মৰিয়নি জংচন হৈছে যোৰহাট জিলাত অৱস্থিত এটা গুৰুত্বপূৰ্ণ ৰেল ষ্টেচন।
ইতিহাস
মৰিয়নিক ৰেলসেৱাই স্পৰ্শ কৰাৰ পিছতে কাটনীবাৰী অঞ্চলত ইংৰাজসকলে এটি জংচন পাতিছিল। প্ৰধানকৈ ককিলামুখৰ জাহাজঘাটলৈ চাহপাত কঢ়িওৱাৰ উদ্দেশ্যৰে এই জংচনটো স্থাপন কৰা হৈছিল। পৰৱৰ্তীকালত বৰ্তমানৰ স্থানলৈ অনা হয়।১ ১৮৮৫ চনত যোৰহাট প্ৰ'ভিন্সিয়েল ৰেল লাইনটি খোলাৰ পাছত মৰিয়নি ৰেল জংচনলৈ ৰূপান্তৰ হয়।২ তেতিয়াৰ হাবিতলীয়া মৰিয়নিক মূল ৰেলপথ আৰু ফৰকাটিং-মৰিয়নি বাঞ্চ লাইনে সামৰি লোৱা পিছতে ১৯৩৮ চনত মৰিয়নিত এটা ল'ক' শ্বেড স্থাপন কৰা হয়। কিন্তু কোনো কাৰণতে উক্ত ল'ক' শ্বেডটো কিছু বছৰৰ পাছতে বন্ধ হৈ যায় আৰু ঠাইখিনি পুনৰ হাবিয়ে ঘেৰি ধৰে। জনৈক ‘পাঠেক' উপাধিৰ জ্যেষ্ঠ ৰেলৱে পৰিদৰ্শক এজনে মৰিয়নিলৈ পৰিদৰ্শনৰ উদ্দেশ্য আহোতে হাবিৰ মাজত লুকাই পৰা শ্বেডটো দেখে আৰু ইয়াৰ সম্প্ৰসাৰণৰ বাবে পৰামৰ্শ আগবঢ়ায়। ফলত ১৯৪৪ চনত যোৰহাট প্ৰভিঞ্চিয়েল ৰে’লৱে’ৰ (জে.পি.আৰ) ৱৰ্কশ্বপটো মৰিয়নিলৈ তুলি অনা হয়। সেই চনতেই সৈন্যবাহিনীয়ে (১৩১-আই.আৰ.এম.চি) মৰিয়নিৰ সুবৃহৎ ল'ক' শ্বেডটো নিৰ্মাণ কৰি উলিয়ায়। ১৯৪৮ চনত ফৰকাটিঙৰ ল'ক' শ্বেডটোও চৈধ্যটা ভাপ ইঞ্জিনেৰে সৈতে মৰিয়নিলৈ তুলি অনা হয়। ইয়াৰ পূৰ্বে ইয়াত চাৰিটা চাণ্টাৰ ইঞ্জিনহে আছিল।১ সৰ্বমুঠ ওঠৰটাৰো অধিক ইঞ্জিনৰ হিচ্হিচনী আৰু উকিৰ শব্দই ৰেল নগৰীখনক অহৰ্নিশে মুখৰিত কৰি তুলিলে। ল'কছেদ স্থাপন কৰা পিছতেই মৰিয়নিত স্থাপিত হয় ৰেলৱেৰ গুৰুত্বপূৰ্ণ কেইবাটাও বিভাগ। ট্ৰেফিক, কেৰেজ, ট্ৰেইন লাইটিং, ট্ৰইন ক্লিনিং, দুটাকৈ অগ্নি নিৰ্পাপক কেন্দ্ৰ, পাৱাৰ হাউচ, ফিল্টাৰ হাউচ, ফিল্টাৰ হাউচ, উন্নত চিকিৎসালয়, টেলিফোন কাৰ্যালয় আদিত নিয়োজত কেইবাহাজাৰ ৰেলকৰ্মচাৰীৰ আবাসিক এলেকাৰূপে প্ৰায় দহখন ৰেলৱে কলনি গঢ় লৈ উঠে।১
বৰ্তমান
ব্যয় বহুলতা আৰু উৎপাদনহীনতাৰ বাবে ১৯৯৭ চনৰ ২৮ ফেব্ৰুৱাৰীত তিনিচুকীয়া ৰেলৱে ডিভিজনৰ বৃহত্তম ল'ক' শ্বেড – মৰিয়নি ল'ক' শ্বেডটো বন্ধ কৰি দিয়া হ'ল। এই জংচনৰ মাজেদি কেইবাখনো উল্লেখযোগ্য ৰেল চলাচল কৰে। ৰাজধানী এক্সপ্ৰেছ, ব্ৰহ্মপুত্ৰ মেইল, কামৰূপ এক্সপ্ৰেছৰ দৰে কেইবাখনো গুৰুত্বপূৰ্ণ ৰেল ইয়াত ৰয়।১
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ মনোজ কুমাৰ শৰ্মা, সম্পাদক: মুকুল বৰা. (২০০৬ চন). ৰেল নগৰী মৰিয়নি অতীত আৰু বৰ্তমান. জ্যোতিদৰ্পণ, যোৰহাট জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা. পৃ. ৪৬,৪৭,৪৮ পৃষ্ঠা
- ↑ প্ৰীতম কুমাৰ শইকীয়া, সম্পাদক: মুকুল বৰা. (২০০৬ চন). ইতিহাসৰ বুকুত মৰিয়নিৰ জন্ম পত্ৰিকা বিচাৰি. জ্যোতিদৰ্পণ, যোৰহাট জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা. পৃ. ৪৯, ৫০ পৃষ্ঠা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৰিয়নি জংচন ৰেল ষ্টেচন” প্ৰবন্ধৰ সংশোধন ২২৫৪৯৫ (৫ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।