মিছ ইণ্ডিয়া বা ফেমিনা মিছ ইণ্ডিয়া (Femina Miss India) হৈছে ভাৰতৰ এক ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতা। এই বাৰ্ষিক প্ৰতিযোগিতাৰ দ্বাৰা বাছনি হোৱা প্ৰতিনিধিসকলক বিশ্ব সৌন্দৰ্য প্ৰতিযোগিতা বা "মিছ ৱৰ্ল্ড"ত অংশগ্ৰহণ কৰিবলৈ সুযোগ দিয়া হয়। মিছ ৱৰ্ল্ড প্ৰতিযোগিতা হৈছে চাৰিটা মুখ্য আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাৰ ভিতৰত এটা।১ দ্য টাইমছ গ্ৰুপে প্ৰকাশ কৰা মহিলা আলোচনী ফেমিনাৰ দ্বাৰা ইয়াক আয়োজন কৰা হয়। ২০১৩ চনৰ পৰা, ফেমিনাই পৃথকে মিছ ডিভা নামৰ আন এটি প্ৰতিযোগিতা আয়োজন কৰে যি মিছ ইউনিভাৰ্ছলৈ প্ৰতিনিধি প্ৰেৰণ কৰে।২৩ মিছ ডিভাৰ উপৰিও, সংগঠনটোৱে প্ৰতি দুবছৰত অনুষ্ঠিত হোৱা মিষ্টাৰ ৱৰ্ল্ড আৰু মিষ্টাৰ চুপ্ৰানেচনেল প্ৰতিযোগিতাৰ বাবে ভাৰতীয় প্ৰতিনিধি বাছনি কৰাৰ বাবে ও এক প্ৰতিযোগিতা অনুষ্ঠিত কৰে। বৰ্তমানৰ (২০২১) ফেমিনা মিছ ইণ্ডিয়া (ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড) খিতাপধাৰী হৈছে মানসা বাৰাণসী যাক বিদায়ী খিতাপধাৰী সুমন ৰাৱে ১০ ফেব্ৰুৱাৰী ২০২১ তাৰিখে মুম্বাইৰ হায়াত ৰিজেন্সিত মুকুট পিন্ধাইছিল।
ইতিহাস
ভাৰতৰ প্ৰথম মিছ ইণ্ডিয়া আছিল কলিকতাৰ প্ৰমীলা (এস্থাৰ ভিক্টোৰিয়া আব্ৰাহাম), যি ১৯৪৭ চনত বিজয়ী হৈছিল।৪৫ এই প্ৰতিযোগিতা প্ৰথম স্থানীয় সংবাদ মাধ্যমৰ দ্বাৰা আয়োজন কৰা হৈছিল।
১৯৫২ চনত, দুখন মিছ ইণ্ডিয়া প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল যʼত ইন্দ্ৰাণী ৰহমান আৰু নূতন প্ৰতিযোগিতাখনৰ বিজয়ী হৈছিল।৬ নূতনক মিছ মুছৰি হিচাপে মুকুট পিন্ধোৱা হৈছিল।৭ স্থানীয় সংবাদ মাধ্যমৰ দ্বাৰা এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। ৮৯ ১৯৫২ চনৰ এপ্ৰিল মাহত মুম্বাইৰ ব্ৰ্যাবোৰ্ন ষ্টেডিয়ামত ইন্দ্ৰাণী ৰহমানক মুকুট পিন্ধোৱা হৈছিল। পিছত ইন্দ্ৰানীয়ে ১৯৫২ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত উদ্বোধনী অনুষ্ঠানত ভাৰতৰ প্ৰতিনিধিত্ব কৰিছিল।১০
১৯৫৩ চনত, পঞ্জাবৰ পিছ কানওয়ালে কৰদাৰ-কলিনোছ প্ৰতিযোগিতাত মিছ ইণ্ডিয়া ১৯৫৩ৰ মুকুট অৰ্জন কৰিছিল। আবদুৰ ৰশিদ কাৰদাৰে এই প্ৰতিযোগিতাৰ আয়োজন কৰিছিল।১১ পৰবৰ্তী কালত কানওয়ালে নিজেকে বলিউডৰ অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠিত কৰে।১২ ১৯৫৪ চনত মহাৰাষ্ট্ৰৰ লীলা নাইডুক মিছ ইণ্ডিয়া ঘোষণা কৰা হয়, আৰু একে বছৰতে ভগ আলোচনীৰ বিশ্বৰ দহগৰাকী আটাইতকৈ ধুনীয়া মহিলাৰ তালিকাত স্থান লাভ কৰে।১৩
১৯৫৫ চনৰ পৰা ১৯৫৮ লৈ কোনো মিছ ইণ্ডিয়া প্ৰতিযোগিতা হোৱা নাছিল। ১৯৫৯ চনত, ইভছ ৱিকলিয়ে মিছ ৱৰ্ল্ড প্ৰতিযোগিতালৈ ভাৰতৰ প্ৰতিনিধি প্ৰেৰণ কৰিবলৈ ইভছ ৱিকলিয়ে মিছ ইণ্ডিয়া নামেৰে প্ৰথম মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। প্ৰতিযোগিতাত ফ্লাৰ ইজেকিয়েলক শেষত বিজয়ীৰ মুকুট পিন্ধোৱা হৈছিল। তেওঁ যুক্তৰাজ্যৰ লণ্ডনত অনুষ্ঠিত মিছ ৱৰ্ল্ড 1959 ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।১৪১৫ প্ৰথম ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাখন ১৯৬৪ চনত অনুষ্ঠিত হৈছিল। মহাৰাষ্ট্ৰৰ মেহেৰ কাষ্টেলিনো মিস্ত্ৰীক প্ৰথম ফেমিনা মিছ ইণ্ডিয়াৰ মুকুট পিন্ধোৱা হৈছিল। তেওঁক আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ১৯৬৪ আৰু স্পেইনত অনুষ্ঠিত মিছ নেশ্যনছ ১৯৬৪ ত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ বাছনি কৰা হৈছিল।১৬
ৰেইটা ফাৰিয়া যিকোনো আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাত বিজয়ী হোৱা প্ৰথম মিছ ইণ্ডিয়া আছিল। তেওঁ যুক্তৰাজ্যৰ লণ্ডনত মিছ ৱৰ্ল্ড ১৯৬৬ৰ মুকুট পিন্ধিছিল।১৭ তেওঁ ইভছ ৱিকলিয় মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ বিজয়ী আছিল। একে বছৰতে ফেমিনা মিছ ইণ্ডিয়া বিজয়ী য়াছমিন দাজীয়ে মিছ ইউনিভাৰ্ছ ১৯৬৬ত ভাৰতক প্ৰতিনিধিত্ব কৰে আৰু অনুষ্ঠানটোত তৃতীয় ৰানাৰ-আপৰ মুকুট পিন্ধে। আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাত স্থান পোৱা তেওঁ প্ৰথম ফেমিনা মিছ ইণ্ডিয়া বিজয়ী আছিল।১৮
জীনত আমান আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বিজয়ী হোৱা প্ৰথম ফেমিনা মিছ ইণ্ডিয়া খিতাপধাৰী আছিল। তেওঁ ফেমিনা মিছ ইণ্ডিয়া এছিয়া পেচিফিকৰ মুকুট পিন্ধিছিল আৰু ফিলিপাইনত অনুষ্ঠিত মিছ এছিয়া পেচিফিক ১৯৭০ত জয়ি হৈছিল।১৯ ২০০২ চনত, তৃতীয় বিজয়ীক মিছ এছিয়া পেচিফিকৰ পৰিৱৰ্তে মিছ আৰ্থলৈ মনোনীত কৰা হৈছিল।২০
২০১০ চনত, আই এম শ্বী - মিছ ইউনিভাৰ্ছ ইণ্ডিয়াই মিছ ইউনিভাৰ্ছলৈ ভাৰতৰ প্ৰতিনিধি প্ৰেৰণ কৰাৰ অধিকাৰ অৰ্জন কৰাৰ পিছত, ফেমিনা মিছ ইণ্ডিয়াই ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড, ফেমিনা মিছ ইণ্ডিয়া আৰ্থ আৰু ফেমিনা মিছ ইণ্ডিয়া ইণ্টাৰনেচনেল হিচাপে তিনিজন বিজয়ীৰ মুকুট পিন্ধাইছিল। ফেমিনা মিছ ইণ্ডিয়া ইণ্টাৰনেচনেলৰ বিজয়ী প্ৰতিনিধিয়ে মিছ ইণ্টাৰনেচনেল প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।২১ ২০১০ চনত, তন্ত্ৰ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে (টিইপিএল) সুস্মিতা সেনৰ সৈতে অংশীদাৰীত্বত আই এম শ্বী – মিছ ইউনিভাৰ্ছ ইণ্ডিয়া নামৰ এটা নতুন প্ৰতিযোগিতা আৰম্ভ কৰিছিল। এই প্ৰতিযোগিতাৰ বিজয়ীগৰাকীয়ে ২০১০ চনৰ পৰা ২০১২ চনলৈ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।২১
আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰত
মিছ ইণ্ডিয়াই ১৯৫২ চনৰ পৰা মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে। এই ক্ষেত্ৰত ইন্দ্ৰাণী ৰহমানৰ পৰা আৰম্ভ কৰি আৰু ১৯৫৯ চনৰ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত, ফ্লাৰ ইজেকিয়েলৰ নাম উল্লেখযোগ্য।৬ ১৯৭০-ৰ দশকত, ফেমিনাই মিছ ৱৰ্ল্ডলৈও প্ৰতিনিধি প্ৰেৰণ কৰাৰ অধিকাৰ অৰ্জন কৰে, আৰু বিজয়ীক মিছ ইউনিভাৰ্ছ আৰু মিছ ৱৰ্ল্ড প্ৰতিযোগিতালৈ ৰানাৰ-আপলৈ প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰে। পিছত ১৯৯১ চনত, ফেমিনা মিছ ইণ্ডিয়াই ও ভাৰতৰ প্ৰতিনিধিসকলক মিছ ইণ্টাৰনেচনেল প্ৰতিযোগিতালৈ প্ৰেৰণ কৰাৰ অধিকাৰ লাভ কৰে।২২
তথ্যসূত্ৰ
- ↑ Devi, Kanchana (28 March 2012). "Miss India 2012: Who will win this time?". Truth Dive. Archived from the original on 31 March 2012. Retrieved 28 March 2012
- ↑ (2 July 2018). Yamaha Fascino Miss Universe India. EE Business
- ↑ (6 June 2016). What are the differences between Miss Universe and Miss World.. Narada News
- ↑ rediff.com: Meet Pramila, the first Miss India
- ↑ (14 April 2013). Jewish Stars of Bollywood - Jewish World Features - Haaretz - Israel News Haaretz.com. Haaretz
- ↑ (19 May 2016). Indrani Rahman Was Married with a Kid When She Went on To Represent India at the First Miss Universe. The Times of India
- ↑ (9 March 2017). Nutan's granddaughter Pranutan Bahl is raring to go the Bollywood way. Hindustan Times
- ↑ rediff.com: Meet Pramila, the first Miss India
- ↑ (14 April 2013). Jewish Stars of Bollywood - Jewish World Features - Haaretz - Israel News Haaretz.com. Haaretz
- ↑ "Stunning Photographs of Indrani Rahman, India's First Miss Universe Contestant". 26 July 2016
- ↑ Mihir Bose. (9 May 2008). Abdul Rashid Kardar: A History. Roli Books Pvt. Ltd. পৃ. 240–. ISBN 978-93-5194-045-6
- ↑ (26 July 2016). Stunning Photographs of Indrani Rahman, India's First Miss Universe Contestant
- ↑ (20 September 2009). Leela Naidu: Miss India of 1954 who went on to forge a career as an actress with a touch of Western elegance. The Independent
- ↑ thegreatpageantcommunity.com/2014/12/04/miss-wor
- ↑ আৰ্কাইভ কপি
- ↑ (24 March 2015). Presenting you The first Femina Miss India – Meher Castelino Mistry
- ↑ (18 December 2016). Not Just a Pretty Face: Reita Faria, the first Asian to win Miss World. The Indian Express
- ↑ (23 March 2013). Yasmin Daji, a medical student from Delhi, not only won the Miss India but was a runner-up in Miss Universe. The Times of India
- ↑ (9 March 2017). The Bold and Beautiful: Zeenat Aman Miss Asia Pacific 1970
- ↑ (25 September 2007). Femina Miss India 2002 photo gallery. The Times of India
- ↑ (30 April 2010). 30 contestants gear up for Miss Universe. Hindustan Times
- ↑ (24 March 2013). Fifty years of Miss India. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফেমিনা মিছ ইণ্ডিয়া” প্ৰবন্ধৰ সংশোধন ৬৩৪৭১৫ (৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।