অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

মৰিয়নি

মৰিয়নি (Mariani) অসমৰ যোৰহাট জিলাত অৱস্থিত এখন ঠাই।

হালনাগাদ: ১ আগষ্ট ২০২৬ ৩১৯ শব্দ · ২ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

মৰিয়নি (Mariani) অসমৰ যোৰহাট জিলাত অৱস্থিত এখন ঠাই।

ইতিহাস

ইতিহাসৰ পাতত মৰিয়নিৰ কথা উল্লেখ পোৱা নাযায়। ১৮২৮ ৰ পৰা ১৮৮৩ চন পৰ্যন্ত নিৰ্ভৰযোগ্য তথ্যৰ অভাৱত মৰিয়নিৰ ইতিহাস এতিয়াও সম্পূৰ্ণ পোহৰলৈ অহা নাই। মৰিয়নিৰ গুৰুত্ব বাঢ়ে কেৱল ৰেল চলাচলৰ বাবে।১

নামৰ উৎপত্তি

সময়ে সময়ে বিভিন্ন জনে মৰিয়নি নামৰ উৎপত্তিৰ সন্দৰ্ভত বিভিন্ন মত আগবঢ়াই আহিছে। এই বিষয়ৰ আটাইতকৈ নিৰ্ভৰযোগ্য যুক্তিটো হ’ল – ব্ৰিটিছ শাসন কালত পাহাৰৰ নগা সকলে এই সমতল অঞ্চললৈ নামি আহে আৰু ইয়াতে জিৰণি লৈ ভৈয়ামৰ লোকৰ সৈতে বয়-বস্তু সাল সলনি কৰে। সেয়ে কোনো নগা দোৱানৰ শব্দটো আছিল মৈৰাণ বা মেৰাণ। অৰ্থটো সাল-সলনি কৰা ঠাই। সেই শব্দটিয়েই মোট সলাই মৰিয়নি হ’ল। স্বাধীনতা যুঁজাৰু ভুৱন মোহন বুঢ়াগোহাঁই ডাঙৰীয়াৰ মতে বৰ্তমানৰ মৰিয়নিৰ অঞ্চলটোত সেই সময়ত অটব্য অৰণ্য আছিল। এই অঞ্চলৰ সীমাত থকা পুখুৰীয়া বচা গাঁৱৰ মানুহে বিভিন্ন কাৰণত এই হাবি বননি কাটিছিল। এই হাবি মৰি শুকাই যোৱাৰ পাছত এই ঠাইক ‘মৰানি’ বুলিছিল। পাছলৈ মুখে মুখে বাগৰি ‘মৰিয়নি’লৈ পৰিৱৰ্তন হ’ল।১ আনহাতে ধ্বনি কৰি বিনন্দ চন্দ্ৰ বৰুৱাৰ মতে দিচৈ নৈৰ (বৰ্তমানৰ ভোগদৈ) পাৰৰ এই হাবি বননিৰে আগুৰা ঠাইডোখৰ পুখুৰীয়া গাঁৱৰ। এক প্ৰান্তত সীমা মূৰিয়াল অৱস্থিত। এই সীমা মূৰিয়াল শব্দটোৰেই পাছলৈ অপভ্ৰংশ হৈ মৰিয়নি নামৰ সৃষ্টি হৈছিল। আন এক প্ৰবাদ মতে, এসময়ত ভোগদৈ নৈখনে ইয়াৰ পূৰ্বৰ গতিপথ সলনি কৰি নতুন দিশেৰে গতি কৰিছিল। পুৰণি গতিপথটো হেনো মৰিয়নি নগৰৰ মাজেদি গৈ বৰ্তমান মৰিয়নি জংচনৰ পাছফালেদি বৈ গৈছিল। নদীয়ে গতিপথ সলনি কৰাত এই এৰা সুঁতিটোক মৰিনৈ বুলি মানুহে মুখে মুখে কৈছিল আৰু এই মৰিনৈয়েই শেষলৈ মৰিয়নি হ’লগৈ বুলি বহুতেই ক’ব খোজে। কিন্তু ভূ-তাত্ত্বিক দিশৰ পৰা চালে দেখা যায় যে নদীয়ে এৰি থৈ যোৱা মাটিত পলসৰ পৰিমাণ বেছি হব যিটো মৰিয়নিৰ মাটিত পোৱা নাযায়। তদুপৰি ভূ-বিজ্ঞানৰ মতে নদীয়ে সাধাৰণতে গতিপথ ভূমিকম্প বা প্ৰাকৃতিক দুৰ্যোগৰ ফলতহে সলনি কৰে। কিন্তু অসমত ১৮৯৭ আৰু ১৯৫০ চনৰ বাদে বৰ ভূইকঁপ হোৱা নাই বাবে এই নদীয়ে গতিপথ সলনি কৰাৰ সম্ভাৱনা তেনেই কম। সেয়ে এই যুক্তিটোত সন্দেহৰ অৱকাশ আছে।১

ভৌগোলিক বিৱৰণ

ভৌগোলিকভাৱে মৰিয়নি ত অৱস্থিত।২ এই অঞ্চলৰ সাগৰৰ পৰা গড় উচ্চতা ১৫৫ মিটাৰ (৫০৮ ফুট)। এই টাউনখন যোৰহাট ৰে'লৱে ষ্টেচনৰ পৰা ১৭.৫ কিমি দুৰত্বত অৱস্থিত। ই নাগালেণ্ডৰ সীমান্তবৰ্ত্তী অঞ্চল।

আন্ত:গাঁথনি

মৰিয়নি ২০১১ চনৰ লোকপিয়ল অনুসৰি, মৰিয়নিৰ মুঠ জনসংখ্যা ২৩,০৬৫ জন।৩ ইয়াৰে ৫৪% পুৰুষ আৰু ৪৬% মহিলা। মৰিয়নিৰ জনসংখ্যাৰ ১২% ছয় বছৰ বয়সৰ অনুৰ্ধৰ।

যাতায়ত ব্যৱস্থা

মৰিয়নিক ধোদৰ আলিয়ে অন্য অংশৰ সৈতে সংযোজিত কৰিছে। মৰিয়নিৰ পৰা নিকটবৰ্ত্তী বিমানবন্দৰটো হৈছে যোৰহাটৰ যোৰহাট বিমানবন্দৰ। এই অঞ্চলটো মৰিয়নি ৰে'লৱে ষ্টেচনৰ জৰিয়তে দেশৰ অন্য অংশৰ সৈতে সংযোজিত।

শিক্ষা

মৰিয়নিত ভালসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে। ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল-

বিদ্যালয়

  • চেইণ্ট এন্থনি উচ্চ মাধ্যমিক বিদ্যালয়
  • মৰিয়নী মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • এডিথ ডগলাছ উচ্চ মাধ্যমিক বিদ্যালয়
  • আদৰ্শ হিন্দী বিদ্যালয়
  • মৰিয়নি উচ্চ মাধ্যমিক বিদ্যালয়
  • মৰিয়নি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়
  • লিটল ষ্টাৰ স্কুল
  • বংশীগোপাল উচ্চ মাধ্যমিক বিদ্যালয়
  • পাৰিজাত জাতীয় বিদ্যালয়
  • মৰিয়নি জাতীয় বিদ্যাপীঠ
  • ৰেলৱে হাইস্কুল, মৰিয়নি

মহাবিদ্যালয়

  • মৰিয়নি মহাবিদ্যালয়

ৰাজনীতি

মৰিয়নি ১০১ নং মৰিয়নী বিধান সভা সমষ্টি তথা ১৪ নং যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ৷৪

উল্লেখযোগ্য ঠাই

উল্লেখযোগ্য ব্যক্তি

  • প্ৰশান্ত হাজৰিকা, বিশিষ্ট নাট্যকৰ্মী, হেঙুল থিয়েটাৰৰ জন্মদাতা
  • ইলা কাকতি, অভিনেত্ৰী, বিশিষ্ট নাট্যকৰ্মী, হেঙুল থিয়েটাৰৰ জন্মদাতা
  • ভৱকৃষ্ণ গোস্বামী, শ্ৰীশ্ৰী বৰএলেঙ্গী সত্ৰৰ সত্ৰাধিকাৰ, বিশিষ্ট সত্ৰীয়া সাধক, অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ

তথ্যসূত্ৰ

  1. ↑ প্ৰীতম কুমাৰ শইকীয়া, সম্পাদক: মুকুল বৰা. (২০০৬ চন). ইতিহাসৰ বুকুত মৰিয়নিৰ জন্ম পত্ৰিকা বিচাৰি. জ্যোতিদৰ্পণ, যোৰহাট জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা. পৃ. ৪৯,৫০ পৃষ্ঠা
  2. ↑ Falling Rain Genomics, Inc - Mariani
  3. ↑ Population Finder. Censusindia.gov.in
  4. ↑ List of Parliamentary & Assembly Constituencies. Assam. Election Commission of India

সম্পৰ্কিত শ্ৰেণী

অসমৰ নগৰ-মহানগৰযোৰহাট জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৰিয়নি” প্ৰবন্ধৰ সংশোধন ৬২২৪১৮ (১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।