অসমৰ চিত্ৰশিল্পী
২৫ প্ৰবন্ধ
-
বিষ্ণুপ্ৰসাদ ৰাভা
বিষ্ণুপ্ৰসাদ ৰাভা (১৯০৯–১৯৬৯) অসমৰ আধুনিক সাংস্কৃতিক ইতিহাসত বহুমুখী প্ৰতিভাৰ প্ৰতীক, যাঁক শিল্প-সাহিত্য আৰু গণআন্দোলনৰ সংযোগস্থলৰ এজন মুখ্য স্ৰষ্টা হিচাপে ধৰা হয়।
-
পুলক গগৈ
পুলক গগৈ (১৯৩৮–২০২২) অসমৰ এগৰাকী চিত্ৰশিল্পী, কাৰ্টুনিষ্ট, চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক। চিত্ৰকলাৰ আনুষ্ঠানিক শিক্ষাৰ লগতে সংবাদ-আলোচনীত কৰ্মঅভিজ্ঞতা লভি তেওঁ অসমীয়া চলচ্চিত্ৰত মুঠ ৯খন ছবি পৰিচালনা কৰি চিনাক্তি লাভ কৰিছিল।
-
শোভা ব্ৰহ্ম
শোভা ব্ৰহ্ম (Sobha Brahma; ১৪ অক্টোবৰ, ১৯২৯ – ৫ মাৰ্চ, ২০১২) অসমৰ এগৰাকী চিত্ৰ-শিল্পী আৰু ভাস্কৰ। তেখেতৰ স্ৰজিত শিল্প কৰ্মত উত্তৰ-পূব ভাৰতৰ সমাজ আৰু সংস্কৃতিৰ প্ৰভাৱত গঢ়ি উঠা এক একক শৈলী লক্ষ্য কৰা হয়, এই শৈলীত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ বাবে তেখেতে যত্ন কৰে।
-
নীলপৱন বৰুৱা
নীলপৱন বৰুৱা (Neel Pawan Baruah) (১ জুন, ১৯৩৬ - ২৮ অক্টোবৰ, ২০২২ ) অসমৰ এগৰাকী খ্যাতনামা চিত্ৰশিল্পী। ২০২১ চনত তেওঁক অসম চৰকাৰে ‘অসম সৌৰভ’ বঁটা প্ৰদান কৰে।
-
বেণু মিশ্ৰ
বেণু মিশ্ৰ (১৯৩৯-২০১৯) অসমৰ এগৰাকী চিত্ৰশিল্পী আৰু কলা-উপদেষ্টা। তেখেতে পশ্চিম বংগৰ শান্তিনিকেতনত প্ৰখ্যাত শিল্পী ৰামকিংকৰ বেইজৰ অধীনত কলাৰ শিক্ষা গ্ৰহণ কৰিছিল। বৰপেটাত জন্মগ্ৰহণ কৰা মিশ্ৰই পাছলৈ গুৱাহাটীত থাকিবলৈ লয়।
-
আদ্য শৰ্মা
আদ্য শৰ্মা (৫ নৱেম্বৰ, ১৯২৯ – ২২ ফেব্ৰুৱাৰী, ২০১৫) অসমৰ এগৰাকী চিত্ৰশিল্পী। তেখেতৰ জন্মস্থান নলবাৰী জিলাৰ মাখিবাহা। অসমৰ বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰ দলৰ কলা-নিৰ্দেশক হিচাপেও তেখেতে কাম কৰি গৈছে।
-
ননী বৰপূজাৰী
ননী বৰপূজাৰী (Noni Borpuzari) অসমৰ এজন চিত্ৰশিল্পী। অসম তথা ভাৰতৰ বিভিন্ন ঠাইৰ লগতে বিভিন্ন দেশত আন্তৰ্জাতিক স্তৰত তেওঁৰ ছবি প্ৰদৰ্শিত হৈছে। শিল্পী প্ৰণৱ বৰুৱাৰ পৰা চিত্ৰকলাৰ প্ৰাথমিক জ্ঞান লাভ কৰা বৰপূজাৰীয়ে তেওঁৰ শিল্পকৰ্মৰ বাবে 'এন ই টিভি জনতাৰ বাছনি বঁটা', 'প্ৰণৱ বৰুৱা জীৱনজোৰা সাধনা বঁটা' আৰু…
-
ৰবীন বেনাৰ্জী
ৰবীন বেনাৰ্জী (Robin Banerjee; ১২ আগষ্ট, ১৯০৮ – ৬ আগষ্ট, ২০০৩) অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা।
-
ত্ৰৈলোক্য দত্ত
ত্ৰৈলোক্য দত্ত (Trailokya Dutta, ১৮ ফেব্ৰুৱাৰী ১৯৩০ – ১১ নৱেম্বৰ ২০২০) অসমৰ এগৰাকী কাৰ্টুনিষ্ট আৰু চিত্ৰশিল্পী। দৈনিক অসম বাতৰি-কাকতৰ কাঁহুদী শিৰোনামৰে তেখেতে অসমৰ প্ৰথমটো 'বক্স কাৰ্টুন' বা 'পকেট কাৰ্টুন' অংকন কৰিছিল। একেখন কাকতৰ বাবে তেখেতে 'সময়ৰ শৰ' নামৰ শিতানটোও যুগুতাই আছিল।
-
আমিনুল হক
আমিনুল হক (ইংৰাজী: Aminul Haque; জন্ম: ফেব্ৰুৱাৰী, ১৯৫৬) অসমৰ এগৰাকী প্ৰথিতযশা চিত্ৰশিল্পী।
-
বীৰেন সিংহ
বীৰেন সিংহ অসমৰ এগৰাকী প্ৰসিদ্ধ চিত্ৰশিল্পী, ভাস্কৰ্য্যশিল্পী তথা চিত্ৰ পৰিচালক৷
-
ৰবীন বৰুৱা
ৰবীন বৰুৱা (Rabin Baruah, ১৫ জুন ১৯৫০ – ২১ জুন ২০২২) অসমৰ এগৰাকী কাৰ্টুনিষ্ট আৰু চিত্ৰশিল্পী। তেওঁ প্ৰায় ৩৩ বছৰ জুৰি মৌচাক আৰু প্ৰান্তিক আলোচনীৰ পাতত ব্যাখ্যা চিত্ৰ অংকন কৰিছিল।
-
জীৱেশ্বৰ বৰুৱা
জীৱেশ্বৰ বৰুৱা (১৯০৬–১৯৬৪) এগৰাকী অসমীয়া শিল্পী৷ তেওঁ অসমৰ চৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয় (Government College of Art and Crafts) স্থাপন কৰিছিল৷
-
হেলা দাস
হেলা দাস অসমৰ এগৰাকী ভাস্কৰ্য-শিল্পী। বৰোদাৰ এম এছ বিশ্ববিদ্যালয়ৰপৰা তেওঁ চাৰু-কাৰু কলা বিষয়ত ডিপ্ল'মা লাভ কৰিছিল। ভাস্কৰ্য-শিল্পী ৰূপে তেওঁ বিশেষ প্ৰশিক্ষণ লাভ কৰিছিল আৰু গুৱাহাটী, দিল্লী, কলকাতা, আহমেদাবাদ আদি বিভিন্ন ঠাইত তেওঁৰ শিল্প প্ৰদৰ্শনী অনুষ্ঠিত হৈছে।
-
জিতেন হাজৰিকা
জিতেন হাজৰিকা এজন অসমীয়া চিত্ৰশিল্পী। ভাৰতীয় সেনা বাহিনীৰ পৰা কৰ্ণেল ৰূপে অৱসৰ গ্ৰহণ কৰা হাজৰিকাই ১৯৩৬ চনত নগাঁৱত জন্মগ্ৰহণ কৰিছিল। ভাৰতৰ লগতে বিদেশতো তেওঁৰ একক চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছে। চিত্ৰশিল্পীগৰাকীয়ে বৰ্তমান দিল্লীৰ নয়দাত বাস কৰে।
-
দেবানন্দ উলুপ
দেবানন্দ উলুপ (ইংৰাজী: Debananda Ulup ) (জন্ম: ৩০জুন,১৯৬৪ ) অসমৰ এগৰাকী খ্যাতনামা চিত্ৰশিল্পী। তেওঁ চিংফৌ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে।
-
মাধৱ বৈশ্য
মাধৱ বৈশ্য (Madhab Baishya) অসমৰ এগৰাকী বিশিষ্ট চিত্ৰশিল্পী। তেখেতে আৰ্টত বেংগল স্কুলৰ শৈলী (বংগীয় ধাৰা) অনুসৰণ কৰিছিল। শিল্পী প্ৰতাপ বৰুৱা আৰু বিষ্ণুৰাভাৰ পাছত এককভাৱে বংগীয় ধাৰা অনুসৰণ কৰা শিল্পীগৰাকীয়ে আছিল- চিত্ৰশিল্পী মাধৱ বৈশ্য। তেখেত ১৯৬২ চনত শান্তিনিকেতনৰপৰা পেইণ্টিং বিষয়ত সোণৰ পদকধাৰী।
-
আশু দেৱ
আশু দেৱ (Asu Dev), জন্ম আশুতোষ দেৱ ধুবুৰী, অসম, ভাৰত (১৩ ডিচেম্বৰ ১৯১৭ – ৬ ফেব্ৰুৱাৰী ১৯৮৩) অসমৰ এগৰাকী অগ্ৰণী শিল্পী আছিল। তেওঁ আছিল একাধাৰে চিত্ৰশিল্পী, ভাস্কৰ্য শিল্পী আৰু কলা শিক্ষাবিদ।
-
ইলু দেৱী বৰুৱা
ইলু দেৱী বৰুৱা (ইংৰাজী: Elu Devi Baruah) এগৰাকী অসমীয়া সাহিত্যিক আৰু চিত্ৰশিল্পী | অসমৰ সকলো আগশাৰীৰ কাকত আলোচনীৰ তেখেত এজন নিয়মীয়া প্ৰবন্ধকাৰ | তেখেত বৃহত্তৰ অসমৰ (মেঘালয় সহ ) প্ৰথম গৰাকী মহিলা সহকাৰী কাৰাগাৰ অধীক্ষক আছিল।
-
চন্দ্ৰকমল গগৈ
চন্দ্ৰকমল গগৈ (জন্ম:১৯৪৬ - মৃত্যু:২০২৪ ) একাধাৰে চিত্ৰশিল্পী, সমালোচক, অধ্যাপক। তেখেত কলানিকেতন মহাবিদ্যালয়ৰ অধ্যক্ষ আছিল। ২০২২ চনত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে গগৈক বিষ্ণু ৰাভা বঁটাৰে সন্মানিত কৰে। ২০২৪ চনৰ আগষ্ট মাহত তেখেতৰ মৃত্যু ঘটে।
-
প্ৰতাপচন্দ্ৰ বৰুৱা
প্ৰতাপচন্দ্ৰ বৰুৱা (Pratapchandra Boruah; ১৯১১-১৯৩৮ চন) হৈছে অসমীয়া আধুনিকতাৰ উন্মেষ ঘটোৱা এজন চিত্ৰশিল্পী।
-
পৰিস্মিতা সিং
পৰিস্মিতা সিং (Parismita Singh; জন্ম: ১৯৭৯/১৯৮০) এগৰাকী ভাৰতীয় লেখিকা, চিত্ৰকৰ, গ্ৰাফিক ঔপন্যাসিক আৰু শিক্ষাবিদ। পাও কালেকটিভৰ প্ৰতিষ্ঠাপক সদস্য। তেওঁৰ গ্ৰন্থ দ্য হোটেল এট দ্য এণ্ড অৱ দ্য ৱৰ্ল্ড, শক্তি ভাট প্ৰথম গ্ৰন্থ বঁটাৰ বাবে চৰ্টলিষ্ট হৈছিল আৰু ভাৰতত প্ৰকাশিত প্ৰথম গ্ৰাফিক উপন্যাসসমূহৰ ভিতৰত…
-
শান্তনু হাজৰিকা (চিত্ৰশিল্পী)
শান্তনু হাজৰিকা (Santanu Hazarika; জন্ম ১ এপ্ৰিল ১৯৯১) এজন ভাৰতীয় স্ব-শিক্ষিত বহুবিষয়ক দৃশ্যকলা শিল্পী আৰু চিত্ৰকৰ, তেওঁ সততে অতিবাস্তৱিক ডুডল, গ্ৰাফিক আৰ্ট, আৰু আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ সৈতে সহযোগিতাৰ বাবে পৰিচিত।
-
সুজিত দাস
সুজিত দাস (Sujit Das) অসমৰ নগাঁও জিলাত জন্মগ্ৰহণ কৰা এগৰাকী সমকালীন ভাৰতীয় চিত্ৰশিল্পী।
-
ৰবীন বৰ
ৰবীন বৰ (Rabin Bar) অসমৰ গুৱাহাটীৰ এগৰাকী চিত্ৰশিল্পী। ২০০৮ চনত ৰবীন বৰে 'জি টিভি' ৰ 'চাব্বাছ ইণ্ডিয়া' শীৰ্ষক অনুষ্ঠানটোত অংশ লৈ এক মিনিটত ৫০খন ছবি আঁকি এক অভিলেখ স্থাপন কৰে। এওঁ আনকি সোঁহাত, বাঁওহাত, ভৰি আৰু মুখেৰে দুৰন্ত গতিত ছবি আঁকিব পাৰে।