হলিউড অভিনেত্ৰী
২০ প্ৰবন্ধ
-
প্ৰিয়ংকা চোপ্ৰা
প্ৰিয়ংকা চোপ্ৰা (Priyanka Chopra; জন্ম: ১৮ জুলাই ১৯৮২) এগৰাকী ভাৰতীয় অভিনেত্ৰী। অভিনয় জগতত খোজ পেলোৱাৰ আগতে তেওঁ মডেল হিচাপে কাম কৰে আৰু ২০০৮ চনত মিছ ৱৰ্ল্ড খিতাপ জয় কৰি জনপ্ৰিয়তা লাভ কৰে। বৰ্তমানলৈকে তেওঁ এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু চাৰিটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।
-
মেৰিলিন মন্ৰ'
মেৰীলিন মনৰো (পূৰ্বৰ নাম নৰ্মা জিন মৰ্টেনছন, বাপ্টাইজ কৰাৰ পিছত নৰ্মা জিন বেকাৰ, ১ জুন ১৯২৬-৫ আগষ্ট ১৯৬২)) আছিল এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু মডেল । শৈশৱকালৰ বেছিভাগ সময় অনাথ আশ্ৰমত পাৰ কৰাৰ পিছত তেওঁ মডেল হিছাপে জীৱিকাৰ পাতনি মেলে আৰু ১৯৪৬ চনত চলচ্চিত্ৰত অভিনয়ৰ সুযোগ লাভ কৰে।
-
এঞ্জেলিনা জলি
এঞ্জেলিনা জলি (Angelina Jolie) (জন্ম: ৪ জুন, ১৯৭৫; এঞ্জেলিনা জলি ভট) এগৰাকী জনপ্ৰিয় আমেৰিকান অভিনেত্ৰী। তেখেতে তিনিবাৰ গোল্ডেন গ্লোব পুৰস্কাৰ, দুবাৰ স্ক্ৰিন এক্ট্ৰেছ গিল্ড পুৰস্কাৰ আৰু এবাৰ একাডেমি পুৰস্কাৰ লাভ কৰিছে।
-
এলিজাবেথ অলছেন
এলিজাবেথ চে’জ অলছেন (Elizabeth Chase Olsen; জন্ম: ১৬ ফেব্ৰুৱাৰী, ১৯৮৯)) এগৰাকী আমেৰিকান অভিনেত্ৰী। কেলিফৰ্ণিয়াৰ শ্বাৰমান অকছত জন্মগ্ৰহণ কৰা অলছেনে চাৰি বছৰ বয়সতে অভিনয় কৰিবলৈ আৰম্ভ কৰে।
-
ক'বি স্মল্ডাৰ্ছ
জেক'বা ফ্ৰান্সিস্কা মাৰিয়া স্মল্ডাৰ্ছ (জন্ম ৩ এপ্ৰিল, ১৯৮২) এগৰাকী কানাডিয়ান অভিনেত্ৰী আৰু প্ৰাক্তন মডেল। টেলিভিজন চিৰিজ "হাউ আই মে'ট ইয়'ৰ মাদাৰ"-ৰ ৰবিন চাৰ্বাচ্ছ্স্কি আৰু মাৰ্ভেল জগতৰ মাৰিয়া হিল চৰিত্ৰৰ বাবে তেওঁ জনাজাত।
-
জেনিফাৰ ল'পেজ
জেনিফাৰ ল'পেজ (English:Jennifer Lopez) এগৰাকী আমেৰিকান অভিনেত্ৰী,প'প গায়িকা,লেখিকা আৰু ফেছন দিজাইনাৰ। তেওঁৰ জন্ম ১৯৬৯ চনৰ ২৪ জুলাইত The bronx নিউই্য়ৰ্কত হয়। তেওঁক J.Lo নামেৰেও জনা যায়।
-
মাৰ্লিন ডিট্ৰিস
মাৰ্লিন ডিট্ৰিস (Marlene Dietrich,; ২৭ ডিচেম্বৰ ১৯০১ – ৬ মে' ১৯৯২) আছিল এগৰাকী জাৰ্মান-আমেৰিকান অভিনেত্ৰী আৰু গায়িকা। নিজৰ দীৰ্ঘ কৰ্মজীৱনত পেছদাৰীভাৱে আৰু চৰিত্ৰগতভাৱে ন-ন উপায়েৰে নিজকে চিনাকী দি ডিট্ৰিস জনপ্ৰিয় হৈ ৰৈছিল। ১৯২০ৰ সময়ছোৱাত বাৰ্লিনত তেওঁ মঞ্চ আৰু অবাক চলচ্চিত্ৰত অভিনয় কৰিছিল।
-
মিলি ববি ব্ৰাউন
মিলি ববি ব্ৰাউন (Millie Bobby Brown; জন্ম: ১৯ ফেব্ৰুৱাৰী ২০০৪) হৈছে এগৰাকী ব্ৰিটিছ অভিনেত্ৰী আৰু মডেল। মিলিয়ে নেটফ্লিক্সৰ বিজ্ঞান-কল্পকাহিনী ড্ৰামা-ছিৰিজ ষ্ট্ৰেঞ্জাৰ থিংছ (২০১৬–বৰ্তমান)ত এলেভেন চৰিত্ৰটো ৰূপায়ণ কৰি স্বীকৃতি লাভ কৰে।
-
অড্ৰী হেপ্বাৰ্ন
অড্ৰী কেথলিন হেপ্বাৰ্ন (ৰাষ্টন; ৪ মে' ১৯২৯ – ২০ জানুৱাৰী ১৯৯৩) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী। এগৰাকী চলচ্চিত্ৰ আৰু ফেশ্বনৰ প্ৰতীক হিচাপে স্বীকৃত, তেওঁক আমেৰিকান ফিল্ম ইনষ্টিটিউতে তৃতীয় শ্ৰেষ্ঠ মহিলা পৰ্দাৰ কিংবদন্তী হিচাপে স্থান দিছিল Classical Hollywood cinemaৰ, International Best Dressed Hall of…
-
ফ্ৰিডা পিণ্টো
ফ্ৰিডা ছেলেনা পিণ্টো (Freida Selena Pinto, জন্ম: ১৮ অক্টোবৰ ১৯৮৪) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। ফ্ৰিডাক সাধাৰণতে আমেৰিকান আৰু ব্ৰিটিছ ছবিত দেখা যায়। মুম্বাইতে লালিত-পালিত হোৱা ফ্ৰিডাই খুব কম বয়সতে অভিনয়ৰ লগত ঘনিষ্ঠতা স্থাপন কৰি লৈছিল আৰু ভৱিষ্যতে এগৰাকী অভিনেত্ৰী হ'বলৈ সংকল্পবদ্ধ হৈছিল।
-
মেগী স্মিথ
দাম মাৰ্গাৰেট নাটালি মেগী স্মিথ (ইংৰাজী: Dame Margaret Natalie Maggie Smith) হলিউদৰ এগৰাকী সক্ৰিয় অভিনেত্ৰী। ১৯৩৪ চনৰ ২৮ ডিচেম্বৰত জন্মলাভ কৰা অভিনেত্ৰীগৰাকীৰ চলচিত্ৰ আৰু নাটক উভয় ক্ষেত্ৰতে সুনাম আছে।
-
স্কাৰলেট জ'হানছন
স্কাৰলেট জ'হানছন (Scarlett Johansson) (জন্ম ২২ নৱেম্বৰ, ১৯৮৪) এগৰাকী আমেৰিকান অভিনেত্ৰী, মডেল আৰু গায়িকা। তেওঁৰ পিতৃৰ নাম কাৰ্ষ্টেন জ'হানছন আৰু মাতৃ মেলানি স্ল'ৱান।
-
হেলেনা ব'নহাম কাৰ্টাৰ
হেলেনা ব’নহাম কাৰ্টাৰ (Helena Bonham Carter) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী। তেওঁ ১৯৬৬ চনৰ ২৬ মে' তাৰিখে লণ্ডন মহানগৰীৰ গ'ল্ডাৰছ গ্ৰীণত জন্মগ্ৰহণ কৰে। ১৯৮৩ চনৰ পৰা পেছাগত অভিনয় জীৱন আৰম্ভ কৰা কাৰ্টাৰ বৰ্তমানলৈকে সক্ৰিয় ৰূপত অভিনয়ৰ সৈতে জড়িত হৈ আছে।
-
আনা ডে আৰ্মাছ
আনা চেলিয়া ডে আৰ্মাছ কাছো (Ana Celia de Armas Caso; জন্ম: ৩০ এপ্ৰিল ১৯৮৮) এগৰাকী কিউবান, আমেৰিকান আৰু স্পেনিছ অভিনেত্ৰী। কিউবাত ৰোমাণ্টিক ড্ৰামা উনা ৰোজা দে ফ্ৰান্সিয়া (২০০৬)ত মুখ্য চৰিত্ৰত অভিনয় কৰি তেওঁ কেৰিয়াৰ আৰম্ভ কৰে।
-
ইভানা লিঞ্চ
ইভানা পেট্ৰিচিয়া লিঞ্চ (Evanna Lynch জন্ম: ১৬ আগষ্ট, ১৯৯১) এগৰাকী আইৰিছ অভিনেত্ৰী। লিঞ্চক মূলতঃ হেৰী পটাৰ চলচ্চিত্ৰ শৃংখলাত তেওঁ ৰূপায়ণ কৰা লুনা লাভগুড (ইংৰাজী: Luna Lovegood) চৰিত্ৰটোৰ বাবে জনা যায়। সেই সময়ত তেওঁৰ বয়স আছিল ১৪ বছৰ।
-
এমা ষ্টোন
এমিলি জিন "এমা" ষ্টোন (Emily Jean "Emma" Stone; জন্ম: ৬ নৱেম্বৰ, ১৯৮৮) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু চলচ্চিত্ৰ প্ৰযোজক। তেওঁ দুটা একাডেমী বঁটা, দুটা ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা, আৰু দুটা গোল্ডেন গ্ল’ব বঁটা এতিয়ালৈকে লাভ কৰিছে।
-
কেইৰা নাইটলি
কেইৰা ক্ৰীষ্টিনা নাইটলি (Keira Christina Knightley; জন্ম: ২৬ মাৰ্চ ১৯৮৫) এগৰাকী ইংৰাজী অভিনেত্ৰী। স্বতন্ত্ৰ ছবি আৰু পিৰিয়ড ড্ৰামাত কৰা কামৰ বাবে পৰিচিত নাইটলিয়ে দুটা একাডেমী বঁটা, দুটা ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা, চাৰিটা গোল্ডেন গ্ল’ব আৰু এটা লৰেন্স অলিভিয়াৰ বঁটাৰ বাবে মনোনয়নকে ধৰি বহুতো…
-
কেমেৰ'ণ দিয়াজ
কেমেৰ'ণ মিচেল ডিয়াজ(জন্ম ৩০ আগষ্ট,১৯৭২) হ'ল এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু প্ৰাক্তন মডেল। ১৯৯০ৰ দশকত তেওঁ দ্য মাস্ক,মাই বেষ্ট ফ্ৰেইণ্ডছ ৱেডিং আৰু দেয়াৰ্ছ চামথিং এবাউট মেৰী আদি ছবিত অভিনয় কৰি চৰ্চা লাভ কৰে।
-
চাৰ্লিজ থেৰন
চাৰ্লিজ থেৰন ( Charlez Theronজন্ম-৭ আগষ্ট ১৯৭৫) এগৰাকী দক্ষিণ আফ্ৰিকান আৰু আমেৰিকান অভিনেত্ৰী আৰু প্ৰযোজক। তেওঁ বিশ্বৰ অন্যতম সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰী৷ তেওঁ একাডেমী বঁটা আৰু গোল্ডেন গ্ল'ব বঁটাকে ধৰি বিভিন্ন বঁটা লাভ কৰিছে।
-
প্ৰিয়ংকা বোস
প্ৰিয়ংকা বোস (ইংৰাজী: Priyanka Bose; জন্ম: ১৯৮০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। মঞ্চ আৰু চলচ্চিত্ৰত সক্ৰিয় প্ৰিয়ংকাক বিশেষকৈ ইটালীৰ কথাছবি গংগোৰত কৰা অভিনয়ৰ বাবে জনা যায়।