অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

যোৰহাট জিলাৰ পৰিবহণ

যোৰহাট হৈছে উজনি অসমৰ এখন উল্লেখযোগ্য ঠাই। আহোমসকলৰ দিনৰ পৰাই এই অঞ্চলত বহুতো পথ নিৰ্মাণ কৰা হৈছিল। ধোদৰ আলি, চেউনী আলি, মালৌ আলি হৈছে ইয়াৰ উদাহৰণ। ইংৰাজ সকলে ইয়াত ৰেলগাড়ীৰ প্ৰৱৰ্তন কৰে। বেপাৰৰ বাবেই তেওঁলোকে ৰেল প্ৰৱৰ্তন কৰিছিল। ককিলামুখ ঘাটটো তৰাং হোৱাত ইংৰাজসকলেই নিমাতীঘাট নিৰ্মাণ কৰিছিল।

হালনাগাদ: ১৪ জানুৱাৰী ২০২৪ ৫১৩ শব্দ · ৩ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

যোৰহাট হৈছে উজনি অসমৰ এখন উল্লেখযোগ্য ঠাই। আহোমসকলৰ দিনৰ পৰাই এই অঞ্চলত বহুতো পথ নিৰ্মাণ কৰা হৈছিল। ধোদৰ আলি, চেউনী আলি, মালৌ আলি হৈছে ইয়াৰ উদাহৰণ। ইংৰাজ সকলে ইয়াত ৰেলগাড়ীৰ প্ৰৱৰ্তন কৰে। বেপাৰৰ বাবেই তেওঁলোকে ৰেল প্ৰৱৰ্তন কৰিছিল। ককিলামুখ ঘাটটো তৰাং হোৱাত ইংৰাজসকলেই নিমাতীঘাট নিৰ্মাণ কৰিছিল। ইয়াৰোপৰি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁলোকেই যোৰহাট বিমানবন্দৰটো নিৰ্মাণ কৰিছিল।

পথ

ইতিহাস

যোৰহাটৰ প্ৰথম পকী পথটো আছিল ব্ৰিটিছে সজোৱা নগৰৰ মধ্যভাগৰ পৰা জিমখানা ক্লাব সংলগ্ন ক্লাব ৰ'ড।১ তলৰ তালিকাখনত আহোমে বন্ধা কেইটামান পথৰ তথ্য দিয়া হৈছে:

পথৰ নামনিৰ্মাণ কালৰাজত্বমন্তব্য
চেউনী আলি (এ. টি. ৰ'ড)১৬৫০স্বৰ্গদেউ জয়ধ্বজ সিংহযোৰহাটৰ পৰা গৌৰীসাগৰ ৪৮ কি:মি: বাদুলী বৰফুকনে গঢ়াইছিল.
ধোদৰ আলি১৬৮১-১৬৯৫স্বৰ্গদেউ চ্যু-পাত-ফাকমাৰগাঁৱৰ পৰা মৰিয়নি চুই জয়পুৰলৈ মুঠ দৈৰ্ঘ্য ২১১ কি:মি:
খৰিকটীয়া১৬৯৬-১৭১৪স্বৰ্গদেউ চুখ্ৰংফাখৰিকটীয়াৰ পৰা তিতাবৰ
ম'হবন্ধা আলি১৭৯৫-১৮১০স্বৰ্গদেউ চুক্লিংফাযোৰহাটৰ পৰা ম'হবন্ধা
কমাৰবন্ধা১৭৯৫-১৮১০স্বৰ্গদেউ কমলেশ্বৰ সিংহযোৰহাটৰ পৰা কমাৰবন্ধা
মালৌ আলি১৭৫১-১৭৬৯স্বৰ্গদেউ কমলেশ্বৰ সিংহদিচৈৰ পৰা বচা
সুসন্দেবন্ধা আলি? (Susandebandha Ali)১৭৯৫-১৮১০স্বৰ্গদেউ কমলেশ্বৰ সিংহযোৰহাটৰ ভিতৰত
চোলাধৰা আলি১৭৯৫-১৮১০স্বৰ্গদেউ কমলেশ্বৰ সিংহযোৰহাটৰ ভিতৰত
বৰপাত্ৰ আলি১৭৯৫-১৮১০স্বৰ্গদেউ কমলেশ্বৰ সিংহজগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ সম্মুখেৰে যোৱা পথ
ন-আলি১৭৯৬স্বৰ্গদেউ কমলেশ্বৰ সিংহযোৰহাটৰ পৰা তিতাবৰ

বৰ্তমানৰ পথ পৰিবহণ

আন্তঃৰাজ্যিক বাছ আস্থান যোৰহাটৰ কটকীপুখুৰীত আন্তঃৰাজ্যিক বাছ আস্থানটো অৱস্থিত। ২০১১ চনৰ ১৪ ফেব্ৰুৱাৰীত এই আস্থানটো অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উদ্বোধন কৰিছিল। এই আস্থানটোৰ পৰা অসম তথা উত্তৰ-পূব ভাৰতৰ আন আন ৰাজ্যলৈ দৈনিক চৰকাৰী আৰু বেচৰকাৰী বাছ-চলাচল কৰে।

উল্লেখযোগ্য পথ

  • ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত): ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, চমুকৈ NH 37 এটা ভাৰতৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথ। এই পথটোৱে যোৰহাট নগৰৰ মাজেৰে অতিক্ৰম কৰিছে। পথটোৰ মুঠ দৈৰ্ঘ্য হৈছে ৬৮০ কিলোমিটাৰ।২ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা ৩১ বি নং ৰাষ্ট্ৰীয় ঘাইপথ নামেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰম্ভ হৈছে। ই গোৱালপাৰাত ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে গোটেই অসমজুৰি বিস্তৃত হৈ আছে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো গুৱাহাটী (ইয়াৰপৰা ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা শাখা শ্বিলংলৈ গৈছে), নগাঁও (ইয়াৰপৰা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা শাখা ডিমাপুৰলৈ গৈছে), যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া মাজেদি পাৰ হৈ গৈছে। ইয়াৰ উপৰিও অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি পাৰ হৈ গৈছে।
  • ধোদৰ আলি: ধোদৰ আলি পথটো গোলাঘাট জিলাৰ কমাৰগাঁৱৰ পৰা দক্ষিণ-পূৱলৈ গৈ গোলাঘাট নগৰৰ মাজেদি কমাৰ-বন্ধা হৈ তিতাবৰ মহকুমা, মৰিয়নি মাজেৰে নামৰূপৰ ওচৰৰ জয়পুৰত সংযুক্ত হৈছে৩। এই আলিটোৰ দৈৰ্ঘ্য প্ৰায় ২১২ কিঃমিঃ।৩ এই পথটো উজনি অসমৰ চাৰিখন জিলাৰ মাজেৰে পাৰ হৈ গৈছে। কথিত আছে যে, ৰজাঘৰীয়া দায়িত্বৰপৰা হাত সাৰিবৰ বাবে ধোদৰ ভাও ধৰা গোঁসাই আৰু ভকতক ধৰি আনি এই পথটো সজোৱা হৈছিল। সেয়ে এই পথটোৰ নাম ধোদৰ আলি দিয়া হয়৪। ১৬৮১-১৬৯৫ চনৰ সময়ছোৱাত আহোম চাওফা চ্যু-পাত-ফাৰ দিনত এই আলিবাটটো নিৰ্মাণ কৰা হৈছিল৩। পিছলৈ আহোম ৰজা চুচেংফাই পথটোত ড'ৰিকা নদীৰ ওপৰত এখন দলং নিৰ্মাণ কৰোৱায়। দলংখন ৯০৪ ফুট দীঘল (২৭৬ মিটাৰ), ১৮ ফুট বহল (৪.৯ মিটাৰ), আৰু ১৬ ফুট ওখা (৪.৯ মিটাৰ)। ড'ৰিকাৰ দলংখনে শিৱসাগৰক ওচৰৰ সোণাৰি নগৰৰ লগত সংযোগ কৰিছে।৫

ৰেলপথ

ৰেলৰ ইতিহাস

১৮৮৪ চনত যোৰহাটত ইংৰাজ চৰকাৰে এখন সৰুফুটীয়া ৰেলগাড়ী চলোৱাৰ কাম আৰম্ভ কৰিছিল। ১৮৮৪ চনৰ ৯ ডিচেম্বৰৰ দিনা মঙ্গলবাৰে যোৰহাটৰ পৰা ককিলামুখলৈ ৰেলগাড়ীখন চলোৱা হৈছিল।৬ সেই সময়ৰ উপায়ুক্ত ক্লাৰ্ক চাহাবৰ ডায়েৰীত শুভাৰম্ভ উৎসৱৰ কথা বিষদভাৱে পোৱা যায়। এই ৰেলখন চলোৱাৰ প্ৰধান উদ্দেশ্য আছিল – যোৰহাটৰ কাষত থকা চাহ-বাগিচাবিলাকৰ পৰা চাহৰ বাকচ চালান দিয়া। প্ৰথমতে ৰেলখনৰ নাম ‘ষ্টেট ৰেল’ ৰখা হৈছিল। পাছত নাম সলনি কৰি ‘যোৰহাট প্ৰভিঞ্চিয়েল ৰে’লৱে’’ কৰা হৈছিল।৬ ১৯২৭ চনত এই ৰেলগাড়ীখন চলোৱাৰ দায়িত্ব ‘ৰিভাৰ ষ্টিম নেভিগেচন’ কোম্পানীয়ে লৈছিল। এই ৰেলখনৰ ডবা যোৰা দিয়া কপ্‌লিং ডাল প্ৰায়ে চিগি বাটত ডবা ৰৈ থাকিব লগা হৈছিল। সেয়ে যোৰহটীয়া ৰাইজৰ মাজত এই ৰেলখন ‘কপ্‌লিং চিগা ৰেল’ বুলি জনাজাত আছিল। প্ৰথম অৱস্থাত ৰেলপথ নগৰৰ ভোগদৈ নদীৰ বৰদলঙৰ কাষেদি বড়িগাঁৱত প্ৰৱেশ কৰিছিল। এই পথ একা-বেকি কাৰণে, এটা নতুন ৰেলপথ ফাঁচী আলিৰ কাষেদি খোলা হৈছিল। চেউনি আলিৰ অলপ দূৰত ভোগদৈৰ ওপৰত এখন নতুন দলং সাজি এই পথটো নিৰ্মাণ কৰা হৈছিল।৬

বৰ্তমানৰ ৰেল পৰিবহণ

যোৰহাট জিলাৰ ৰেল সংযোগ ভাৰতীয় ৰে’লৰ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অন্তৰ্গত। নগৰৰ ভিতৰত যোৰহাট টাউন ৰেল ষ্টেচন আনহাতে কিছু আঁতৰত মৰিয়নি জংচন আৰু তিতাবৰ ষ্টেচন আছে।

যোৰহাট টাউন ৰেল ষ্টেচন যোৰহাট নগৰৰ মাজ-মজিয়াতে যোৰহাট টাউন ৰেল ষ্টেচন অৱস্থিত। যোৰহাট আৰু গুৱাহাটীৰ মাজত চলাচল কৰা জনশতাব্দী এক্সপ্ৰেছ এই ষ্টেচনৰ পৰাই যাত্ৰা আৰম্ভ কৰে। গুৱাহাটী-যোৰহাট জন শতাব্দী এক্সপ্ৰেছ, গুৱাহাটী-যোৰহাট-ডিব্ৰুগড় ইণ্টাৰচিটি এক্সপ্ৰেছ আৰু গুৱাহাটী-যোৰহাট-মৰিয়নি ইণ্টাৰচিটি এক্সপ্ৰেছ হৈছে প্ৰধান ৰেল সংযোগ।

মৰিয়নি জংচন যোৰহাট নগৰৰ পৰা প্ৰায় ১৭ কিঃমিঃ আঁতৰত মৰিয়নি জংচন ৰেল ষ্টেচন অৱস্থিত। তদুপৰি ৰাজধানী এক্সপ্ৰেছ, কামৰূপ এক্সপ্ৰেছ, ব্ৰহ্মপুত্ৰ মেইল আদি বহুতো গুৰুত্বপূৰ্ণ ৰেল এই জংচনৰ মাজেদি চলাচল কৰে।

জলপথ

ইতিহাস

ককিলামুখ ঘাট ককিলামুখত পূৰ্বতে এটা জাহাজ ঘাট আছিল।৭ ১৮৪৭ চনতে ব্ৰহ্মপুত্ৰ নদীয়েদি ভাপ জাহাজ অসমলৈ আহিছিল। কিন্তু জাহাজ অহাৰ কোনো নিৰ্দিষ্ট সময় নাছিল। মিল্‌চ চাহাবৰ হাতত ‘অসাম কোম্পানী’য়ে প্ৰতি মাহতে জাহাজ আনিবলৈ অনুৰোধ কৰি এখন আৰ্জ্জি দিছিল। ১৮৮৩ চনৰ পৰা, ‘ৰিভাৰ ষ্টিম নেভিগেচন’ আৰু ‘ইণ্ডিয়া ষ্টিম নেভিগেচন’ কোম্পানীয়ে জাহাজ চলাবলৈ লৈছিল।৭ জাহাজ নিয়মীয়াকৈ চলিবলৈ লোৱাত যোৰহাটৰ পৰা গুৱাহাটীলৈ যোৱা সহজ হৈ পৰিছিল।৮

নিমাতি ঘাট নিৰ্মাণ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ককিলামুখ জাহাজ ঘাটেদি যুদ্ধৰ সামগ্ৰী, তেল, খাদ্যবস্তু আনিব লগা হৈছিল। ককিলামুখ জাহাজ ঘাটটো তৰাং হৈ পৰাত, ওচৰতে মাটিৰে বন্ধাই এটা নতুন ঘাট নিৰ্মাণ কৰা হৈছিল। এইদৰে নতুন মাটি দি জাহাজ ঘাট বন্ধোৱাত বিহাৰী শ্ৰমিকবিলাকে এই ঘাটৰ কথা কওঁতে ‘নয়া মাটি ঘাট’ বুলি কৈছিল। এনেদৰে ঘাটটোৰ নাম ‘নয়ামাটি’ বা ‘নিয়ামাটি’ হৈ শেষত নিমাতি হ’লগৈ।৯

বৰ্তমানৰ জল পৰিবহণ

বৰ্তমান নিমাতী ঘাট হৈছে যোৰহাট জিলাৰ এটা ব্যস্ত ঘাট। ইয়াৰ পৰাই দৈনিক মাজুলীলৈ ফেৰী চলাচল কৰে। ফেৰীয়ে হৈছে মাজুলীৰ পৰা যোৰহাটলৈ অহা-যোৱা কৰাৰ একমাত্ৰ মাধ্যম।

বিমানপথ

ইতিহাস

প্ৰথম বিমান অৱতৰণ ১৯২৮-২৯ চনত যোৰহাট জিমখানা ক্লাবত প্ৰথমবাৰৰ বাবে এখন উৰাজাহাজ অৱতৰণ কৰিছিল। এইখন বাৰ্নাড্‌ লেটি নামৰ এজন চাহাবৰ নিজা উৰণীয়া জাহাজ আছিল। এইখন সেইসময়ত কলিকতালৈ যাত্ৰী নিবৰ বাবে অনা হৈছিল।১০

ৰৰৈয়া বিমানঘাটি নিৰ্মাণ যোৰহাটত বিমানঘাটি পতাৰ প্ৰধান কাৰণ আছিল দ্বিতীয় বিশ্বযুদ্ধ। ১৯৩৯ চনৰ ছেপ্তম্বৰ মাহত জাপানী সেনা বাহিনীয়ে ব্ৰহ্মদেশ অতিক্ৰম কৰি ভাৰতৰ দিশে অগ্ৰসৰ হৈছিল।১০ ভাৰতীয় আৰু ব্ৰিটিছ সেনা বাহিনীয়েও তৎপৰ হৈ উঠিছিল। ‘ৰয়েল এয়াৰ ফ’ৰ্চ’ আৰু ‘ইণ্ডিয়ান এয়াৰফ’ৰ্চ’ আহি ৰৰৈয়াৰ মাটিত অন্বেষণ কৰছিলহি। পকিমূৰি চাপৰিৰ মাটি বিমান ঘাটিৰ বাবে উপযুক্ত বুলি বিবেচনা কৰি জিলা কৰ্তৃপক্ষৰ যোগেদি মাটি অধিগ্ৰহণ কৰা হৈছিল। সেই সময়ত ৰৰৈয়াত মুৰলিধৰ বৰুৱাৰ বাগিচাৰ টকলা অংশটো বিমান ঘাটিৰ বাবে কিনি লোৱা হৈছিল। দ্বিতীয় মহাযুদ্ধৰ অগ্ৰগতিৰ লগে লগে ৰৰৈয়া বিমান ঘাটিৰো সম্প্ৰসাৰণ হ’ব ধৰিছিল। এই অঞ্চলৰ অসমীয়া পৰিয়ালৰ পৰা মাটি কিনি এই ঘাটিটো সম্প্ৰসাৰণ কৰা হৈছিল।১০

বৰ্তমানৰ বিমান পৰিবহণ

যোৰহাট বিমানবন্দৰ ৰৰৈয়া বিমানবন্দৰ হৈছে যোৰহাট নগৰৰ একমাত্ৰ বিমানবন্দৰ। যোৰহাট নগৰৰ পৰা প্ৰায় ৭ কিঃমিঃ দূৰত ৰৰৈয়া বিমানবন্দৰটো অৱস্থিত। যোৰহাটৰ পৰা নিয়মীয়াভাৱে গুৱাহাটী, কলিকতা, নতুন দিল্লী আদি ঠাইলৈ ইণ্ডিগ'ৰ বিমান চলাচল কৰে। ৰৰৈয়া বিমানবন্দৰৰ স্থানাংক হৈছে১১।

তথ্যসূত্ৰ

  1. ↑ List of Mediaeval Monuments Of Jorhat. N. F. Railway
  2. ↑ National Highways and their lengths. National Highways Authority of India
  3. ↑ List of Mediaeval Monuments Of Jorhat
  4. ↑ Muirhead Thomson, R. C. Assam Valley - Beliefs and Customs of the Assamese Hindus. পৃ. 77
  5. ↑ Kharkhuwa. (May 12, 2003). Sibsagar - Monuments of Unageing Intellect. IgoUgo
  6. ↑ ড॰ অমূল্য শৰ্মা. (জুন, ২০১৩). অতীত যোৰহাটৰ ৰেহৰূপ. শ্ৰী ৰাজ কুমাৰ দত্ত, প্ৰিণ্ট ৱৰ্ল্ড প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন, যোৰহাট. পৃ. ৬০, ৬১ পৃষ্ঠা
  7. ↑ ড॰ অমূল্য শৰ্মা. (জুন, ২০১৩). অতীত যোৰহাটৰ ৰেহৰূপ. শ্ৰী ৰাজ কুমাৰ দত্ত, প্ৰিণ্ট ৱৰ্ল্ড প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন, যোৰহাট. পৃ. ৫৭, ৫৮ পৃষ্ঠা
  8. ↑ বেণুধৰ শৰ্মা – ‘মণিৰাম দেৱান’ ১৯৫৬, পিঠি ১১৭
  9. ↑ ড॰ অমূল্য শৰ্মা. (জুন, ২০১৩). অতীত যোৰহাটৰ ৰেহৰূপ. শ্ৰী ৰাজ কুমাৰ দত্ত, প্ৰিণ্ট ৱৰ্ল্ড প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন, যোৰহাট. পৃ. ৭৭, ৭৮, ৭৯ পৃষ্ঠা
  10. ↑ ড॰ অমূল্য শৰ্মা. (জুন, ২০১৩). অতীত যোৰহাটৰ ৰেহৰূপ. শ্ৰী ৰাজ কুমাৰ দত্ত, প্ৰিণ্ট ৱৰ্ল্ড প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন, যোৰহাট. পৃ. ৮৩, ৮৪ পৃষ্ঠা
  11. ↑ ৰৰৈয়া বিমানবন্দৰৰ অৱস্থিতি

সম্পৰ্কিত শ্ৰেণী

যোৰহাট জিলাঅসমৰ পৰিবহণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যোৰহাট জিলাৰ পৰিবহণ” প্ৰবন্ধৰ সংশোধন ৪০২২০৫ (১৪ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।