বিত্ত বা ফাইনেন্স (Finance) মানে ধনৰ ব্যৱস্থাপনা, গতি-বিধি, বিনিয়োগ আৰু সংগ্ৰহ।১ বিত্ত বা ফাইনেন্স (Finance) শব্দটোৱে এইবোৰ অধ্যয়ন কৰা একাডেমিক শাখাকো বুজায়। আৰ্থিক কাৰ্যকলাপৰ পৰিসৰৰ ওপৰত ভিত্তি কৰি, এই শাখাটো ব্যক্তিগত বিত্ত, কৰ্পোৰেট ফাইনেন্স আৰু ৰাজহুৱা বিত্ত এই তিনিটা প্ৰধান শাখাত বিভক্ত কৰা যায়। ২৩
বিত্তীয় ব্যৱস্থা (Financial System) ত সম্পদ (assets) মুদ্ৰা (currencies), ঋণ (loans), বণ্ড (bonds), শ্বেয়াৰ (shares), ষ্টক (stocks), অপচন (options), ফিউচাৰ (futures), স্বাপ (swaps) আদি ৰূপত ক্ৰয়-বিক্ৰয় বা বাণিজ্য কৰা হয়। সম্পদ বেংকত জমা, বিনিয়োগ আৰু বীমা কৰা যায় যাতে মূল্য বৃদ্ধি আৰু ক্ষতি হ্ৰাস হয়। প্ৰকৃততে, যিকোনো আৰ্থিক কাৰ্যত 'ৰিস্ক' বা বিপদাশংকা (risks) সদায় উপস্থিত থাকে। বিত্তীয় বজাৰ (Financial Market) আৰু প্ৰতিষ্ঠানসমূহে এই প্ৰণালীক মজপুত কৰে
সংজ্ঞা
তলত উল্লেখ কৰা লেখকসকলৰদ্বাৰা প্ৰদান কৰা বিত্তৰ সংজ্ঞাসমূহ আগবঢ়োৱা হ’ল
- ইউজিন ফামা (Eugene Fama) আৰু মেৰিলে মিলাৰ (Merle Miller) মতে
বিত্ত বা ফাইনেন্স (Finance) ৰ তত্ত্ব হৈছে ব্যক্তিগত আৰু কোম্পানীয়ে সময়ৰ ভিতৰত সম্পদ কেনেকৈ বণ্টন কৰে তাৰ অধ্যয়ন। বিশেষকৈ, এই তত্ত্বই বুজাবলৈ চেষ্টা কৰে যে সময়ৰ ভিতৰত সম্পদ বণ্টনৰ সমস্যাৰ সমাধান মূলধন বজাৰ আৰু কোম্পানীৰ অস্তিত্বৰদ্বাৰা সহজ হয়। মূলধন বজাৰে ব্যক্তিগত অৰ্থনৈতিক এজেণ্টসকলক বিভিন্ন সময়ত উপলব্ধ সম্পদ বিনিময় কৰিবলৈ সহায় কৰে, আৰু কোম্পানীয়ে উৎপাদন-বিনিয়োগ সিদ্ধান্তৰ জৰিয়তে বৰ্তমানৰ সম্পদক ভৱিষ্যতৰ সম্পদত ৰূপান্তৰ কৰিবলৈ সহায় কৰে।৪
- বিত্তীয় বিশেষজ্ঞ হেৰী জি. গুথমেন (Harry G. Guthmann) আৰু হাৰ্বাট ই. ডুগল (Herbert E. Dougall)ৰ মতে —
বিত্ত বা ফাইনেন্স (Finance) হৈছে ধনৰ সংগ্ৰহ আৰু ব্যৱস্থাপনা, লগতে একপক্ষত ব্যক্তিগত লাভ-অন্বেষণকাৰী উদ্যোগ আৰু আনপক্ষত ধন যোগান দিয়া গোটসমূহৰ মাজত থকা সম্পৰ্কৰ অধ্যয়ন। এই গোটসমূহত বিনিয়োগকাৰী আৰু অনুমানকাৰী — অৰ্থাৎ, মূলধনী বা সম্পদ-মালিক — লগতে স্বল্প-মেয়াদী মূলধন আগবঢ়োৱা লোকসমূহ অন্তৰ্ভুক্ত। তেওঁলোকে নিজৰ ধন বাণিজ্য আৰু উদ্যোগৰ ক্ষেত্ৰত লগায় আৰু তাৰ বিপৰীতে আয়ৰ এক ধাৰা আশা কৰে।৫
- বিত্তীয় বিশেষজ্ঞ আৰু লেখক পামেলা পিটাৰচন ড্ৰেক (Pamela Peterson Drake) আৰু ফ্ৰেংক জে. ফেবোজী (Frank J. Fabozzi)ৰ মতে —
বিত্ত বা ফাইনেন্স (Finance)হৈছে অৰ্থনৈতিক নীতি-নিয়মৰ প্ৰয়োগ, য'ত অনিশ্চয়তাৰ পৰিস্থিতিত ধনৰ আবণ্টন (Allocation of money) সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণ কৰা হয়।৬
- লণ্ডন স্কুল অব ইক’নমিক্সৰ অৰ্থনীতিবিদ এফ. ডব্লিউ. পেইশ (F. W. Paish)ৰ মতে — প্ৰয়োজন হোৱাৰ সময়ত ধনৰ উপলব্ধতাক বিত্ত বুলি সংজ্ঞাবদ্ধ কৰিব পাৰি।৭
- বিত্তীয় বিশেষজ্ঞ আৰু অধ্যাপক জন জে. হেম্পটন (John J. Hampton)-এ তেওঁৰ গ্ৰন্থ Financial Decision Making-ত বিত্তৰ এক সৰল, ব্যাপক আৰু সাংগঠনিক সংজ্ঞা আগবঢ়াইছে।
"বিত্ত শব্দটোক এটা সংগঠনৰ মাজেৰে হোৱা ধনৰ প্ৰৱাহৰ পৰিচালনা বুলি সংজ্ঞাবদ্ধ কৰিব পাৰি, লাগিলে সেয়া কোনো নিগম (কৰ্পোৰেচন), বিদ্যালয়, বেংক বা চৰকাৰী সংস্থাই নহওক কিয়।" ৮
- বিত্তীয় বিশেষজ্ঞ বায়ন বি. হাৱাৰ্ড (Bion B. Howard) আৰু মিল্লাৰ আপটন (Miller Upton)-এ তেওঁলোকৰ যুটীয়া গ্ৰন্থ Introduction to Business Finance-ত বিত্তৰ এক প্ৰণালীবদ্ধ আৰু লক্ষ্য-ভিত্তিক সংজ্ঞা আগবঢ়াইছে।
"বিত্তক এটা সংগঠনৰ এনে এটা প্ৰশাসনিক ক্ষেত্ৰ বা প্ৰশাসনিক কাৰ্যাৱলীৰ সমষ্টি বুলি সংজ্ঞাবদ্ধ কৰিব পাৰি, যিটো প্ৰতিটো ঋণ (debt) আৰু ক্ৰেডিট (credit)ৰ ব্যৱস্থাপনাৰ সৈতে জড়িত, যাতে সংগঠনটোৱে নিজৰ লক্ষ্যসমূহ যিমান সম্ভৱ সন্তোষজনকভাৱে পূৰণ কৰিবলৈ আৱশ্যকীয় উপায় বা মাধ্যমসমূহ লাভ কৰিব পাৰে।" ৯
বিত্তীয় ব্যৱস্থা
বিত্তীয় ব্যৱস্থাটোৱে (Financial system) ব্যক্তি আৰু পৰিয়াল (ব্যক্তিগত বিত্ত), চৰকাৰ (ৰাজহুৱা বিত্ত), আৰু ব্যৱসায়-প্ৰতিষ্ঠানসমূহৰ (কৰ্পোৰেট ফাইনেন্স) মাজত হোৱা মূলধনৰ প্ৰৱাহক পৰিচালনা কৰে। সহজ ভাষাত ক'বলৈ গ'লে, বিত্ত হ'ল ধন ৰাহি কৰা লোক আৰু বিনিয়োগকাৰীসকলৰপৰা ধনৰ প্ৰয়োজন হোৱা সংস্থাসমূহলৈ ধনৰ আদান-প্ৰদান কৰাৰ প্ৰক্ৰিয়া। ইয়াৰ ফলত সমাজত উৎপাদন আৰু ব্যৱহাৰ প্ৰক্ৰিয়াটো সময় আৰু দূৰত্বৰ হেঙাৰ নেওচি স্বতন্ত্ৰভাৱে চলিব পাৰে।
গতিকে, বিত্তীয় ব্যৱস্থাই সমাজত উৎপাদন আৰু ব্যৱহাৰ প্ৰক্ৰিয়াটোক এটা আনটোৰপৰা স্বতন্ত্ৰভাৱে চলিবলৈ অনুমতি দিয়ে। বিত্তীয় আবণ্টনৰ ব্যৱহাৰ নোহোৱাকৈ, উৎপাদন আৰু ব্যৱহাৰ একে সময়তে আৰু একে স্থানতে হ’ব লাগিলেহেঁতেন। বিত্তৰ জৰিয়তেহে উৎপাদন আৰু ব্যৱহাৰৰ মাজত সময় আৰু স্থানৰ দূৰত্ব সম্ভৱ হৈ উঠিছে।১০
সঞ্চয়কাৰী আৰু বিনিয়োগকাৰীৰ ওচৰত ধন থাকে, যি উৎপাদনশীল ব্যৱহাৰত লগালে সুদ বা লভ্যাংশ আয় কৰিব পাৰে। ব্যক্তিগত, কোম্পানী আৰু চৰকাৰে নিজৰ কাৰ্যকলাপ চলাবলৈ পৰ্যাপ্ত ধন নথকা অৱস্থাত ঋণ বা ঋণসুবিধাৰ দৰে বহিৰাগত উৎসৰপৰা ধন সংগ্ৰহ কৰিব লাগে।
বিত্তৰ ক্ষেত্ৰ
আগে উল্লেখ কৰা অনুসৰি, বিত্তক মূলতঃ তিনিটা ভাগত ভগাব পাৰি: ব্যক্তিগত বিত্ত (personal finance), কৰ্পোৰেট ফাইনেন্স (corporate finance), আৰু ৰাজহুৱা বিত্ত (public finance)। এই ক্ষেত্ৰসমূহৰ এটাৰ লগত আনটোৰ ওতপ্ৰোত সম্পৰ্ক থাকে আৰু ইয়াত বিভিন্ন কাৰ্যকলাপ তথা উপ-শাখা ব্যৱহাৰ কৰা হয়—যাৰ ভিতৰত প্ৰধান হৈছে বিনিয়োগ (investments), 'ৰিস্ক' বা বিপদাশংকা পৰিচালনা (risk management), আৰু পৰিমাণগত বিত্ত (quantitative finance)।
ব্যক্তিগত বিত্ত
ব্যক্তিগত বিত্তই (Personal finance) হ’ল বাজেট প্ৰস্তুত কৰাৰ এক নিয়মীয়া অভ্যাস, যাৰ উদ্দেশ্য হৈছে মৌলিক প্ৰয়োজনসমূহ পূৰণ কৰিবলৈ পৰ্যাপ্ত ধন মজুত থকাটো নিশ্চিত কৰা আৰু একে সময়তে হাতত থকা মূলধন হেৰুৱাৰ আশংকা এক যুক্তিসংগত স্তৰত ৰখা। ব্যক্তিগত বিত্তৰ ভিতৰত শিক্ষাৰ খৰচ যোগান ধৰা, স্থায়ী সামগ্ৰী যেনে স্থাৱৰ সম্পত্তি (real estate) আৰু গাড়ীৰ বাবে ঋণ লোৱা, বীমা (insurance) ক্ৰয় কৰা, বিনিয়োগ কৰা, আৰু অৱসৰকালীন (retirement) সময়ৰ বাবে সঞ্চয় কৰা আদি কাৰ্য অন্তৰ্ভুক্ত হ’ব পাৰে।১১
ব্যক্তিগত বিত্তৰ ভিতৰত ঋণ বা অন্যান্য ধাৰ পৰিশোধ কৰা কাৰ্যও অন্তৰ্ভুক্ত হ’ব পাৰে। ব্যক্তিগত বিত্তৰ প্ৰধান ক্ষেত্ৰসমূহ হৈছে— উপাৰ্জন (income), ব্যয় (spending), সঞ্চয় (saving), বিনিয়োগ (investing), আৰু সুৰক্ষা (protection)। ফাইনেন্সিয়েল প্লেনিং ষ্টেণ্ডাৰ্ডছ ব’ৰ্ড (Financial Planning Standards Board)-এ উল্লেখ কৰা অনুসৰি, এজন ব্যক্তিয়ে এটা সুৰক্ষিত ব্যক্তিগত বিত্তীয় পৰিকল্পনা তলত দিয়া পদক্ষেপসমূহ বুজি উঠাৰ পিছতহে লাভ কৰিব পাৰিব-
- অপ্ৰত্যাশিত ব্যক্তিগত ঘটনাসমূহৰ বিপৰীতে সুৰক্ষা নিশ্চিত কৰিবলৈ বীমা (Insurance) ক্ৰয় কৰা;
- ব্যক্তিগত বিত্ত পৰিচালনাত কৰ নীতি (Tax policies), ৰাজসাহায্য (Subsidies), বা জৰিমনা (Penalties)ৰ প্ৰভাৱসমূহ বুজি পোৱা;
- ব্যক্তিগত বিত্তীয় স্থিতিৰ ওপৰত ক্ৰেডিট বা ধাৰ লোৱাৰ ক্ষমতাৰ (Credit) প্ৰভাৱ বুজি পোৱা;
- ডাঙৰ ক্ৰয় (গাড়ী, শিক্ষা, ঘৰ)ৰ বাবে এটা সঞ্চয় আঁচনি প্ৰস্তুত কৰা বা পুঁজিৰ যোগান ধৰা;
- অৰ্থনৈতিক অস্থিৰতাৰ পৰিৱেশৰ মাজতো এটা সুৰক্ষিত বিত্তীয় ভৱিষ্যতৰ পৰিকল্পনা কৰা;
- চেকিং (Checking) বা সঞ্চয় (Savings) একাউণ্ট খোলাৰ দিশত অগ্ৰসৰ হোৱা;
- অৱসৰকালীন (Retirement) সময় বা অন্যান্য দীৰ্ঘম্যাদী খৰচৰ বাবে প্ৰস্তুতি চলোৱা।১২
কৰ্পোৰেট ফাইনেন্স
কৰ্পোৰেট ফাইনেন্সই (Corporate finance) শ্বেয়াৰহোল্ডাৰসকলৰ বাবে কোম্পানী বা প্ৰতিষ্ঠানটোৰ মূল্য বৃদ্ধি কৰিবলৈ পৰিচালকসকলে গ্ৰহণ কৰা পদক্ষেপ, কৰ্পোৰেচনসমূহৰ পুঁজিৰ উৎস তথা মূলধনৰ গাঁথনি (capital structure), আৰু বিত্তীয় সম্পদসমূহ আবণ্টন কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলি আৰু বিশ্লেষণৰ সৈতে কাম কৰে। নীতিগতভাৱে কৰ্পোৰেট ফাইনেন্স ‘মেনেজেৰিয়েল ফাইনেন্স ’ (managerial finance)-ৰপৰা পৃথক, কিয়নো মেনেজেৰিয়েল ফাইনেন্স কেৱল কৰ্পোৰেচনসমূহৰে নহয়, বৰঞ্চ সকলো ধৰণৰ প্ৰতিষ্ঠানৰ বিত্তীয় পৰিচালনাৰ (financial management) অধ্যয়ন কৰে। অৱশ্যে, ইয়াৰ ধাৰণাসমূহ সকলো ব্যাৱসায়িক প্ৰতিষ্ঠানৰ বিত্তীয় সমস্যাৰ ক্ষেত্ৰতে প্ৰযোজ্য হয় আৰু সেয়েহে এই ক্ষেত্ৰখনক প্ৰায়ে "ব্যাৱসায়িক বিত্ত" (business finance) বুলিও কোৱা হয়।১৩
সাধাৰণতে, "কৰ্পোৰেট ফাইনেন্স" (corporate finance) প্ৰতিষ্ঠানটোৰ সম্পত্তিৰ মূল্য (enterprise value), ইয়াৰ ষ্টক বা শ্বেয়াৰৰ মূল্য, আৰু শ্বেয়াৰহোল্ডাৰসকললৈ ঘূৰি অহা লাভৰ পৰিমাণ (return on equity) সৰ্বাধিক কৰাৰ ‘দীৰ্ঘম্যাদী’ উদ্দেশ্যৰ সৈতে জড়িত। ইয়াৰ সৈতে বিত্তীয় আশংকা বা লোকচানৰ সম্ভাৱনা আৰু লাভৰ মাজত এক ভৰসাম্য ৰক্ষা কৰাটোও অন্তৰ্ভুক্ত (balancing risk and profitability)। ইয়াৰ বাবে মূলতঃ তিনিটা প্ৰধান ক্ষেত্ৰৰ প্ৰয়োজন হয়:১৪
তিনিটা প্ৰধান ক্ষেত্ৰ:
১/ মূলধন বাজেটকৰণ (Capital budgeting): কোনবোৰ প্ৰকল্পত বিনিয়োগ কৰিব লাগে তাক নিৰ্বাচন কৰা—এই ক্ষেত্ৰত, প্ৰকল্প বা সম্পত্তিৰ মূল্য সঠিকভাৱে নিৰ্ধাৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ, কিয়নো সম্পত্তিৰ মূল্যৰ সন্দৰ্ভত কৰা ভুল বা শুদ্ধ বিচাৰে এটা প্ৰতিষ্ঠানক গঢ়ি তুলিব বা সম্পূৰ্ণৰূপে ধ্বংস কৰিব ("make or break") পাৰে।১৫
২/ লভ্যাংশ নীতি (Dividend policy): "অতিৰিক্ত" বা ওপৰঞ্চি ধনৰ ব্যৱহাৰ—এই ধনখিনি ব্যৱসায়ত পুনৰ বিনিয়োগ কৰিব লাগে নে শ্বেয়াৰহোল্ডাৰসকলক ঘূৰাই দিব লাগে (লভ্যাংশ হিচাপে), তাক ইয়াৰ অধীনত ঠিক কৰা হয়।
৩/ মূলধনৰ গাঁথনি (Capital structure): ব্যৱহাৰ কৰিবলগীয়া পুঁজিৰ সংমিশ্ৰণ কেনেকুৱা হ’ব সেই বিষয়ে সিদ্ধান্ত লোৱা—ইয়াত ঋণৰ দায়বদ্ধতা (debt commitments) বনাম মূলধনৰ খৰচ (cost of capital)ৰ মাজত এক সৰ্বোত্তম মূলধন সংমিশ্ৰণ (optimal capital mix) বিচাৰি উলিয়াবলৈ চেষ্টা কৰা হয়। (ই মূলতঃ নিৰ্ভৰ কৰে বিনিয়োগকাৰীসকলক সন্তুষ্ট কৰিবলৈ প্ৰতিষ্ঠানটোৱে কিমান লাভ বা ৰিটাৰ্ণ (return on equity) উৎপাদন কৰিব লাগিব তাক বুজি পোৱা, আৰু ‘ৱেইটেড এভাৰেজ কষ্ট অৱ কেপিটেল’ (WACC) বা মূলধনৰ ভাৰযুক্ত গড় খৰচ সৰ্বনিম্ন কৰাৰ ওপৰত, যাতে কোম্পানীটোৰ সামগ্ৰিক মূল্য বৃদ্ধি পায়। )
ৰাজহুৱা বিত্ত
ৰাজহুৱা বিত্ত (Public finance) হৈছে স্বাধীন ৰাষ্ট্ৰ, উপ-ৰাষ্ট্ৰীয় সংস্থা, আৰু সংশ্লিষ্ট ৰাজহুৱা সংস্থা বা গোটৰ সৈতে সম্পৰ্কিত বিত্তৰ ব্যৱস্থাপনা। সাধাৰণতে ইয়াত ৰাজহুৱা সংস্থাসমূহক প্ৰভাবিত কৰা বিনিয়োগ সিদ্ধান্তৰ ক্ষেত্ৰত দীঘলীয়া কৌশলগত দৃষ্টিভংগী অন্তৰ্ভুক্ত থাকে।১৬
এই দীঘলীয়া কৌশলগত সময়সীমাসমূহ সাধাৰণতে পাঁচ বছৰৰ বা তাতকৈ অধিক সময় অন্তৰ্ভুক্ত কৰে।১৭
ৰাজহুৱা বিত্ত (Public finance) মূলতঃ তলত উল্লেখ কৰা বিষয়সমূহৰ সৈতে জড়িত:
- এটা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান বা চৰকাৰৰ বাবে প্ৰয়োজনীয় খণ্ডসমূহৰ ব্যয় (required expenditures) চিনাক্তকৰণ;
- উক্ত প্ৰতিষ্ঠান বা চৰকাৰৰ ৰাজহ বা উপাৰ্জনৰ উৎস (entity's revenue) — কৰ (tax) আৰু কৰ-বিহীন (non-tax) দুয়োটা উৎসৰ পৰা;
- বাজেট প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া (budgeting process); ৰাজহুৱা নিৰ্মাণ কাৰ্য বা উন্নয়নমূলক প্ৰকল্পৰ বাবে সাৰ্বভৌম ঋণ পত্ৰ (Sovereign debt/Government bond) বা পৌৰসভাৰ বণ্ড (municipal bonds) জাৰি কৰা।
কেন্দ্ৰীয় বেংকসমূহ, যেনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘ফেডাৰেল ৰিজাৰ্ভ চিষ্টেম’ (Federal Reserve System), ইউৰোপীয় কেন্দ্ৰীয় বেংক (European Central Bank) আৰু 'সংযুক্ত ৰাজ্য'ৰ(United Kingdom) ‘বেংক অৱ ইংলেণ্ড’ (Bank of England), ৰাজহুৱা বিত্তৰ ক্ষেত্ৰত অতি শক্তিশালী অংশীদাৰ। ইহঁতে সংকটৰ সময়ত ‘চৰম পৰ্যায়ৰ ঋণদাতা’ (lender of last resort) হিচাপে কাম কৰাৰ লগতে অৰ্থনীতিৰ মুদ্ৰা আৰু ক্ৰেডিট বা ঋণৰ স্থিতিৰ ওপৰত এক শক্তিশালী প্ৰভাৱ বিস্তাৰ কৰে।১৮
বিনিয়োগ পৰিচালনা
বিনিয়োগ পৰিচালনা (Investment management) হ’ল বিভিন্ন ধৰণৰ বিত্তীয় প্ৰতিভূটি (securities) — যেনে সাধাৰণতে শ্বেয়াৰ আৰু বণ্ড, কিন্তু ইয়াৰ লগতে অন্যান্য সম্পত্তি যেনে স্থাৱৰ সম্পত্তি (real estate), বাণিজ্যিক সামগ্ৰী (commodities) আৰু বিকল্প বিনিয়োগসমূহৰ (alternative investments) এক বৃত্তিমূলক বা পেছাদাৰী সম্পত্তি পৰিচালনা প্ৰক্ৰিয়া, যাৰ উদ্দেশ্য হৈছে বিনিয়োগকাৰীসকলৰ লাভৰ বাবে তেওঁলোকৰ এক নিৰ্দিষ্ট বিনিয়োগৰ লক্ষ্যসমূহ পূৰণ কৰা।
ওপৰত উল্লেখ কৰা অনুসৰি, বিনিয়োগকাৰীসকল বিভিন্ন প্ৰতিষ্ঠান হ’ব পাৰে, যেনে— বীমা কোম্পানী, পেঞ্চন ফাণ্ড, কৰ্পোৰেচন বা ব্যাৱসায়িক প্ৰতিষ্ঠান, দাতব্য সংস্থা, শিক্ষানুষ্ঠান, অথবা ব্যক্তিগত বিনিয়োগকাৰী। তেওঁলোকে পোনপটীয়া বিনিয়োগ চুক্তিৰ জৰিয়তে বা অধিক জনপ্ৰিয়ভাৱে ক’বলৈ গ’লে মিউচুৱেল ফাণ্ড (mutual funds), এক্সচেঞ্জ-ট্ৰেডেড ফাণ্ড (exchange-traded funds/ETFs), বা ৰিয়েল ইষ্টেট ইনভেষ্টমেণ্ট ট্ৰাষ্ট (real estate investment trusts/REITs)ৰ দৰে সামূহিক বিনিয়োগ আঁচনিসমূহৰ জৰিয়তে মূলধন বিনিয়োগ কৰে।
বিনিয়োগ পৰিচালনাৰ (investment management) মূল কেন্দ্ৰবিন্দু হ’ল সম্পদ আবণ্টন (asset allocation)—অৰ্থাৎ গ্ৰাহকজনৰ বিনিয়োগ নীতিৰ (investment policy) সৈতে খাপ খুৱাই বিভিন্ন সম্পদৰ শ্ৰেণীসমূহ(asset classes)ৰ মাজত আৰু প্ৰতিটো শ্ৰেণীৰ অন্তৰ্গত সুকীয়া বিত্তীয় প্ৰতিভূটিসমূহৰ মাজত বিনিয়োগ বিভাজন বা বৈচিত্ৰ্যকৰণ (diversifying the exposure) কৰা। এই বিনিয়োগ নীতি গ্ৰাহকজনৰ 'ৰিস্ক' বা বিপদাশংকা গ্ৰহণৰ ক্ষমতা (risk profile), বিনিয়োগৰ লক্ষ্য আৰু বিনিয়োগৰ সময়সীমাৰ (investment horizon) ওপৰত নিৰ্ভৰ কৰে।
ইয়াত:পৰ্টফলিঅ’ অপ্টিমাইজেশ্যন (Portfolio optimization) হ’ল গ্ৰাহকজনৰ লক্ষ্য আৰু সীমাবদ্ধতাসমূহক লক্ষ্য ৰাখি সৰ্বোত্তম পৰ্টফলিঅ’টো বাছনি কৰাৰ এক প্ৰক্ৰিয়া।
মৌলিক বিশ্লেষণ (Fundamental analysis) হ’ল সাধাৰণতে সুকীয়া বিত্তীয় প্ৰতিভূটিসমূহৰ মূল্য নিৰ্ধাৰণ (valuation) আৰু মূল্যায়ন কৰিবলৈ ব্যৱহাৰ কৰা এক পদ্ধতি। কাৰিকৰী বিশ্লেষণ (Technical analysis) হ’ল অতীতৰ তথ্য বা ডেটাৰ সহায়ত ভৱিষ্যতৰ সম্পদৰ মূল্যৰ পূৰ্বানুমান কৰা এক ব্যৱস্থা।১৯
এটা সঠিকভাৱে বৈচিত্ৰ্যপূৰ্ণ (well-diversified) পৰ্টফলিঅ’ৰ ক্ষেত্ৰত, লাভ কৰা সামগ্ৰিক বিনিয়োগৰ প্ৰদৰ্শন (investment performance) মূলতঃ বাছনি কৰা সম্পদৰ সংমিশ্ৰণ বা অনুপাতৰ (asset mix) ওপৰতহে নিৰ্ভৰ কৰে; ইয়াৰ বিপৰীতে সুকীয়া বিত্তীয় প্ৰতিভূটি বা শ্বেয়াৰসমূহৰ প্ৰভাৱ ইয়াত কম থাকে। ইয়াৰ উপৰি, ব্যৱহাৰ কৰা নিৰ্দিষ্ট পদ্ধতি বা বিনিয়োগৰ দৰ্শনো গুৰুত্বপূৰ্ণ হৈ পৰে, যিটো শ্বেয়াৰ বজাৰৰ চক্ৰৰ (market cycle) সৈতে কিমানদূৰ খাপ খাই পৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰে।
ৰিস্ক পৰিচালনা বা বিপদাশংকা নিয়ন্ত্ৰণ
ৰিস্ক পৰিচালনা বা বিপদাশংকা নিয়ন্ত্ৰণ (Risk management) হ’ল সাধাৰণতে লোকচানৰ আশংকা কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে আৰু লাভৰ সম্ভাৱনাক কেনেকৈ সমতা ৰক্ষা কৰিব লাগে তাৰ এক নিয়মতান্ত্ৰিক অধ্যয়ন। ই প্ৰথমে আশংকা বা বিপদাশংকা জোখা বা মূল্যায়ন কৰা (measuring risk) আৰু তাৰ পিছত সেই আশংকাসমূহ পৰিচালনা কৰিবলৈ বিভিন্ন ৰণনীতি প্ৰস্তুত তথা কাৰ্যকৰী কৰাৰ এক গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া।২০ ২১
- বিত্তীয় বিপদাশংকা ব্যৱস্থাপনা (Financial Risk Management) হ’ল বিত্তীয় আহিলাসমূহ ব্যৱহাৰ কৰি সম্ভাৱ্য বিপদাশংকাৰ বিপৰীতে সুৰক্ষা (সাধাৰণতে "হেজিং" বা প্ৰতিৰোধমূলক ব্যৱস্থাৰ জৰিয়তে) প্ৰদান কৰি কৰ্পোৰেট বা প্ৰতিষ্ঠানিক মূল্য ৰক্ষা কৰাৰ এক ব্যাৱহাৰিক পদ্ধতি। ইয়াত বিশেষকৈ ক্ৰেডিট (ঋণ) আৰু বজাৰৰ বিপদাশংকাৰ ওপৰত গুৰুত্ব দিয়া হয়, আৰু বেংকসমূহৰ ক্ষেত্ৰত, নিয়ামক মূলধনৰ (regulatory capital) জৰিয়তে কাৰ্যক্ষম বা পৰিচালনগত বিপদাশংকাও (operational risk) ইয়াৰ অন্তৰ্ভুক্ত কৰা হয়।২২
- ঋণৰ বিপদাশংকা (Credit risk): ঋণগ্ৰহিতাই প্ৰয়োজনীয় পৰিশোধ কৰাত ব্যৰ্থ হোৱাৰ ফলত সৃষ্টি হ'ব পৰা ঋণ খেলাফীৰ আশংকা।
- বজাৰৰ বিপদাশংকা (Market risk): বজাৰৰ বিভিন্ন পৰিৱৰ্তনশীল কাৰক, যেনে— সামগ্ৰীৰ মূল্য আৰু মুদ্ৰা বিনিময় হাৰৰ (exchange rates) উঠা-নমাৰ ফলত হ'ব পৰা লোকচান।
- কাৰ্যক্ষমতাৰ বিপদাশংকা (Operational risk): প্ৰতিষ্ঠানটোৰ ভিতৰুৱা কাৰ্যপ্ৰণালী, কৰ্মচাৰী আৰু প্ৰণালীৰ (systems) বিফলতা, অথবা কোনো বাহ্যিক ঘটনাৰ ফলত হোৱা লোকচান (এইধৰণৰ বিপদাশংকাৰ বিপৰীতে প্ৰায়ে বীমা কৰা থাকে)২৩
পৰিমাণগত বিত্ত
পৰিমাণগত বিত্ত (Quantitative finance—যাক "গাণিতিক বিত্ত" বা "mathematical finance" বুলিও কোৱা হয়) বিত্তীয় কাৰ্যকলাপৰ সেইবোৰ দিশক সামৰি লয় য'ত এক জটিল বিত্তীয় গাণিতিক আৰ্হি বা মডেলৰ (sophisticated mathematical model) প্ৰয়োজন হয়। সেয়েহে ই ওপৰত উল্লেখ কৰা কেইবাটাও বিত্তীয় শাখাৰ সৈতে ওপৰা-উপৰি বা সন্মিলিত হয়।২৪
পৰিমাণগত বিত্ত (Quantitative finance) প্ৰায়েই বিত্তীয় অভিযান্ত্ৰিকতা (financial engineering) ৰ সমাৰ্থক বুলি গণ্য কৰা হয়। এই ক্ষেত্ৰখনে সাধাৰণতে বেংকসমূহৰ গ্ৰাহক-কেন্দ্ৰিক ডেৰিভেটিভছ ব্যৱসায়ৰ (customer-driven derivatives business) মূল ভেটি হিচাপে কাম কৰে—যিয়ে গ্ৰাহকৰ প্ৰয়োজন অনুসৰি বিশেষভাৱে প্ৰস্তুত কৰা অ'টিচি-চুক্তি (bespoke OTC-contracts) আৰু এক্সটিক ডেৰিভেটিভছ ("exotics") যোগান ধৰে, আৰু আগতে উল্লেখ কৰা বিভিন্ন গাঁথনিগত বিত্তীয় সামগ্ৰী (structured products) তথা সমাধানসমূহৰ আৰ্হি প্ৰস্তুত কৰে। ইয়াৰ উপৰি প্ৰাৰম্ভিক ব্যৱসায় বা লেনদেন আৰু তাৰ পৰৱৰ্তী হেজিং (প্ৰতিৰোধমূলক ব্যৱস্থা) তথা ব্যৱস্থাপনাৰ সমৰ্থনত বিত্তীয় আৰ্হি প্ৰস্তুতকৰণ (financial modeling) আৰু প্ৰগ্ৰেমিং (programming) কৰাটোও ইয়াৰ অন্তৰ্ভুক্ত।
১. আগতে উল্লেখ কৰাৰ দৰে, পৰিমাণগত বিত্তই বেংকিং খণ্ডৰ বিত্তীয় বিপদাশংকা ব্যৱস্থাপনা (financial risk management) ৰ সৈতেও উল্লেখনীয়ভাৱে ওপৰা-উপৰি বা সন্মিলিত হয়। এই সম্পৰ্ক হেজিং কাৰ্যকলাপ আৰু অৰ্থনৈতিক মূলধন (economic capital) দুয়োটাৰে ক্ষেত্ৰতে, লগতে চৰকাৰী নীতি-নিয়ম আৰু বেচেল ৩ (Basel III) ৰ অনুপালনৰ (compliance) ক্ষেত্ৰত প্ৰযোজ্য হয়।
২. পূৰ্বে উল্লেখ কৰা পৰিমাণগত পুঁজিসমূহত (quantitative funds) বিনিয়োগৰ ৰণনীতি বা ষ্ট্ৰেটেজীসমূহ তৈয়াৰ কৰা আৰু সেইবোৰ কাৰ্যকৰী কৰাৰ বাবেও "কুৱাণ্টছ" (Quants — পৰিমাণগত বিশেষজ্ঞসকল) দায়বদ্ধ।
ইয়াৰ উপৰি তেওঁলোক সাধাৰণ পৰিমাণগত বিনিয়োগৰ (quantitative investing) সৈতেও জড়িত, যেনে ট্ৰেডিং ৰণনীতি নিৰ্ধাৰণ কৰা, আৰু স্বয়ংক্ৰিয় ট্ৰেডিং (automated trading), হাই-ফ্ৰিকুৱেন্সী ট্ৰেডিং (high-frequency trading), এলগৰিথমিক ট্ৰেডিং (algorithmic trading) আৰু প্ৰগ্ৰাম ট্ৰেডিং (program trading) আদি ক্ষেত্ৰসমূহত।
তথ্যসূত্ৰ
- ↑ What Is Finance? in: Julie Dahlquist, Rainford Knight (2022). "Principles of Finance"
- ↑ "Finance" at the Hypertextual Finance Glossary
- ↑ name="investopedia">Finance, Investopedia.com
- ↑ faculty.chicagobooth.edu/eugene.fama/research/Th Fama and Miller
- ↑ Guthmann and Dougall
- ↑ Drake and Fabozzi
- ↑ F.W. Paish
- ↑ John J. Hampton
- ↑ Howard and Upton
- ↑ Allen, Michael; Price, John. (2000). Monetized time-space: derivatives – money's 'new imaginary'?. Economy and Society. পৃ. 264–284
- ↑ Publishing, Speedy. (2015). Finance (Speedy Study Guides). Speedy Publishing LLC. ISBN 978-1-68185-667-4
- ↑ (2019). Financial Planning Competency Handbook. John Wiley & Sons, Ltd. পৃ. 709–735. ISBN 978-1-119-64249-7
- ↑ name="Drake_Fabozzi">Pamela Drake and Frank Fabozzi (2009). What Is Finance?
- ↑ See Aswath Damodaran, Corporate Finance: First Principles
- ↑ name="Irons">Irons, Robert. (July 2019). The Fundamental Principles of Finance. Routledge. ISBN 978-1-000-02435-7
- ↑ Doss, Daniel; Sumrall, William; Jones, Don. (2012). Strategic Finance for Criminal Justice Organizations. CRC Press. পৃ. 23. ISBN 978-1-4398-9223-7
- ↑ Doss, Daniel; Sumrall, William; Jones, Don. (2012). Strategic Finance for Criminal Justice Organizations. CRC Press. পৃ. 53–54. ISBN 978-1-4398-9223-7
- ↑ Board of Governors of Federal Reserve System of the United States. Mission of the Federal Reserve System. Federalreserve.gov Accessed: 2010-01-16. (Archived by WebCite at )
- ↑ Han, Yufeng; Liu, Yang; Zhou, Guofu. (2021-05-21). Technical Analysis in the Stock Market: A Review
- ↑ name="Christoffersen2011">Peter F. Christoffersen. (2011). Elements of Financial Risk Management. Academic Press. ISBN 978-0-12-374448-7
- ↑ name="Malz2011">Allan M. Malz. (2011). Financial Risk Management: Models, History, and Institutions. John Wiley & Sons. ISBN 978-1-118-02291-7
- ↑ name="Malz2011">Allan M. Malz. (2011). Financial Risk Management: Models, History, and Institutions. John Wiley & Sons. ISBN 978-1-118-02291-7
- ↑ name="Christoffersen2011">Peter F. Christoffersen. (2011). Elements of Financial Risk Management. Academic Press. ISBN 978-0-12-374448-7
- ↑ name="SIAM">See discussion here: Careers in Applied Mathematics. Society for Industrial and Applied Mathematics
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিত্ত” প্ৰবন্ধৰ সংশোধন ৬৩৮৪৯৯ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।