কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা বিজয়ী
১৭ প্ৰবন্ধ
-
হীৰেন গোহাঁই
হীৰেন গোহাঁই (জন্ম ১৯৩৯) অসমীয়া সাহিত্য-সমালোচনা আৰু বৌদ্ধিক চৰ্চাৰ এগৰাকী উল্লেখযোগ্য ব্যক্তিত্ব। শিক্ষকতা, সাংবাদিকতা আৰু সাহিত্যসৃষ্টি—এই কেইটামান ক্ষেত্ৰত একেলগে সক্ৰিয় হৈ তেওঁ অসমীয়া জাতীয়-সাংস্কৃতিক আলোচনালৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।
-
মামণি ৰয়ছম গোস্বামী
মামণি ৰয়ছম গোস্বামী (প্ৰকৃত নাম ইন্দিৰা গোস্বামী) অসমৰ এগৰাকী প্ৰভাৱশালী ঔপন্যাসিকা, গৱেষক আৰু অধ্যাপিকা; তেখেতে অসমীয়া সাহিত্যক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰিসৰত চিনাকি কৰাই দিছিল।
-
অচ্যুত লহকৰ
অচ্যুত লহকৰ (৯ জুলাই, ১৯৩১ - ১২ জুন, ২০১৬)-ক অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক বুলি কোৱা হয়। পৰিভ্ৰমী নাট্যদল যেনে, যাত্ৰা, অপেৰা আদিৰপৰা পৃথক এই ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মদিয়াৰ উপৰিও তেখেতে দীপাৱলী নামে এখন আলোচনী সম্পাদনা আৰু প্ৰকাশ কৰি উলিয়াইছিল।
-
পাৰৱীন চুলতানা
বেগম পাৰৱীন চুলতানা (Begum Parween Sultana; জন্ম: ১০ জুলাই, ১৯৫০) ভাৰতবৰ্ষৰ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীতশিল্পী। পাটিয়ালা ঘৰানাৰ সংগীত শৈলীত প্ৰশিক্ষিত পাৰবীন চুলতানাক অসম চৰকাৰৰ তৰফৰ পৰা সংগীত সম্ৰাজ্ঞী উপাধি প্ৰদান কৰা হয়।
-
শোভা ব্ৰহ্ম
শোভা ব্ৰহ্ম (Sobha Brahma; ১৪ অক্টোবৰ, ১৯২৯ – ৫ মাৰ্চ, ২০১২) অসমৰ এগৰাকী চিত্ৰ-শিল্পী আৰু ভাস্কৰ। তেখেতৰ স্ৰজিত শিল্প কৰ্মত উত্তৰ-পূব ভাৰতৰ সমাজ আৰু সংস্কৃতিৰ প্ৰভাৱত গঢ়ি উঠা এক একক শৈলী লক্ষ্য কৰা হয়, এই শৈলীত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ বাবে তেখেতে যত্ন কৰে।
-
জিতেন্দ্ৰনাথ গোস্বামী
জিতেন্দ্ৰনাথ গোস্বামী (Jitendranath Goswami) অসমৰ এজন বিজ্ঞানী, তেওঁ ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান চন্দ্ৰযান-১ৰ মুখ্য বিজ্ঞানী, এই অভিযানৰ পৰিকল্পনা আৰু ৰূপায়ণতো তেওঁৰ ভূমিকা গুৰুত্বপূৰ্ণ, চন্দ্ৰযান-২ লগতো তেওঁ জড়িত। বৰ্তমান তেওঁ ভৌতিক গৱেষণাগাৰ (Physical Research Laboratory)ৰ সঞ্চালক।
-
চি এন আৰ ৰাও
চিন্তামণি নাগেশা ৰামচন্দ্ৰ ৰাও (চি. এন. আৰ. ৰাও হিচাপে প্ৰখ্যাত; Chintamani Nagesa Ramachandra Rao; ಚಿಂತಾಮಣಿ ನಾಗೇಶ ರಾಮಚಂದ್ರ ರಾಯ; জন্ম: ৩০ জুন ১৯৩৪) হৈছে এজন বিখ্যাত ভাৰতীয় ৰসায়নবিজ্ঞানী। তেওঁ মুখ্যতঃ কঠিন-অৱস্থা আৰ গাঁথনিক ৰসায়ন (structural chemistry) বিষয়ত কৰ্মৰত।
-
শংখ ঘোষ
শংখ ঘোষ (Shankha Ghosh, জন্ম: চিত্তপ্ৰিয় ঘোষ, ৫ ফেব্ৰুৱাৰী ১৯৩২ – ২১ এপ্ৰিল ২০২১) হ'ল এজন ভাৰতীয় কবি আৰু সমালোচক। ১৯৫১ চনত তেওঁ কলিকতাৰ প্ৰেচিডেন্সী কলেজৰপৰা পূৰ্ব স্নাতক ডিগ্ৰী আৰু ১৯৫৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।
-
নৱনীতা দেৱ সেন
নৱনীতা দেৱ সেন (Nabaneeta Dev Sen; ১৩ জানুৱাৰী ১৯৩৮ – ৭ নবেম্বৰ ২০১৯) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু লেখক আছিল। কলা আৰু তুলনামূলক সাহিত্য অধ্যয়ন কৰাৰ পিছত অধিক অধ্যয়নৰ বাবে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাত্ৰা কৰে।
-
জয়ন্তী চুতীয়া
জয়ন্তী চুতীয়া (Joyanti Chutia) এগৰাকী অসমীয়া বিজ্ঞানী আৰু জনপ্ৰিয় বিজ্ঞানৰ লেখিকা। ১৯৪৮ চনৰ ১ আগষ্টত শিৱসাগৰ জিলাত আমগুৰিত তেওঁৰ জন্ম হয়। তেওঁৰ মাতৃৰ নাম কুঞ্জলতা আৰু পিতৃ সোণাৰাম চুতীয়া।
-
জয়ন্ত নাৰ্লিকাৰ
জয়ন্ত বিষ্ণু নাৰ্লিকাৰ (১৯ জুলাই, ১৯৩৮ - ২০ মে', ২০২৫) হ'ল এজন ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী। ইংৰাজী জ্যোতিৰ্বিজ্ঞানী ছাৰ ফ্ৰেড হইলৰ সৈতে জয়ন্ত নাৰ্লিকাৰে মহাকৰ্ষণৰ এটি নতুন তত্ত্বৰ আৱিষ্কাৰ কৰিছে যাক হইল-নাৰ্লিকাৰ তত্ত্ব বুলি কোৱা হয়।
-
ভূপেন্দ্ৰ নাথ গোস্বামী
ভূপেন্দ্ৰ নাথ গোস্বামী (জন্ম ১ আগষ্ট, ১৯৫০ চন) এগৰাকী ভাৰতীয় বতৰবিজ্ঞানী, Indian Institute of Tropical Meteorology (IITM) ৰ প্ৰাক্তন ডিৰেক্টৰ আৰু Indian Institute of Science Education and Research ৰ এগৰাকী অধ্যাপক৷ তেওঁ ভাৰতৰ মৌচুমী জলবায়ুৰ ওপৰত কৰা গৱেষণাৰ বাবে প্ৰসিদ্ধ৷ ড৹ গোস্বামী ভাৰতৰ…
-
এম. কে. বিনোদিনী দেৱী
মহাৰাজ কুমাৰী বিনোদিনী দেৱী চমুকৈ এম. কে. বিনোদিনী দেৱী (M. K. Binodini Devi, ৬ ফেব্ৰুৱাৰী ১৯২২ - ১৭ জানুৱাৰী ২০১১) এগৰাকী ভাৰতীয় ঔপন্যাসিক, চুটিগল্প লেখক, নাট্যকাৰ তথা চিত্ৰনাট্যকাৰ। তেওঁ মণিপুৰ ৰাজপৰিয়ালৰ সদস্য আছিল। তেওঁৰ গ্ৰন্থ সমূহত কেৱল বিনোদিনী দেৱী নাম ব্যৱহাৰ কৰে।
-
ধীৰাজ বৰা
ড° ধীৰাজ বৰা (Dhiraj Bora, ৩০ ছেপ্টেম্বৰ ১৯৫১ - ১৯ জুন ২০২১) এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী, শিক্ষাবিদ তথা অধ্যাপক আছিল। প্লাজমা বিজ্ঞানী হিচাপে বিখ্যাত ড° বৰা গুজৰাটৰ গান্ধীনগৰত অৱস্থিত প্লাজমা গৱেষণা প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক আছিল।
-
পুষ্পা ভূঞা
পুষ্পা ভূঞা (১৯৪৬–২০১৫) এগৰাকী ভাৰতীয় নৃত্যশিল্পী। তেওঁ মূলতঃ ভাৰতনাট্যম আৰু সত্ৰীয়া নৃত্য চৰ্চা কৰিছিল। তেওঁৰ অনবদ্য অৱদানৰ বাবে ভাৰত চৰকাৰে ২০০২ চনত তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।
-
ৰমেশ চন্দ্ৰ ডেকা
ৰমেশ চন্দ্ৰ ডেকা(Ramesh Chandra Deka) এগৰাকী প্ৰখ্যাত চকু,নাক আৰু কাণ বিশেষজ্ঞ তথা সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, নতুন দিল্লীৰ প্ৰাক্তন সঞ্চালক। ভাৰতবৰ্ষত 'cochlear implant surgery'ৰ প্ৰৱৰ্ত্তনৰ ক্ষেত্ৰত তেওঁ অন্যতম পথপ্ৰদৰ্শক।
-
অমিতা মালিক
অমিতা মালিক (Amita Malik, ১৯২১ - ২০ ফেব্ৰুৱাৰী ২০০৯) এগৰাকী ভাৰতীয় মিডিয়া সমালোচক। টাইম আলোচনীয়ে তেওঁক ভাৰতৰ "আটাইতকৈ বিশিষ্ট চলচ্চিত্ৰ আৰু টেলিভিছন সমালোচক" বুলি বৰ্ণনা কৰিছিল আৰু "ভাৰতীয় মাধ্যমৰ প্ৰথম মহিলা" আৰু "ভাৰতৰ সৰ্বশ্ৰেষ্ঠ জনাজাত চিনেমা বৰ্ণনাকাৰী" বুলি অভিহিত কৰিছিল।