কনকলাল বৰুৱা সাহিত্যিক আৰু বুৰঞ্জীবিদ৷ ১৮৭২ চনৰ ১৬ ডিচেম্বৰত জন্ম৷ ১৯২৯ চনত বিধান সভালৈ নিৰ্বাচিত হৈ মন্ত্ৰীত্ব পদ লাভ কৰে৷ ব্ৰিটিছ চৰকাৰৰ ৰায়বাহাদুৰ উপাধি লাভ কৰিছিল৷ কিছুকাল জোনাকী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) আলোচনীৰ সম্পাদক আছিল৷ জাৰ্ণেল অব দা আছাম ৰিছাৰ্চ ছ'চাইটিৰ প্ৰকাশক আৰু সম্পাদক আছিল৷ ১৯২৪ চনত অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হয়১৷ প্ৰকাশিত গ্ৰন্থ: আৰ্লি হিষ্টৰী অব কামৰূপ৷ ১৯৪০ চনৰ ১৮ জানুৱাৰীত তেখেতৰ মৃত্যু হয়৷
তথ্যসূত্ৰ
- ↑ ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কনকলাল বৰুৱা” প্ৰবন্ধৰ সংশোধন ৩৮০৩৪৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।