দৈনিক বাতৰি হ'ল যোৰহাট জিলাৰপৰা অসমীয়া ভাষাত প্ৰকাশিত অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকত। ১ ১৮৮০ৰ দশকত ৰায়বাহাদুৰ শিৱ প্ৰসাদ বৰুৱাই অসমৰ যোৰহাট জিলাত ঠেঙাল ভৱন নিৰ্মাণ কৰিছিল২৩ আৰু ১৯২৯ চনত তেওঁ ইয়াতেই এটা ছপাশাল বহুৱায়। প্ৰথমতে, ইয়াৰ পৰা সাপ্তাহিক বাতৰি কাকত এখন প্ৰকাশ পাইছিল।৪ এই ছপাশালটোৰ পৰাই ১৯৩৫ চনৰ ১২ আগষ্টত প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰি প্ৰকাশ হৈছিল।৩ কাকতখনৰ সম্পাদক আছিল বাগ্মীবৰ নীলমণি ফুকন।
প্ৰকাশ
দৈনিক বাতৰি কাকতখন প্ৰথম প্ৰকাশ হৈছিল ১৯৩৫ চনত। ১
সমল
দৈনিক বাতৰিয়েই ৰয়টাৰ, এচোছিয়েট প্ৰেছ আদি বাতৰি প্ৰতিষ্ঠানৰ বাতৰি কিনি সেয়া অসমীয়ালৈ অনুবাদ কৰি প্ৰকাশ কৰাৰ নিদৰ্শন প্ৰথমে দাঙি ধৰিছিল আৰু এই কাকতখনক নিৰ্ভৰ কৰিয়েই বহু সাংবাদিকে সাংবাদিকতাক পেছা ৰূপে গ্ৰহণ কৰিছিল।১
লগতে চাওক
তথ্যসূত্ৰ
- ↑ শান্তনু কৌশিক বৰুৱা. (ডিচেম্বৰ, ২০২০). অসম ইয়েৰ বুক, ২০২১. জ্যোতি প্ৰকাশন. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮
- ↑ Thengal Bhawan. District Administration, Jorhat
- ↑ About Thengal Bhavan. holidayiq.com
- ↑ Thengal Bhawan. www.tourism.co.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দৈনিক বাতৰি” প্ৰবন্ধৰ সংশোধন ৪০৩৪০৭ (২৪ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।