হেমেন্দ্ৰ প্ৰসাদ বৰুৱা (Hemendra Prasad Barooah) অসম আৰু পূব ভাৰতৰ এজন প্ৰথম শ্ৰেণীৰ উদ্যোগপতি।১ তেওঁ হৈছে যোৰহাটৰ ঠেঙালৰ অভিজাত খঙীয়া বৰুৱা পৰিয়ালৰ সন্তান।২ ২০১৩ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰত চৰকাৰে পদ্মশ্ৰী উপাধিৰ বাবে হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ নাম ঘোষণা কৰে।৩৪ একে বৰ্ষৰে ৩১ জুলাইত বেংককত তেখেতে মৃত্যুবৰণ কৰে।
১৯৪২ চনত হেমেন্দ্ৰ প্ৰসাদ বৰুৱাই কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত ষষ্ঠ স্থান লাভ কৰি প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল।৫ তেৱেঁই ১৯৪৯ চনত আমেৰিকাৰ ব’ষ্টনত স্থিত হাভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা উত্তৰ-পূব ভাৰতৰ প্ৰথমজন লোক হিচাপে এম বি এ ডিগ্ৰী লাভ কৰে।৬ ১৯৫০ চনত ২৩ বছৰ বয়সতে তেওঁ পৰিয়ালৰ চাহ বাগিচা সমূহ পৰিচালনা কৰাৰ দায়িত্ব লৈছিল।৭ অসমত চাহ নিলাম কেন্দ্ৰ প্ৰতিষ্ঠাৰ বাবে তেওঁ অহোপুৰুষাৰ্থ কৰিছিল। তেওঁৰ কোম্পানীয়েই আছিল প্ৰথম অসমীয়া মালিকাধীন কোম্পানী যি পাব্লিক ইকুইটি শ্বেয়াৰৰ জৰিয়তে মূলধন সংগ্ৰহ কৰিছিল আৰু মুম্বাই, কলিকতা, আহমেদাবাদ আৰু গুৱাহাটী এক্সচেঞ্জৰ তালিকাভুক্ত হৈছিল।৮ তেওঁ বাৰ বছৰ কাল ভাৰতীয় টি ব’ৰ্ডৰ সদস্য, কেন্দ্ৰীয় উদ্যোগমন্ত্ৰী দপ্তৰৰ পৰামৰ্শ পৰিষদৰ সদস্য, কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ৰ গৱেষণা আৰু উন্নয়ন সমিতিৰ অধ্যক্ষ, টোকোলাই চাহ গৱেষণা সংস্থাৰ সভাপতি, তেৰ বছৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ ডিৰেক্টৰ৭, আই এ চি বৰ্ডৰ সদস্য, ভাৰতীয় জীৱন বীমা নিগমৰ পৰামৰ্শ সমিতিৰ সদস্য, অসম চাহ নিগমৰ সভাপতি, অসম বিত্তীয় নিগম, অসম ঔদ্যোগিক উন্নয়ন নিগম, অসম পেট্ৰ’কেমিকেলছ, ভাৰতীয় অন্তৰ্দেশীয় জল পৰিবহণ নিগমৰ সদস্য আছিল। ইয়াৰোপৰি তেওঁ দুটা বছৰৰ বাবে ভাৰতীয় চাহ সংস্থাৰ সভাপতি আছিল।৮ অসম টী ব্ৰুকাৰ্ছ লিমিটেড, বি এণ্ড এ মাল্টিৱেল পাকেজিং, হেৰিটেজ নৰ্থ ইষ্ট প্ৰাইভেট লিমিটেড আৰু কাজিৰঙা গ'ল্ফ ক্লাব লিমিটেডৰ স্বত্বাধিকাৰী আছিল।৯
কেৱল চাহ বাগিচা আৰু উদ্যোগৰ মাজতে আৱদ্ধ নাথাকি হেমেন্দ্ৰ প্ৰসাদ বৰুৱাই অসম তথা পূব ভাৰতৰ সাহিত্য-শিল্প-সংস্কৃতিৰ জগতখনলৈও অভূতপূৰ্ব বৰঙনি আগবঢ়াইছে। তেখেত সাহিত্য-কলা-সংস্কৃতিৰ প্ৰতি আগ্ৰহী তথা এক বিৰল সংগীতপ্ৰেমী আৰু চিত্ৰ সংগ্ৰাহক।৮ এওঁ পাশ্চাত্য সংগীত, ভাৰতীয় সংগীতৰ পৰা আৰম্ভ কৰি ৰবীন্দ্ৰ সংগীত, বৰগীত সকলোৰে সংগ্ৰহ কৰি ৰাখিছে। ভূপেন হাজৰিকাৰ সৈতে তেওঁৰ অন্তৰংগ সম্পৰ্ক আছিল। ভূপেন হাজৰিকাই গোৱা পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ গীতেৰে প্ৰথম লং প্লেয়িং ৰেকৰ্ডখন তেখেতৰ উদ্যোগতে ওলাইছিল।৮
জন্ম আৰু বংশ পৰিচয়
১৯২৬ চনৰ ১ এপ্ৰিলত যোৰহাট জিলাৰ জালুকনিবাৰীৰ ঠেঙালত হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম আছিল ৰায়বাহাদুৰ শিৱ প্ৰসাদ বৰুৱা আৰু মাতৃৰ নাম আছিল কমলা কুমাৰী বৰুৱা। তেওঁ বিখ্যাত খঙীয়া বৰুৱা পৰিয়ালৰ লোক আছিল। এই খঙীয়া বৰুৱা পৰিয়ালটো আছিল শ্ৰীমন্ত শংকৰদেৱৰ বাৰভূঞা বংশৰ।১
শিক্ষা
১৯৪২ চনত হেমেন্দ্ৰ প্ৰসাদ বৰুৱাই কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত ষষ্ঠ স্থান লাভ কৰি প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়।৫ ১৯৪৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত কলিকতাৰ প্ৰেছিডেন্সী কলেজৰ পৰা ষোড়শ স্থান লাভ কৰি আ এছ চি (বিজ্ঞান শাখা) পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৪৬ চনত কলিকতাৰ স্কটিচ চাৰ্চ কলেজৰ পৰা গ’ল্ড মেডেলসহ বিশ্ববিদ্যালয়ৰ ভিতৰত তৃতীয় স্থান লাভ কৰি ইংৰাজী সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰে।১০ ইয়াৰ পিছত ভাৰত স্বাধীন হোৱাৰ কেইমাহমান আগেয়ে তেওঁ আমেৰিকাৰ ব’ষ্টনত থকা হাভাৰ্ড বিশ্ববিদ্যালয়ত এম বি এ পঢ়িবলৈ যায়। ২৩ বছৰ বয়সত তেওঁ উত্তৰ-পূবৰ প্ৰথমজন হাভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা এম বি এ হৈ স্বদেশলৈ ঘূৰি আহে।৭১
কৰ্মজীৱন
ব্যৱসায়িক জীৱন
- ১৯৫০ চন: উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা তিনিখন চাহ বাগিচাৰে কৰ্মজীৱনৰ পাতনি মেলে।৭
- ১৯৫১ চন: কলকাতা আৰু যোৰহাটত বৰুৱাজ এণ্ড এছ’চিয়েট্ছ নামেৰে এজেন্সী হাউছ প্ৰতিষ্ঠা কৰে।৬
- ১৯৫৫-৫৬ চন: শালকাঠনি টি কোম্পানীৰ পৰিচালনা অধিগ্ৰহণ কৰে।
- ১৯৬২ চন: উইলিয়ামছন মেগৰৰ অন্তৰ্গত ম’হবন্ধা টি কোম্পানীৰ পৰা গটঙা, চামগুৰি, কমাৰবন্ধা চাহ বাগিচা ক্ৰয় কৰে।
- ১৯৬৫ চন: যোৰহাট টি কোম্পানীৰ পৰা লহপহীয়া চাহ বাগিচা ক্ৰয় কৰে।
- ১৯৬৮ চন: বৰছালী টি কোম্পানী ক্ৰয় কৰে।
- ১৯৬৯ চন: উইলিয়ামছন মেগৰৰ পৰা চাংচোৱা বাগিচা ক্ৰয় কৰে।
- ১৯৭১ চন: আছাম টি ব্ৰ’কাৰ্ছ প্ৰাইভেট লিমিটেড, গুৱাহাটীত আৰম্ভ কৰে।
- ১৯৮৩ চন: বৰটিং টি কোম্পানী ক্ৰয় কৰে।
- ১৯৮৪ চন: কলকাতাত বৰুৱাজ এণ্ড এছ’ছিয়েটছৰ স্থায়ী কাৰ্য্যালয় প্ৰতিষ্ঠা কৰে।১০
- ১৯৮৫ চন: যোৰহাটত ছুপাৰ পেকেজিং প্ৰাইভেট লিমিটেড নামৰ পূব ভাৰতৰ প্ৰথমটো অত্যাধুনিক পেকেজিং উদ্যোগ আৰম্ভ কৰে।
- ১৯৮৬ চন:উৰিষ্যাৰ বালাচৰত বি এণ্ড এ মাল্টিৱাল পেকেজিং লিমিটেড প্ৰতিষ্ঠা কৰে।
- ১৯৮৭ চন: নতুন চামগুৰি চাহ বাগিচা ক্ৰয় কৰে।
- ১৯৯৮ চন:লহপহীয়া চাহ-বাগিচা বিক্ৰী কৰে।
- ১৯৯৮ চন: হে’ৰিটেজ নৰ্থ ইষ্ট প্ৰাইভেট লিমিটেড নামৰ পৰ্যটন কোম্পানীৰ প্ৰতিষ্ঠা কৰে।৬
- ২০০০ চন: যোৰহাট নগৰৰ পৰা ১৫ কিঃমিঃ দূৰৈৰ জালুকনিবাৰীত অৱস্থিত তেওঁৰ বাসগৃহটো পৰ্য্যটকৰ বাবে মুকলি কৰি দিয়ে। ইয়াক তেওঁ ঠেঙাল ভৱন নামেৰে নামাকৰাণ কৰে।৯
- ২০১১ চন: গোবিন্দপুৰ চাহ বাগিচা ক্ৰয় কৰে।
- ১ নৱেম্বৰ, ২০১১ চন: কাজিৰঙা গল্ফ ৰিজৰ্ট নামৰ অত্যাধুনিক ৰিজৰ্ট যোৰহাটৰ ওচৰৰ শেনচোৱা চাহ বাগিচাত প্ৰতিষ্ঠা কৰে।১০
ৰাজহুৱা আৰু সামাজিক জীৱন
- ১৯৬৩-৭৩ চন: তিনিটা কাৰ্যকালৰ বাবে ভাৰতীয় টি ব’ৰ্ডৰ সদস্য আছিল।
- ১৯৭০ চন: গুৱাহাটী চাহ নিলাম কেন্দ্ৰ প্ৰতিষ্ঠা কৰাত মুখ্য উদ্যোগ গ্ৰহণ কৰিছিল।৬
- ১৯৮৪-৮৯ চন: টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানৰ অধ্যক্ষ আছিল।
- ১৯৮৬ চন: কল্পনা লাজমীৰ পৰিচালনা আৰু ভূপেন হাজৰিকাৰ সংগীতেৰে পৰিচালিত সংগীতেৰে হিন্দী ছবি এক পল প্ৰযোজনা কৰিছিল।১০
- ১৯৯১-৯৪ চন: ভাৰতীয় চাহ সন্থাৰ অধ্যক্ষ আছিল।
- ১৯৯৫-২০০৫: ইণ্ডিয়ান ইন্ষ্টিটিউট অৱ মেনেজমেণ্ট, জ’কা (IIM JOKA)ৰ দুটা কাৰ্যকালৰ বাবে বৰ্ড অৱ গবৰ্নছৰ সদস্য আছিল।
- ১৯৯৬-৯৭ চন: ভাৰতৰ আটাইতকৈ পুৰণা ব্যৱসায়ী সংগঠন বেংগল চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিজ (BCCI)ৰ সভাপতি আছিল।
- ১৯৯৭ চন: হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ উদ্যোগত নৰ্থ ইষ্ট চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিজ গঠন কৰে আৰু হেমেন্দ্ৰ প্ৰসাদ বৰুৱা এই সংগঠনৰ সভাপতিৰূপে নিৰ্বাচিত হয়।
- ২০০২-০৩: ঐতিহাসিক বেংগল ক্লাবৰ সভাপতি নিৰ্বাচিত হয়।১০
ইয়াৰোপৰি বৰুৱাই কেন্দ্ৰীয় উদ্যোগমন্ত্ৰী দপ্তৰৰ পৰামৰ্শ পৰিষদৰ সদস্য৬, কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ৰ গৱেষণা আৰু উন্নয়ন সমিতিৰ অধ্যক্ষ৭, ষ্টেট বেংক অৱ ইণ্ডিয়াৰ সঞ্চালক (১৩ বছৰ), মাছখোৱা সাংস্কৃতিক প্ৰকল্পৰ মুখ্য পৰিকল্পক আদি অনেক পদবীত কাৰ্যনিৰ্বাহ কৰিছিল।
উল্লেখযোগ্য ৰাজহুৱা দান বৰঙনি
- ১৯৮০ চন: মাতৃ কমলা কুমাৰী বৰুৱাৰ স্মৃতিত কমল কুমাৰী দাতব্য ন্যাস প্ৰতিষ্ঠা। এই ন্যাসে প্ৰতিবছৰে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, সত্ৰ, নামঘৰ, ব্যক্তিবশেষ তথা মেধাৱী ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষাৰ বাবে অৰ্থনৈতিক সাহায্য তথা জলপালি আগবঢ়ায়।১০
- ১৯৯০ চন: কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা প্ৰবৰ্তন। প্ৰতি বছৰে সৰ্বভাৰতীয় পৰ্য্যায়ত কলা আৰু বিজ্ঞান শাখাত দুজন ব্যক্তিক এই বঁটা প্ৰদান কৰা হয়।
- ১৯৯৯ চন: শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় সাংবাদিকতা বঁটা প্ৰবৰ্তন। বিশিষ্ট চাহ খেতিয়ক, ৰাজনীতিবিদ তথা অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকত দৈনিক বাতৰিৰ স্মৃতিত এই বঁটা প্ৰতি বছৰে সাংবাদিকতাৰ ক্ষেত্ৰত এজন ব্যক্তি অথবা অনুষ্ঠানক প্ৰদান কৰা হয়।
- ২০১২ চন: অমিত প্ৰসাদ বৰুৱা চিত্ৰশিল্পী বঁটা।
ওপৰত উল্লিখিত কৰা প্ৰতিটো বঁটাত নগদ দুই লাখ টকা, (অমিত প্ৰসাদ বৰুৱা বঁটা নগদ এক লাখ টকাৰ), এখন মানপত্ৰ, এখন চাদৰ তথা এটি ৰূপৰ ভোগজৰা প্ৰদান কৰা হয়।১০
পাৰিবাৰিক জীৱন
হেমেন্দ্ৰ প্ৰসাদ বৰুৱাই ১৯৫২ চনত বুৰঞ্জীবিদ কনকলাল বৰুৱাৰ কন্যা ঊষা বৰুৱাৰ লগত বিবাহ পাশত আৱদ্ধ হয়। ১৯৫৪ চনত তেওঁলোকৰ প্ৰথম সন্তান ৰাধাৰ জন্ম হয়। বৰ্তমান ৰাধা স্বামী গেভিন ফাৰলে (ব্ৰিটিছ) আৰু দুটি সন্তানৰ সৈতে আমেৰিকাৰ বাসিন্দা। ১৯৫৮ চনত পুত্ৰ অমিত প্ৰসাদ বৰুৱাৰ জন্ম হয়। ২০০৭ চনৰ ২ অক্টোবৰত অমিত বৰুৱাৰ মৃত্যু হয়। তেওঁলোকৰ তৃতীয় সন্তান শৰ্মিলাৰ জন্ম হয়। স্বামী বিজয় শেট্টী (মাৰাঠী) আৰু এটি পুত্ৰ সন্তানৰ সৈতে শৰ্মিলা মুম্বাইত বাস কৰে। ২০১১ চনত হেমন্দ্ৰ প্ৰসাদ বৰুৱাৰ পত্নী ঊষা বৰুৱাৰ মৃত্যু হয়।১০
মৃত্যু
২০১৩ চনৰ ২৬ জুলাইত হেমেন্দ্ৰ প্ৰসাদ বৰুৱাই স্বাস্থ্য পৰীক্ষাৰ বাবে থাইলেণ্ডৰ বেংককলৈ গৈছিল। তেওঁ বেংককৰ বামৰুংৰাড ইণ্টাৰনেশ্বনেল হাস্পাতালত চিকিৎসা কৰাই আছিল। ৩১ জুলাইৰ দিনা হঠাতে সন্ধিয়া হৃদৰোগত আক্ৰান্ত হৈ শ্বাস-প্ৰশ্বাস বন্ধ হৈ যায়। সেইদিনাই সন্ধিয়া ভাৰতীয় সময়মতে ৭-২০ বজাত বেংককত বৰুৱাৰ দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁ দুগৰাকী জী আৰু জোঁৱাইক এৰি থৈ গৈছে।৯
আদ্যশ্ৰাদ্ধ ২০১৩ চনৰ ২৯ আগষ্টত হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হৈছিল। এই অনুষ্ঠানলৈ দেশ-বিদেশৰ পৰা প্ৰয়াত বৰুৱাৰ বিভিন্ন ক্ষেত্ৰৰ বিভিন্নজন অনুৰাগীৰ আগমন হয়। ব্ৰিটেইনৰ পৰা তেওঁৰ জীয়াৰী ৰাধা আৰু তেওঁৰ স্বামী গোবিন, বোলছবি পৰিচালিকা কল্পনা লাজমী, মুখ্যমন্ত্ৰী তৰুণ গগৈ, বৰুৱা কোম্পানীৰ পৰিচালন সঞ্চালক সোমনাথ চেটাৰ্জী, স্থানীয় ভকতকে ধৰি বহুসংখ্যক ৰাইজৰ সমাৱেশ ঘটে। পিছদিনাখন আউনীআটি সত্ৰৰ ভকত-বৈষ্ণৱৰ দ্বাৰা এখন ভাওনাৰ প্ৰদৰ্শন কৰা হয়। মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আদ্যশ্ৰাদ্ধ উপলক্ষে সোঁৱৰণি নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে।১১
সন্মান আৰু বঁটা
- ২০০৭ চন: উত্তৰ-পূব চাহ পৰিষদ (North-Eastern Tea Association)ৰ পৰা জীৱনজোৰা কৃতিত্ব বঁটা গ্ৰহণ
- ২০১০ চন: কন্ফেডাৰেশ্যন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰি (Confederation of Indian Industry), গুৱাহাটীৰ তৰফৰ পৰা সন্মান লাভ।
- ২০১০ চন: কে চি কমাৰ্চ কলেজৰ ৰাষ্ট্ৰীয় কৃতি বঁটা লাভ।
- ২০১২ চন: অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী গ্ৰহণ।১০
- ২৬ জানুৱাৰী, ২০১৩: ভাৰত চৰকাৰে পদ্মশ্ৰী উপাধিৰ বাবে হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ নাম ঘোষণা কৰে।৪৩
হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ সন্দৰ্ভত প্ৰকাশিত গ্ৰন্থ
- লিখক: অৰূপ কুমাৰ দত্ত. (১৯৯০ চন). গ্ৰন্থ: Khangiya Barooahs of Thengal - যোৰহাট জিলাৰ জালুকনিবাৰী, ঠেঙালৰ ঐতিহাসিক খঙীয়া পৰিয়াল. প্ৰকাশক: ড॰ ভূপেন হাজৰিকা
- লিখক: ৱাছবিৰ হুচেইন. (২০০৭ চন). গ্ৰন্থ: Life and Times- Story of an Assamese Tea Baron - হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ জীৱনী. প্স্পেৰকাশক: কট্ৰাম পাব্লিকেশ্যন, দিল্লী. পৃ. ২০৪ পৃষ্ঠা. ISBN 9788183440295 / 8183440290
- সম্পাদনা: অৰুণ শৰ্মা. (২০০৯ চন). গ্ৰন্থ: স্বপ্ন সন্ধানী - হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ জীৱনভিত্তিক প্ৰবন্ধ সংকলন১০
লগতে চাওক
বাহ্যিক সংযোগ
- হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ বিষয়ে পঢ়ক
- Hemendra Prasad Barooah on Close Encounter
- Hemendra Barooah, tea plantation owner who was ahead of his time
- Heritage North East
- Official website of Kamal Kumari Barooah Foundation
- Assam tea baron's biography reveals encounters with ULFA
তথ্যসূত্ৰ
- ↑ ৰুবী বি দাস. (৩১ মাৰ্চ, ২০১৩). জীৱন আৰু জাতিৰ জয়গান গোৱা ভাস্বত স্বপ্নদ্ৰষ্টা পদ্মশ্ৰী হেমেন্দ্ৰ প্ৰসাদ বৰুৱা. দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী বসুন্ধৰা'''. পৃ. ৬, ৭
- ↑ ৰুবী বি দাস. (৩১ মাৰ্চ, ২০১৩). খঙীয়া বৰুৱা পৰিয়াল. দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী বসুন্ধৰা'''
- ↑ (26 JANUARY 2013). Padma Awards 2013: Hemendra Prasad Barooah, Ghanakanta Bora from Assam gets Padma-shree. newslivetv.org
- ↑ (January 26, 2013). Padmashree for HP Barooah, Ghanakanta Bora. assamtribune.com
- ↑ (১ আগষ্ট, ২০১৩). বিশিষ্ট চাহ খেতিয়ক হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ মৃত্যু. dainikjanambhumi.co.in. dainikjanambhumi
- ↑ (12 April 2003). Mr. Hemendra Prasad Barooah. zoominfo.com
- ↑ Hemendra Prasad Barooah - B&A Ltd (BAPL:Bombay Stock Exchange)
- ↑ ৰুবী বি দাস. (৩১ মাৰ্চ, ২০১৩). স্বপ্নদ্ৰষ্টা পদ্মশ্ৰী হেমেন্দ্ৰ প্ৰসাদ বৰুৱা. দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী বসুন্ধৰা'''. পৃ. ২৯, ৩০
- ↑ (August 1, 2013). Hemendra Barooah passes away - Renowned Assam planter dies in Bangkok; leaders, tea industry mourn. The Telegraph
- ↑ গৌৰৱ বৰঠাকুৰ. (৩১ মাৰ্চ, ২০১৩). হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ চমু জীৱনপঞ্জী. দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী বসুন্ধৰা'''
- ↑ www.amarasom.glpublications.in/Details.aspx?id=1 link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেমেন্দ্ৰ প্ৰসাদ বৰুৱা” প্ৰবন্ধৰ সংশোধন ৫৬১৬৪৯ (৬ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।