অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

ধোদৰ আলি

ধোদৰ আলি (Sluggards' Road) পথটো গোলাঘাট জিলাৰ খুমটাই কমাৰগাঁৱৰ পৰা দক্ষিণ-পূৱলৈ গৈ গোলাঘাট নগৰৰ মাজেদি কমাৰ-বন্ধা হৈ তিতাবৰ, মৰিয়নি মাজেৰে নামৰূপৰ ওচৰৰ জয়পুৰত সংযুক্ত হৈছে। এই আলিটোৰ দৈৰ্ঘ্য প্ৰায় ২১২ কিঃমিঃ।

হালনাগাদ: ২৬ এপ্ৰিল ২০২৫ ৪৮ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

ধোদৰ আলি (Sluggards' Road) পথটো গোলাঘাট জিলাৰ খুমটাই কমাৰগাঁৱৰ পৰা দক্ষিণ-পূৱলৈ গৈ গোলাঘাট নগৰৰ মাজেদি কমাৰ-বন্ধা হৈ তিতাবৰ মহকুমা, মৰিয়নি মাজেৰে নামৰূপৰ ওচৰৰ জয়পুৰত সংযুক্ত হৈছে১। এই আলিটোৰ দৈৰ্ঘ্য প্ৰায় ২১২ কিঃমিঃ।১ এই পথটো উজনি অসমৰ চাৰিখন জিলা (গোলাঘাট, যোৰহাট, শিৱসাগৰ আৰু ডিব্ৰুগড়)ৰ মাজেৰে পাৰ হৈ গৈছে |

নামৰ উৎপত্তি

কথিত আছে যে, ৰজাঘৰীয়া দায়িত্বৰপৰা হাত সাৰিবৰ বাবে ধোদৰ ভাও ধৰা গোঁসাই আৰু ভকতক ধৰি আনি এই পথটো সজোৱা হৈছিল। সেয়ে এই পথটোৰ নাম ধোদৰ আলি দিয়া হয়২।

নিৰ্মাণ

১৬৮১-১৬৯৫ চনৰ সময়ছোৱাত আহোম চাওফা চ্যু-পাত-ফাৰ দিনত এই আলিবাটটো নিৰ্মাণ কৰা হৈছিল১। পিছলৈ আহোম ৰজা চুচেংফাই পথটোত ডৰিকা নদীৰ ওপৰত এখন দলং নিৰ্মাণ কৰোৱায়। দলংখন ৯০৪ ফুট দীঘল (২৭৬ মিটাৰ), ১৮ ফুট বহল (৪.৯ মিটাৰ), আৰু ১৬ ফুট ওখা (৪.৯ মিটাৰ)। ডৰিকাৰ দলংখনে শিৱসাগৰক ওচৰৰ সোণাৰি নগৰৰ লগত সংযোগ কৰিছে।৩

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ List of Mediaeval Monuments Of Jorhat
  2. ↑ Muirhead Thomson, R. C. Assam Valley - Beliefs and Customs of the Assamese Hindus. পৃ. 77
  3. ↑ Kharkhuwa. (May 12, 2003). Sibsagar - Monuments of Unageing Intellect. IgoUgo

সম্পৰ্কিত শ্ৰেণী

আহোম ৰাজ্যঅসমৰ পথসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধোদৰ আলি” প্ৰবন্ধৰ সংশোধন ৫০৪৩৯১ (২৬ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।