অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পৰিনীতি চোপ্ৰা

পৰিনীতি চোপ্ৰা (Parineeti Chopra; জন্ম: ২২ অক্টোবৰ ১৯৮৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা। পৰিনীতিয়ে সাধাৰণতে হিন্দী ভাষাৰ ছবিত অভিনয় কৰিছে। তেখেতে এতিয়ালৈকে এটা ফিল্মফেয়াৰ বঁটা, এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৫০২ শব্দ · ৩ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

পৰিনীতি চোপ্ৰা (Parineeti Chopra; জন্ম: ২২ অক্টোবৰ ১৯৮৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা। পৰিনীতিয়ে সাধাৰণতে হিন্দী ভাষাৰ ছবিত অভিনয় কৰিছে। তেখেতে এতিয়ালৈকে এটা ফিল্মফেয়াৰ বঁটা, এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। ছবিজগতৰৰ কেৰিয়াৰ আৰম্ভ কৰাৰ পূৰ্বতে পৰিনীতিয়ে ইনভেষ্টমেণ্ট বেংকাৰ হোৱাৰ স্বপ্ন দেখিছিল। এলায়েন্স মানচেষ্টাৰ বিজিনেছ স্কুলৰ পৰা পৰিনীতিয়ে ব্যৱসায়, বিত্ত আৰু অৰ্থনীতি শীৰ্ষক তিনিটাকৈ বিষয়ত ত্ৰিস্নাতক ডিগ্ৰী লাভ কৰে। ২০০৯ চনৰ মহা মন্দাৱস্থাৰ সময়ত পৰিনীতি ভাৰতলৈ উভতি আহে১ আৰু য়শ ৰাজ ফিল্মছত এগৰাকী জন-সম্পৰ্কৰক্ষী উপদেষ্টা হিচাপে কৰ্মৰত হয়। ২০১৩ চনৰ পৰা পৰিনীতি ফৰ্বছ-ইণ্ডিয়াৰ 'এশগৰাকী চেলিব্ৰিটি'ৰ তালিকাভূক্ত হৈ আহিছে।

২০১১ চনৰ ৰোমাণ্টিক কমেডি ছবি 'লেডিভ ভাৰ্চেছ ৰিকি বেহল' আছিল পৰিনীতি চোপ্ৰাৰ অভিনয়-অভিষেক। এইখন ছবিৰ জৰিয়তে তেখেতে ফিল্মফেয়াৰ বঁটাত শ্ৰেষ্ঠ নৱাগতাৰ সন্মান লাভ কৰে। ২০১২ চনত মুক্তি লাভ কৰা 'ইশকজাদে' পৰিনীতিৰ কেৰিয়াৰৰ এখন অন্যতম সফল ছবি। ২০১৩ চনৰ ছবি 'শুদ্ধ দেশী ৰোমাঞ্চ', ২০১৪ চনৰ 'হশি ট' ফশী'য়েও বক্স অফিচত সফলতা লাভ কৰে। ইশকজাদেত কৰা দৰ্শনীয় অভিনয়ে পৰিনীতিলৈ প্ৰথমটো ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ সন্মান কঢ়িয়াই আনে। তেখেতক 'বিশেষ উল্লেখ' শাখাত বঁটা দিয়া হয়। তিনিটা বছৰৰ বিৰতিৰ পাছত পৰিনীতিয়ে ২০১৭ চনত 'গোলমা এগেইন'ত শীৰ্ষ চৰিত্ৰ ৰূপায়ণ কৰে। ২০১৯ চনত মুক্তি হয় 'কেশৰী'।

অভিনয়ৰ উপৰি পৰিনীতিয়ে বহুকেইটা বিজ্ঞাপন আৰু ব্ৰেণ্ডত ভূমুকি মাৰিছে। তেখেত এগৰাকী সমাজকৰ্মীও। 'মানা কে হাম য়াৰ নহী' হৈছে পৰিনীতিৰ এটা বহুল-সমাদৃত গীত।

প্ৰাৰম্ভিক জীৱন

মানচেষ্টাৰ বিজনেছ স্কুল
মানচেষ্টাৰ বিজনেছ স্কুলছবি: No machine-readable author provided. Bmahendr~commonswiki assumed (based on copy · Public domain

১৯৮৮ চনৰ হাৰিয়ানাৰ আম্বালাত পৰিনীতিৰ জন্ম হয়। তেখেতৰ পৰিয়ালটো আছিল পঞ্জাবী হিন্দু সম্প্ৰদায়ৰ।২১৩ তেখেতৰ পিতৃ হৈছে পৱন চোপ্ৰা। পৱন চোপ্ৰা এগৰাকী ব্যৱসায়ী। আনহাতে মাতৃৰ নাম হৈছে ৰীনা চোপ্ৰা। পৰিনীতিৰ ভ্ৰাতৃ দুজন হৈছে শিৱাংগ আৰু সাহাজ। অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা, মীৰা চোপ্ৰা আৰু মানাৰা চোপ্ৰা হৈছে পৰিনীতিৰ সম্পৰ্কীয়।৩৪৫৬ আম্বালৰ 'কনভেণ্ট অৱ জেছুছ এণ্ড মেৰী'ত চোপ্ৰাই পঢ়া-শুনা কৰে।৭

প্ৰিয়ংকা আৰু পৰিনীতি চোপ্ৰা, ২০১২ চনত
প্ৰিয়ংকা আৰু পৰিনীতি চোপ্ৰা, ২০১২ চনতছবি: Bollywood Hungama · CC BY 3.0

সোতৰ বছৰ বয়সত পৰিনীতি ইংলেণ্ডলৈ যায় আৰু মানচেষ্টাৰ বিজিনেছ স্কুলৰ পৰা ত্ৰিস্নাতক অৰ্জন কৰে।১৮ শিক্ষাগ্ৰহণৰ সময়ছোৱাত পৰিনীতিয়ে মানচেষ্টাৰ ইউনাইটেড ফুটবল ক্লাৱত কেটাৰিং বিভাগৰ মুৰব্বী হিচাপে কাম কৰিছিল।৯ পৰিনীতিয়ে হিন্দুস্তানী শাস্ত্ৰীয় সংগীততো স্নাতক অৰ্জন কৰিছে।১০

২০০৯ চনৰ মহা-মন্দাৱস্থাৰ সময়ত পৰিনীতি ভাৰতলৈ ঘূৰি আহে আৰু প্ৰিয়ংকাৰ লগত থাকিবলৈ লয়। য়শ ৰাজ ফিল্মছত তেতিয়া প্ৰিয়ংকা চোপ্ৰা অভিনীত 'প্যাৰ ইমপছিবল' নামৰ ছবিখনৰ দৃশ্যগ্ৰহণ হৈ আছিল। প্ৰিয়ংকাই জনসম্পৰ্কৰক্ষী বিভাগৰ লগত পৰিনীতৰ পৰিচয় কৰাই দিয়ে। প্ৰতিষ্ঠানটোৰ বিপনন বিভাগত পৰিনীতিয়ে ইণ্টাৰ্ণশ্বিপ আৰম্ভ কৰে আৰু এগৰাকী জনসম্পৰ্কৰক্ষী উপদেষ্টা হিচাপে কৰ্মৰত হয়।১৮১১ চাকৰিটোক লৈ পৰিনীতি সন্তুষ্ট হৈছিল। কিয়নো শিক্ষাগ্ৰহণৰ কালছোৱাত অৰ্জন কৰি অহা জ্ঞান যথাযথভাৱে প্ৰয়োগ কৰিবলৈ তেখেতে সুযোগ লাভ কৰিছিল। পৰিনীতিয়ে প্ৰথমাৱস্থাত অভিনয় আৰু অভিনয়-শিল্পীসকলক অপছন্দ কৰিছিল। বৃত্তিটোক অধিক মুখসজ্জা ব্যৱহাৰ কৰাৰ এটা অজুহাত যেন অনুভৱ হৈছিল। পিছে 'সাত খুন মাফ' নামৰ ছবিখনত প্ৰিয়ংকা চোপ্ৰাৰ প্ৰস্তুতি দেখি পৰিনীতিৰ ধাৰণা সলনি হয়। সমগ্ৰ ঘটনাটোৱে তেখেতক গভীৰভাৱে প্ৰভাৱিত কৰিলে আৰু অভিনয় তথা শিল্পীসকলৰ প্ৰতি থকা চিন্তাধাৰাৰো পৰিৱৰ্তন হ'ল।১২ছবি নিৰ্মাণৰ বিষয়ে পৰিনীতি অৱগত হোৱাৰ পাছত বৃত্তিটোৰ প্ৰতি তেখেতৰ শ্ৰদ্ধা বাঢ়ি গ'ল।১৩১৪

অনুষ্কা শৰ্মা আৰু ৰনবীৰ সিং অভিনীত ৰোমাণ্টিক কমেডি ছবি 'বেণ্ড বাজা বাৰাত'ৰ প্ৰচাৰকাৰ্য চলি থকাৰ সময়ত পৰিনীতিয়ে অভিনেত্ৰী হোৱাৰ আকাংক্ষাটো উপলব্ধি কৰে আৰু বৰ্তমানে কৰ্মৰত হৈ থকা পদটোৰ পৰা ইস্তফা দিয়াৰ সিদ্ধান্ত লয়। ইয়াৰ পিছত তেখেতৰ অভিনয় বিদ্যালয়ত নামভৰ্তি কৰাৰ মনত। এই কথাটো পৰিচালক মনীশ শৰ্মাই জানিব পাৰিলে আৰু য়শ ৰাজ ফিল্মছছৰ অধ্যক্ষ আদিত্য চোপ্ৰাৰ দ্বাৰা পৰিনীতিক চুক্তিবদ্ধ কৰোৱাৰ প্ৰস্তাৱ আগবঢ়ালে। কিন্তু বিপনন বিভাগৰ এগৰাকী যুৱতীক অভিনেত্ৰী হিচাপে প্ৰক্ষেপিত কৰিব বিচৰাৰ ধাৰণাটো য়শ ৰাজৰ উপ-সঞ্চালকে পছন্দ নকৰিলে আৰু প্ৰস্তাৱটো নাকচ কৰিলে।১৪ যেতিয়া পৰিনীতিয়ে শৰ্মাক চাকৰিৰ ত্যাগ কৰাৰ কথা ক'লে, তেতিয়া মনিশ শৰ্মাই কোম্পানীৰ কাষ্টিং পৰিচালকক লগ ধৰাৰ পৰামৰ্শ দিলে।৮ কাষ্টিং পৰিচালকে পৰিনীতিক এটা অডিশ্যন দিবলৈ ক'লে ("dummy audition for fun")। পৰিনীতিয়ে 'জব উই মেট'ৰ গীত চৰিত্ৰটোৰ দুটামান সংলাপ অভিনয়ৰ জৰিয়তে কেমেৰাৰ সমুখত প্ৰদৰ্শন কৰিলে। মনিশ শৰ্মাৰ লগতে প্ৰযোজকেও উক্ত অভিনয় চাই প্ৰশংসামুখৰ হ'ল, আৰু১৫ চোপ্ৰাক তিনিখন ছবিৰ বাবে চুক্তিবদ্ধ কৰোৱালে।১৬

তথ্যসূত্ৰ

  1. ↑ Bhattacharya, Budhaditya. (22 June 2012). Films for real!. The Hindu
  2. ↑ Birthday Bells. Dainik Bhaskar
  3. ↑ (11 April 2012). Parineeti Chopra: Who is she?. ইণ্ডিয়া টুডে
  4. ↑ Sharma, Amrapali. (10 February 2012). Parineeti Chopra blindly follows Priyanka. The Times Of India
  5. ↑ (1 December 2000). Priyanka's family thrilled. The Tribune (Chandigarh)
  6. ↑ (5 June 2012). Here's Priyanka Chopra's another cousin on the block!. India Today
  7. ↑ Singh, Suhani. (1 March 2013). 6 Stars in the Making. India Today
  8. ↑ Kulkarni, Onkar. (5 May 2012). Rising star. The Indian Express
  9. ↑ Gupta, Priya. (17 December 2013). Maneesh Sharma is the angel in my life: Parineeti Chopra. The Times of India
  10. ↑ Bhattacharya, Roshmila. (27 January 2017). Did you know? Parineeti Chopra is a trained Hindustani classical singer. The Times of India
  11. ↑ Sharma, Sarika. (20 June 2012). Who is Parineeti Chopra?. NDTV
  12. ↑ Masand, Rajeev. (21 December 2014). Watch: Roundtable conversation with top Bollywood actresses. CNN-IBN
  13. ↑ Upadhyay, Karishma. (11 May 2012). Miss Ishaqzaade. The Telegraph
  14. ↑ Jha, Nishita. (May 2012). Divas vs Parineeti Chopra. Tehelka
  15. ↑ (16 February 2011). Parineeti Chopra is B-town's new entrant. The Times Of India
  16. ↑ Dundoo, Sangeetha Devi. (22 May 2012). Sunshine girl. The Hindu

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা- জুৰীৰ বিশেষ উল্লেখফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰিনীতি চোপ্ৰা” প্ৰবন্ধৰ সংশোধন ৬৪০০০২ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।