অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শিৱ প্ৰসাদ বৰুৱা

শিৱ প্ৰসাদ বৰুৱা (Siva Prasad Barooah) (১৮৮০-১৯৩৮) অসমৰ এগৰাকী প্ৰসিদ্ধ চাহ খেতিয়ক, ৰাজনীতিবিদ তথা সমাজসেৱক ৷ অসমৰ সাংবাদিকতাৰ জগতত তেওঁক অন্যতম বাটকটীয়া বুলি গণ্য কৰা হয়৷ তেওঁৰ উদ্যোগতে অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকত 'বাতৰি' প্ৰকাশিত হৈছিল৷ তেওঁৰ স্মৰণত ১৯৯৯ চনৰ পৰা কমল কুমাৰী ফাউণ্ডেশ্যনে…

হালনাগাদ: ৩১ অক্টোবৰ ২০২৬ ১১৮ শব্দ · ১ মিনিট সংগৃহীত ৪৮
সংশোধনৰ পৰামৰ্শ

শিৱ প্ৰসাদ বৰুৱা (Siva Prasad Barooah) (১৮৮০-১৯৩৮) অসমৰ এগৰাকী প্ৰসিদ্ধ চাহ খেতিয়ক, ৰাজনীতিবিদ তথা সমাজসেৱক ৷ অসমৰ সাংবাদিকতাৰ জগতত তেওঁক অন্যতম বাটকটীয়া বুলি গণ্য কৰা হয়৷ তেওঁৰ উদ্যোগতে অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকত 'বাতৰি' প্ৰকাশিত হৈছিল৷ তেওঁৰ স্মৰণত ১৯৯৯ চনৰ পৰা কমল কুমাৰী ফাউণ্ডেশ্যনে সাংবাদিকতাৰ জগতত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা ব্যক্তি বা সংগঠনক প্ৰতিবছৰে 'শিৱ প্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা' প্ৰদান কৰি আহিছে৷১

ব্যক্তিগত জীৱন

শিৱ প্ৰসাদ বৰুৱাৰ জন্ম হয় ১৮৮০ চনত৷ তেওঁ যোৰহাটৰ প্ৰখ্যাত খঙীয়া বৰুৱা পৰিয়ালৰ আছিল৷ ১৯১৭ চনত তেওঁ কমল কুমাৰী বৰুৱাৰ সৈতে বিবাহ পাশত আবদ্ধ হয়৷

অৱদান

শিৱ প্ৰসাদ বৰুৱাই ১৯৩০ চনৰ অক্টোবৰ মাহত 'সাদিনীয়া বাতৰি' নামৰ এখন বাতৰি কাকত প্ৰকাশ কৰে৷ এই কাকতখনেই ১৯৩৫ চনৰ আগষ্ট মাহত 'দৈনিক বাতৰি' লৈ পৰিৱৰ্ত্তিত হয়৷১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ সাংবাদিকপোখালি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিৱ প্ৰসাদ বৰুৱা” প্ৰবন্ধৰ সংশোধন ৫৬২২৩৯ (৯ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।