দেওহাঁহ ( White-winged Wood Duck )' (Asarcornis scutulata) এবিধ ডাঙৰ আকাৰৰ হাহঁৰ প্ৰজাতি। দেওহাঁহক অসমৰ জাতীয় চৰাই ৰূপে অভিহিত কৰা হয়। এই প্ৰজাতিৰ হাঁহৰ বিশেষ ধৰণৰ বিকট মাতৰ বাবে অসমীয়াত ইয়াক ‘দেওহাঁহ’ বুলি কোৱা হয়।
দৈহিক গঠন

দেওহাঁহ বনৰীয়া হাঁহৰ ডাঙৰ প্ৰজাতি সমূহৰ ভিতৰত এবিধ। দেহৰ দৈৰ্ঘ্য ৬৬-৮১ ছে:মি: আৰু ডেউকাৰ দৈৰ্ঘ্য ১১৬-১৫৩ ছে:মি:। মাইকী হাঁহ মতা দেওহাঁহতকৈ আকাৰত সৰু।১ মতা আৰু মাইকী দেওহাঁহৰ দেহৰ ওজন ক্ৰমান্বয়ে ২.৯৫ কি.গ্ৰা. আৰু ১.৯৫-৩.০৫ কি.গ্ৰা.২। পূৰ্ণবয়স্ক দেওহাঁহৰ দেহটৌ গাঢ় ক’লা বৰণৰ, মূৰ তথা ডিঙি বগা। মতা দেওহাঁহৰ ঠোঁট পাতল হালধীয়া বৰণৰ, উৰন্ত অৱস্থাত ডেউকাৰ বগা বৰণ স্পষ্টকৈ দেখা পোৱা যায়। পোৱালি দেওহাঁহৰ দেহৰ বৰণ তুলনামূলক ভাৱে বেছি ধূসৰ আৰু মুগা।৩
বিতৰণ
ঐতিহাসিক ভাৱে দেওহাঁহ উত্তৰ-পূব ভাৰত, বাংলাদেশৰ পৰা জাভা, ছুমাত্ৰা লৈকে বিস্তৃত আছিল। বৰ্তমান ই জাভাত বিলুপ্ত হৈছে। ভাৰতবৰ্ষত বৰ্তমান দেওহাঁহ কেৱল অসম তথা অৰুণাচলত পোৱা যায়।৪ ২০০২ বৰ্ষৰ এটা সমীক্ষা অনুসৰি সমগ্ৰ বিশ্বতে মাঁথো মুঠ ৮০০ মান দেওহাঁহ আছে বুলি তথ্য পোৱা গৈছে। ইয়াৰে ২০০টা লাউচ, থাইলেণ্ড, ভিয়েটনাম আৰু কম্বোডিয়া ত, ১৫০টা ছুমাত্ৰাত তথা ৪৫০টা দেওহাঁহ ভাৰত, বাংলাদেশ আৰু ম্যানমাৰ ত আছে।
আচৰণ
দেওহাঁহ এবিধ আপুৰুগীয়া তথা বিৰল প্ৰজাতিৰ হাঁহ। এই প্ৰজাতিবিধে কেৱল নিশাৰ ভাগতহে খাদ্য খায় বুলি জনা যায়। গছৰ গুটি, জলজ উদ্ভিদ, সৰু মাছ, পোক-পতংগ আদি দেওহাঁহৰ প্ৰধান খাদ্য।২৫ সাধাৰণতেযোৰ পাতি বা চাৰিৰ পৰা ছটাৰ সৰু গোটত চৰে। ইহঁতে গ্ৰীষ্ম কালত প্ৰজনন কৰে।
বসতি স্থান
ই মূলতঃ চিৰসেউজীয়া বা পৰ্ণপাতী বনাঞ্চলৰ বন্ধ বা কম সোঁতৰ পানী থকা প্ৰাকৃতিক তথা কৃত্ৰিম জলাশয়ত বাস কৰে। দেওহাঁহে গছৰ খোৰোঙত বাহ সাজি থাকে। সাধাৰণতে সাগৰপৃষ্ঠৰ পৰা ২০০ মিটাৰ উচ্চতাৰ বসতিস্থল দেওহাঁহৰ বাবে আটাইতকৈ উত্তমস্থান (optimum habitat) বুলি জনা যায় যদিও ১৪০০ মিটাৰ উচ্চতালৈকে দেওহাঁহ পোৱা যায়।৩৬
ভাৰতত দেওহাঁহ দেখা পোৱা প্ৰধান সংৰক্ষিত বনাঞ্চল কেইখন হৈছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং-পাটকাই সংৰক্ষিত বনাঞ্চল, নামেৰি ৰাষ্ট্ৰীয় উদ্যান তথা নামদফা ৰাষ্ট্ৰীয় উদ্যান।৭

স্থিতি তথা সংৰক্ষণ
ক্ৰমান্বয়ে বৃদ্ধি পাই অহা বনাঞ্চল ধ্বংস, দেওহাঁহৰ কণী, মাংস তথা অন্যন্য ব্যৱহাৰৰ বাবে কৰা চোৰাংচিকাৰ আদিৰ ফলশ্ৰুতিত দেওহাঁহৰ জনসংখ্যা বিপদজনক ভাৱে হ্ৰাস পাই আহিছে। বৰ্তমান এই প্ৰজাতিটৌক আই ইউ চি এন ৰেড লিষ্ট (IUCN Red List) অনুসৰি বিলুপ্তপ্ৰায় (Endangered) গোটত অন্তৰ্ভুক্ত কৰা হৈছে।
বাসস্থান সুৰক্ষা: দেও হাঁহৰ বাবে উপযুক্ত বাসস্থানৰ উপলব্ধতা নিশ্চিত কৰিবলৈ সুৰক্ষিত আৰ্দ্ৰভূমি এলেকা স্থাপন আৰু ৰক্ষণাবেক্ষণ কৰাটো অত্যাৱশ্যকীয়।৮
চোৰাং চিকাৰ বন্ধ কৰা: এই হাঁহবোৰৰ চিকাৰ আৰু চোৰাং চিকাৰৰ বিৰুদ্ধে কঠোৰ আইন প্ৰয়োগ কৰাটো তেওঁলোকৰ জীয়াই থকাৰ বাবে গুৰুত্বপূৰ্ণ।৮
তথ্যসূত্ৰ
- ↑ Ogilvie & Young, Wildfowl of the World. New Holland Publishers (2004), ISBN 978-1-84330-328-2
- ↑ আৰ্কাইভ কপি (2011)
- ↑ (2011)
- ↑ Choudhury, A.U. (1996). Survey of the white-winged wood duck and the Bengal florican in Tinsukia district & adjacent areas of Assam and Arunachal Pradesh. The Rhino Foundation for Nature in North East India,Guwahati, India
- ↑ Google Books
- ↑ WWF India: White Winged Wood Duck
- ↑ Choudhury, A.U.(2000). The Birds of Assam. Gibbon Books & WWF-India NE Reg. Office, Guwahati, India
- ↑ Dev Library দেও হাঁহ (White-winged Duck Bird) দেও হাঁহৰ বিষয়ে এক অধ্যয়ণ Published 30-05-2022
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেওহাঁহ” প্ৰবন্ধৰ সংশোধন ৬৩৯৮৮১ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।