অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰিয়ংকা চোপ্ৰা

প্ৰিয়ংকা চোপ্ৰা (Priyanka Chopra; জন্ম: ১৮ জুলাই ১৯৮২) এগৰাকী ভাৰতীয় অভিনেত্ৰী। অভিনয় জগতত খোজ পেলোৱাৰ আগতে তেওঁ মডেল হিচাপে কাম কৰে আৰু ২০০৮ চনত মিছ ৱৰ্ল্ড খিতাপ জয় কৰি জনপ্ৰিয়তা লাভ কৰে। বৰ্তমানলৈকে তেওঁ এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু চাৰিটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৩,২৭৯ শব্দ · ১৮ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

প্ৰিয়ংকা চোপ্ৰা (Priyanka Chopra; জন্ম: ১৮ জুলাই ১৯৮২) এগৰাকী ভাৰতীয় অভিনেত্ৰী।১২৩ অভিনয় জগতত খোজ পেলোৱাৰ আগতে তেওঁ মডেল হিচাপে কাম কৰে আৰু ২০০৮ চনত মিছ ৱৰ্ল্ড খিতাপ জয় কৰি জনপ্ৰিয়তা লাভ কৰে।৪ বৰ্তমানলৈকে তেওঁ এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু চাৰিটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।

তামিল ছবি থামিজানেৰে (Thamizhan­) ছবিজগতত পদাৰ্পন কৰি তেওঁ "দা হিৰো" (২০০৩)ৰ জৰিয়তে বলীউডত অভিষেক ঘটাই আৰু তাৰ পিছত হিন্দী চলচ্চিত্ৰ "অন্দাজ"ত অভিনয় কৰে যাৰ বাবে তেওঁ ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ বঁটা লাভ কৰে। তাৰ পিছত তেওঁ এতৰাজ, মুঝছে শাদী কৰোগী (২০০৪), ক্ৰিশ্ব (২০০৬), ডন (২০০৬) আদি চলচ্চিত্ৰত অভিনয় কৰি সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰে। ২০০৮ চনত তেওঁৰ কেৰিয়াৰে এক নতুন মোৰ লয় যেতিয়া তেওঁ ফেশ্বন ছবিত অভিনয় কৰি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। তাৰ পিছত তেওঁ কমিনে (২০০৯), হোৱাট্‌ছ ইয়'ৰ ৰাছী (২০০৯) আৰু ৭ খুন মাফ (২০১১)ত অভিনয় কৰে যাৰ বাবে তেওঁ ফিল্মফেয়াৰ সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰে। এনেকৈয়ে তেওঁ বলীউডত এক শীৰ্ষমানৰ প্ৰতিভাৱান অভিনেত্ৰী হিচাপে পৰিগণিত হৈছে।৫৬৭

চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও তেওঁ দূৰদৰ্শন আৰু মঞ্চতো অভিনয় কৰিছে। ভাৰতৰ ৰাষ্ট্ৰীয় সংবাদপত্ৰত স্তম্ভ লিখনৰ উপৰিও তেওঁ দান-বৰঙনিমূলক কামতো জড়িত। তেওঁক ভাৰতৰ সবাতোকৈ জনপ্ৰিয় চেলিব্ৰেটীসমূহৰ ভিতৰত এগৰাকী হিচাপে আখ্যা দিয়া হয়। ২০১১ চনত তেওঁ য়ুনিভাৰছেল মিউজিক গ্ৰুপ আৰু "দেশী হিট্‌ছ"ৰ লগত তেওঁৰ প্ৰথম মিউজিক এলবামটো ৰেকৰ্ড আৰু বিশ্বজুৰি মুকলি কৰাৰ বাবে এক চুক্তি স্বাক্ষৰ কৰে। ইয়াৰে প্ৰথম একক "ইন মাই চিটি" ১৩ ছেপ্টেম্বৰ, ২০১২ত মুকলি হয়।৮

প্ৰাৰম্ভিক জীৱন আৰু খিতাপ জয়

১৮ জুলাই ১৯৮২ ত ঝাৰখণ্ডৰ জামছেদপুৰত প্ৰিয়ংকা চোপ্ৰাৰ জন্ম হয়।১তেওঁৰ দেউতাক ড॰ অশোক চোপ্ৰা আৰু মাক ড॰ মধু চোপ্ৰা দুয়ো ভাৰতীয় সেনাবাহিনীৰ চিকিৎসক আছিল। তেওঁৰদেউতাক হাৰিয়ানাৰ আম্বালা জিলাৰ এটা পঞ্জাবী পৰিয়ালৰ আছিল আৰু মাক আছিল জামছেদপুৰৰ বিহাৰী কায়স্থ পৰিয়ালৰ। প্ৰিয়ংকাৰ তেওঁতকৈ সাত বছৰে সৰু সিদ্ধাৰ্থ নামৰ ভাতৃ এজনো আছে। অভিনেত্ৰী পৰিনীতি চোপ্ৰা তেওঁৰ সম্বন্ধীয় ভগ্নী।৯ দেউতাক আৰ্মী হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁ ভাৰতৰ বিভিন্ন ঠাই যেনে দিল্লী, পুণে,­ লক্ষৌ, বৰেলী, লা­ডাখ, চণ্ডীগড়, আম্বালা আদিত শৈশৱকাল কটাইছিল।১০প্ৰথমতে তেওঁ লক্ষৌৰ La Martiniere Girls' School ত আৰু বৰেলীৰ St. Maria Goretti College ত পঢ়ে। তাৰপিছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায় আৰু নিউটন, মাছাছুছেটচত থকা নিউটন নৰ্থ হাইস্কুল আৰু চেডাৰ ৰেপিডছ, আয়োৱাত থকা জন এফ. কেনেডী হাইস্কুলত শিক্ষাগ্ৰহণ কৰে।১১তেওঁ পিছত কৈছিল "১৩ বছৰ বয়সতে তিনি বছৰৰ কাৰণে বষ্টনলৈ পঢ়িবলৈ যোৱাটো মোৰ বাবে এক অভাৱনীয় সাংস্কৃতিক পৰিৱৰ্তন আছিল"। চোপ্ৰাৰ মতে তেওঁ কেতিয়াও কেফেটেৰিয়ালৈ নগৈছিল কাৰণ তেওঁ লাইনত থিয় হ'বলৈ নাজানিছিল, ক'ত পইচা দিব লাগে নাজানিছিল আৰু কেনেকে খাব লাগে নাজানিছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ টয়লেটত মনে মনে চিপ্ছ (chips) খাইছিল।১২ হ'লেও সেই সময়তো তেওঁ গীৰ্জাঘৰত হোৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি নিঠৰুৱাসকলক সহায় কৰা আদি জনহৈতৈষী কামত হাত আগবঢ়াইছিল। তদুপৰি তেওঁ ৰাজ্যিক পৰ্যায়ত নেশ্যনেল অপাচ অনাৰ কয়ৰৰ বাবে নিৰ্বাচিত হৈছিল।১১ বষ্টনত থাকোঁতে তেওঁ পশ্চিমীয়া ধ্ৰুপদী সংগীত, কোৰাচ আৰু কয়ৰ সংগীতৰ লগতে কথক নৃত্যৰ শিক্ষা লয়।১৩দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ অপৰাধী মনোবৈজ্ঞানিক হোৱাৰ সিদ্ধান্ত লয়। ভাৰতলৈ আহি তেওঁ "আৰ্মী পাব্লিক স্কুল"ত পঢ়িবলৈ লয় আৰু মে' কুইন শীৰ্ষক সৌন্দৰ্য্য প্ৰতিযোগিতাত জয়ী হয়।১৪ তাৰ পিছত তেওঁ জয় হিন্দ কলেজ, মুম্বাইত নাম লগাই যদিও ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত যোগ দিবৰ বাবে কলেজীয়া শিক্ষা আধাতে সমাপ্ত কৰে। চোপ্ৰাৰ মাতৃয়ে তেওঁৰ অজানিতে তেওঁৰ ফটো এই প্ৰতিযোগিতালৈ পঠিয়াই দিয়ে আৰু তেনেদৰেই তেওঁ গ্লেমাৰ জগতত প্ৰৱেশ কৰে। এই ক্ষেত্ৰত দেউতাকেও তেওঁক সহযোগ কৰে।১৫ এই প্ৰতিযোগিতাত তেওঁ লাৰা দত্তৰ পিছত আৰু দিয়া মিৰ্জাৰ আগত অৰ্থাৎ দ্বিতীয় স্থান লাভ কৰে। নিয়ম অনুযায়ী তেওঁক মিছ ৱৰ্ল্ড প্ৰতিযোগিতালৈ পঠিওৱা হয় আৰু তেওঁ ২০০০ বৰ্ষৰ মিছ ৱৰ্ল্ড খিতাপৰ লগতে "মিছ ৱৰ্ল্ড কণ্টিনেণ্টেল কুইন অৱ বিউটী-এছিয়া এণ্ড ওছেনিয়া" (MissWorld Continental Queen ofBeauty − Asia & Oceania) খিতাপ জয় কৰে। মানবীয়তাৰ সপক্ষে তেওঁৰ বক্তব্য আৰু মাদাৰ টেৰেছাৰ প্ৰতি থকা আনুগত্যই বিচাৰক সকলক মুগ্ধ কৰে। সেই বছৰতে লাৰা দত্তাই মিছ য়ুনিভাৰ্ছ আৰু দিয়া মিৰ্জাই মিছ এছিয়া পেচিফিক খিতাপ জয় কৰে যি এখন দেশৰ কাৰণে এক বিৰল ঘটনা। এই খিতাপ লাভ কৰা তেওঁ পঞ্চম ভাৰতীয় মহিলা আৰু শেহতীয়া সাত বছৰৰ ভিতৰত চতুৰ্থ ভাৰতীয় মহিলা। খিতাপ জয়ৰ পিছত তেওঁ এবছৰ মিছ ৱৰ্ল্ড অৰগেনাইজেশ্যনৰ লগ লাগি বিশ্বভ্ৰমণ কৰে আৰু অভিনেত্ৰী হবলৈ মন থিৰ কৰে। তেওঁ কয় যে মিছ ৱৰ্ল্ড খিতাপে তেওঁক এক পৰিচয় আৰু খ্যাতি আনি দিয়ে আৰু তেওঁলৈ অভিনয়ৰ প্ৰস্তাৱ আহিবলৈ ধৰে।

অভিনয় কেৰিয়াৰ

অভিষেক(২০০২-০৩)

২০০২ চনত তামিল ছবি থামিজানৰ প্ৰিয়াৰ চৰিত্ৰটিৰ জৰিয়তে প্ৰিয়ংকা চোপ্ৰাই অভিনয় জীৱন আৰম্ভণি কৰে। ছবিখন প্ৰশংসিত হৈছিল যদিও চোপ্ৰাৰ চৰিত্ৰটিৰ গভীৰতা দেখা পোৱা হোৱা নাছিল।১৬ ২০০৩ চনত ছানী দেওল আৰু প্ৰীতি জিণ্টা অভিনীত অনিল শৰ্মাৰ ছবি "দ্য হিৰো: লাভ ষ্টৰী অৱ এ স্পাই"ৰ জৰিয়তে তেওঁ বলীউদত খোজ পেলাই। এই চিনেমাখনত তেওঁ শ্বাহিন নামৰ ডাক্তৰ এগৰাকীৰ ভূমিকাত অভিনয় কৰিছিল। সেই বছৰটোৰ সবাতোকৈ বেছি উপাৰ্জন কৰা ছবিসমূহৰ এখন হোৱা সত্ত্বেও সমালোচকসকলে ইয়াক ভালদৰে গ্ৰহণ কৰা নাছিল।১৭ হ’লেও চোপ্ৰাই তেওঁৰ প্ৰথম হিন্দী ছবিত কৰা অভিনয়ৰ বাবে ভাল সহাঁৰিয়েই পাইছিল।১৮ সেই বছৰৰে পিছৰ ফালে তেওঁ ৰাজ কানৱাৰৰ ছবি অন্দাজত জিয়া নামৰ চৰিত্ৰটিত অভিনয় কৰে যিয়ে অক্ষয় কুমাৰে ৰূপায়ণ কৰা ৰাজ মল্হোট্ৰাৰ নামৰ চৰিত্ৰটিৰ প্ৰেমত পৰে। এই ছবিখন বক্স অফিচত সফল হয়১৭আৰু প্ৰিয়ংকাই ইয়াৰ বাবে শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে১৯ আৰু শ্ৰেষ্ঠ সহঃঅভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰে।২০ তেওঁৰ চৰিত্ৰটোৰ বিষয়ে আশিস মাগোট্ৰাই ৰেডিফ ডট কমত লিখিছে যে "প্ৰিয়ংকা চোপ্ৰাই অকলেই দৰ্শকৰ মন সহজে জয় কৰিব পাৰে। তেওঁৰ চুটি চুটি সাজপাৰবোৰক ধন্যবাদ"।২১

প্ৰাৰম্ভিক সফলতা (২০০৪-০৮)

২০০৪ চনত চোপ্ৰাই "প্লেন", "কিস্মত" আৰু "অসম্ভৱ"ত অভিনয় কৰে যিকেইখন বক্স অফিচত বিফল হয়।২২ এই বছৰৰ শেষৰ ফালে তেওঁ ডেভিদ ধাৱানৰ হাস্যমধুৰ ছবি "মুঝছে শাদী কৰোগি"ত চলন্ত খান আৰু অক্ষয় কুমাৰৰ বিপৰীতে ৰাণী নামৰ কম বয়সীয়া ফেশ্বন ডিজাইনাৰ এগৰাকীৰ চৰিত্ৰত অভিনয় কৰে। এই ছবিখন বছৰটিত তৃতীয় সৰ্বাধিক উপাৰ্জন কৰে।২২ ইয়াৰ পিছত তেওঁ আব্বাচ মস্তানৰ থ্ৰিলাৰ ছবি "এতৰাজ"ত অক্ষয় কুমাৰ আৰু কৰিণা কাপুৰৰ লগত অভিনয় কৰে। ইয়াত তেওঁ প্ৰথমবাৰৰ বাবে ঋণাত্মক চৰিত্ৰত অভিনয় কৰে আৰু তেওঁৰ অভিনয় প্ৰশংসিত হয়।২৩ ইয়াৰ বাবে তেওঁ শ্ৰেষ্ঠ খলনায়িকাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে আৰু শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰে।২৪ তৰণ আদৰ্শই লিখিছে "এতৰাজ সম্পূৰ্ণভাৱে প্ৰিয়ংকা চোপ্ৰাৰ। ইয়াত দ্বিমত নাই। লাগিলে সেয়া কাহিনীত তেওঁৰ প্ৰথম প্ৰৱেশ হওক অথবা সেই দৃশ্যটি যত তেওঁ মুকলিকৈ অক্ষয় কুমাৰক যৌনতাৰ প্ৰস্তাৱ দিয়ে অথবা কৰীণাৰ সৈতেই হঁওক, প্ৰিয়ংকাই নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ পূৰ্ণ সুযোগ পায় আৰু তেনে কৰোঁতে তেওঁ চৰিত্ৰটো সম্পূৰ্ণভাৱে বুজি লয়।"২৩

২০০৫ত তেওঁ ৬খন চিনেমাত অভিনয় কৰে। ইয়াৰে ৪ খন, "ব্লেকমেইল", "কৰম", "য়কী­ন", "বৰসাত"এ ভাল ব্যৱসায় কৰিব নোৱাৰিলে।২৫ অৱশ্যে "য়কীন"ত চোপ্ৰাৰ অভিনয় প্ৰসংশিত হয়। ৰেডিফ ডট কমৰ মতে "যদিও তেওঁৰ অংশটি কান্দোনতে সীমাবদ্ধ,প্ৰিয়ংকাইভাল কাম কৰিছে "।২৬ বছৰটোৰ বাকী দুখন ছবি "ৱক্ত: দা ৰেচ এগেইন্ষ্ট টাইম" আৰু "ব্লাফমাষ্টাৰ!" আংশিকভাৱে সফল হয়।২৫ সুভাষ কে ঝাই ব্লাফমাষ্টাৰত তেওঁৰ অভিনয়ৰ বিষয়ে লিখিছে "চোপ্ৰাৰ বেছি কৰিবলগীয়া নাই। কিন্তু যিখিনি কৰিছে সেইখিনি দৰ্শকৰ চকু কাঢ়িছে"।২৭ ২০০৬ত চোপ্ৰাই ৰাকেশ ৰোশনৰ ২০০৪ চনৰ কল্প-বিজ্ঞান ভিত্তিক ছবি "কোই....মিল গয়া"ৰ পৰৱৰ্তী ছবি "ক্ৰিশ্ব্"ত হৃত্তিক ৰোশন আৰু ৰেখাৰ লগত অভিনয় কৰে। এই ছবিখন ব্লকবাষ্টাৰ হিছাপে পৰিগণিত হয় আৰু সেই বছৰটিৰ সৰ্বাধিক উপাৰ্জন কৰে।২৮ ইয়াৰ পিছত তেওঁ আপ কি খাতিৰ নামৰ ছবিখনত অক্ষয় খান্না আৰু ডিনো ম'ৰিয়াৰ লগত অভিনয় কৰে।

২০০৬ৰ শেষৰফালে তেওঁ ফাৰহান আখতাৰৰ ডনত শ্বাহৰুখ খানৰ বিপৰীতে অভিনয় কৰে। এইখন ১৯৭৮ চনৰ একে নামৰ ছবিখনৰ ৰিমেক আছিল। পুৰণি ছবিখনত জীনত আমনে অভিনয় কৰা ৰোমা নামৰ চৰিত্ৰত চোপ্ৰাই অভিনয় কৰে। ইয়াৰ বাবে খান আৰু চোপ্ৰাই সমৰ কলাৰ বিশেষ শিক্ষা লয় আৰু ছবিখনত নিজেই ষ্টাণ্ট বোৰত অভিনয় কৰে।২৯ এই ছবিখনে ভাৰতৰ লগতে বিদেশতো ভাল ব্যৱসায় কৰে আৰু ব্লকবাষ্টাৰ হিছাপে পৰিগণিত হয়।৩০ ইয়াৰ বাহিৰে সেই বছৰতে তিনিখন চিনেমাত তেওঁ বিশেষ ভূমিকাত অভিনয় কৰে। ২০০৭ত তেওঁ নিখিল আদৱানিৰ ছলাম-এ-ইস্ক: এ ট্ৰিবিউট টু লাভত অভিনয় কৰে। এই ছবিখন বিফল হয় আৰু চোপ্ৰা তেওঁৰ অভিনয়ৰ বাবে সমালোচিত হয়। তেওঁৰ পৰৱৰ্তী ছবি বিগ ব্ৰাডাৰ-এও ভাল ব্যৱসায় কৰিব নোৱাৰিলে।

২০০৮ত তেওঁ মুঠতে ৬খন ছবিত অভিনয় কৰে। ইয়াৰে "লাভ ষ্টৰী ২০৫০", "চমকু","ড্ৰোনা" আৰু "গড তুচ্ছী গ্ৰেট হো" বিফল হয়। ইয়াৰ লগে লগে সমালোচক সকলে চোপ্ৰাৰ ভুল ছবি নিৰ্বাচন আৰু অভিনয়ৰ ওপৰত আঙুলি টোঁৱাই। অৱশ্যে "ড্ৰোনা"ত তেওঁৰ অভিনয় প্ৰসংশিত হয়। "দা টাইম্ছ অৱ ইণ্ডিয়া"ৰ সমালোচক নিখত কাজমীৰ মতে "প্ৰিয়ংকা চোপ্ৰাই আগতে কেতিয়াও নেদেখুওৱা প্ৰতিভা দেখুৱালে"।

সফলতা অৰ্জন (২০০৮- ১১)

২০০৮-২০০৯

"মই মধুৰ ভাণ্ডাৰকাৰ আৰু দলটিকেই সমস্ত কৃতিত্ব দিম। ৰাষ্ট্ৰীয় পুৰস্কাৰ দেশৰ সবাতোকৈ ডাঙৰ পুৰস্কাৰ আৰু মই বঁটা পাই সঁচাকৈয়ে সন্মানিত হৈছো। "
— —'ফেশ্বন'(২০০৮) ত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰি চোপ্ৰাই এনেদৰে কয়।৩১

বহুকেইখন বিফল ছবিত অভিনয় কৰাৰ পিছত চোপ্ৰাই মধুৰ ভাণ্ডাৰকাৰৰ ফেশ্বন ছবিত মেঘনা মাথুৰ নামৰ কেন্দ্ৰীয় চৰিত্ৰটিত অভিনয়ৰ সুযোগ পাই। এই ছবিখন তথা চোপ্ৰাৰ অভিনয় যথেষ্ট প্ৰশংসিত হয় আৰু ইয়াৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ, শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা আদিকে ধৰি অনেক বঁটা বাহন লাভ কৰে।৩২৩৩৩৪৩৫ ৰাজীৱ মাচাণ্ডে লিখিছে"চোপ্ৰাৰ অভিনয় যথেষ্ট প্ৰশংসনীয় আৰু তেওঁৰ শ্ৰেষ্ঠ অভিনয়সমূহৰ এটা"। এই চলচ্চিত্ৰ খনকেই তেওঁৰ অভিনয় জীৱনৰ টাৰ্ণিং পইণ্ট আখ্যা দিয়া হয়।৩৬ সেই বছৰতে তৰুণ মনচুখানিৰ হাস্যমধুৰ ৰোমাণ্টিক চলচ্চিত্ৰ দোস্তানাত অভিষেক বচ্চন আৰু জন এব্ৰাহামৰ লগত একেলগে অভিনয় কৰে। এই চলচ্চিত্ৰত দুজন ডেকা ল'ৰাই মহিলা এগৰাকীৰ ঘৰ এটা ভাড়াত পাবলৈ সমকামী হোৱাৰ অভিনয় কৰে আৰু দুয়ো একেজনী ছোৱালীৰ প্ৰেমত পৰে যি তেওঁলোকৰ ৰুমমেট তথা মালিকনী গৰাকীৰ সম্বন্ধীয়। ব্যৱসায়িক দিশত ই যথেষ্ট সফল হয় আৰু ২০০৮ বৰ্ষত অষ্টম সৰ্বাধিক উপাৰ্জন কৰে।৩৭ চোপ্ৰাই তেওঁৰঅভিনয় তথা সমগ্ৰ ছবিখনত তেওঁৰ সুন্দৰতাৰ বাবে যথেষ্ট প্ৰশংসা পায়।৩৮ ২০০৯ চনত তেওঁ বিশাল ভৰদ্বাজৰ কমিনে ত শ্বাহিদ কাপুৰৰ বিপৰীতে ছুইটী নামৰ মাৰাথী ছোৱালী এজনীৰ চৰিত্ৰত অভিনয় কৰে। চলচ্চিত্ৰখনৰ লগতে চোপ্ৰাৰ অভিনয়েও যথেষ্ট প্ৰশংসা পায়। তৰণ আদৰ্শই ইয়াক 'প্ৰথম শ্ৰেণীৰ' বুলি অভিহিত কৰি কৈছে যে "তেওঁ চৰিত্ৰটিৰ লগত সম্পূৰ্ণ সমন্বয় ৰাখিছে আৰু চৰিত্ৰটিৰ মহাৰাষ্ট্ৰীয়তা নিখুঁত ভাৱে ফুটাই তুলিব পাৰিছে"।৩৯ অনুপমা চোপ্ৰাৰ মতে "দেৱ-ডিৰ পাৰোৰ পিছত ছুইটী এই বৰ্ষৰ আকৰ্ষণীয় হিৰোইন আৰু ইয়াত প্ৰিয়ংকাৰ অভিনয় অনন্য"। এই অভিনয়ৰ বাবে তেওঁ আন বহুতো বঁটাৰ লগতে একেৰাহে দ্বিতীয়বাৰৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ অপ্সৰা বঁটা লাভ কৰে।৪০

ইয়াৰ পিছত তেওঁ আশুতোষ গোৱাৰিকৰৰ ছবি "হোৱাট্ছ য়ৰ ৰাছী?" ত সম্পূৰ্ণ স্পষ্ট ১২টা বেলেগ বেলেগ চৰিত্ৰত অভিনয় কৰি গীণিজ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰে।৪১ এই চলচ্চিত্ৰখন বিফল হয় যদিও চোপ্ৰাৰ অভিনয় সফল হয়। চলচ্চিত্ৰ সমালোচক সুভাষ কে ঝাই কয় "ই এক অনন্য কৃতিত্ব। প্ৰিয়ংকা তেওঁ অভিনয় কৰা বাৰটা চৰিত্ৰতেই প্ৰাণ ঢালিছে। সামৰণিৰ এটা গীতত তেওঁ আটাইকেইটা চৰিত্ৰ একেলগো কৰে। প্ৰতিটো চৰিত্ৰৰ ব্যক্তিত্ব প্ৰদৰ্শনত তেওঁ সফল হৈছে যিয়ে কাহিনীভাগক এক সমসত্ত্ব গতি প্ৰদান কৰিছে। "

২০১০-২০১১

২০১০ত চোপ্ৰাই যুগল হংসৰাজৰ প্যাৰ ইম্পছিবল ত উদয় চোপ্ৰাৰ বিপৰীতে অভিনয় কৰে। এই ছবিখন বিফল হয়।৪২ ইয়াৰ পিছত তেওঁ সিদ্ধাৰ্থ আনন্দৰ অনজানা অনজানিত অভিনয় কৰে। সমালোচকৰ দ্বাৰা প্ৰশংসিত ন'হলেও ই ভাল ব্যৱসায় কৰে৪৩ আৰু চোপ্ৰাৰ অভিনয়ে মিশ্ৰিত সহাঁৰি পায়। কোমল নেহতাই কৈছে "প্ৰিয়ংকা চোপ্ৰাক আবেদনময়ী দেখা হৈছে আৰু তেওঁৰ অভিনয়ো সুন্দৰ"।৪৪

৭ খুন মাফৰ সংগীত উন্মোচনৰ সময়ত প্ৰিয়ংকা চোপ্ৰা
৭ খুন মাফৰ সংগীত উন্মোচনৰ সময়ত প্ৰিয়ংকা চোপ্ৰাছবি: Bollywood Hungama · CC BY 3.0

২০১১ত চোপ্ৰাই বিশাল ভৰদ্বাজৰ ৭খুন মাফত ছুছানা এনা-মেৰী জোহান্স নামৰ এগৰাকী ইংগ-ভাৰতীয় মহিলাৰ চৰিত্ৰত অভিনয় কৰে যিয়ে প্ৰকৃত প্ৰেমৰ সন্ধানত ৭ জনকৈ পতিক হত্যা কৰে। ইয়াত তেওঁৰ অভিনয় প্ৰশংসিত হয় আৰু তেওঁ ফিল্মফেয়াৰ সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটাৰ লগতে আন বহুতো বঁটা লাভ কৰে।৪৫

ইয়াৰ পিছত তেওঁ ফাৰহান আখতাৰৰ "ডন ২"ত শ্বাহৰুখ খানৰ সৈতে অভিনয় কৰে। এই ছবিখন সফল হয় আৰু চোপ্ৰাৰ অভিনয়ে ভাল সঁহাৰি পায়। দা এক্সপ্ৰেছ ট্ৰিবিউনে লিখিছে "চোপ্ৰাৰ অভিনয় সুন্দৰ আৰু তেওঁক একশ্যন হিৰোইনৰ বাবে সম্পূৰ্ণ সঠিক নিৰ্বাচন বুলিব পাৰি। যেতিয়াই তুমি তেওঁক অনায়াসে বদমাচ চৰিত্ৰকেইটিক প্ৰহাৰ কৰা দেখিবা, তুমি অনুভৱ কৰিবা যে তেঁৱেই বলীউডৰ প্ৰকৃত একশ্যন অভিনেত্ৰী। মই আচৰিত নহ'ম যদিহে তেওঁ পৰৱতীঁ লাৰা ক্ৰফ্ট বা চতুৰ্থ চাৰ্লিছ এঞ্জেল্‌ছ হিচাপে নিৰ্বাচিত হয়। " এই ছবিখন ব্লকবাষ্টাৰ হিচাপে পৰিগণিত হয়। এই ছবিখনে বহুতো ৰেকৰ্ড ভাঙে আৰু ২০১১ত সৰ্বাধিক উপাৰ্জন কৰে।৪৬

শেহতীয়া সাফল্য (২০১২- বৰ্তমানলৈ)

২০১২ৰ আৰম্ভণিতে প্ৰিয়ংকাই লছ এঞ্জেল্‌ছৰ ক্ৰিয়েটিভ আৰ্টিষ্টছ এজেন্সী (চিএএ) নামৰ অনুষ্ঠান এটাৰ লগত চুক্তিবদ্ধ হয়। এই অনুষ্ঠানটোৱে হলীউদত তেওঁৰ অভিনয়মূলক কাম-কাজ চোৱা-চিতা কৰিব।৪৭ এই বৰ্ষত তেওঁ প্ৰথমতে কৰণ জোহৰৰ অগ্নিপথত হৃত্তিক ৰোশন,সঞ্জয় দত্ত,আৰু ঋষি কাপুৰৰ লগত অভিনয় কৰে যিখন ১৯৯0 চনৰ একে নামৰ ছবিখনৰ ৰিমেক আছিল। এই ছবিখনে সৰ্বাধিক প্ৰথমদিনৰ সংগ্ৰহৰ অভিলেখ গঢ়ে আৰু ই ব্যৱসায়িক ৰূপে সফল হয়।৪৮ বহুকেইজন সমালোচকে চোপ্ৰাৰ অভিনয়ৰ প্ৰশংসা কৰে। মায়ংক শেখৰে কৈছে "পুৰুষ কেন্দ্ৰিক ছবি এখনত চোপ্ৰাৰ স্থিতি যথেষ্ট সবল"।৪৯৫০ কোমল নাহতাই লিখিছে "চোপ্ৰা এই তুলনামূলক ভাৱে সৰু চৰিত্ৰটিৰ মাজেদিও জিলিকি উঠিছে। তেওঁ কালীৰ চৰিত্ৰটিৰ লগত ন্যায় কৰিছে। তেওঁৰ নৃত্যসমূহো সুন্দৰ আৰু আবেগবিহ্বল দৃশ্যসমূহতো তেওঁৰ অভিনয় অনন্য"।৫১৫২ ইয়াৰপিছত তেওঁ তিনিটা যুগত বিস্তৃত এটা প্ৰেম কাহিনীৰ ভিত্তিত নিৰ্মিত কুনাল কোহলীৰ "তেৰি মেৰি কাহানী"ত অভিনয় কৰে। এই ছবি খনে মিশ্ৰিত সঁহাৰি লাভ কৰে যদিও শ্বাহিদ কাপুৰৰ লগত তেওঁৰ কেমিষ্ট্ৰী প্ৰশংসিত হয়। তৰণ আদৰ্শই লিখিছে "১৯১০ৰ আৰাধনাই হওক বা ১৯৬০ৰূখচাৰ বা ২০১২ৰ ৰাধাই হওক,প্ৰতিটো চৰিত্ৰত তেওঁৰ অভিনয় জীৱন্ত। অৱশ্যে ব্যক্তিগত ভাৱে মই আৰাধনা চৰিত্ৰটো সবাতোকৈ ভাল পাইছো।"৫৩অৱশ্যে ব্যৱসায়িক দিশত ছবিখন সিমান সফল নহ'ল।৫৪

বৰ্ফি চলচ্চিত্ৰৰ প্ৰচাৰৰ সময়ত ৰণবীৰ কাপুৰৰ সৈতে প্ৰিয়ংকা চোপ্ৰা
বৰ্ফি চলচ্চিত্ৰৰ প্ৰচাৰৰ সময়ত ৰণবীৰ কাপুৰৰ সৈতে প্ৰিয়ংকা চোপ্ৰাছবি: Bollywood Hungama · CC BY 3.0

২০১২ ছেপ্টেম্বৰত চোপ্ৰাই ৰণবীৰ কাপুৰ আৰু ইলিয়ানা ডিক্ৰুজৰ লগত অনুৰাগ বাসুৰ "বৰ্ফি!"ত অভিনয় কৰে য'ত তেওঁ অষ্টিয়া ৰোগত ভোগা ঝিলমিল চেটাৰ্জীৰ চৰিত্ৰত অভিনয় কৰে। এই চৰিত্ৰত অভিনয় কৰাৰ আগতে তেওঁ বহুকেইখন মানসিক চিকিৎসালয়লৈ গৈ অষ্টিয়াত ভোগা ৰোগী কিছুমানক সাক্ষাৎ কৰে। তেওঁ কয় "মই চৰিত্ৰটিত অভিনয় কৰাৰ আগেয়ে কিছু অধ্যয়ন কৰি ল'ব লগা হৈছিল কাৰণ ভাৰতত অষ্টিজম সম্বন্ধে সজাগতা তেনেই কম"।৫৫ ছবিখন অভাৱনীয় ভাৱে সফল হয় আৰু বহুকেইজন সমালোচকে ইয়াক প্ৰিয়ংকাৰ এতিয়ালৈ সৰ্বশ্ৰেষ্ঠ অভিনয় আখ্যা দিয়ে। ইয়াৰ বাবে চোপ্ৰাই ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ মনোনয়ন পায়।৫৬ বৰ্ফিক ৮৫সংখ্যক একাডেমী এৱাৰ্ডছৰ বাবে ভাৰতৰ পৰা প্ৰেৰণ কৰা হয় যদিও ই প্ৰতিযোগিতাৰ দৌৰত বাহিৰ হয়।৫৭

ইয়াৰ পিছত চোপ্ৰা অভিনীত 'দিৱানা ম্যে দিৱানা' মুকলি হ’ব যাৰ চিত্ৰগ্ৰহণ চাৰি বছৰ আগতে হৈ গৈছে। বৰ্তমান তেওঁ হৃত্তিক ৰোশন, বিবেক ওবেৰয় আৰু কংগণা ৰাণাৱটৰ লগত ২০০৬ ৰ "ক্ৰিশ্ব" ছবিৰ প্ৰিকুৱেল "ক্ৰিশ্ব ৩"ৰ কামত ব্যস্ত আছে য'ত তেওঁ প্ৰিয়াৰ চৰিত্ৰত অভিনয় কৰিছে।৫৮ ইয়াৰ পিছত তেওঁ অপূৰ্ব লাখিয়াৰ "জঞ্জীৰ"ত নৱাগত ৰাম চৰণ তেজ ৰ লগত অভিনয় কৰিব যিখন ১৯৭৩ চনৰ একে নামৰ বোলছবিৰ ৰিমেক। একতা কাপুৰৰ ছবি "মিলান টকিজ" ত অভিনয় কৰিবলৈও তেওঁ চুক্তিবদ্ধ হৈছে।৫৯৬০ তেওঁ য়শ ৰাজ ফিল্মছৰ বেনাৰত আলি আব্বাছ জাফাৰৰ "গুণ্ডে"ত অৰ্জুন কাপুৰ আৰু ৰণবীৰ সিঙৰ সৈতে অভিনয় কৰিব।৬১৬২ তদুপৰি চোপ্ৰাই সঞ্জয় লীলা ভান্সালিয়ে বিশ্ব বক্সিং চেম্পিয়ন মেৰী কমৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰিবলৈ লোৱা ছবিখনতো মুখ্য ভূমিকাত অভিনয় কৰিব। ইয়াৰ বাবে তেওঁ মেৰী কমৰ সৈতে কিছু সময় কটাব আৰু চাৰি মাহৰ বক্সিং প্ৰশিক্ষণো গ্ৰহণ কৰিব।৬৩ ডিজনীৰ "কাৰ্ছ" আৰু "কাৰ্ছ ২" ৰ শাৰীৰ পৰৱৰ্তী ছবি "প্লেঞ্ছ" ত কণ্ঠ প্ৰক্ষেপ কৰিব বুলিও চোপ্ৰাই নিশ্চিত কৰিছে।৬৪

অন্যান্য প্ৰচেষ্টা

সংগীত কেৰিয়াৰ

চোপ্ৰাই প্ৰায়েই বিভিন্ন সাক্ষাৎকাৰত গান গাবলৈ তেওঁৰ মনত থকা প্ৰবল হাবিয়াসৰ কথা প্ৰকাশ কৰি আহিছে আৰু খিতাপ জয়ৰ কালছোৱাত নিজৰ গায়কী প্ৰতিভা ব্যৱহাৰো কৰিছে।৬৫ তেওঁ কয় "মই সংগীত ভাল পাওঁ কাৰণ মই ইয়াৰ লগতেই ডাঙৰ দীঘল হৈছো আৰু মোৰ দেউতালৈ ধন্যবাদ যিয়ে গান গাই ভাল পায়। আমি ৰাতিপুৱা গান শুনিয়েই সাৰ পাওঁ। মই পঢ়িবলৈ জনাৰ আগতেই গান গাবলৈ হে জানিছিলোঁ"।৬৬তামিল চলচ্চিত্ৰ থামিজান(২০০২)ৰ 'Ullathai Killadhe' গীতটিত কণ্ঠদান কৰি তেওঁ সংগীতৰ ক্ষেত্ৰখনত খোজ পেলায়।৬৭ পিছত তেওঁ অভিনয়ত মনোনিবেশ কৰাৰ উদ্দ্যেশ্যে কৰম(২০০৫) বোলছবি খনত "তিনকা তিনকা" গীতটি গাবলৈ অমান্তি হয় আৰু পিছত দূৰদৰ্শনৰ অনুষ্ঠান সা ৰে গা মা পাত গীতটি পৰিবেশন কৰে।৬৮

২০১১ৰ আগষ্টত চোপ্ৰাই বিশ্বৰ অগ্ৰণী প্ৰতিষ্ঠান য়ুনিভাৰ্চেল মিউজিক গ্ৰুপ আৰু দেশীহিট্চৰ লগত এক বিশ্বযোৰা বাণীবন্ধন চুক্তিত স্বাক্ষৰ কৰে। এই অনুসৰি তেওঁ নিজৰ প্ৰথম এলবামটি উত্তৰ আমেৰিকাত দেশীহিট্চৰ সৈতে ইণ্টাৰস্কোপ ৰেকৰ্ডছৰ দ্বাৰা আৰু বিশ্ব বজাৰত আইলেণ্ড ৰেকৰ্ডছ য়ুকে(ভাৰতত য়ুনিভাৰ্চেল মিউজিক ইণ্ডিয়া) দ্বাৰা মুকলি কৰিব।৬৯

বিশ্বজুৰি তেওঁৰ সংগীত কেৰিয়াৰ পৰিচালনা কৰিবলৈ চোপ্ৰাই এটম ফেক্টৰীৰ চি.ই.অ' ট্ৰয় কাৰ্টাৰক নিযুক্ত কৰিছে। উল্লেখনীয় যে এওঁ লেডী গাগাৰো প্ৰবন্ধক। তেওঁ কয় "মোৰ বহুদিনীয়া এক সপোন বাস্তৱায়িত হোৱাৰ পথত। মোৰ সংগীতক বিশ্বৰ দৰবাৰত উপস্থাপন কৰিবলৈ পাই মই খুবেই উৎকণ্ঠিত।"৬৯

বৰ্তমান এই এলবামটিৰ কাম চলি আছে আৰু ডিচেম্বৰ ২০১২ ই মুক্তি লভা কথা।৭০ ইয়াৰে প্ৰথমটি একক 'ইন মাই চিটি' যোৱা ১৩ ছেপ্তেম্বৰত মুকলি হয়৮ য'ত ৰেপাৰ ৱিল.আই.এমে অংশগ্ৰহণ কৰিছে আৰু যাক প্ৰযোজনা কৰিছে ৰেড॰ৱানে। যিহেতু চোপ্ৰাই তেওঁৰ ভাৰতীয় অনুৰাগী সকলে গানটো প্ৰথমতে শুনাটো বিচাৰিছিল,গতিকে ই ভাৰতত আমেৰিকা যুক্তৰাষ্ট্ৰতকৈ ১২ঘণ্টা আগতে মুকলি হয়। জীৱনত তেওঁ ডাঙৰ দীঘল হোৱা বহুতো চহৰ আৰু এখন সৰু চহৰৰ পৰা জগতবিখ্যাতহ'বলৈ তেওঁ কৰা যাত্ৰাই গীতটিৰ প্ৰেৰণা। মুকলি হোৱাৰ কিছু মিনিট পিছতে ই টুইটাৰত এক নম্বৰ হৈ পৰে।৭১ প্ৰথম সপ্তাহতে ১৩০,০০০ কপি বিক্ৰীৰে এই গীতটি ব্যৱসায়িক ভাৱে সফল হয়।,৭২৭৩ " ইন মাই চিটি"ৰ বাবে ৱৰ্ল্ড মিউজিক এৱাৰ্ডত শ্ৰেষ্ঠ মহিলা শিল্পী,শ্ৰেষ্ঠ গীত আৰু শ্ৰেষ্ঠ ভিডিঅ' ৰ মনোনয়ন লাভ কৰে। .৭৪ অক্টোবৰ,২০১২ত তেওঁ পিপল্ছ চইজ এৱাৰ্ডত বেষ্ট ইণ্টাৰনেছনেল ডেব্যু এৱাৰ্ড লাভ কৰে।৭৫ ২০১২ত চোপ্ৰাই আমেৰিকান ডিস্ক জকী তথা প্ৰযোজক দ্য চেইনস্ম'কাৰৰ "ইৰেজ" শীৰ্ষক গীতটিত 'ফিচাৰ্ড আৰ্টিষ্ট' হিচাপে অংশগ্ৰহণ কৰে যিটো ৪ ডিচেম্বৰত আই ট্যুনত মুকলি হয়।৭৬৭৭ উল্লেখ্য যে ২৯ জানুৱাৰী,২০১২ত "ইন মাই চিটি"ৰ আনুষ্ঠানিক ভিডিঅ'ই মুক্তি লাভ কৰিছে।

টেলিভিছন আৰু মঞ্চজগত

ৰ পঞ্চম সংস্কৰণৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰা অৱস্থাত প্ৰিয়ংকা চোপ্ৰা]]

২০১০ চনত চোপ্ৰা কালাৰ্ছ চেনেলৰ খতৰো কে খিলাড়ীৰ আঁত ধৰোঁতা হয়। বিভিন্ন বিপদজনক দৃশ্যত তেওঁ নিজেই অভিনয় কৰে। এই অনুষ্ঠানটি সফল হয়।৭৮ ইয়াত তেওঁৰ কামেও প্ৰশংসা পাই আৰু তেওঁ সবাতোকৈ প্ৰভাৱশালী টেলিভিছন অভিষেকৰ ইণ্ডিয়ান টেলি এৱাৰ্ড লাভ কৰে।৭৯

চোপ্ৰাই প্ৰায়েই বিভিন্ন মঞ্চত অভিনয় কৰে। ২০০৪ ত তেওঁ শ্বাহৰুখ খান,ৰাণী মুখাৰ্জী,ছেইফ আলী খান আদিৰ লগত গোটেই বিশ্বজুৰি ১৯টা মঞ্চ প্ৰদৰ্শন সামৰি লোৱা এক কনচাৰ্ট টুৰত অংশগ্ৰহণ কৰে।৮০ ২০১১ ত চোপ্ৰাই শ্বাহৰুখ খান,শ্বাহিদ কাপুৰ আদিৰ লগত ভাৰত দঃ আফ্ৰিকাৰ মাজত থকা সম্পৰ্কৰ ১৫০ বছৰীয়া বৰ্ষপুৰ্তিত ডাবলিনত অনুষ্ঠিত এক বন্ধুত্বপূৰ্ণ কনচাৰ্টত অংশগ্ৰহণ কৰে।৮১ ২০১২ ত তেওঁ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পঞ্চম সংস্কৰণৰ উদ্বোধনী অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰে।৮২

২০০৭ চনত মিছ ইণ্ডিয়া প্ৰতিযোগিতাত তেওঁ বিচাৰক হিচাপে আত্মপ্ৰকাশ কৰে। ২০০৯ মিছ ইণ্ডিয়া প্ৰতিযোগিতাত তেওঁ প্ৰদৰ্শনকাৰী হিচাপে ভাগ লয় তথা মিছ ৱৰ্ল্ড ২০০৯ ত বিচাৰকো হয়।৮৩৮৪৮৫

স্তম্ভলিখন

২০০৯ চনৰ পৰা চোপ্ৰাই হিন্দুস্তান টাইমছ ত 'দা প্ৰিয়ংকা চোপ্ৰা ক'লম' শীৰ্ষক এলানি প্ৰবন্ধ লিখিবলৈ আৰম্ভ কৰে। এই কাম কৰাৰ আনন্দপ্ৰকাশ কৰি তেওঁ কয় "মই মানুহজনী খুবেই ব্যক্তিগত আৰু এনেদৰে মোৰ অনুভৱ বোৰ প্ৰকাশ কৰিব পাৰিম বুলি ভবাই নাছিলোঁ। কিন্তু যেতিয়াই মই লিখিবলৈ বহোঁ,মোৰ অভ্যন্তৰীণ চিন্তাবোৰ প্ৰকাশ হয়।"৮৬ ২০০৯ৰ মাৰ্চত এই লিখা পঢ়ি মতামত আগবঢ়োৱা কেইবাজনো পঢ়ুৱৈৰ লগত তেওঁ ব্যক্তিগতভাৱে যোগাযোগ কৰিবলৈ মনস্থ কৰে। তেওঁ কয় "ইয়াৰ দ্বাৰা মই প্ৰমাণ কৰিব বিচাৰোঁ যে সেই লিখনী সমূহ মোৰেই আৰু প্ৰতি সপ্তাহে মোলৈ অহা অসংখ্য চিঠিবোৰ ময়েই পঢ়ো"।৮৭ ২০১০ত এই প্ৰবন্ধলানি শেষ হয় যদিও তেওঁ লিখিবলৈ এৰি দিয়া নাই। আগষ্ট ২০১২ৰ টাইমছ অৱ ইণ্ডিয়া ত তেওঁ 'নো ৱ'মেন ইন মুম্বাই ফিল্ছ ছেফ এনী লংগাৰ' শীৰ্ষক এক প্ৰবন্ধ লিখে।৮৮ ইয়াত তেওঁ ২৫ বছৰীয়া পল্লৱী পুৰকায়স্থৰ কথা লিখে যাক তেওঁ ডন ২ৰ চিত্ৰগ্ৰহণৰ সময়ত লগ পাইছিল।৮৯ তেওঁ কয় "আমি এইটো হ'ব দিব নোৱাঁৰো। যেনেকৈয়ে নহওক আমি এইটো নিশ্চিত কৰিব লাগিব যে পল্লৱীৰ লগত যি হ'ল সেইটো যাতে আন কাৰোৰে লগত নহয়....আমি মনত ৰাখিব লাগিব যে আমি মহিলাসকল নৱ ভাৰতৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছোঁ। স্বাধীন যুৱতীসকলৰ দক্ষতা আৰু আত্মবিশ্বাসৰ পৰাহে প্ৰকৃত শক্তি আহে। ইয়াক পাহৰা উচিত নহয়"।৮৮

লোকহিতকৰ কাম কাজ

চোপ্ৰাই বিভিন্ন দান বৰঙনিমূলক সংস্থাক সমৰ্থন জনাই আৰু ইয়াৰ ভিতৰত এনডিটিভি ৰ গ্ৰীণান্থনো আছে যিয়ে মানুহক পৰিবেশ-মিত্ৰ হোৱাত সহায় কৰাৰ লগতে গাওঁ সমূহত বিদ্যুৎ সংযোগ হৈছে নে নাই লক্ষ্য কৰে।৯০ ফেব্ৰুৱাৰী ২০০৫ ত তেওঁ ২০০৪ চনৰভাৰতীয় মহাসাগৰত হোৱা ভূমিকম্পত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ বাবে পুঁজি সংগ্ৰহ কৰিবলৈ অন্যান্য বলিউদ তাৰকাসকলৰ লগত হেল্প! নামৰ অনুষ্ঠানএটাত ভাগ লয়।৯১ ২০০৬ চনত ইবেই(eBay)ইণ্ডিয়াই এক অনলাইন নিলামঅনুষ্ঠান পাতে য'ত বিজেতা জনে প্ৰিয়ংকাৰ সৈতে এটা দিন কটোৱাৰ সুযোগ পাব আৰু সংগৃহীত পুঁজি নন্থী কলি নামৰ এটা সংস্থালৈ যাব যিয়ে গাওঁ আৰু নগৰত কন্যা শিশু সকলৰ শিক্ষাৰ অৰ্থে কাম কৰে। ২০০৭ চনত তেওঁ এন ডি টি ভি ৰ জয় জোৱান অনুষ্ঠানৰ অধীনত ১৯৬০ চনৰ ভাৰত-চীন যুদ্ধৰ এক প্ৰয়োজনীয় ঘাটি টেংগা প্ৰদৰ্শন কৰি তাৰ জোৱান সকলৰ মনোবল বৃদ্ধিৰ চেষ্টা চলায়। ২০০৯ত চোপ্ৰাই এলাৰ্ট ইণ্ডিয়া নামৰ অনুষ্ঠান এটাৰ বাবে কুষ্ঠৰোগ সম্পৰ্কে সজাগতা অনাৰ বাবে এক তথ্যচিত্ৰত অভিনয় কৰে। তেওঁ স্ত্ৰী শিক্ষা,শিশু কন্যা হত্যা,কন্যা ভ্ৰুণ হত্যা আদিৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবলৈও বিভিন্ন কাম কৰে। ২০১০ত চোপ্ৰাই 'ৱেভ' নামৰ অনুষ্ঠানৰ লগত হাত মিলাই যিয়ে মহিলা সকলৰ উন্নয়নৰ হকে কাম কৰে। গোটেই বিশ্বত শিশুৰ উন্নয়নৰ বাবে য়ুনিচেফে কৰা কাম-কাজৰ প্ৰতি সহযোগ আগবঢ়োৱা বাবে চোপ্ৰাক ২০১০ চনত য়ুনিচেফৰ "গুডৱিল এম্বেচেদৰ " পতা হয়। এন ডি টি ভিৰ গ্ৰীণান্থনৰ চতুৰ্থ সংস্কৰণৰ আৰম্ভণি হিচাপে চোপ্ৰাই আগ্ৰাৰ যমুনা নদী খনি পৰিষ্কাৰ কৰে। অভিনেতা মিলিন্দ সুমন,মন্ত্ৰী অভিষেক মিশ্ৰা,স্থানীয় সংস্থাসমূহ আৰু বহুতো ছাত্ৰ-ছাত্ৰীয়ে এই কাৰ্য্যত সহযোগ আগবঢ়াই। গোটেই কাৰ্য্যসূচী সমাপ্ত হ'বলৈ প্ৰায় এঘণ্টা লাগে।

জুলাই,২০১২ত চোপ্ৰাই ডিজাইনাৰ মনীষ মালহোট্ৰা আৰু চাইনা এন.চি.য়ে কেন্সাৰ ৰোগীৰ হকে কাম কৰে সংগঠন এটাৰ সহায়ৰ অৰ্থে পতা ফেশ্বন শ্ব' ত অংশগ্ৰহণ কৰে। য়ুনচেফৰ "গুডৱিল এম্বেচেদৰ" হিচাপে চোপ্ৰাই নিজৰ সকলো অংগ দান কৰিছে আৰু আনকো কৰিবলৈ উৎসাহ যোগায়। তেওঁ কয় "যেতিয়া মোৰ দেউতাক এটা অংগৰ প্ৰয়োজন হোৱাৰ সম্ভাৱনাই দেখা দিলে তেতিয়াহে মই অংগদানৰ মহত্ত্ব বুজিলো। অংগ এটা দান কৰি তুমি প্ৰকৃততে এটা জীৱন ৰক্ষা কৰিব পাৰিবা। গতিকে অংগদান কৰা,এটা পৰিৱৰ্তন আনা,এটা জীৱন বচোৱা"

স্বাক্ষৰিত চুক্তিসমূহ

চোপ্ৰাই এতিয়ালৈকে অসংখ্য বাণিজ্যিক চুক্তিত স্বাক্ষৰ কৰিছে আৰু বলীউডত এই ক্ষেত্ৰত এক প্ৰকাৰ শীৰ্ষস্থান দখল কৰিছে।৯২ ২০০৯ত এডএক্স ইণ্ডিয়াই চলোৱা এক সমীক্ষাত তেওঁ বাণিজ্যিক চুক্তি স্বাক্ষৰৰ ক্ষেত্ৰত শ্বাহৰুখ খানৰ পিছতেই স্থান লাভ কৰে।৯৩ ২0১0চনত তেওঁ ব্লেণ্ডাৰ্ছ প্ৰাইড ফেশ্বন টুৰ ৰ ব্ৰেণ্ড এম্বেছেদৰ(brand ambassador) হয়। ইয়াৰ উপৰিও তেওঁ লাক্স,পণ্ডছ,চানচিল্ক­,হিৰো হোণ্ডা,নোকিয়া,­টেগ হিউৱেৰ, জে হেম্পষ্টেড,ভাৰ্জিন কমিক,অস্মি জুৱেলাৰী,লেভিছ, ব্ৰু,নিকন৯৪,গাৰ্ণিয়েৰ৯৫,ডাবৰ৯৬, ডিজিটেল ডাইৰেক্ট ব্ৰডকাষ্ট৯৭,পেপছি৯৮ আদি ব্ৰেণ্ডৰ লগতো জড়িত।

এপ্ৰিল,২০১২ত প্ৰিয়ংকা চোপ্ৰা
এপ্ৰিল,২০১২ত প্ৰিয়ংকা চোপ্ৰাছবি: Bollywood Hungama · CC BY 3.0

ভাবমূৰ্ত্তি

চোপ্ৰাক ভাৰতৰ অন্যতম জনপ্ৰিয় তাৰকাসমূহৰ ভিতৰত স্থান দিয়া হয়।৯৯ তেওঁক ভাৰতৰ সবাতোকৈ আকাংখ্যিত মহিলাসকলৰ এগৰাকী হিচাপে তথা ছেক্স চিম্বল হিচাপেও আখ্যা দিয়া হয়।১০০ সৰল যদিও শৈলীগত ফেশ্বন পদ্ধতিৰ বাবে তেওঁ জনাজাত। ডিজাইনাৰ ফাল্গুনী আৰু শ্বেন পীককে কৈছে "তেওঁ নিজৰ ছালছটাৰেই আৰামদায়ক অনুভৱ কৰে আৰু যি কাপোৰ পিন্ধে সিয়েই তেওঁক শুৱাই, লাগিলে সেয়া বিকিনিয়েই হঁওক,বা আন কোনো সাজ,বা শাৰী"।১০১ বালিঘড়ীৰ দৰে শাৰীৰিক গঠন তথা মৌমাখিৰ শুঙৰ দৰে দুই ওঁঠ আদিয়েই তেওঁৰ ট্ৰেডমাৰ্ক।১০২ তেওঁক প্ৰায়ে পিগ্গি চপ্চ("piggy chops") নামৰ এটা উপনামেৰে সম্বোধিত কৰা হয় যিটো নাম তেওঁৰ সহযোগী সকলে ব্লাফমাষ্টাৰ ছবিৰ চিত্ৰগ্ৰহণস্থলীত দিছিল।১০৩

ভাৰতৰ সবাতোকৈ শক্তিশালী,জনপ্ৰিয় তথা আকৰ্ষণীয় তাৰকাসমূহৰ ভিতৰত তেওঁৰ স্থান অতি উচ্চ। ২০০৬ চনত ইষ্টাৰ্ণ আই (Eastern Eye) নামৰ আলোচনী খনে তেওঁক এছিয়াৰ সবাতোকৈ আবেদনময়ী মহিলাৰ খিতাপ দিয়ে।১০৪১০৫ সেইবছৰতে ইবেই অনলাইন ভোটত তেওঁ "ষ্টাইল দিভা অৱ দা ইয়াৰ" খিতাপ পায়।১০৬ ২০০৯ত ৰেডিফে তেওঁক ভাৰতৰ তৃতীয় সৰ্বাধিক শক্তিশালী অভিনেত্ৰীৰ স্থান দিয়ে।১০৭ ২০১০ত তেওঁ টাইম্ছ অৱ ইণ্ডিয়াৰ ভাৰতৰ ৫0 গৰাকী আবেদনময়ী মহিলাৰ তালিকাত তৃতীয় স্থান লাভ কৰে১০৮ আৰু ২০১১ ত চতুৰ্থ স্থান লাভ কৰে।১০৯ ২০১১ত ভাৰতৰ পিপল আলোচনীয়ে তেওঁক বছৰটোৰ "শ্ৰেষ্ঠ সাজ পাৰ পৰিহিত মহিলা"ৰ১১০ আৰু মেক্সিম আলোচনীয়ে "হট্টেষ্ট গাৰ্ল অৱ দা ইয়াৰ" খিতাপ দিয়ে।১১১ এপ্ৰিল ২০১২ ত পিনষ্টৰ্ম ইণ্ডিয়াই চলোৱা এক সমীক্ষাত তেওঁ গণ সংযোগ মাধ্যমত সবাতোকৈ বেছি প্ৰভাৱ পেলোৱা তাৰকা হিচাপে পৰিগণিত হয়।১১২

ব্যক্তিগত জীৱন

প্ৰিয়ংকা চোপ্ৰাৰ পৰিয়ালৰ কোনোজনেই অভিনয়ৰ লগত জড়িত নহয় আৰু এয়া তেওঁ সগৌৰৱে কয়। লগতে তেওঁ নিজ পৰিয়ালক প্ৰয়োজনীয় মানসিক সহযোগ আৰু মৰম দিয়া বাবে প্ৰশংসা কৰে।১১৩ পৰিয়ালৰ লগত তেওঁৰ সম্বন্ধ অতি গভীৰ আৰু তেওঁৰ কাৰণে পৰিয়ালে বহুতখিনি ত্যাগ কৰিছে যাৰ বাবে তেওঁ কৃতজ্ঞ। দা এক্সপ্ৰেছ ট্ৰিবিউনৰ লগত হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে এই গোটেই যাত্ৰাত তেওঁ বহুতখিনি শিকিব পাৰিছে। তেওঁ কয় -"এই চিনেমাৰ জগতখনলৈ মই কাকো নজনাকৈয়ে আহিছোঁ। যিমানখিনি শিকিছোঁ মই নিজেই শিকিছোঁ। পৰিলেও নিজেই পৰিছো আৰু ইয়াক লৈ মই গৌৰৱ কৰোঁ।"১১৪ মিডিয়াৰ লগত বহুখিনি মধুৰ সম্পৰ্ক থকা সত্ত্বেও চোপ্ৰাই কেতিয়াও ব্যক্তিগত জীৱনক ৰাজহুৱা কৰা নাই। "মই মোৰ কথা কেতিয়াও ৰাজহুৱা নকৰোঁ। মই যি ইচ্ছা সেয়াই কৰিব পাৰোঁ কিন্তু এটা কাম মই কেতিয়াও কৰা নাই আৰু নকৰোঁ আৰু সেইটো হল নিজা কথা ৰাজহুৱা কৰাটো। এইটো কথাত মই বিশ্বাস নকৰোঁ।"১১৫ অৱশ্যে তেওঁ কৈছে যে যেতিয়াই ক'ব লগীয়া কিবা থাকে তেওঁ ক'ব বুলিয়ে কৈছে।১১৬ তেওঁ তেওঁৰ পোহনীয়া কুকুৰ 'ব্ৰেণ্ডো'ৰ লগত থাকে।১১৭১১৮

চলচ্চিত্ৰপঞ্জী

বৰ্ষচলচ্চিত্ৰচৰিত্ৰটোকা
২০০২থামিজানপ্ৰিয়াতামিল চলচ্চিত্ৰ
২০০৩দা হিৰো:লাভ ষ্টৰী অৱ এ স্পাইশ্বাহিন জাকাৰিয়া
২০০৩অন্দাজজিয়াশ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা মনোনীত—শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা
২০০৪প্লানৰাণী
২০০৪কিস্মতস্বপ্না
২০০৪অসম্ভৱআলিছা
২০০৪মুঝছে শাদী কৰোগীৰাণী সিং
২০০৪এতৰাজমিছেছ ছোনিয়া ৰয়ঋণাত্মক চৰিত্ৰত কৰা শ্ৰেষ্ঠ অভিনয়ৰ ফিল্মফেয়াৰ বঁটা মনোনীত—শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা
২০০৫ব্লেকমেইলমিছেছ ৰাথোড়
২০০৫কৰমশ্বালিনী
২০০৫ৱক্ত: দা ৰেচ এগেইনষ্ট টাইমপূজা (মিতালি)
২০০৫য়কীনচিমৰ
২০০৫বৰষাতকাজল
২০০৫ব্লাফমাষ্টাৰ!চিম্মি আহুজা
২০০৬টেক্সি নং ৯২১১বিশেষ ভূমিকা
২০০৬৩৬ চাইনা টাউনসীমাবিশেষ ভূমিকা
২০০৬অলগ"চবচে অলগ" গানটিত বিশেষ ভূমিকা
২০০৬ক্ৰিশ্বপ্ৰিয়া
২০০৬আপ কি খাতিৰঅনু
২০০৬ডনৰোমা
২০০৭ছলাম-এ-ইস্ক: এ ট্ৰিবিউট টু লাভকামিনী
২০০৭বিগ ব্ৰাদাৰআৰতি শৰ্মা
২০০৭ওম শান্তি ওমনিজৰ চৰিত্ৰ"দিৱানগী দিৱানগী"গানটিত বিশেষ ভূমিকা
২০০৮মাই নেম ইজ এন্থনী গোঞ্জালভেছনিজা চৰিত্ৰবিশেষ ভূমিকা
২০০৮লাভ ষ্টৰী ২০৫০চানা / জাইশ্বা
২০০৮গড তুচ্ছী গ্ৰেট হোআলিয়া কাপুৰ
২০০৮চমকুশুভী
২০০৮ড্ৰোনাছনিয়া
২০০৮ফেশ্বনমেঘনা মাথুৰশ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা
২০০৮দোস্তানানেহা মালৱানী
২০০৯বিল্লুনিজৰ চৰিত্ৰ"য়ু গেট মি ৰকিং এণ্ড ৰিলিং"গানটিত বিশেষ ভূমিকা
২০০৯কমিনেছুইটী শেখৰ ভোপেমনোনীত—শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা
২০০৯হোৱাট্চ ইয়ৰ ৰাছী?১২টা চৰিত্ৰঅঞ্জলি / বিশাখা / কাজল / হন্সা / মল্লিকা / পূজা / ৰজনী / নন্দিনী / ভাৱনা / ঝংখনা / সঞ্জনা / চন্দ্ৰিকা
২০১০প্যাৰ ইমপছিবল!আলিছা মাৰছেণ্ট
২০১০জানে কাহা চে আয়ী হেনিজৰ চৰিত্ৰবিশেষ ভূমিকা
২০১০অঞ্জানা অঞ্জানীকিয়াৰা মল্হোট্ৰা
২০১১৭ খুন মাফচুচানা এন-মেৰি জোহান্সফিল্মফেয়াৰ সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা মনোনীত—শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা
২০১১ৰা. ৱানদেশী গাৰ্লবিশেষ ভূমিকা
২০১১ডন ২ৰোমা
২০১২অগ্নিপথকালী গাৱড়ে
২০১২তেৰি মেৰি কাহানী৩টা চৰিত্ৰৰুকচাৰ / ৰাধা / আৰাধনা
২০১২বৰ্ফীঝিলমিল চেটাৰ্জী
২০১২দিৱানা মে দিৱানা২৮ ছেপ্তেম্বৰ ২০১২ত মুকলি হ'ব
২০১৩ক্ৰিশ্ব ৩প্ৰিয়া মেহৰা
২০১৩জঞ্জীৰমালা
২০১8মিলান টকিজনিৰ্মীয়মান১১৯
২০১৩গুণ্ডে
২০১8মেৰী কম বায়পিকমেৰী কমনিৰ্মীয়মান৬৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (18 July 2012). Birthday Special: 30 Facts About Priyanka Chopra — Page 1. Rediff
  2. ↑ (17 July 2012). Birthday blast: Priyanka Chopra's Top 30 moments in showbiz. Hindustan Times
  3. ↑ Priyanka Chopra – Femina 2000-1991! Contestants – Indiatimes.com আৰ্কাইভ কপি. Feminamissindia.indiatimes.com. Retrieved 18 July 2012
  4. ↑ Indo-Asian News Service. (5 December 2000). Priyanka admits lapse. The Tribune
  5. ↑ Masand, Rajeev. (9 August 2009). Priyanka on her best role. CNN-IBN
  6. ↑ (23 December 2005). Ten Best Bollywood Actresses of 2005. Rediff.com
  7. ↑ (25 August 2006). Powerlist: Top Bollywood Actresses. Rediff.com
  8. ↑ Bollywood Life. Priyanka Chopra unveils her first single IN MY CITY featuring will.i.am
  9. ↑ (19 May 2012). Divas vs Parineeti Chopra. Tehelka Magazine
  10. ↑ (7 September 2012). Priyanka Chopra first single inspired by her life. Hindustan Times
  11. ↑ Priyanka Chopra Biography. Zee News
  12. ↑ When Priyanka Chopra slept in a ‘cage’. Daily News and Analysis
  13. ↑ (14 December 2001). From beauty pageant to celluloid. The Hindu
  14. ↑ (1 December 2000). Granny brought up Priyanka. Tribune India
  15. ↑ Meet Priyanka Chopra. Rediff
  16. ↑ (19 April 2002). Thamizhan. দ্য হিন্দু
  17. ↑ Box Office 2003. Box Office India
  18. ↑ (17 July 2012). Birthday blast: Priyanka Chopra's Top 30 moments in showbiz. হিন্দুস্তান টাইমছ
  19. ↑ Awards 2003. Times of India
  20. ↑ Nominees for the 49th Manikchand Filmfare Awards 2003. Times of India
  21. ↑ Magotra, Ashish. (23 May 2003). 'Andaaz': Flight to boredom. Rediff.com
  22. ↑ Box Office 2004. Box Office India
  23. ↑ Adarsh, Taran. (11 November 2004). Movie Review: Aitraaz. Bollywood Hungama
  24. ↑ Nominees of 50th Filmfare Awards. Times of India
  25. ↑ Box Office 2005. Box Office India
  26. ↑ (1 June 2005). Yakeen: Predictable fare. Rediff.com
  27. ↑ Subhash Jha. Bluffmaster! review
  28. ↑ Udita Jhunjhunwala. (3 July 2006). Krrish takes flight at Indian box office. Screen Daily
  29. ↑ Bharti Dubey. (1 May 2011). Little film action for female stunt artistes. Times of India
  30. ↑ Box Office 2006. Box Office India
  31. ↑ (23 January 2010). Priyanka Chopra bags National award for Fashion. NDTV
  32. ↑ (19 March 2010). V K Murthy, Priyanka Chopra receive National Awards. Rediff.com
  33. ↑ (23 January 2010). National Film Awards: Priyanka gets best actress, 'Antaheen' awarded best film. Times of India
  34. ↑ (24 January 2010). 56th National Awards: Priyanka Chopra named Best Actress. spicezee
  35. ↑ (1 March 2009). Filmfare: 'Jodha..' bags 5, Priyanka, Hrithik shine. Times of India
  36. ↑ Masand’s Verdict: Fashion is all masala, no reality. Rajeevmasand.com
  37. ↑ Box Office 2008. Box Office India
  38. ↑ Masand, Rajeev. (14 November 2008). Dostana, a barrel of laughs. CNN-IBN
  39. ↑ Adarsh, Taran. (13 August 2009). Kaminey Review. One India Entertainment
  40. ↑ 5th Apsara Awards. Apsara Awards
  41. ↑ (7 September 2009). Priyanka Chopra may find a place in Guinness Book. The Economic Times
  42. ↑ "All India 2010". BoxOffice India. Retrieved 25 March2011
  43. ↑ Boxofficeindia.com. Boxofficeindia.com
  44. ↑ ‘Anjaana Anjaani’ Review By Komal Nahta. Koimoi.com
  45. ↑ indiatoday.intoday.in/story/filmfare-awards-2012
  46. ↑ "Top Overseas Grossers 2011:DON 2 Tops Followed By RA.ONE". Box Office India. 4January 2012. Retrieved 20 September 2012
  47. ↑ Nyay Bhushan. (2 July 2012). CAA Signs Its First Bollywood Star. Hollywood Reporter
  48. ↑ (28 January 2012). Top Grossing Of All Time Days By A Single Film. Boxofficeindia.com
  49. ↑ Mayank Shekhar. (26 January 2012). Mayank Shekhar's review: Agneepath. Hindustan Times
  50. ↑ Avijit Ghosh. (26 January 2012). Agneepath movie review. Times Of India
  51. ↑ Komal Nahta. (26 January 2012). Agneepath Movie Review. koimoi.com
  52. ↑ (26 January 2012). Movie Review: Agneepath. Daily Bhaskar
  53. ↑ {{cite web|author=Adarsh, Taran|title= Teri Meri Kahaani Review|url=http://www.bollywoodhungama.com/moviemicro/criticreview/id/551914|publisher=Bollywood Hungama|date=22 Jun 2012|accessdate
  54. ↑ (11 July 2012). Teri Meri Kahaani Box office collections
  55. ↑ Mahalakshmi Prabhakaran. (12 September 2012). What is Priyanka Chopra’s Kottayam connection?. DNA India
  56. ↑ (13 January 2013). 58th Idea Filmfare Awards nominations are here!. Filmfare Magazine
  57. ↑ Dubey, Bharti. (22 September 2012). ‘Barfi!’ to represent India at Oscars. The Times of India
  58. ↑ Dubey, Rachana. (22 December 2010). Hrithik, Priyanka pair up again!. Hindustan Times
  59. ↑ Singh, Prashant. (19 September 2012). Priyanka Chopra and Ekta Kapoor, the new friends in B-town. Hindustan Times
  60. ↑ (21 October 2012). Ekta Kapooy teams up with Priyanka Chipra. The Times of India
  61. ↑ (16 October 2012). Priyanka Chopra joins 'Gunday' gang. The Times of India
  62. ↑ Priyanka Chopra confirmed for YRF's Gunday. Bollywood Hungama
  63. ↑ Mumbai Mirror. (28 November 2012). Priyanka Chopra to live like Mary Kom. The Times of India
  64. ↑ (13 March 2013). Priyanka Chopra lends voice for Hollywood animated film Planes. Hindustan Times
  65. ↑ Saniya Tabani. (11 August 2011). Priyanka Chopra’s Foray Into Music with Lady Gaga’s Management. Divanee.com
  66. ↑ Nyay Bhushan. (15 February 2012). Berlin 2012: Priyanka Chopra Talks About Movies Transcending Cultural and Language Barriers (Q&A). Hollywood Reporter
  67. ↑ (12 April 2002). Ushering in the new year. The Hindu
  68. ↑ (24 September 2010). Priyanka sings live on TV!. Times of India
  69. ↑ Nyay Bhushan. (5 August 2011). Universal Music Group Signs Bollywood Star Priyanka Chopra to Global Deal. Hollywood Reporter
  70. ↑ Sarika Sharma. (11 September 2012). Priyanka Chopra unveils the first look of her debut music album. NDTV
  71. ↑ Raghavendra, Nandini. (13 September 2012). Priyanka Chopra releases single 'In my City', trends to number one position on Twitter. The Economic Times
  72. ↑ Kennedy, Gerrick D. (20 November 2012). Bollywood's Priyanka Chopra as pioneering pop act in U.S.. Los Angeles Times
  73. ↑ (25 October 2012). Was too shy to sing in Bollywood: Priyanka Chopra. Daily News and Analysis
  74. ↑ (10 December 2012). Priyanka Chopra nominated for World Music Awards. Hindustan Times
  75. ↑ (31 October 2012). Gorgeous Chopra Sisters: Priyanka And Parineeti Perform At People’s Choice Awards. Business of Cinema
  76. ↑ (22 November 2012). Priyanka Chopra features in 'Chainsmokers' album. The Indian Express
  77. ↑ Erase ft. Priyanka Chopra – Single by The Chainsmokers. ITunes Store
  78. ↑ Indo-Asian News Service. (15 September 2010). Khatron Ke Khiladi 3 TRPs break record. Hindustan Times
  79. ↑ The Tenth Indian Telly Awards. Telly Awards
  80. ↑ Temptation 2004. sify.com
  81. ↑ (5 January 2011). Celebrities galore at 150th anniversary in SA. One India
  82. ↑ Dwaipayan Datta. (4 April 2012). IPL 2012 Opening Ceremony: IPL party begins with star-studded opening ceremony as fans swoon. "Times of India"
  83. ↑ (14 December 2009). Miss World will not change the world: Priyanka Chopra. India Today
  84. ↑ (11 December 2009). Priyanka is my lucky charm: Pooja. India Today
  85. ↑ (2009-12-14). Miss World will not change the world: Priyanka Chopra: India @ Miss World '09, News - India Today. Indiatoday.intoday.in
  86. ↑ Priyanka Chopra. (26 February 2102). Priyanka Chopra turns 50. Hindustan Times
  87. ↑ Neha Sharma and Garima Sharma. (12 March 2009). Hi, it’s Priyanka. Hindustan Times
  88. ↑ Priyanka Chopra. (19 August 2012). No woman in Mumbai feels safe any longer: Priyanka Chopra. Times of India
  89. ↑ (18 August 2012). No Woman In Mumbai Feels Safe Any Longer: Priyanka Chopra. svnnews.org
  90. ↑ (9 June 2011). Metro Plus Kochi / People: Green agenda. The Hindu
  91. ↑ (8 February 2005). Bollywood unites to present caring face. The Telegraph
  92. ↑ (13 March 2011). Ad-vantage B-Town bombshells. The Times of India
  93. ↑ (10 February 2009). Priyanka Chopra queen of endorsements in 2008. ibnlive.com
  94. ↑ (28 March 2011). Priyanka Chopra is Nikon’s first-ever female brand ambassador. feedfury.com
  95. ↑ (30 January 2012). Priyanka Chopra to be brand ambassador of Garnier. Bollywood Hungama
  96. ↑ (9 September 2012). Dabur signs Priyanka Chopra as brand ambassador for hair oil. Economic Times
  97. ↑ (27 June 2012). Priyanka Chopra has got another brand under her belt. NDTV
  98. ↑ (12 September 2012). Priyanka Chopra makes a comeback as Pepsi's brand ambassador. The Economic Times
  99. ↑ (18 July 2012). Birthday Special: 30 Facts About Priyanka Chopra — Page 5. Rediff
  100. ↑ Top Bollywood sex symbols of all time. India Tribune
  101. ↑ (30 May 2010). The femme fatales of Bollywood!. DNA India
  102. ↑ Top 99 Women of 2012 — WHY IS PRIYANKA CHOPRA NO. 70?. Askmen.com
  103. ↑ Smrity Sharma. (28 October 2010). Priyanka bored of Piggy Chops. The Times of India
  104. ↑ (20 September 2006). Asia's sexiest women. Rediff.com
  105. ↑ (20 September 2006). Asia's sexiest women − 1. Priyanka Chopra. Rediff.com
  106. ↑ (11 August 2006). Priyanka Chopra is eBay India Style Diva. One India
  107. ↑ (6 April 2009). The Most Powerful Actresses in India. Rediff.com
  108. ↑ (9 January 2011). Times 50 Most Desirable Women. Times of India
  109. ↑ (4 February 2012). Times 50 Most Desirable Women of 2011: The Winners. Times of India
  110. ↑ (8 October 2011). Priyanka Chopra named India's Best Dressed. NDTV
  111. ↑ (20 October 2011). ‘Deepika is very hot’, says Priyanka Chopra. Indian Herald
  112. ↑ (4 April 2012). Priyanka Chopra beats Big B, Sachin Tendulkar. Times of India
  113. ↑ Bohni Bandyopadhyay. (11 April 2010). I am a self-made woman: Priyanka Chopra. Tribune India
  114. ↑ (10 June 2012). Great time for Indian actresses: Priyanka Chopra. Express Tribune
  115. ↑ (18 October 2010). I'll never discuss my personal life online: Priyanka Chopra. NDTV
  116. ↑ Kashika Saxena. (3 July 2012). I am very high headed: Priyanka Chopra. Times of India
  117. ↑ (18 July 2012). Birthday Special: 30 Facts About Priyanka Chopra — Page 22. Rediff
  118. ↑ There's me. iampriyankachopra.com
  119. ↑ Priyanka Chopra:: There's Me. Iampriyankachopra.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীহলিউড অভিনেত্ৰীসৌন্দৰ্য প্ৰতিযোগীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীপদ্মশ্ৰী বঁটা বিজয়ীশ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰিয়ংকা চোপ্ৰা” প্ৰবন্ধৰ সংশোধন ৬৩৯৯৯৩ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।