অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

পশমিনা

পশমিনা (Pashmina) হৈছে কাশ্মীৰী ঊলৰ পৰা প্ৰস্তুত কৰা একপ্ৰকাৰৰ গাত লোৱা গৰম-চাদৰ। সৰ্ব প্ৰথমে ভাৰতৰ কাশ্মীৰত এই কাপোৰ তৈয়াৰ কৰা হৈছিল। পশমিনা শব্দটো ফৰাচী শব্দ পাচমিনাৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ ঊলৰ পৰা প্ৰস্তুত কৰা। কাশ্মীৰী জাতৰ পাহাৰীয়া ছাগলীৰ পৰা এই ঊল সংগ্ৰহ কৰা হয়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩৪৭ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

পশমিনা (Pashmina) হৈছে কাশ্মীৰী ঊলৰ পৰা প্ৰস্তুত কৰা একপ্ৰকাৰৰ গাত লোৱা গৰম-চাদৰ। সৰ্ব প্ৰথমে ভাৰতৰ কাশ্মীৰত এই কাপোৰ তৈয়াৰ কৰা হৈছিল।১২ পশমিনা শব্দটো ফৰাচী শব্দ পাচমিনাৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ ঊলৰ পৰা প্ৰস্তুত কৰা।২ কাশ্মীৰী ভাষাত পশমিনাৰ অৰ্থ কোমল সোণ।৩ কাশ্মীৰী জাতৰ পাহাৰীয়া ছাগলীৰ পৰা এই ঊল সংগ্ৰহ কৰা হয়। এই জাতৰ ছাগলীৰ বিভিন্ন প্ৰজাতি আছে। কাশ্মীৰ অঞ্চলৰ চেংথাং মালভূমিৰ চেংথাই ছাগলী, কাৰ্গিল এলেকাৰ মাৰলা, উত্তৰ ভাৰতৰ হিমাচল প্ৰদেশৰ চেংগু ছাগলী আৰু নেপালৰ ছায়াংগাৰা ছাগলীৰ পৰা পশমিনা ঊল সংগ্ৰহ কৰা হয়। কাশ্মীৰ আৰু নেপালত হস্তচালিত তাঁতত পশমিনা চাদৰ তৈয়াৰ কৰা হয়।১৪

ইতিহাস

]]

হিমালয় অঞ্চলত হাতেৰে তৈয়াৰ কৰা ছাগলীৰ ঊলেৰে তৈয়াৰ কৰা চাদৰক পশম বা পশমিনা নামে জনাজাত। তৃতীয় খ্ৰীষ্টপূৰ্ব আৰু ১১ শতিকাৰ লিখিত আফগান গ্ৰন্থত কাশ্মীৰী ঊলৰ চাদৰ তৈয়াৰ কৰাৰ কথা উল্লেখ আছে। সেয়ে ১৫ শতিকাত কাশ্মীৰী শাসক জয়নুল আবিদিনে ঐতিহাসিক পশমিনা শিল্পৰ ভিত্তি স্থাপন কৰে। তেওঁ মধ্য এছিয়াৰ পৰা তাঁতীসকলক লৈ আনিছিল। এতিয়াও তেওঁৰ মাজাৰত এই চাদৰ নিৰ্মাণ কৰা শিল্পীসকলে শ্ৰদ্ধা নিবেদন কৰে।৫৬

প্ৰায় হাজাৰ বছৰ ধৰি নেপাল আৰু কাশ্মীৰত কাশ্মীৰী চাদৰৰ নিৰ্মাণ কাৰ্য চলি আছে। পাহাৰীয়া ছাগলীৰ পৰা পশমিনা আৰু কাশ্মীৰী ঊল সংগ্ৰহ কৰা হয়। পশমিনা সূতা কাশ্মীৰী সূতাতকৈ মিহি৭ সেয়ে পশমিনাৰ পৰা খুব পাতল পোচাক তৈয়াৰ কৰা সম্ভৱ।

পশমিনা কাপোৰৰ জাপ
পশমিনা কাপোৰৰ জাপছবি: CC BY-SA 2.5

উৎপাদন

পশমিনা ছাগলীক স্থানীয় কাশ্মীৰী ভাষাত চেংথাই বোলা হয়। শীতকালৰ শেষৰ ফালে অৰ্থাৎ বসন্তৰ পৰা পশম সংগ্ৰহ কৰা হয়। যাতে গ্ৰীষ্মকালত ছাগলীবিলাক খালি চামৰাৰে বাচি থাকিব পাৰে। এটা ছাগলীৰ পৰা আনুমানিক ৮০-১৭০ গ্ৰাম ঊল পোৱা যায়। শীতত পুনৰাই ইহঁতৰ শৰীৰত পশম গজে। ছাগলীৰ নোমবোৰ নাকাটি ফণীয়াই সংগ্ৰহ কৰা হয়। পশমিনা ছাগলীয়ে কেৱল ঘাঁহেই নহয়, ঘাঁহৰ শিপা পৰ্যন্ত খাব পাৰে। লাডাখ অঞ্চলত চেংপা নামৰ এক সম্প্ৰদায়ে ঐতিহ্যবাহী পাৰম্পাৰিক পশমিনা ঊল প্ৰস্তুত কৰে। তেওঁলোক নোমাডিক জনগোষ্ঠীৰ লোক আৰু কাশ্মীৰৰ চেংথং মালভূমিত বসবাস কৰে। এই মালভূমি সমুদ্ৰ পৃষ্ঠৰ পৰা ১৩,৫০০ ফুট উচ্চতাত অৱস্থিত। শীতকালত এই অঞ্চলৰ তাপমাত্ৰা -৪০ ডিগ্ৰী চেলচিয়াছ তললৈ নামি যায়। চেংপা জনগোষ্ঠী এই উচ্চতাত বসবাস কৰে আৰু মাংসৰ বাবে ভেড়া আৰু ঊণৰ বাবে পশমিনা ছাগলী পালন কৰে।

ৰপ্তানি

পশমিনা ইয়াৰ কোমল কাপোৰ আৰু গৰমৰ বাবে পৃথিৱী বিখ্যাত। লাডাখৰ পৰা ৰপ্তানি হোৱা পশমিনাৰ সঠিক হিচাপ উলিওৱা বৰ কষ্টসাধ্য কাৰণ প্ৰতিবছৰ পাৰ্শ্ববৰ্তী দেশসমূহলৈ পশমিনা বিভিন্ন ধৰণে ৰপ্তানি কৰা হয়।৮

পশমিনা চাদৰ
পশমিনা চাদৰছবি: Sogenannte Pashmina-Schals/ Scarf: Gewebe aus 70% Kaschmirwolle/ Cashmere and 30 · Copyrighted free use

ভৌগোলিক অস্তিত্ব

পশমিনায়ে ভাৰতৰ ভৌগোলিক অস্তিত্বৰ ইংগিত দিয়ে। সেয়ে ২০০৬ চনত ভাৰত চৰকাৰে পশমিনাক ভৌগোলিক সূচকৰ মৰ্যাদা দিয়ে।

তথ্যসূত্ৰ

  1. ↑ Franck, Robert R. (October 2001). Silk, Mohair, Cashmere and Other Luxury Fibres. Woodhead Publishing. পৃ. 142. ISBN 1-85573-540-7
  2. ↑ "Pashmina." The Oxford English Dictionary. 2nd ed. 1989
  3. ↑ Shakyawar, D B; Raja, A S M; Ajay, Kumar. Pashmina Fibre - Production, Characteristics and Utilization. Indian Journal of Fibre and Textile Research
  4. ↑ Morse, Linda; Lidia Karabinech; Lina Perl. (October 2005). Luxury Knitting: The Ultimate Guide to Exquisite Yarns. Sterling Publishing. পৃ. 12. ISBN 1-931543-86-0
  5. ↑ Encyclopædia Britannica (2008). kashmir shawl
  6. ↑ Pashmina Shawls: Kashmiri. Kashmir.net
  7. ↑ Pashmina Technical Data - Department of Animal Husbandary, Government of Jammu and Kashmir
  8. ↑ Prem Singh Jina. (1996). Ladakh: The Land and the People. Indus Publishing. পৃ. 258–. ISBN 978-81-7387-057-6

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ভৌগোলিক স্বীকৃতিবয়ন শিল্প

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পশমিনা” প্ৰবন্ধৰ সংশোধন ৩৮১৬৯১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।