অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পৰিণীতা বৰঠাকুৰ

পৰিণীতা বৰঠাকুৰ (জন্ম- ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা। অসমীয়া আৰু হিন্দী ভাষাৰ বহুকেইখন চলচ্চিত্ৰ, দূৰদৰ্শন ধাৰাবাহিকত অভিনয় কৰা পৰিণীতাই কেইবাখনো অসমীয়া চলচ্চিত্ৰ আৰু এলবামৰ গীতত কণ্ঠদান কৰিছে।

হালনাগাদ: ২৫ জানুৱাৰী ২০২৬ ৩০০ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

পৰিণীতা বৰঠাকুৰ (জন্ম- ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা।১ অসমীয়া আৰু হিন্দী ভাষাৰ বহুকেইখন চলচ্চিত্ৰ, দূৰদৰ্শন ধাৰাবাহিকত অভিনয় কৰা পৰিণীতাই কেইবাখনো অসমীয়া চলচ্চিত্ৰ আৰু এলবামৰ গীতত কণ্ঠদান কৰিছে।

জন্ম আৰু শিক্ষা

১৯৮৭ চনত অসমত জন্মলাভ কৰা পৰিণীতাই কেন্দ্ৰীয় বিদ্যালয়, দুলিয়াজানৰ পৰা স্কুলীয়া শিক্ষা লাভ কৰি কটন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে। মুম্বাইৰ ছ'ফিয়া কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি তেওঁ মুম্বাই বিশ্ববিদ্যালয়ৰপৰা দৰ্শনশাস্ত্ৰত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১

কেৰিয়াৰ

নৱজীৱন নামৰ টেলিফিল্মত অভিনয় কৰি পৰিণীতাই নিজৰ অভিনয় কেৰিয়াৰৰ সূচনা কৰে। প্ৰথম বোলছবি হিচাপে ২০০১ চনত মুনিন বৰুৱা পৰিচালিত নায়ক চলচ্চিত্ৰত তেওঁ অভিনয় কৰে। ইয়াৰ পাছত তেওঁ বাৰুদ (২০০৪), বৰলাৰ সংসাৰ, জীৱন বাটৰ লগৰী (২০০৯), পলে পলে উৰে মন (২০১১) আৰু গানে কি আনে (২০১৬) বোলছবিত অভিনয় কৰে। ইয়াৰ উপৰিও তেওঁ হিন্দী চলচ্চিত্ৰ চল' দিল্লী (২০১১), চাচ বহু ঔৰ চেনচেক্স (২০১১), হৰ পল (মুক্তি হোৱা নাই), কোৰবান (২০০৯) আদিত অভিনয় কৰাৰ সুযোগ পায়। অভিনয়ৰ লগতে পৰিণীতাই নিজৰ সংগীতৰ কেৰিয়াৰো আগবঢ়াই লৈ যায় আৰু দুই-এখন অসমীয়া চলচ্চিত্ৰত গীত গোৱাৰ লগতে তেওঁ পৰিণীতা শীৰ্ষক নিজৰ এক এলবাম উলিয়ায়।১

অভিনীত চলচ্চিত্ৰ

চলচ্চিত্ৰবৰ্ষপৰিচালকভাষা
নায়ক২০০১মুনিন বৰুৱাঅসমীয়া
বাৰুদ২০০৪মুনিন বৰুৱাঅসমীয়া
বৰলাৰ সংসাৰঅসমীয়া
চাচ বহু ঔৰ চেনচেক্স২০০৮শ্ব'না উৰ্বশীহিন্দী
কোৰবান২০০৯ৰেন্সিল ডি ছিলভাহিন্দী
জীৱন বাটৰ লগৰী২০০৯তিম'থি দাস হান্সেঅসমীয়া
চল' দিল্লী২০১১শশান্ত শ্বাহহিন্দী
পলে পলে উৰে মন২০১১তিম'থি দাস হান্সেঅসমীয়া
হৰ পলমুক্তি পোৱা নাইজাহ্নু বৰুৱাহিন্দী
গানে কি আনে২০১৬ৰাজেশ যশপালঅসমীয়া
দ্য আণ্ডাৰৱ'ৰ্ল্ড২০১৮ৰাজেশ যশপালঅসমীয়া

টেলিফিল্ম

  • নৱজীৱন (অসমীয়া)

দূৰদৰ্শন ধাৰাবাহিক

  • মমতা
  • চন্দন
  • সোণ পৰী (হিন্দী)
  • চি আই ডি (হিন্দী)
  • স্পেচিয়েল স্কোৱাড
  • আহত
  • কৰমচন্দ
  • য়েহি ত' হে ৱ'
  • বিৰৱালি
  • চোচা না থা
  • উৰ্মিলা (ডি ডি ১)
  • কচমকশ্ব জিন্দগি কি (ডি ডি ১)
  • নাৰ্গিচ (ডি ডি ১)
  • চপনে চাজন কে' (হি্ন্দী, ডি ডি ১)
  • ফিৰ ভি দিল হে হিন্দুস্তানী (ডি ডি ১)
  • কব ক্যো কে'চে' (ডি ডি ১)
  • অট'গ্ৰাফ (ডিৱাই ৩৬৫, ২০১৩)
  • সাৱধান ইণ্ডিয়া (হিন্দী, লাইফ অ'কে, ২০১৩)
  • ক্ৰাইম পেট্ৰল (হিন্দী, চনী, ২০১৪)
  • প্ৰীতম প্যাৰে ঔৰ ৱ' (হিন্দী, চব টিভি, ২০১৪)
  • স্বৰগ্নি (হিন্দী, কলৰ্চ, ২০১৫)

চুটি ছবি

  • দম দম দিগা দিগা (ডেন্সিং ইন দ্য ৰেইন), ২০১৪

বিজ্ঞাপন ছবি

  • মেককেইন ফুড্‌ছ (২০১৩)
  • চ্যৱনপ্ৰাশ্ব (২০১৩)
  • চফ'লা (২০১৪)

কণ্ঠদান

  • পৰিণীতা (নিজস্ব এলবাম, অসমীয়া, শ্ৰব্য আৰু ভিডিঅ')
  • পলে পলে উৰে মন (২০১১, অসমীয়া চলচ্চিত্ৰ)
  • গানে কি আনে (২০১৬, অসমীয়া চলচ্চিত্ৰ)

সন্মান

  • লিমকা ফ্ৰেশ্ব ফে'চ ৰাণাৰ-আপ, ২০০৫
  • জ্যোতিৰূপা জইণ্ট মেডিয়া এৱাৰ্ড্‌ছ (নায়ক বোলছবিৰ বাবে)

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Parineeta Borthakur. Indpaedia

সম্পৰ্কিত শ্ৰেণী

অসমৰ কণ্ঠশিল্পীঅসমীয়া অভিনেত্ৰীঅসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰিণীতা বৰঠাকুৰ” প্ৰবন্ধৰ সংশোধন ৫৭১৩৮১ (২৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।