উৰ্মিলা মহন্ত (Urmila Mahanta) এগৰাকী ভাৰতীয় অভিনেত্ৰী। পুনেত অৱস্থিত ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত শিক্ষা গ্ৰহণ কৰা উৰ্মিলাই বৰ্তমানলৈকে ভালেসংখ্যক নাটক, চুটি চিনেমা আৰু দূৰদৰ্শনৰ ছিৰিজ আদিত অভিনয় কৰিছে। ২০১২ চনত প্ৰথমবাৰৰ বাবে তামিল অপৰাধ থ্ৰিলাৰ ছবি 'Vazhakku Enn 18/9'-ত অভিনয় কৰি উৰ্মিলাই সমালোচকৰ উচ্চ প্ৰশংসা পাবলৈ সক্ষম হয়।
প্ৰাৰম্ভিক জীৱন
উৰ্মিলা মহন্তৰ জন্ম হৈছিল অসমৰ সোণাপুৰত। তেওঁৰ পিতৃ গিৰিধৰ মহন্ত আৰু মাতৃ ৰমলা মহন্ত। তেওঁৰ তিনিগৰাকী সহোদৰ হ'ল- জুতিকা মহন্ত, মুনমী মহন্ত আৰু মুনীন্দ্ৰ মহন্ত।১ উৰ্মিলাই সোণাপুৰতে স্কুলীয়া শিক্ষা সাং কৰে আৰু ক্ষেত্ৰীৰ ডিমৰীয়া মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।১ ইয়াৰ পিছত তেওঁ পুণেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত উচ্চ শিক্ষাৰ বাবে যোগদান কৰে।২
কৰ্মজীৱন
উৰ্মিলা মহন্তই শৈশৱৰে পৰা বিভিন্ন নাটক আদিত অভিনয় কৰি প্ৰশংসা তথা বঁটা আদি লাভ কৰিছিল।১ পৰৱৰ্ত্তীকালত তেওঁ দুৰদৰ্শন (NE) যোগে প্ৰচাৰিত বিভিন্ন ধাৰাবাহিক যেনে 'মাৰ্ডাৰ', 'তেজীমলা' আদিত অভিনয় কৰিছিল।৩ ইয়াৰ লগতে উৰ্মিলাই বিভন্ন চুটি কথাছবিত অভিনয় কৰি সমালোচকৰ প্ৰশংসা লাভ কৰিছে। তেওঁ অভিনয় কৰা 'Aaliya' নামৰ চুটি কথাছবিখনে ২০১২ চনৰ মুম্বাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সমালোচকৰ বিশেষ বঁটা (Special Critic Award) লাভ কৰে।৩ তেওঁ অসমীয়া গায়িকা তৰালি শৰ্মাৰ 'হেঙুলীয়া' নামৰ গীতৰ এলবামটো অভিনয় কৰিছে।
গোৱাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উৰ্মিলা মহন্ত তামিল চলচ্চিত্ৰ পৰিচালক বালাজী শক্তিভেল (Balaji Sakthivel)-ৰ চকুত পৰে। ইয়াৰ পিছত প্ৰায় দুবছৰজুৰি চলা নিৰ্বাচন প্ৰক্ৰিয়াত কেইবাটাও অডিশ্যনৰ শেষত তেওঁ ভালেসংখ্যক প্ৰাৰ্থীৰ মাজৰ পৰা উৰ্মিলা মহন্তক তেওঁ পৰিচালনা কৰা থ্ৰিলাৰ বোলছবি 'Vazhakku Enn 18/9'-ৰ২৪ বাবে নিৰ্বাচন কৰে। উৰ্মিলাই এই বোলছবিত শ্লামসমূহত বাস কৰা জ্যোতি নামৰ ঘৰৰ বন কৰাৰ মহিলা এগৰাকীৰ চৰিত্ৰটোত কৰা বলিষ্ঠ অভিনয়ৰ বাবে উচ্চ প্ৰশংসা লাভ কৰে।৫ এই বোলছবিখনে চিনেমাৰ জগতত বহুলভাৱে প্ৰশংসা লাভ কৰে।৬৭ সমালোচকৰ দৃষ্টিত এই বোলছবিখন প্ৰশংসনীয়,৮ নিশ্চিতভাৱে চাবলগীয়া৯ আৰু বছৰটোৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ৫ হিচাপে স্বীকৃতি লাভ কৰে। ইয়াৰ পিছত তেওঁ পৰিচালক অজিতা সুচিত্ৰা ৱীৰা (Ajita Suchitra Veera)ৰ 'Ballad of Rustom' ('Rustom Ki Dastaan') নামৰ চলচ্চিত্ৰখনত সহ-অভিনয় কৰে। এই বোলছবিখনে ইতিমধ্যে ১২তম Osian's Cinefan Festival of Asian and Arab Cinema ত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছে।১ শেহতীয়াকৈ এই চলচ্চিত্ৰখনে অস্কাৰ বঁটাৰ বাবে মনোনীত (short-listed) হোৱা চলচ্চিত্ৰসমূহৰ তালিকাত স্থান পাইছে।১০
বৰ্তমান উৰ্মিলা মহন্তই পৰিচালক দিলীপ কে মুখাৰিয়া (Dilip K. Mukharia)-ৰ সৈতে মুখ্য ভূমিকাত অভিনীত বলিউডৰ প্ৰথমখন বোলছবিৰ বাবে কাম কৰি আছে।১
অৱদান
চলচ্চিত্ৰ
| বৰ্ষ | চলচ্চিত্ৰ | অভিনয় | ভাষা | টোকা |
|---|---|---|---|---|
| ২০১২ | Vazhakku Enn 18/9 | Jyothi | তামিল | SIIMA Award for Best Actress in a Supporting Role Nominated—1st South Indian International Movie Awards|SIIMA Award for Best Female Debutant |
| ২০১২ | Ballad of Rustom | হিন্দী১০ | ||
| ২০১৪ | Chirodini Tumi Je Amar 2 | Jyoti | বঙালী | |
| ২০১৪ | Gram Pareshanpur১১ | হিন্দী | ||
| ২০১৪ | টি আৰ পি আৰু | পল্লৱী | অসমীয়া | |
| ২০১৬ | কথানদী | কেতেকী | অসমীয়া | |
| ২০১৬ | বকুল | বকুল | অসমীয়া | |
| ২০১৬ | আকিৰা | আন্না | হিন্দী | |
| ২০১৭ | পূৰৱ কি আৱাজ | কনকলতা বৰুৱা/উৰ্মিলা | হিন্দী, অসমীয়া | |
| ২০১৭ | অন্তৰীণ | তৰালী | অসমীয়া | |
| ২০১৮ | পেডমেন | সাৱিত্ৰী | হিন্দী | |
| ২০২২ | গুৱাহাটী ডাইৰীজ | জেনিফাৰ | অসমীয়া | |
| ২০২৪ | চিকাৰ | অসমীয়া |
চমু চলচ্চিত্ৰ
- Aaliya
- Their Story
- Seng Kurthy'দুৰদৰ্শনৰ ধাৰাবাহিক'
- Murder
- Tejimola
- Crime Patrol
তথ্যসূত্ৰ
- ↑ The Sentinel. Sentinelassam.com
- ↑ (2012-05-21). Vazhakku was the best decision I ever made: Urmila Mahanta - Entertainment - DNA. Dnaindia.com
- ↑ The Sentinel. Sentinelassam.com
- ↑ আৰ্কাইভ কপি
- ↑ Vazhakku Enn 18/9 movie review: Wallpaper, Story, Trailer at Times of India. Timesofindia.indiatimes.com
- ↑ (2012-05-03). Vazhakku Enn 18 / 9 Tamil Movie Review - cinema preview stills gallery trailer video clips showtimes. IndiaGlitz
- ↑ (2012-05-04). Premalo Padithe Movie Review @ 3/5. Aplive.Net
- ↑ Movie Review:Vazhakku Enn 18/9. Sify.com
- ↑ (2012-05-04). Review: Vazhakku En 18/9 is a must-watch - Rediff.com Movies. Rediff.com
- ↑ www.thehindu.com/news/cities/Hyderabad/ballad-of
- ↑ Ashish Roy & Barkha Mathur. (26 December 2013). Now, rustic charm of the region draws Hindi filmmakers too. দ্য টাইম্ছ অৱ ইণ্ডিয়া. TNN
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উৰ্মিলা মহন্ত” প্ৰবন্ধৰ সংশোধন ৫৪০২২২ (২৫ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।