত্ৰৰ গাণিতিক গঠন।
সংজ্ঞা
আন্তঃৰাষ্ট্ৰীয় হিচাপকৰণ মানক সংস্থাৰ (ইণ্টাৰনেচনেল একাউণ্টিং ষ্টেণ্ডাৰ্ডছ ব'ৰ্ড) সংজ্ঞা অনুসৰি:
দেনা হৈছে অতীতৰ ঘটনাৰ পৰা উদ্ভৱ হোৱা প্ৰতিষ্ঠানটোৰ বৰ্তমানৰ দায়বদ্ধতা, যাৰ নিৰ্বাহকৰণত প্ৰতিষ্ঠানটোৰপৰা অৰ্থনৈতিক লাভালাভ সৃষ্টিকাৰী উৎসৰ বৰ্হিগমন বাঞ্ছনীয়।
— F.49(b)
বাংলাদেশী হিচাপকৰণ গৱেষণা প্ৰতিষ্ঠানে দেনাৰ সংজ্ঞা এইদৰে দিছে: "পূৰ্বৰ লেনদেন আৰু আন ঘটনাৰ ফলশ্ৰুতিত বৰ্তমানে এটা পক্ষই আন এটা পক্ষলৈ ত্যাগ কৰিবলৈ দায়বদ্ধ হোৱা ভৱিষ্যত অৰ্থনৈতিক লাভালাভ। "
উদাহৰণ
যিকোনো ধৰণৰ পৰিশোধনীয়,
- পৰিশোধনীয় পত্ৰ - এক লিখিত অংগীকাৰ
- একাউণ্টছ পেয়েবল - মৌখিক অংগীকাৰ
- পৰিশোধনীয় সূত
- পৰিশোধনীয় বিক্ৰয়
- বেতন
- দিবলৈ থকা লাভাংশ (আনক্লেইমড ডিভিডেণ্ড)
- ধাৰে লোৱা টকা
- বেংকৰপৰা অতিৰিক্ত আহৰণ (বেংক অভাৰড্ৰাফট)
- পাওনাদাৰক দিবলগা টকা
- ৱাৰেণ্টি
শ্ৰেণীবিভাগ
দেনাসমূহ প্ৰতিষ্ঠানটোৰ উদ্বৃত্তপত্ৰখনত দেখুওৱা হয় আৰু ইয়াক মূলতঃ দুটা ভাগত ভগোৱা হয়:
- সাম্প্ৰতিক দেনা: এইধৰণৰ দেনাসমূহ সাধাৰণতে এটা বছৰৰ ভিতৰত পৰিশোধ কৰাটো বাঞ্ছনীয়। সাম্প্ৰতিক দেনাত পৰিশোধ কৰিবলগীয়া বেতন, কৰ, পাওনাদাৰ, দীৰ্ঘকালীন বণ্ডৰ সেই বছৰত পৰিশোধ কৰিবলগা অংশ, হ্ৰস্বকালীন দায়বদ্ধতা (যেনে, সা-সৰঞ্জাম ক্ৰয়) আদি অনৰ্ভুক্ত হয়।
- দীৰ্ঘকালীন দেনা: এইধৰণৰ দেনাসমূহ এবছৰতকৈ দীঘলীয়া সময়ৰ ভিতৰত পৰিশোধনীয় হয়। দীৰ্ঘকালীন দেনাসমূহে সাধাৰণতে বণ্ড, ঋণপত্ৰ (ডিবেঞ্চাৰ), পৰিশোধনীয় পত্ৰ (নোটছ পেয়েবল), দীৰ্ঘকালীন লীজ, পেঞ্চন দায়বদ্ধতা আৰু সামগ্ৰীৰ দীৰ্ঘকালীন ৱাৰেণ্টি অন্তৰ্ভুক্ত কৰে।
অনিৰ্দিষ্ট মূল্য বা সময়সীমাৰ দেনাক ভৱিষ্যত ব্যৱস্থা বা প্ৰভিজন বোলে।
তথ্যসূত্ৰ
- ↑ Definition of 'liability'. Investopedia.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেনা” প্ৰবন্ধৰ সংশোধন ৩৮৫২৩২ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।