ভাৰতৰ ব্যৱসায়ী
৩৪ প্ৰবন্ধ
-
একতা কাপুৰ
একতা কাপুৰ (জন্ম: ৭ জুন ১৯৭৫) এগৰাকী ভাৰতীয় টেলিভিছন প্ৰযোজক, চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক আৰু বালাজী টেলিফিল্মছৰ পৰিচালন অধিকৰ্তা তথা ক্ৰিয়েটিভ হেড। ভাৰতৰ টেলিভিছনৰ ক্ষেত্ৰখনলৈ আমূল পৰিবৰ্তন অনাত তেওঁৰ অপৰিসীম অৱদান আছে। তেওঁক ভাৰতৰ টেলিভিছনৰ জেৰিণা আৰু ভাৰতৰ টেলিভিছনৰ ৰাণী বুলি সম্বোধিত কৰা হয়।
-
বদৰুদ্দিন আজমল
বদৰুদ্দিন আজমল (Badruddin Ajmal)(জন্ম-১২ ফেব্ৰুৱাৰী, ১৯৫০) অসমৰ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ। ২০০৯, ২০১৪ আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত তেওঁ একেৰাহে তিনিবাৰ ধুবুৰী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছে।
-
ৰতন টাটা
ৰতন নৱাল টাটা, (Ratan Naval Tata; ২৮ ডিচেম্বৰ ১৯৩৭ – ৯ অক্টোবৰ ২০২৪) হৈছে ভাৰতৰ এজন উল্লেখযোগ্য উদ্যোগপতি আৰু দানবীৰ,। ১৯৮১ চনত তেওঁ টাটা উদ্যোগৰ "ডাইৰেক্টৰ" হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। ১৯৯১ চনত টাটা গ্ৰুপৰ "চেয়াৰমেন" পদত ৰতন টাটাক নিযুক্তি দিয়া হৈছিল।
-
ভাৰ্গিজ কুৰিয়েন
ভাৰ্গিজ কুৰিয়েন (Verghese Kurien; ২৬ নৱেম্বৰ, ১৯২১--৯ ছেপ্টেম্বৰ, ২০১২) এগৰাকী অভিযন্তা আৰু সামাজিক সংগঠক। এখেতক "ভাৰতৰ শ্বেত বিপ্লৱৰ জনক", আৰু "ভাৰতৰ দুগ্ধ মানৱ" হিচাপে জনা যায়। এখেতে সংগঠিত কৰিছিল পৃথিৱীৰ সৰ্ববৃহৎ কৃষি বিকাশ কাৰ্যসূচী "ভাৰতৰ দুগ্ধ বিপ্লৱ"।
-
জগন্নাথ বৰুৱা
ৰায়বাহাদুৰ জগন্নাথ বৰুৱা (Jagannath Barooah) অসমৰ চাহ উদ্যোগৰ গুৰি ধৰোঁতা লোকসকলৰ মাজত অন্যতম। যোৰহাটত জীৱনকাল অতিবাহিত কৰা বৰুৱা আছিল উজনি অসমৰ প্ৰথমজন স্নাতক। ১৯৩০ চনত যোৰহাটত স্থাপন কৰা ভাৰতৰ উত্তৰ পূবৰ দ্বিতীয়খন মহাবিদ্যালয় অৰ্থাৎ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ নামকৰণো তেওঁৰ নামতে কৰা হৈছিল।
-
ভোলানাথ বৰুৱা
ভোলানাথ বৰুৱা (১৮৫০,২৮ ছেপ্টেম্বৰ-৩০ মে', ১৯২৩) এগৰাকী অসমীয়া উদ্যোগী আৰু ব্যৱসায়ী আছিল। তেওঁক প্ৰায়েই 'সাউদ ভোলানাথ বৰুৱা' অথবা 'সদাগৰ ভোলানাথ বৰুৱা' হিচাপে সম্বোধন কৰা হয়।
-
জাহাংগীৰ ৰতনজী দাদাভাই টাটা
জাহাংগীৰ ৰতনজী দাদাভাই টাটা চমুকৈ জে আৰ ডি টাটা (২৯ জুলাই ১৯০৪ – ২৯ নৱেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় উদ্যোগপতি, উদ্যমী, উৰাজাহাজ উদ্যোগী টাটা গ্ৰুপৰ অধ্যক্ষ আৰু টাটা চনছ্ৰ অংশীদাৰ আছিল। টাটা পৰিয়ালত জন্মগ্ৰহণ কৰা জাহাংগীৰ বিখ্যাত ব্যৱসায়ী ৰতনজী দাদাভাই টাটা আৰু সুজেইন "চনী" ব্ৰিয়েৰৰ সন্তান আছিল।
-
মুকেশ আম্বানী
মুকেশ ধীৰুভাই আম্বানী (জন্ম ১৯ এপ্ৰিল ১৯৫৭) এগৰাকী ভাৰতীয় ধনকুৱেৰ ব্যৱসায়ী, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ মুৰব্বী তথা মেনেজিং ডাইৰেক্টৰ, জন হিতৈষী আৰু ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি। ফৰ্চুন গ্লোৱেল-৫০০ত অন্তৰ্ভুক্ত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড বজাৰ মূল্যৰ ফালৰ পৰা ভাৰতৰ আটাইতকৈ মূল্যবান কোম্পানী।
-
হেমেন্দ্ৰ প্ৰসাদ বৰুৱা
হেমেন্দ্ৰ প্ৰসাদ বৰুৱা (Hemendra Prasad Barooah) অসম আৰু পূব ভাৰতৰ এজন প্ৰথম শ্ৰেণীৰ উদ্যোগপতি। তেওঁ হৈছে যোৰহাটৰ ঠেঙালৰ অভিজাত খঙীয়া বৰুৱা পৰিয়ালৰ সন্তান। ২০১৩ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰত চৰকাৰে পদ্মশ্ৰী উপাধিৰ বাবে হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ নাম ঘোষণা কৰে।
-
সুমতী মোৰাৰজী
সুমতী মোৰাৰজী (১৩ মাৰ্চ ১৯০৯ - ২৭ জুন ১৯৯৮) এগৰাকী ভাৰতীয় ব্যৱসায়ী। তেওঁক ভাৰতীয় জাহাজ পৰিবহণৰ প্ৰথম মহিলা হিচাপে জনা যায়। তেওঁ সাধাৰণতে পুৰুষৰ আধিপত্য থকা জাহাজৰ গৰাকী সকলৰ সংস্থাৰ মুৰব্বী পদত অধিষ্ঠিত হোৱা বিশ্বৰ প্ৰথম গৰাকী মহিলা।
-
ৰিণিকি ভূঞা শৰ্মা
ৰিণিকি ভূঞা শৰ্মা (Riniki Bhuyan Sarma) এগৰাকী অধিবক্তা, উদ্যমী, সমাজকৰ্মী আৰু অসমৰ এগৰাকী ব্যৱসায়ী মহিলা। তেওঁ উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ মিডিয়া হাউচ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ পৰিচালনা সঞ্চালক।
-
মহাশয় ধৰমপাল গুলাটি
মহাশয় ধৰমপাল গুলাটি (Mahashay Dharampal Gulati, ২৭ মাৰ্চ ১৯২৩ – ৩ ডিচেম্বৰ ২০২০) এগৰাকী ভাৰতীয় ব্যৱসায়ী। তেওঁ ভাৰতীয় জনপ্ৰিয় মছলা কোম্পানী এমডিএইছৰ (মহাশাইন ডি হাত্তি প্ৰাইভেট লিমিটেড, MDH) প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া আছিল।
-
সুলভা দেশপাণ্ডে
সুলভা দেশপাণ্ডে ( Sulabha Deshpande; ১৯৩৭ – ৪ জুন ২০১১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নাট পৰিচালক আছিল। মুম্বাইৰ মাৰাঠী আৰু হিন্দী থিয়েটাৰৰ উপৰিও ৭৩খনতকৈও অধিক মূলসুঁতিৰ বলীউডৰ ছবিত অভিনয় কৰিছে।
-
ৰাধিকা শৰৎকুমাৰ
ৰাধিকা শৰৎকুমাৰ (Raadhikaa Sarathkumar, জন্ম: ১৯৬২) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, উদ্যোগী আৰু প্ৰযোজক। তেখেতে তামিল, তেলুগু ছবি উদ্যোগৰ লগত জড়িত। ইয়াৰ লগতে মালয়ালম, হিন্দী আৰু কন্নড় ভাষাৰ ছবিতো তেখেতে প্ৰদৰ্শন আগবঢ়াইছে। ৰাধিকা শৰৎকুমাৰ নিজৰ কেৰিয়াৰত প্ৰায় ৩৫০খন ছবিত অভিনয় কৰিছে।
-
নীতা আম্বানী
নীতা দালাল মুকেশ আম্বানী (জন্ম ১ নৱেম্বৰ ১৯৬৩) এগৰাকী ভাৰতীয় মহিলা উদ্যমী। তেওঁ ৰিলাইয়েন্স ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক আৰু বৰ্তমান অধ্যক্ষ। ইয়াৰ লগতে তেওঁ ৰিলাইয়েন্স ইণ্ডাষ্ট্ৰীছৰ অ-কাৰ্যবাহী সঞ্চালক। তেওঁৰ স্বামী মুকেশ আম্বাণী ৰিলাইয়েন্স ইণ্ডাষ্ট্ৰীছৰ অধ্যক্ষ আৰু প্ৰবন্ধ সঞ্চালক।
-
বৎসল শেঠ
বৎসল শেঠ (জন্ম ৫ আগষ্ট ১৯৮০) হৈছে এগৰাকী ভাৰতীয় অভিনেতা, মডেল আৰু উদ্যোগী। ভাৰতীয় বহু টেলিভিছন শ্ব’ আৰু অসংখ্য হিন্দী চলচ্চিত্ৰত অভিনয় কৰা তেখেতে ২০০৪ চনৰ টাৰ্জান: দ্য ৱাণ্ডাৰ কাৰ ছবিত ৰাজ চৌধাৰী, ২০১৪ চনৰ থ্ৰিলাৰ ছিৰিজ এক হাছিনা থি-ত শৌৰ্য্য গোৱেংকা, ২০১৭ চনৰ লাভ-চাগা হাচিলত কবীৰ ৰাইচান্দৰ…
-
শীলা শ্ৰী প্ৰকাশ
শীলা শ্ৰী প্ৰকাশ (Sheila Sri Prakash, জন্ম: ৬ জুলাই ১৯৫৫) হৈছে এগৰাকী ভাৰতীয় স্থপতিবিদ বা আৰ্কিটেক্ট। তেখেত এগৰাকী নগৰাঞ্চলৰ ডিজাইনাৰ (urban designer)। তেখেত 'শিল্পা আৰ্কিটেক্টছ' নামৰ সংস্থাটোৰ প্ৰতিষ্ঠাপক। স্থপতিবিদ্যাৰ সেৱা আৰম্ভ কৰা আৰু প্ৰতিষ্ঠা কৰা শীলা শ্ৰী প্ৰকাশ হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা।
-
সাৱিত্ৰী জিন্দাল
সাৱিত্ৰী দেৱী জিন্দাল এগৰাকী ভাৰতীয় মহিলা ব্যৱসায়ী। অসমৰ তিনিচুকীয়াত জন্মগ্ৰহণ কৰা সাৱিত্ৰী জিন্দালে উদ্যোগপতি জিন্দাল গ্ৰুপৰ প্ৰতিষ্ঠাপক ওম্ প্ৰকাশ জিন্দালৰ লগত ১৯৭০ চনত বিবাহপাশত আবদ্ধ হৈছিল। ২০০৫ চনত ওম্ প্ৰকাশ জিন্দালৰ মৃত্যুৰ পাছত তেওঁ জিন্দাল গ্ৰুপৰ অধ্যক্ষপদত অধিষ্ঠিত হয়।
-
অনু আগা
অনু আগা (Anu Aga; জন্ম ১৯৪২) হৈছে এগৰাকী ভাৰতীয় বিলিয়নাৰ, উদ্যোগী মহিলা, এগৰাকী সমাজকৰ্মী, ৰাজ্যসভাৰ মনোনীত সাংসদ। শক্তি আৰু পৰিৱেশ অভিযান্ত্ৰিকৰ কোম্পানী থাৰ্মেক্স লিমিটেডৰ অধ্যক্ষা হিচাপে তেখেতে ১৯৯৬ চনৰ পৰা ২০০৪ চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল।
-
অনুৰাধা আচাৰ্য
অনুৰাধা আচাৰ্য (Anuradha Acharya; জন্ম: ১৯৭২) হৈছে এগৰাকী ভাৰতীয় উদ্যোগী। অ'কিয়াম বায়' চলিউছন্যছ আৰু মেপমাইজিনম নামৰ প্ৰতিষ্ঠান দুটাৰ তেখেত প্ৰতিষ্ঠাতা আৰু মুখ্য কাৰ্যবাহী বিষয়া। ২০১১ চনত তেখেতক বিশ্ব অৰ্থনীতি মঞ্চই "যুৱ গোলকীয় নেত্ৰী" বঁটা প্ৰদান কৰে।
-
অমৃতা পেটেল
অমৃতা পেটেল (Amrita Patel, জন্ম: ১৩ নৱেম্বৰ ১৯৪৩) এগৰাকী ভাৰতীয় ব্যৱসায়ী। তেওঁ সমবায় দুগ্ধ খণ্ডৰ সৈতে জড়িত আৰু লগতে এগৰাকী পৰিবেশবিদ। তেওঁ ১৯৯৮ চনৰ পৰা ২০১৪ চনলৈ ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বোৰ্ডৰ নেতৃত্ব দিছিল। এই বোৰ্ডে বিশ্বৰ আটাইতকৈ ডাঙৰ দুগ্ধ উন্নয়ন কাৰ্যসূচী 'অপাৰেচন ফ্লাদ'ৰ নেতৃত্ব দিছিল।
-
ইন্দু জৈন
ইন্দু জৈন (Indu Jain, ৮ ছেপ্টেম্বৰ ১৯৩৬) এগৰাকী বিশিষ্ট ভাৰতীয় মিডিয়া ব্যক্তিত্ব আৰু ব্যৱসায়ী। চাহু জৈন পৰিয়ালৰ অন্তৰ্ভুক্ত ইন্দু জৈন বৰ্তমান ভাৰতৰ সৰ্ববৃহৎ মিডিয়া গোট বেনেট ক'লমেন এণ্ড কো. লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া। তেওঁ টাইমছ গ্ৰুপৰ অধ্যক্ষ।
-
গোপালচন্দ্ৰ মুখোপাধ্যায়
গোপালচন্দ্ৰ মুখোপাধ্যায়, জনপ্ৰিয়ভাৱে গোপাল পাঁঠা (Gopal Patha বা Gopal Pantha) নামেৰে জনাজাত, এগৰাকী ভাৰতীয় ব্যৱসায়ী আছিল। ১৯৪৬ চনৰ কলিকতা দাঙ্গাৰ সময়ত হিন্দুসকলক সুৰক্ষা দিবলৈ তেওঁ ভাৰতীয় জাতীয় বাহিনী নামৰ এটা সশস্ত্ৰ গোট গঠন কৰিছিল।
-
গ্ৰীণপ্লাই ইণ্ডাষ্ট্ৰীজ লিমিটেড
গ্ৰীণপ্লাই ইণ্ডাষ্ট্ৰীজ লিমিটেড (Greenply), এটা ভাৰতীয় গৃহ অভ্যন্তৰ আন্তঃগাঁথনি কোম্পানী। ইয়াৰ মুখ্য কাৰ্যালয় পশ্চিম বংগৰ কলকাতাত। কোম্পানীটো নেচনেল ষ্টক এক্সচেঞ্জ (NSE) আৰু বম্বে ষ্টক এক্সচেঞ্জত তালিকাভুক্ত কৰা হৈছে।
-
চন্দ্ৰ শেখৰ ঘোষ
চন্দ্ৰ শেখৰ ঘোষ (Chandra Shekhar Ghosh; জন্ম: ৮ আগষ্ট ১৯৬০) বন্ধন বেংকৰ প্ৰতিষ্ঠাতা, প্ৰাক্তন এমডি আৰু চিইঅ'। তেওঁ ভাৰতৰ আৰ্থিক অন্তৰ্ভুক্তিৰ অন্যতম প্ৰধান প্ৰবক্তা আছিল। ক্ষুদ্ৰ ঋণ আৰু উন্নয়ন খণ্ডত তেওঁৰ ৩০ বছৰতকৈ অধিক অভিজ্ঞতা আছে।
-
দেৱী প্ৰসাদ শেট্টী
দেৱী প্ৰসাদ শেট্টী (Devi Prasad Shetty) হৈছে এগৰাকী ভাৰতীয় হৃদৰোগ বিশেষজ্ঞ আৰু উদ্যোগী। তেখেত নাৰায়ণা হেল্থ (Narayana Health) নামৰ ২১টা চিকিৎসা-কেন্দ্ৰযুক্ত সংস্থাটোৰ প্ৰতিষ্ঠাতা আৰু অধ্যক্ষ। তেখেতে ১৫,০০০ টাতকৈও অধিক হৃদৰোগৰ অস্ত্ৰোপচাৰ কৰিছে।
-
বিনিতা বালী
বিনিতা বালী (Vinita Bali) হৈছে এগৰাকী ভাৰতীয় উদ্যোগী যি ব্ৰিটানিয়া ইণ্ড্ৰাষ্টিছ লিমিটেডৰ পৰিচালন সঞ্চালক আছিল।
-
যমুনালাল বাজাজ
যমুনালাল কানিৰাম বাজাজ জন্ম হৈছিল ৪ নৱেম্বৰ ১৮৮৯ চনত –মৃত্যু ১১ ফেব্ৰুৱাৰী ১৯৪২ চন। যমুনালাল বাজাজ আছিল এজন ভাৰতীয় ব্যৱসায়ী আৰু ৰাজনীতিবিদ। ১৯২০ চনত তেওঁ বাজাজ গ্ৰুপ অৱ কোম্পানী প্ৰতিষ্ঠা কৰে আৰু বৰ্তমান এই গোটৰ ২৪টা কোম্পানী আছে। ইয়াৰে ছটা কোম্পানী বৰ্চত তালিকাভুক্ত কৰা হৈছে।
-
শোভানা ভাৰতীয়া
শোভানা ভাৰতীয়া ( Shobhana Bhartia) (জন্ম ৪ জানুৱাৰী ১৯৫৭) এগৰাকী ভাৰতীয় ব্যৱসায়ী৷ তেওঁ ভাৰতৰ অন্যতম বৃহৎ বাতৰি কাকত আৰু মিডিয়া হাউচ এইচ টি মিডিয়া (HT Media)ৰ অধ্যক্ষ আৰু সম্পাদকীয় পৰিচালক।
-
ৰাজশ্ৰী বিৰলা
ৰাজশ্ৰী বিৰলা ( Rajashree Birla)এগৰাকী ভাৰতীয় সমাজসেৱী। বিজনেচ মেগনেটৰ বিৰলা পৰিয়ালৰ বংশধৰ আদিত্য বিৰলাৰ সৈতে তেওঁৰ বিবাহ হৈছিল। ১৯৯৫ চনত স্বামীৰ মৃত্যুৰ পিছত ৰাজশ্ৰীয়ে CSR আৰু দাতব্য খণ্ডত কাম কৰিবলৈ আৰম্ভ কৰে। পৰিয়ালৰ পুঁজিৰে এটা বৃহৎ জনহিতকৰ সংস্থা গঢ়ি তোলে।