অসমীয়া অভিনেত্ৰী
২৪ প্ৰবন্ধ
-
পূৰবী শৰ্মা
পূৰবী শৰ্মা (Purabi Sarma, ১৯৬১-২০২৬) অসম, ভাৰতৰ এগৰাকী অভিনেত্ৰী আছিল। তেওঁ মূলতঃ অসমীয়া ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছিল। ইয়াৰ লগতে তেওঁ অনাতাৰ নাট, ভ্ৰাম্যমাণ আৰু দূৰদৰ্শনৰ একাধিক অভিনয়-কৰ্মৰ লগত জড়িত হৈ আছিল।
-
ৰজনী বসুমতাৰী
ৰজনী বসুমতাৰী এগৰাকী চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, অভিনেত্ৰী আৰু চিত্ৰনাট্যকাৰ। প্ৰথমতে বিদ্যুৎ চক্ৰৱৰ্তী, মুজাফৰ আলীৰ দৰে পৰিচালকৰ অধীনত তেওঁ কাম কৰিছিল। তেওঁ গুৱাহাটী দূৰদৰ্শনৰ বাবেও কেইবাখনো ধাৰাবাহিকৰ কাহিনী লিখিছে।
-
পূৰ্ণিমা পাঠক শইকীয়া
পূৰ্ণিমা পাঠক শইকীয়া (বিবাহৰ পূৰ্বে পাঠক; Purnima Pathak Saikia) এগৰাকী অসমীয়া চলচ্চিত্ৰ আৰু মঞ্চ অভিনেত্ৰী। দূৰদৰ্শনৰ অনুষ্ঠান কাৰ্যবাহী ৰূপে তেওঁ দূৰদৰ্শনৰ বহুতো অনুষ্ঠানৰ প্ৰযোজনাও কৰিছে।
-
ৰীমা দাস
ৰীমা দাস এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ ২০১৭ চনত মুক্তি লাভ কৰা ভিলেজ ৰকষ্টাৰ্ছ বোলছবিৰ বাবে বিশেষ ভাবে জনাজাত। তেওঁৰ এই বোলছবি খনে প্ৰায় ৮০খন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ প্ৰদৰ্শিত হৈছে আৰু ৪৪টা ভিন্ন শিতানত পুৰস্কাৰ লাভ কৰিছে।
-
পাকিজা বেগম
পাকিজা বেগম (Pakija Begum) অসমীয়া চলচ্চিত্ৰ জগতৰ এক অভিনেত্ৰী তথা পৰিচালক। ভালেমান চলচ্চিত্ৰ,নাটক,ধাৰাবাহিকত অভিনয় কৰা বেগমে “পত্নী” ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
উৰ্মিলা মহন্ত
উৰ্মিলা মহন্ত (Urmila Mahanta) এগৰাকী ভাৰতীয় অভিনেত্ৰী। পুনেত অৱস্থিত ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত শিক্ষা গ্ৰহণ কৰা উৰ্মিলাই বৰ্তমানলৈকে ভালেসংখ্যক নাটক, চুটি চিনেমা আৰু দূৰদৰ্শনৰ ছিৰিজ আদিত অভিনয় কৰিছে।
-
জংকী বৰঠাকুৰ
জংকী বৰঠাকুৰ (১ অক্টোবৰ ১৯৭৫-১২ জানুৱাৰী ২০০২) এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী আছিল যিয়ে অসমীয়া আৰু হিন্দী ভাষাত গান গাইছিল। তেওঁ কপিল ঠাকুৰৰ জীয়ৰী আৰু পালমী বৰঠাকুৰৰ ভগ্নী আছিল। তেওঁৰ জ্যেষ্ঠ ভাতৃ জুবিন গাৰ্গ এজন গায়ক আৰু অভিনেতা।
-
পৰিণীতা বৰঠাকুৰ
পৰিণীতা বৰঠাকুৰ (জন্ম- ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা। অসমীয়া আৰু হিন্দী ভাষাৰ বহুকেইখন চলচ্চিত্ৰ, দূৰদৰ্শন ধাৰাবাহিকত অভিনয় কৰা পৰিণীতাই কেইবাখনো অসমীয়া চলচ্চিত্ৰ আৰু এলবামৰ গীতত কণ্ঠদান কৰিছে।
-
বীণা বাৰুৱতী
বীণা বাৰুৱতী (Bina Baruwati) এগৰাকী অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী। দূৰদৰ্শন ধাৰাবাহিক আৰু মঞ্চত অভিনয় কৰাৰ উপৰিও তেওঁ আকাশবাণীৰ নাট্ বিভাগৰ এগৰাকী শিল্পী। পদুম বৰুৱা পৰিচালিত গঙা চিলনীৰ পাখি ছবিখনৰ কেন্দ্ৰীয় চৰিত্ৰ বাসন্তীৰ ভূমিকাত অভিনয়ৰ বাবে তেওঁক বিশেষভাবে জনা যায়।
-
দীপান্বিতা শৰ্মা
দীপান্বিতা শৰ্মা (Dipannita Sharma) বলিউডত খ্যাতি লাভ কৰা এগৰাকী অসমীয়া অভিনেত্ৰী তথা ছুপাৰ মডেল। ১৯৯৮ চনত অনুষ্ঠিত ফেমিনাৰ মিছ ইণ্ডিয়া প্ৰতিযোগিতাত শীৰ্ষ পাঁচগৰাকীৰ ভিতৰত থাকি তেখেতে দৃষ্টি আকৰ্ষণ কৰে। ২০০২ চনৰ '১৬ ডিচেম্বৰ' চলচ্চিত্ৰত অভিনয়ৰ দ্বাৰা তেখেতে চলচ্চিত্ৰজগতত খোজ দিয়ে।
-
জয়া শীল
জয়া শীল ঘোষ ( Jaya Seal Ghosh) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নৃত্যশিল্পী। অতি কম বয়সৰ পৰাই পাঁচ বছৰ ধৰি তেওঁ গুৰু ইন্দিৰা পি পি বৰাৰ অধীনত ভৰতনাট্যম শিকিবলৈ আৰম্ভ কৰিছিল।
-
আশা বৰদলৈ
আশা বৰদলৈ ভাৰতৰ অসম ৰাজ্যৰ এগৰাকী অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ কেইবাখনো অসমীয়া চিনেমা আৰু মঞ্চ নাটকত অভিনয় কৰিছে। ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি কথানদীত মালতীৰ চৰিত্ৰত অভিনয় কৰি তেওঁ দৰ্শকৰ ওচৰত বেছি পৰিচিত হৈ পৰে।
-
নীলু চক্ৰৱৰ্তী
নীলু চক্ৰৱৰ্তী (জন্ম: ২৩ ছেপ্টেম্বৰ ১৯৩৮) এগৰাকী খ্যাতনামা অসমীয়া নাট্যশিল্পী, অভিনেতা আৰু সাংস্কৃতিক সংগঠক। তেওঁ 'প্ৰগতি শিল্পী সংঘ' আৰু 'বৈজয়ন্তী' নামৰ সাংস্কৃতিক গোষ্ঠীৰ অন্যতম গুৰি ধৰোতা আছিল। লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰত বহুদিন চাকৰি কৰি ভালেকেইখন জনপ্ৰিয় অনাঁতাৰ প্ৰযোজনাৰ গুৰি ধৰে।
-
বৰ্ণালী পূজাৰী
বৰ্ণালী পূজাৰী (Barnali Pujari) হৈছে অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী আৰু লেখিকা। ১৯৯০-ৰ দশকৰ শেষৰ ফালৰ পৰা তেওঁ অসমীয়া কথাছবি, টেলিভিছন ধাৰাবাহিক আৰু ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰি আহিছে।
-
অসমীয়া অভিনেতা অভিনেত্ৰীসকলৰ তালিকা
অসমীয়া চলচ্চিত্ৰৰ অভিনেতা অভিনেত্ৰীসকলৰ তালিকা:-
-
গীতালী বৰুৱা
গীতালী বৰুৱা (জন্ম: ১ জুলাই ১৯৬১) অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ আৰু অভিনেত্ৰী।
-
প্লাৱিতা বৰঠাকুৰ
প্লাৱিতা বৰঠাকুৰ এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী। তেওঁৰ জন্ম অসমৰ দুলিয়াজানত হৈছিল।
-
মোহিনী ৰাজকুমাৰী
মোহিনী ৰাজকুমাৰী (Mohini Rajmumari) এগৰাকী অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী আছিল। তদুপৰি তেওঁক প্ৰথম অসমীয়া মহিলা ঠিকাদাৰ ৰূপে তেওঁক বিশেষভাবে উল্লেখ কৰা হয়। তেওঁ জীৱনকাল মাত্ৰ দুখনহে অসমীয়া ছবিত অভিনয় কৰিছে, য’ত তেওঁ অভিনয় নৈপুণ্যৰ স্বাক্ষৰ ৰাখি থৈ গৈছে।
-
পঞ্চী বৰা
পঞ্চী বৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ দূৰদৰ্শন ধাৰাবাহিক ‘কয়ামত’, ‘কিতনী মস্ত হ্যে জিন্দেগী’ আদিত অভিনয় কৰিছে। শেহতীয়াকৈ তেওঁ তেলুগু চলচ্চিত্ৰ জগততো পদাৰ্পন কৰিছে।
-
ভণিতা দাস
ভণিতা দাস এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ অসমীয়া ভাষাৰ চলচ্চিত্ৰৰ লগত জড়িত। ২০১৭ চনৰ ভিলেজ ৰকষ্টাৰ্ছত ধুনুৰ চৰিত্ৰত অভিনয় কৰি চাৰিখন ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসহ বহুতো বঁটা লাভ কৰাৰ বাবে তেওঁ পৰিচিত। এই চলচ্চিত্ৰখন ৯১তম একাডেমী বঁটা বাবে ভাৰতৰ আনুষ্ঠানিক প্ৰৱেশ হিচাপেও নিৰ্বাচিত হৈছিল।
-
মানু
মানু এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নৃত্যশিল্পী। সৰ্ণ কদল মান্নান (১৯৯৯) অভিনয়ৰ দ্বাৰা তেওঁৰ আত্মপ্ৰকাশ পোৱাৰ পিছিত মানুৱে অভিনয় জীৱনক বাছি লৈছিল আৰু এগৰাকী নৃত্যশিল্পী হিচাপে তেওঁৰ আবেগক আগবঢ়াই গৈ পাৰফৰ্মিং আৰ্টচ সংন্থা স্থাপন কৰে আৰু গোটেই বিশ্বত নৃত্য-গীতত অংশ লয়।
-
মৌচুমী আলিফা
মৌচুমী আলিফা (ইংৰাজী: Mousumi Alifa) হৈছে ভাৰতৰ অসম ৰাজ্যৰ এগৰাকী নৱাগত অভিনেত্ৰী, গায়িকা আৰু নৃত্যশিল্পী। তেওঁ ২০২৫ চনত মুক্তিপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ ৰৈ ৰৈ বিনালে চলচ্চিত্ৰৰ মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰে।
-
প্ৰিয়ংকা বৰা
প্ৰিয়ংকা বৰা (জন্ম: ১৯৯৪) এগৰাকী ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী আৰু মডেল। তেওঁ ৰিয়েলিটি শ্ব', এমটিভি স্প্লিটছভিলাৰ ছিজন ৮ত অভিনয়েৰে ভাৰতীয় দূৰদৰ্শনত আত্মপ্ৰকাশ কৰিছিল। তেওঁ সিদ্ধি বিনায়কত প্ৰাচী আৰু ৰাগিণী এমএমএছ: ৰিটাৰ্ণছত আৰতিৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত।
-
ৰেৱতী চেত্ৰী
ৰেৱতী চেত্ৰী (Rewati Chetri; জন্ম: ৪ জুলাই, ১৯৯৩) এগৰাকী ভাৰতীয় মডেল তথা সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী। তেওঁ ২০১৫ চনৰ ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ চূড়ান্ত প্ৰতিযোগীসমূহৰ ভিতৰৰ এগৰাকী আছিল।