অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কৰিণা কাপুৰ

কৰিণা কাপুৰ খান (Kareena Kapoor Khan; জন্ম: ২১ ছেপ্টেম্বৰ ১৯৮০) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। কৰিণা কাপুৰে বিশেষকৈ হিন্দী ছবিত অভিনয় কৰে। তেখেত অভিনেতা ৰনধীৰ কাপুৰ আৰু ববিতা কাপুৰৰ জীয়ৰী। আনহাতে বৰ্ষীয়ান অভিনেতা ৰাজ কাপুৰ আৰ হৰি শিৱদাসানীৰ নাতিনী। কৰিশ্মা কাপুৰ হৈছে তেখেতৰ জ্যেষ্ঠ ভগ্নী।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২১০ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

কৰিণা কাপুৰ খান (Kareena Kapoor Khan; জন্ম: ২১ ছেপ্টেম্বৰ ১৯৮০) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। কৰিণা কাপুৰে বিশেষকৈ হিন্দী ছবিত অভিনয় কৰে। তেখেত অভিনেতা ৰনধীৰ কাপুৰ আৰু ববিতা কাপুৰৰ জীয়ৰী।১ আনহাতে বৰ্ষীয়ান অভিনেতা ৰাজ কাপুৰ আৰ হৰি শিৱদাসানীৰ নাতিনী। কৰিশ্মা কাপুৰ হৈছে তেখেতৰ জ্যেষ্ঠ ভগ্নী।২ কেইবাপ্ৰকাৰৰ ছবিত ভিন্নধৰ্মী চৰিত্ৰ ৰূপায়ণৰ বাবে বিশেষ সমাদৰ আৰু খ্যাতি লাভ কৰা কৰিণা কাপুৰে ৰোমাণ্টিকধৰ্মী ছবিৰ পৰা আৰম্ভ কৰি অপৰাধমূলক ছবিত অভিনয় কৰিছে। বলিউডৰ সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰীৰ ভিতৰত অন্যতম কৰিণা কাপুৰে ফিল্মফেয়াৰ, আইফাকে ধৰি একাধিক বঁটা, পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতে এতিয়ালৈকে ছটাকৈ ফিল্মফেয়াৰ অৰ্জন কৰিছে।

২০০০ চনত মুক্তি লাভ কৰা যুদ্ধকেন্দ্ৰিক ছবি 'ৰিফিউজি'ৰ জৰিয়তে ছবিৰ জগতত পদাৰ্পণ কৰা কৰিণা কাপুৰে ২০০১ চনত ঐতিহাসিক ছবি 'অশোকা'ত শ্বাহৰুখ খানৰ বিপৰীতে অভিনয় কৰে। একেটা বছৰতে তেখেতে 'কভি খুচি কভি গম'তো অভিনয় কৰি দৰ্শক-সমালোচকৰ মাজত পৰিচিতি লাভ কৰে। মাজতে দুবছৰমান একেধৰণৰ চৰিত্ৰত অভিনয় কৰি ২০০৪ চনত কৰিণা কাপুৰে 'ছামেলি' নামৰ ছবিখনত যৌনকৰ্মীৰ ভূমিকাত অৱতীৰ্ণ হয়। ২০০৪ চনৰ ছবি 'দেৱ' হৈছে কৰিণা কাপুৰৰ সমাদৃত ছবি। ২০০৬ চনত বিশাল ভাৰদ্বাজে নিৰ্মাণ কৰা 'ওমকাৰা'ত কৰিণা কাপুৰে ৱিলিয়াম শ্বেইক্সপিয়াৰৰ নায়িকা ডেচডিম'নাৰ আধাৰত ৰচিত চৰিত্ৰটোত অৱতীৰ্ণ হয়। ৰোমাণ্টিক কমেডি 'জৱ উই মেট' (২০০৭), থ্ৰিলাৰ ছবি 'কুৰবান' (২০০৯) আৰু 'টলাশ: দ্য এঞ্চাৰ লাইছ উইথিন' (২০১২), 'উই আৰ ফেমিলি' (২০১০), 'হিৰ'ইন' (২০১২) আৰু 'উড়তা পঞ্জাব' (২০১৬) হৈছে কৰিণা কাপুৰৰ কেইখনমান উল্লেখযোগ্য ছবি।

বলিউডৰ অভিনেতা চেইফ আলী খানৰ সৈতে বৈবাহিক জীৱন আৰম্ভ কৰা কৰিণা কাপুৰ দুটি সন্তানৰ মাতৃ। তেখেতে ইউনিছেফৰ লগত ২০১৪ চনৰ পৰা নাৰী শিক্ষা আৰু ভাৰতবৰ্ষত মানসম্পন্ন শিক্ষাগত সমতাৰ হকে কাম কৰি আহিছে।৩৪

সংক্ষিপ্ত জীৱন

১৯৮০ চনৰ ২১ ছেপ্টেম্বৰত জন্মলাভ কৰা কৰিণা কাপুৰৰ জনপ্ৰিয় নাম হৈছে বেবো। তেখেতৰ জন্ম হৈছিল মুম্বাইত।৫ পিতৃৰ ফালৰ পৰা তেখেতে পঞ্জাবী হিন্দু জ্যাতাংশ লাভ কৰিছে।৬ আনহাতে মাতৃৰ ফালৰ পৰা তেখেতে সিন্ধী আৰু ব্ৰিটিছ জ্যাতাংশ লাভ কৰিছে।৭৮

কৰিণা কাপুৰে মুম্বাইৰ যমনাবাই নাৰছি স্কুলৰ পৰা শিক্ষা গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত তেখেতে দেহৰাদুনত থকা ৱেলহেম গাৰ্লছ হাইস্কুলত পঢ়ে।৯ প্ৰথমৱাস্থাত মাতৃক সন্তুষ্টি প্ৰদান কৰিবলৈহে তেখেতে শিক্ষানুষ্ঠানত নামভৰ্তি কৰিছিল যদিও পাছলৈ অভিজ্ঞতা সুখকৰ হৈ উঠে।১০ ৱেলহেমৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি কৰিণা কাপুৰ মুম্বাইলৈ উভতি আহে আৰু মিথিবাই কলেজত দুবছৰ বাণিজ্য অধ্যয়ন কৰে।৯ তাৰপিছত আমেৰিকাস্থিত হাৰ্ভাৰ্ড ছামাৰ স্কুলত মাইক্ৰ'কম্পিউটাৰ সম্পৰ্কীয় তিনিমহীয়া গ্ৰীষ্মকালীন পাঠ্যক্ৰম গ্ৰহণ কৰে।৯ পৰৱৰ্তী সময়ত আইনৰ প্ৰতি আকৰ্ষিত হোৱাত তেখেতে মুম্বাইৰ চৰকাৰী আইন মহাবিদ্যালয়ত নামভৰ্তি কৰে। এইখিনি সময়তে তেখেতে গ্ৰন্থ অধ্যয়নৰ প্ৰতি থকা দীৰ্ঘদিনীয়া অনুৰাগটো গঢ়ি তোলে।৯ অৱশ্যে প্ৰথমবছৰৰ শিক্ষাৰ অন্তত তেখেতে অভিনয়ৰ প্ৰতি আকৰ্ষিত হয় আৰু শিক্ষা অসমাপ্ত কৰি সেইটো ক্ষেত্ৰত মনোনিৱেশ কৰে।১১১২ এফটিটিআইৰ সদস্য কিশোৰ নমিত কাপুৰৰ তত্ত্বাৱধানত তেখেতে এটা অভিনয় শিক্ষানুষ্ঠানত প্ৰশিক্ষণ আৰম্ভ কৰে।১৩

প্ৰতিষ্ঠানত অধ্যয়ন কৰি থকাৰ সময়তে কৰিণা কাপুৰক ৰাকেশ ৰোশনৰ ছবি 'কহো না...প্যাৰ হেয়' (২০০০)ৰ বাবে মনোনীত কৰা হয়।৯ ছবিখনত কিছু দিন কাম কৰাৰ পাছত তেখেতে সেই প্ৰকল্প পৰিত্যাগ কৰে। এই বিষয়ে তেখেতে পাছত ব্যাখ্যা কৰি কয় যে-ছবিৰ পৰিচালকক পুত্ৰ ঋতিক ৰোশনকহে ছবিখনৰ অধিক গুৰুত্ব দিয়া হৈছিল।৯ কৰিণা কাপুৰৰ প্ৰথমখন ছবি হৈছে জে.পি. দত্তৰ 'ৰিফিউজি'। ২০০০ চনত মুক্তি লাভ কৰা ছবিখনৰ পুৰুষ চৰিত্ৰটোত অভিনয় কৰিছিল অভিষেক বচ্চনে। ১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধৰ পটভূমিত নিৰ্মিত ছবিখনত কৰিণা কাপুৰে নাজ নামৰ এগৰাকী বাংলাদেশী যুৱতীৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল।৯১৪

তথ্যসূত্ৰ

  1. ↑ (30 October 2002). Star of The Week-Kareena Kapoor. Rediff.com
  2. ↑ IndiaFM News Bureau. (29 December 2004). What's a book got to do with Kareena?. Bollywood Hungama
  3. ↑ Bollywood Hungama News Network. (4 August 2014). Kareena Kapoor Khan celebrated Eid with underprivileged girls. Bollywood Hungama
  4. ↑ Bollywood Hungama News Network. (4 September 2014). Kareena Kapoor launches child-friendly schools for UNICEF. Bollywood Hungama
  5. ↑ Verma, Sukanya. (30 October 2002). She is just a little girl trying to find her way. Rediff.com
  6. ↑ Dhawan, M. L. (8 January 2006). Punjabi colours of Bollywood. The Tribune (Chandigarh)
  7. ↑ Upala KBR. (23 December 2008). Saif to join girlfriend Kareena and her family for midnight mass. Mid-Day
  8. ↑ (16 October 2012). Sajid beats Saif to the altar – After civil marriage, a suspense at play. The Telegraph (Kolkata)
  9. ↑ Verma, Sukanya. (18 May 2000). I do not intend doing the David Dhawan kind of films. Rediff.com
  10. ↑ (10 September 2008). People take advantage of me: Kareena. Metacafe
  11. ↑ Kelkar, Reshma. (26 May 2006). Socha tha kya, kya ho gaya?. Bollywood Hungama
  12. ↑ Bhakoo, Shivani. (17 December 2016). I regret skipping education: Kareena Kapoor Khan. Deccan Chronicle
  13. ↑ Bhakoo, Shivani. (11 August 2006). Trainer of Saif, Hrithik in city. The Tribune
  14. ↑ Mathur, Yashika. (1 July 2017). 17 years of Refugee: JP Dutta reveals he used to stop Abhishek, Kareena from over eating. Hindustan Times

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰিণা কাপুৰ” প্ৰবন্ধৰ সংশোধন ৩৮০৫৮৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।