টুপীমূৰীয়া বান্দৰ (Capped Langur) উত্তৰ-পূব ভাৰতত সচৰাচৰ দেখা পোৱা এবিধ বান্দৰৰ প্ৰজাতি১। এই বান্দৰৰ প্ৰজাতিটো বিশ্বৰ অন্যান্য দেশ যেনে, বাংলাদেশ, নেপাল, ভূটান, চীন, আৰু ম্যানমাৰতো পোৱা যায়। টুপীমূৰীয়া বান্দৰৰ প্ৰধান বসতিস্থল চিৰসেউজীয়া বনাঞ্চল।
শ্ৰেণীবিভাজন
টুপীমূৰীয়া বান্দৰৰ চাৰিটা উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে
- Trachypithecus pileatus pileatus
- Trachypithecus pileatus durga
- Trachypithecus pileatus brahma
- Trachypithecus pileatus tenebricus
বিৱৰণ
টুপীমূৰীয়া বান্দৰ দিনত চৰে আৰু গছৰ পাত খাই জীয়াই থাকে২। ই সাধাৰণতে এটা বা তাতোধিক মতা প্ৰাণী আৰু বহুতো মাইকী প্ৰাণীৰে গঠিত সৰু দলত বাস কৰে।
স্থিতি তথা সংৰক্ষণ
টুপীমূৰীয়া বান্দৰক ভাৰতীয় বন্যপ্ৰাণী আইনত প্ৰথম অনুসূচী (Schedule I) ৰ জীৱ হিচাপে স্বীকৃতি দিয়া হৈছে। এই প্ৰাণীবিধ মূলত: ঝুম খেতি, বনাঞ্চল ধ্বংস, চোৰাং চিকাৰ ইত্যাদি কাৰণত সংকটৰ মুখামুখি হৈছে৩।
বহি:সংযোগ
- A Field Guide to Indian Mammals -Vivek Menon
তথ্যসূত্ৰ
- ↑ Choudhury, A. 1989. Ecology of the capped langur (Presbytis pileatus) in Assam, India. Folia Primatol. 52: 88–92
- ↑ Solanki GS, Kumar A, Sharma BK (2008). "Winter food selection and diet composition of capped langur (Trachypithecus pileatus) in Arunachal Pradesh, India". Tropical Ecology 49 (2): 157–166
- ↑ Srivastava, A. and M. S. Mohnot. 2001. Distribution, conservation status and priorities for primates in northeast India. Envis Bulletin: Wildlife and Protected Areas 1(1): 102–108
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টুপীমূৰীয়া বান্দৰ” প্ৰবন্ধৰ সংশোধন ৫৬৯৬৬৪ (১৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।