অসমৰ পৰিবহণ
৬ প্ৰবন্ধ
-
আসাম বেংগল ৰে’লৱে
আসাম বেংগল ৰে’লৱে’ (Assam Bengal Railway, চমুকৈ ABR) ব্ৰিটিছ ভাৰতৰ আৰম্ভণি কালৰ এটা ৰে’লৱে’ কোম্পানী আছিল। বেংগল এণ্ড আসাম ৰে’লৱে’ৰ পূৰ্বসূৰী এই কোম্পানীটোৰ কাৰ্যকাল আছিল ১৮৯২ চনৰ পৰা ১৯৪২ চনলৈ।
-
অসম ৰাজ্যিক পৰিবহণ নিগম
অসম ৰাজ্যিক পৰিবহণ নিগম (Assam State Transport Corporation) হৈছে অসমৰ এটা পৰিবহণ সংস্থা। চমুকৈ ইয়াক এ. এছ. টি. চি. (ASTC) নামেৰে জনা যায়। ই সমগ্ৰ অসমৰ লগতে প্ৰতিৱেশী ৰাজ্যসমূহলৈ বাছ সেৱা আগবঢ়ায়। ৰাজ্যিক চৰকাৰৰ এটা বিভাগ হিচাপে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল।
-
ইষ্টাৰ্ণ বেংগল ৰেলৱে
ব্ৰিটিছ ভাৰতৰ ৰেলসেৱা "যদিও শিশু পৰ্যায়তেই আছিল, ঊনৈশ শতিকাৰ ভাৰতবৰ্ষৰ উন্নয়নত ৰেলৱেই এক মচিব নোৱাৰা সাঁচ বহুৱাইছিল। মহাদেশীয় দূৰত্বৰ দেশখনত ই তেতিয়াৰ দিনৰ অতুলনীয়া বেগত দূৰ-দূৰণিলৈ বৃহৎ পৰিমাণৰ যাত্ৰী আৰু সামগ্ৰী কঢ়িয়াই আধুনিক অৰ্থনৈতিক সম্প্ৰসাৰণৰ ভেটী নিৰ্মাণ কৰিছিল।
-
যোৰহাট জিলাৰ পৰিবহণ
যোৰহাট হৈছে উজনি অসমৰ এখন উল্লেখযোগ্য ঠাই। আহোমসকলৰ দিনৰ পৰাই এই অঞ্চলত বহুতো পথ নিৰ্মাণ কৰা হৈছিল। ধোদৰ আলি, চেউনী আলি, মালৌ আলি হৈছে ইয়াৰ উদাহৰণ। ইংৰাজ সকলে ইয়াত ৰেলগাড়ীৰ প্ৰৱৰ্তন কৰে। বেপাৰৰ বাবেই তেওঁলোকে ৰেল প্ৰৱৰ্তন কৰিছিল। ককিলামুখ ঘাটটো তৰাং হোৱাত ইংৰাজসকলেই নিমাতীঘাট নিৰ্মাণ কৰিছিল।
-
গুৱাহাটী মেট্ৰ' লাইট
গুৱাহাটী মেট্ৰ' লাইট (Guwahati Metro Lite) হৈছে ভাৰতৰ অসম ৰাজ্যৰ সৰ্ববৃহৎ চহৰ গুৱাহাটীৰ বাবে প্ৰস্তাৱিত দ্ৰুতগামী পৰিবহণ ব্যৱস্থা। প্ৰথম পৰ্য্যায়ত চাৰিাটা কৰিড'ৰযুক্ত এই ছিষ্টেমটোৰ মুঠ দৈৰ্ঘ্য হ'ব ৬১.৪২ কিঃমিঃ।
-
গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰোপৱে’
গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰোপৱে’ই গুৱাহাটী মহানগৰীৰ কাছাৰীৰ পৰা ব্ৰহ্মপুত্ৰৰ ওপৰেৰে উত্তৰ গুৱাহাটীক সংযোগ কৰিছে। ইয়াৰ দৈৰ্ঘ্য হৈছে ২ কিলোমিটাৰ। গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ পাৰাপাৰ হ’বলৈ প্ৰয়োজন হ’ব ৭ মিনিট। এইটো ভাৰতৰ আটাইতকৈ দীঘল নদী ৰোপৱে’ বুলি স্বীকৃত হৈছে।