পাকিজা বেগম (Pakija Begum) অসমৰ চলচ্চিত্ৰ জগতৰ এক অভিনেত্ৰী তথা পৰিচালক। ভালেমান চলচ্চিত্ৰ,নাটক,ধাৰাবাহিকত অভিনয় কৰা বেগমে “পত্নী” ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰে।১
জন্ম আৰু শিক্ষাগ্ৰহণ
পাকিজা বেগমৰ জন্ম হৈছিল নগাঁৱত। তেওঁ উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, দিশপুৰ কলেজত শিক্ষা গ্ৰহণ কৰে আৰু সন্দিকৈ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।১
অভিনয় জীৱন
হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰিয়েই বেগমে অভিনয় কৰিবলৈ আৰম্ভ কৰে। তাৰ আগতে তেওঁ বিহু দলৰ লগত বিহু নাচিছিল। অভিনয়ৰ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰা বেগমে “অভিশপ্ত সংসাৰ” নামৰ নাটক খনেৰে মঞ্চাভিনয়ৰ পাতনি মেলে।১ তাৰ পিছৰে পৰা তেওঁ বহুতো কথাছবি,নাটক,ধাৰাবাহিক আৰু ভিচিডিত অভিনয় কৰাৰ লগতে মকুন্দ,অনিৰ্বাণ,হেঙুল আৰু শংককৰদেৱ আদি বহুকেইখন থিয়েটাৰত অভিনয় কৰিছে। তদুপৰি তেওঁ ভালেমান নাট পৰিচালনাও কৰিছে। বৰ্তমান তেওঁ নাট কৰ্মশালাৰ জৰিয়তে প্ৰশিক্ষণো প্ৰদান কৰে।
চলচ্চিত্ৰপঞ্জী
বোলছবি
| বৰ্ষ | বোলছবি |
|---|---|
| ১৯৯৩ | হলধৰ |
| ২০০৩ | পত্নী |
| ২০১১ | ৰামধেনু |
| ২০১২ | ৰিচাং |
| ২০২৫ | ভাইমন দা (চলচ্চিত্ৰ) |
নাট পৰিচালনা
- শৱ কটা মানুহ - য়েছে দৰজে ঠংচিৰ একে নামৰ উপন্যাসখনৰ ওপৰত আধাৰিত।২৩
- সৰু ধেমালি বৰ ধেমালি
- মেনকা
- যৌৱন
- চৰণ দাস চোৰ
নাটক,ধাৰাবাহিক,ভিছিডি
- কল্পনা বাইদেউৰ কথা
- অৱক্ষয়
- উৰুখা
- গোৱৰ্ধন চৰিত
- সন্ধান
- আৱিষ্কাৰ
- ৰূপালীম
- শ্ৰীমতী মহিমাময়ী
- শ্ৰেতশ্ৰিণী
- প্ৰত্যাৱৰ্তন
- যযাতি
- নাৰ্গিছ
- সৰু চোৰ ডাঙৰ চোৰ
- চম্পা
- অগ্নিবৃষ্টি
- ঢেঁকীথোৰা
- চমকাবিজুলী
- হিৰো
- জীৱন ইয়াত আৰু তাত
- আহাৰৰ এদিন
- অগ্নিগড়
- এন্টিগণি
- মিছ জুলি
- সিঁচা পানীৰ মাছ
- নিশাৰ ৰাগিণী
- মৃত্যুৰ ডাঠ ছাঁ
- বান্দৰ আৰু শিয়াল আদি।
বঁটা আৰু সন্মান
পাকিজা বেগমে অসম নাট্য সমিতি আৰু মুনলাইট মিডিয়াৰ পৰা শ্ৰেষ্ঠা অভিনেত্ৰীৰ সন্মান অৰ্জন কৰাৰ উপৰিও “পত্নী” ছবিত কৰা অভিনয়ৰ বাবে [[ৰাজ্যিক চলচ্চিত্ৰ বঁটা| অসম চৰকাৰৰ আইদেউ সন্দিকৈ বঁটা]], শ্ৰেষ্ঠা অভিনেত্ৰীৰ চলচ্চিত্ৰ বঁটা,জুৰি বঁটা আৰু প্ৰাগ চিনে এৱাৰ্ড লাভ কৰে।১
তথ্যসূত্ৰ
- ↑ ৰেহেনা বেগম হাজৰিকা. (2006). পাকিজা বেগম. নন্দিনী,পৃষ্ঠা 68
- ↑ (January 30, 2012). A monologue & play based on Tagore’s work - Seema Biswas to act in both during next month’s theatre festival held to help artistes in need. telegraphindia.com. The Telegraph
- ↑ BIDISHA MAHANTA. (January 18, 2013). BHARAT RANG MAHOTSAV Assamese play “Saba Kota Manuh” dealt with unrequited love in the valleys of Arunachal Pradesh against a backdrop of the Tibetan crisis. thehindu.com. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাকিজা বেগম” প্ৰবন্ধৰ সংশোধন ৬১৯১৫১ (২৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।