অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বেংকক

বেংকক (Bangkok) হৈছে থাইলেণ্ডৰ ৰাজধানী তথা আটাইতকৈ জনবহুল চহৰ। থাই ভাষাত ইয়াক খ্ৰুং থেপ মহা নাশন (กรุงเทพมหานคร বা চমুকৈ বুলি কোৱা হয়। এই চহৰখনে মধ্য থাইলেণ্ডৰ চাও ফ্ৰায়া নদীৰ ব-দ্বীপৰ প্ৰায় 1568.7 বৰ্গ কি.মি.

হালনাগাদ: ১৪ আগষ্ট ২০২৫ ৫৪১ শব্দ · ৩ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

বেংকক (Bangkok) হৈছে থাইলেণ্ডৰ ৰাজধানী তথা আটাইতকৈ জনবহুল চহৰ। থাই ভাষাত ইয়াক খ্ৰুং থেপ মহা নাশন (กรุงเทพมหานคร বা চমুকৈ বুলি কোৱা হয়। এই চহৰখনে মধ্য থাইলেণ্ডৰ চাও ফ্ৰায়া নদীৰ ব-দ্বীপৰ প্ৰায় 1568.7 বৰ্গ কি.মি. অঞ্চল অধিকাৰ কৰি আছে, আৰু ইয়াৰ জনসংখ্যা প্ৰায় ৮০ লাখতকৈও অধিক, ই থাইলেণ্ডৰ মুঠ জনসংখ্যাৰ প্ৰায় ১২.৬ শতাংশ। প্ৰায় ১.৪০ কোটিতকৈও অধিক লোক (২২.২ শতাংশ) বেংকক মহানগৰীয় অঞ্চলৰ আশেপাশে বসবাস কৰে, এইবাবে অন্য নগৰীয় অঞ্চলতকৈ ইয়াৰ অধিক গুৰুত্ব পৰিলক্ষিত হয়।

বেংকক ১৫শ শতিকাৰ আয়ুত্থা ৰাজ্যৰ এটা সৰু ব্যৱসায় ঘাটী আছিল, ঘটনাক্ৰমে ইয়াৰ আকাৰ বৃদ্ধি হয় আৰু ইয়াতেই দুখনকৈ ৰাজধানী চহৰ: ১৭৬৮ চনত থনবুৰি আৰু ১৭৮২ চনত ৰট্টানাকছিনৰ স্থাপিত হয়। ১৯শ শতিকাত দেশে পশ্চিমীয়া হেঁচাৰ সন্মূখীন হোৱাৰ সময়ত, বেংকক আছিল ছিয়ামৰ আধুনিকীকৰণৰ প্ৰাণকেন্দ্ৰ স্বৰূপ। ই বিংশ শতিকাৰ একনায়কত্ববাদৰ অৱসান ঘটাই সংবিধানিক শাসন প্ৰতিস্থাৰ ৰাজনৈতিক সংঘাতৰো প্ৰধান কেন্দ্ৰ আছিল। ১৯৬০ৰ পৰা ১৯৮০ দশকৰ ভিতৰত নগৰখনৰ দ্ৰুত বিকাশ আৰম্ভ হয় আৰু আজি ই থাইলেণ্ডৰ ৰাজনীতি, অৰ্থনীতি, শিক্ষা, সংস্কৃতি তথা আধুনিক সমাজত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

নাম

বেংকক (บางกอก) নামটোৰ উৎপত্তি স্পষ্ট নহয়। বেং এটা থাই শব্দ আৰু ইয়াৰ অৰ্থ হৈছে "জুৰিত অৱস্থিত এখন গাঁও",১ আৰু সম্ভবতঃ নামটো বেং ক’ (บางเกาะ), ক’ মানে "দ্বীপ", শ্দৰ পৰা উৎপত্তি হৈছে।২ অন্য এক সুত্ৰমতে নামটো বেং মেকক (บางมะกอก) শব্দৰ চমু ৰূপ, ইয়াত মেকক শব্দই Elaeocarpus hygrophilus নামৰ আমলখিৰ দৰে ফলযুক্ত এজোপা গছক বুজাইছে। ইয়াত অৱস্থিত ৱাৎ অৰুণ নামৰ এটা পৌৰাণিক মন্দিৰক ৱাৎ মেকক বুলি কোৱা হয় বাবে এই সুত্ৰটোৰো বিশ্বাসযোগ্যতা নথকা নহয়।৩ যিকি নহওক, নগৰখনক চৰকাৰীভাৱে পালি ভাষা আৰু সংস্কৃত ভাষা ভাষাৰ পৰা সৃষ্ট থনবুৰি ছি মহাসমুৎ (ธนบุรีศรีมหาสมุทร, আক্ষৰিক অৰ্থ "সাগৰে দিয়া সম্পদৰ নগৰ") বা অয়ুৎথ্যা ইতিহাস অনুসৰি থনবুৰি, বুলি কোৱা হয়।৪ বেংকক, বিদেশী পৰিভ্ৰমীসকলে বহুলভাৱে ব্যৱহাৰ কৰা এটা কথিত নামহে আছিল, অৱধাৰিতভাৱে ইয়াক ব্যৱহাৰ কৰাৰ ফলস্বৰূপে পিছত বেংকক মহানগৰ প্ৰশাসনৰ সৃষ্টিৰে এই নামটো চৰকাৰীকৰণ কৰা হয়।

নদীৰ পূৱ তীৰত ৰামা প্ৰথমৰ দ্বাৰা যেতিয়া নতুন ৰাজধানী স্থাপন কৰা হৈছিল, সেই সময়ত খ্ৰুং থেপ থাৱাৰাৱাড়ী ছি অয়ুৎথা (กรุงเทพทวารวดีศรีอยุธยา) আৰু খ্ৰুং থেপ মহা নাশন ছি অয়ুৎথা (กรุงเทพมหานครศรีอยุธยา)৫ আদি অয়ুৎথা ইতিহাসৰ অনেক নাম লাভ কৰিছিল। ১৮৩৩ চনত সংযুক্ত ৰাষ্ট্ৰৰ দূত হিচাপে অহা এডমাণ্ড ৰবাৰ্টছৰ লিখনিত নগৰ খনৰ নাম ছিয়া-য়ুৎ'হিয়া বুলি পোৱা যায়, আৰু সেই সময়ৰ আন্তঃৰাষ্ট্ৰীয় চুক্তি সমূহতো এই নামটোৱেই ব্যৱহাৰ কৰা হৈছিল।৬ বৰ্তমান, থাই ভাষাত নগৰখনক খ্ৰুং থেপ মহা নাশন বুলি কোৱা হয়। ইয়াৰ সম্পূৰ্ণ নামটো তলত দিয়া মতে পঢ়া হয়:৭

খ্ৰুংথেপমহানাশন অমনৰট্টনাকচিন মাহিনথাৰায়ুট্ঠায়া মহাদিলক্ষপ নপ্ফাৰাত্ৰৎসৎহানিবুৰিৰম ওদম্ৰৎসানিৱাত্মাঃসাথন অমনপ্হিমানাৱতন্সাহিৎ সকথাত্যিসানুকামপ্ৰাসিৎ กรุงเทพมหานคร อมรรัตนโกสินทร์ มหินทรายุธยา มหาดิลกภพ นพรัตนราชธานีบูรีรมย์ อุดมราชนิเวศน์มหาสถาน อมรพิมานอวตารสถิต สักกะทัตติยวิษณุกรรมประสิทธิ์

মূল পালি ভাষা আৰু সংস্কৃত ভাষা শব্দেৰে গঠিত নামটোৰ অনুবাদ হৈছে:

পৰীৰ নগৰ, অমৰত্বৰ মহান নগৰ, নৱৰত্নৰ নগৰ, ৰজাৰ আসন, ৰাজমহলৰ নগৰ, ভগবানৰ অৱতাৰৰ স্থান, ইন্দ্ৰৰ আজ্ঞাত বিশ্বকৰ্মণৰ দ্বাৰা নিৰ্মিত।৮

নগৰখনৰ নামটোৱে গীনীছ বিশ্ব অভিলেখত পৃথিৱীৰ আটাইতকৈ দীঘল ঠাইৰ নামৰ তালিকাত স্থান লাভ কৰিছে।৯ নামটোৰ শব্দবোৰ পৌৰাণিক তথা সকলোৱে নেজানে যদিও, থাই বিদ্যালয়ৰ শিশু সকলক সম্পূৰ্ণ নামটোৱেই শিকোৱা হয়। এই নামটো আছানী–ৱাছানৰ দ্বাৰা ৰচিত জনপ্ৰিয় “খ্ৰুং থেপ মহা নাশন” (১৯৮৯) নামৰ গীতটোত ব্যৱহাৰ কৰা হৈছে বাবে ইয়াক মনত ৰাখিবলৈ সহজ হৈ পৰে।

পৰ্যটন

বেংকক হৈছে পৰ্যটকৰ বাবে এখন অতি আকৰ্ষণিয় ঠাই। এটা জৰীপ মতে ২০১৩ চনত চহৰখন পৰিভ্ৰমণ কৰা পৰ্যটকৰ সংখ্যা আছিল প্ৰায় ১৫.৯৮ নিযুত। নিউ য়ৰ্ক, লণ্ডন আৰু পেৰিছৰ পিছতেই বেংকক হৈছে বৈদেশিক মুদ্ৰা খৰছ কৰা চতুৰ্থখন চহৰ, ২০১৩ চনত আনুমানিক ১৪৩ কোটি ডলাৰ।১০ Euromonitor International নামৰ এক অনুষ্ঠানে ২০১১ চনৰ শীৰ্ষ আকৰ্ষণীয় নগৰৰ তালিকাত বেংককক ষষ্ঠ স্থান প্ৰদান কৰিছে।১১ Travel + Leisure নামৰ আলোচনীয়ে তেঁওলোকৰ পাঠকৰ মাজত চলোবা এক সমীক্ষাত বেংককে ২০১০ৰ পৰা ২০১৩ চনলৈ একেৰাহে চাৰিবাৰ “পৃথিৱীৰ শ্ৰেষ্ট নগৰ”ৰ খিতাপ লাভ কৰিছিল।১২

তথ্যসূত্ৰ

  1. ↑ th:พจนานุกรม ฉบับราชบัณฑิตยสถาน พ.ศ. ๒๕๔๒. Royal Institute
  2. ↑ Chandrashtitya, Tipawan; Matungka, Chiraporn. th:ประวัติเมืองธนบุรี. Arts & Cultural Office website. Dhonburi Rajabhat University
  3. ↑ Wongthes 2012, p. 37
  4. ↑ th:สาระน่ารู้กรุงธนบุรี. Phra Racha Wang Derm website. Phra Racha Wang Derm Restoration Foundation
  5. ↑ Phakathikhom, Chanchai. (2005). th:นามพระนคร "ศรีอยุธยา" มาแต่ไหน. Senathipat. পৃ. 114–123
  6. ↑ Roberts, Edmund. (Digitized 12 October 2007). Embassy to the Eastern courts of Cochin-China, Siam, and Muscat: in the U. S. sloop-of-war Peacock during the years 1832–3–4. Harper & brothers. পৃ. image 288
  7. ↑ Committee for the Rattanakosin Bicentennial Celebration. (1982). จดหมายเหตุการอนุรักษ์กรุงรัตนโกสินทร์. Department of Fine Arts Reproduced in กว่าจะมาเป็นกรุงเทพฯ. BMA Data Center
  8. ↑ (December 1993). Royal Institute Newsletter. Royal Institute Reproduced in th:กรุงเทพมหานคร
  9. ↑ (1 September 2006). Maori claims world's longest place name. Bangkok Post
  10. ↑ Hedrick-Wong, Yuwa; Choog, Desmond. (2013). MasterCard Global Destination Cities Index. MasterCard Worldwide Insights 2Q 2013. MasterCard
  11. ↑ (21 January 2013). Top 100 Cities Destination Ranking. Euromonitor International
  12. ↑ 2013 World's Best Cities. Travel + Leisure. American Express Publishing Corporation

সম্পৰ্কিত শ্ৰেণী

নগৰ-মহানগৰৰাজধানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেংকক” প্ৰবন্ধৰ সংশোধন ৫৩২৪০৬ (১৪ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।