অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা ফিল্ড হকী দল

ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা ফিল্ড হকী দলে আন্তঃৰাষ্ট্ৰীয় ফিল্ড হকী প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰে, এই দল হকী ইণ্ডিয়াৰ দ্বাৰা পৰিচালিত। নভৱৰ্ণা নামৰে পৰিচিত এই দলে আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেচনৰ বিশ্ব ৰেংকিঙত ২০২১ চনৰ আগষ্টৰ অনুসৰি সপ্তম স্থানত আছে আৰু এছিয়াৰ শ্ৰেষ্ঠ দল হিচাপে স্থান লাভ কৰিছে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৪৫৯ শব্দ · ৩ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা ফিল্ড হকী দলে আন্তঃৰাষ্ট্ৰীয় ফিল্ড হকী প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰে, এই দল হকী ইণ্ডিয়াৰ দ্বাৰা পৰিচালিত। নভৱৰ্ণা নামৰে পৰিচিত এই দলে আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেচনৰ বিশ্ব ৰেংকিঙত ২০২১ চনৰ আগষ্টৰ অনুসৰি সপ্তম স্থানত আছে আৰু এছিয়াৰ শ্ৰেষ্ঠ দল হিচাপে স্থান লাভ কৰিছে। দলটোৱে ২০০২ কমনৱেলথ গেমছ আৰু ১৯৮২ এছিয়ান গেমছত স্বৰ্ণ পদক জয় কৰিছে। তেওঁলোকে ২০০৪ আৰু ২০১৭ চনত দুবাৰকৈ মহিলা এছিয়া কাপ জিকিছে। দলটোৱে ২০১৬ চনত এছিয়ান চেম্পিয়নছ ট্ৰফীও জিকিছিল। ২০১২ চনত অনুষ্ঠিত ২০২০ টকিঅ' গ্ৰীষ্মকালীন অলিম্পিকত১ দলটোৱে প্ৰথমবাৰৰ বাবে মহিলা হকীৰ অলিম্পিক প্ৰতিযোগিতাত ছেমি ফাইনেলত উপনীত হৈছিল কিন্তু ছেমিফাইনেলত আৰ্জেণ্টিনাৰ হাতত২ আৰু তাৰ পাছত ব্ৰঞ্জৰ পদকৰ খেলত গ্ৰেট ব্ৰিটেইনৰ হাতত৩ পৰাস্ত হোৱাৰ ফলত চতুৰ্থ স্থান লাভ কৰি কোনো পদক অৰ্জন কৰাত ব্যৰ্থ হয়।

প্ৰদৰ্শনৰ ইতিহাস

ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা ফিল্ড হকী দলটোৰ প্ৰথম সফল প্ৰদৰ্শন আছিল ১৯৭৪ চনত মাণ্ডেলিউত অনুষ্ঠিত মহিলা হকী বিশ্বকাপত, য'ত তেওঁলোকে চতুৰ্থ স্থান লাভ কৰিছিল। অলিম্পিকত তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল ১৯৮০ চনৰ মস্কো গ্ৰীষ্মকালীন অলিম্পিকত যেতিয়া অলিম্পিকৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মহিলাৰ হকী প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল, তাত তেওঁলোক চতুৰ্থ স্থানত আহিছিল। দলটোৱে ১৯৮২ চনত নতুন দিল্লীত অনুষ্ঠিত প্ৰথম এছিয়ান গেমছত ফাইনেলত কোৰিয়াক পৰাস্ত কৰি স্বৰ্ণ পদক লাভ কৰে।

২০০২ চনৰ কমনৱেলথ গেমছ,৪ ২০০৩ চনৰ আফ্ৰো-এছিয়ান গেমছ আৰু ২০০৪ চনৰ মহিলা হকী এছিয়া কাপৰ সময়ত কেপ্টেইন সুৰজ লতা দেৱীয়ে দলটোক একেৰাহে তিনি বছৰৰ বাবে স্বৰ্ণ পদক লাভ কৰাত সফল কৰিছিল। ২০০৪ চনৰ জয়ৰ পিছত দলৰ সদস্যসকলক "আচি (জছজিৎ) জৈচি কোই নেঁহি" বা "হকীৰ সোণালী ছোৱালী" বুলি কোৱা হৈছিল।৫ ২০০২ চনৰ কমনৱেলথ গেমছত দলটোৱে কেপ্টেইন সুৰজ লতা দেৱীৰ নেতৃত্বত অংশগ্ৰহণ কৰিছিল। দলটোৱে নিউজিলেণ্ডক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল৬ আৰু ইংলেণ্ডক পৰাস্ত কৰি স্বৰ্ণ পদক জয় কৰিছিল।৪৭৮ এই পৰিঘটনাটোৱে ২০০৭ চনত মহিলাৰ ফিল্ড হকীক লৈ নিৰ্মিত বলিউডৰ 'চক দে! ইণ্ডিয়া' চলচ্চিত্ৰখনৰ অনুপ্ৰেৰণা হিচাপে কাম কৰিছিল।৯

দলটোৱে ২০১৩ চনত কুৱালালামপুৰত অনুষ্ঠিত মহিলা হকী এছিয়া কাপত চীনক শ্বুটআউটত পৰাস্ত কৰি তৃতীয় স্থান অৰ্জন কৰিছিল।১০ ২০১৪ চনৰ কমনৱেলথ গেমছত দলটোৱে পঞ্চম স্থানত থাকে; ২০১৪ চনৰে ইন্সিয়ন এছিয়ান গেমছত জাপানক এক কঠিন প্ৰতিদ্বন্দ্বিতাৰ খেলত ২-১ গ'লত পৰাস্ত কৰি এছিয়ান গেমছত তেওঁলোকৰ তৃতীয় ব্ৰঞ্জৰ পদক অৰ্জন কৰে।১১ ২০১৫ চনৰ গ্ৰীষ্মকালত দলটোৱে ২০১৪-১৫ মহিলা এফ আই এইচ হকী ৱৰ্ল্ড লীগৰ ৰাউণ্ড ২ আয়োজন কৰে আৰু শীৰ্ষস্থান দখল কৰি পৰৱৰ্তী পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰে। এণ্টৱাৰ্পত অনুষ্ঠিত ৱৰ্ল্ড লীগ ছেমিফাইনেলত দলটোৱে শ্ৰেণীবিভাজন খেলত উচ্চ স্থানত থকা জাপানক পৰাস্ত কৰি পঞ্চম স্থান লাভ কৰে।১২ ভাৰতীয় মহিলাৰ ৰাষ্ট্ৰীয় ফিল্ড হকী দলে ১৯৮০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ পিছত প্ৰথমবাৰৰ বাবে ২০১৬ গ্ৰীষ্মকালীন অলিম্পিকৰ১৩১৪ বাবে যোগ্যতা অৰ্জন কৰে।১৩১৫ তেওঁলোক গ্ৰুপ পৰ্যায়ত বাহিৰ হৈ ৬ষ্ঠ স্থান লাভ কৰিছিল।

২০২১ চনত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন অলিম্পিকত ৰাণী ৰামপালৰ নেতৃত্বত ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা ফিল্ড হকী দলে ১৯৮০ চনৰ পাছত প্ৰথমবাৰ বাবে ছেমিফাইনেলত প্ৰৱেশ কৰে। পিছে ছেমিফাইনেলত আৰ্জেণ্টিনাৰ হাতত ২-১ ব্যৱধানত আৰু ব্ৰঞ্জৰ পদকৰ খেলত ২০১৬ ৰ বিজয়ী গ্ৰট ব্ৰিটেইনৰ হাতত ৪-৩ ব্যৱধানত পৰাস্ত হৈ চতুৰ্থ স্থান লাভ কৰে। ১৯৮০ চনৰ পাছত অলিম্পিকত মহিলা দলটোৰ আছিল সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন।

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Tokyo Olympics 2021 Live: India vs Australia women's hockey quarterfinal underway. The Times of India
  2. ↑ Livemint. (2021-08-04). Tokyo Olympics: India women lose hockey semi-final 1-2 to Argentina. mint
  3. ↑ Aug 2021, Times Now · 06; Ist, 09:18 Am. Tokyo Olympics 2020: Indian women's hockey team lose 3-4 to Great Britain in Bronze-medal match. The Economic Times
  4. ↑ (2002). 2002 Manchester: The XVII Commonwealth Games. 2002 Manchester: The XVII Commonwealth Games
  5. ↑ Pandey, Vineeta. (15 February 2004). Indian Sportswomen: Still the Second Sex. The Times of India
  6. ↑ (1 August 2002). Indian women stun Kiwis. BBC
  7. ↑ (3 August 2002). India deny England gold. BBC
  8. ↑ (3 August 2002). Indian eves win Commonwealth hockey gold. Rediff.com
  9. ↑ Zanane, Anant; Das, Suprita. (13 March 2008). Women's hockey hopes to deliver. Sports. NDTV
  10. ↑ (27 September 2013). India clinches bronze in Asia Cup hockey. The Hindu
  11. ↑ Press Trust of India. (1 October 2014). Indian women's hockey team wins Asiad bronze. Times of India
  12. ↑ Press Trust of India. (6 July 2015). On the verge of Olympic qualification, Indian women's hockey team arrive to grand welcome. Firstpost
  13. ↑ (29 August 2015). Chak De Moment For India. India Today
  14. ↑ Bhagvatula, Shrikant. (29 August 2015). Chak De: Indian women's hockey team qualifies for Rio Olympics. Hindustan Times
  15. ↑ Bose, Adrija. (29 August 2015). India Women's Hockey Team Bags Historic 2016 Rio Olympic Berth After 36 Years. Huffington Post India

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা ফিল্ড হকী দল” প্ৰবন্ধৰ সংশোধন ৩৮২৩৭৫ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।