কল্পনা লাজমী (জন্ম ১৯৫৪, মৃত্যু ২০১৮) ভাৰতীয় চলচ্চিত্ৰ নিৰ্দেশিকা, প্ৰযোজিকা, আৰু চিত্ৰনাট্যকাৰ। স্বকীয় শৈলীত নিৰ্মিত তেখেতৰ চিনেমাবোৰ বাস্তৱমুখী আৰু কম বাজেটৰ যাক ভাৰতত তথাকথিত "আৰ্ট ফিল্ম" বোলা যায়। সাধাৰণতে তেখেতৰ চিনেমাবোৰ নাৰী-সম্পৰ্কীয় বিষয় লৈ নিৰ্মিত। লাজমী ড॰ ভূপেন হাজৰিকাৰ অত্যন্ত ঘনিষ্ঠ বান্ধৱী আছিল। ১২৩ ৪
চলচ্চিত্ৰপঞ্জী
| বৰ্ষ | ছবি | টোকা |
|---|---|---|
| ১৯৭৮ | D.G. Movie Pioneer | নিৰ্দেশিকা |
| ১৯৭৯ | A Work Study in Tea Plucking | নিৰ্দেশিকা |
| ১৯৮১ | Along the Brahmaputra | নিৰ্দেশিকা |
| ১৯৮৬ | Ek Pal | নিৰ্দেশিকা, প্ৰযোজিকা, লেখিকা |
| ১৯৮৮ | Lohit Kinare | নিৰ্দেশিকা |
| ১৯৯৩ | Rudaali | নিৰ্দেশিকা, লেখিকা |
| ১৯৯৭ | Darmiyaan: In Between | নিৰ্দেশিকা, প্ৰযোজিকা |
| ২০০১ | Daman: A Victim of Marital Violence | নিৰ্দেশিকা, লেখিকা |
| ২০০৩ | Kyon? | নিৰ্দেশিকা, প্ৰযোজিকা |
| ২০০৬ | Chingaari | নিৰ্দেশিকা, প্ৰযোজিকা, লেখিকা |
লেখিকাৰ ৰূপত আত্মপ্ৰকাশ
২০১৮ চনৰ ৩০ অক্টোবৰত ৫ কল্পনা লাজমীয়ে সুনন্দা শ্যামল মিত্ৰৰ সহযোগত লিখা আত্মজীৱনী ভূপেন হাজৰিকা: এজ আই নিউ হিম (Bhupen Hazarika: As I Knew Him) প্ৰকাশিত হয়। গ্ৰন্থখন প্ৰকাশ কৰে হাৰ্পাৰ কলিন্সে ইণ্ডিয়া গোষ্ঠীয়ে। এই আত্মজীৱনীত কল্পনা লাজমীয়ে ভূপেন হাজৰিকাক সোতৰ বছৰ বয়সতে লগ পোৱাৰ কথা উল্লেখ কৰে। সেইসময়ত ভূপেন হাজৰিকাৰ বয়স আছিল পঞ্চলিছ।৬
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (2011-11-05). Rituparna Chatterjee's Blog: Kalpana Lajmi-Bhupen Hazarika: A 40-year-old love story. Ibnlive.in.com
- ↑ আৰ্কাইভ কপি
- ↑ (2011-11-06). Kalpana Lajmi inconsolable after Bhupen Hazarika's death. Movies.ndtv.com
- ↑ (2009-02-20). Blog Archive » I don’t need ‘wife’ tag to prove my love for Bhupen: Kalpana. Bhupen Hazarika
- ↑ books.google.co.in/books/about/Bhupen_Hazarika_A
- ↑ www.news18.com/news/movies/bhupen-hazarika-alway
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কল্পনা লাজমী” প্ৰবন্ধৰ সংশোধন ৪৫২৭৩৩ (৯ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।