অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নুৰুদ্দিন আহমেদ

নুৰুদ্দিন আহমেদ ( জন্ম এক ডিচেম্বৰ,১৯৫৯)ৰ জন্ম অসমৰ নলবাৰী জিলাৰ ষাঠিকুছি গাঁৱত। পিতৃ স্বৰ্গীয় লখে আলি আৰু মাতৃ নছৰুন বেগম। মুম্বাইৰ জে জে কলেজ অৱ আৰ্টছত শিক্ষালাভ কৰি আহি তেওঁ ১৯৭৮ চনত লক্ষীমপুৰ আৰ্ট স্কুলত প্ৰথমে শিক্ষক হিচাপে যোগদান কৰে আৰু পিছলৈ ইয়াৰ অধ্যক্ষ পদত অধিষ্ঠিত হয়।

হালনাগাদ: ৩০ মাৰ্চ ২০২৬ ৩৮২ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

নুৰুদ্দিন আহমেদ ( জন্ম এক ডিচেম্বৰ,১৯৫৯)ৰ জন্ম অসমৰ নলবাৰী জিলাৰ ষাঠিকুছি গাঁৱত। পিতৃ স্বৰ্গীয় লখে আলি আৰু মাতৃ নছৰুন বেগম। মুম্বাইৰ জে জে কলেজ অৱ আৰ্টছত শিক্ষালাভ কৰি আহি তেওঁ ১৯৭৮ চনত লক্ষীমপুৰ আৰ্ট স্কুলত প্ৰথমে শিক্ষক হিচাপে যোগদান কৰে আৰু পিছলৈ ইয়াৰ অধ্যক্ষ পদত অধিষ্ঠিত হয়। বৰ্তমান তেওঁ পৰিবাৰ আৰু দুই পুত্ৰ সহিতে গুৱাহাটীৰ কাহিলীপাৰাৰ বাসিন্দা।

কথাছবি জগতলৈ অৱদান

অসমৰ কথাছবি আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ জগতত আহমেদ এটি সুপৰিচিত নাম। অসমীয়া, বাংলা,হিন্দী,খাচী,মনপা আদি ভাষাৰ কমেও ৭৫খন কথাছবিৰ কলা নিৰ্দেশকৰূপে তেখেতে কাম কৰিছে। তাৰ ভিতৰত আছে:

  1. দাদু নাতি হাতী, পৰিচালক নিপ বৰুৱা, বাংলা ভাষা, ১৯৮৪
  2. পাপৰি, পৰিচালক জাহ্নু বৰুৱা, অসমীয়া, ১৯৮৫
  3. অগ্নিস্নান, পৰিচালক ড° ভবেন্দ্ৰ নাথ শইকীয়া, ১৯৮৫
  4. হালধীয়া চৰায়ে বাওধান খায়, পৰিচালক জাহ্নু বৰুৱা,১৯৮৭
  5. চিৰাজ, পৰিচালক ড° ভূপেন হাজৰিকা, ১৯৮৭
  6. কোলাহল, পৰিচালনা ড° ভবেন্দ্ৰ নাথ শইকীয়া,১৯৮৯
  7. সাৰথি, পৰিচালক ড° ভবেন্দ্ৰ নাথ শইকীয়া,
  8. ইতিহাস, পৰিচালক ভবেন্দ্ৰ নাথ শইকীয়া
  9. আৱৰ্তন, পৰিচালক ড° ভবেন্দ্ৰ নাথ শইকীয়া
  10. কালসন্ধ্যা, পৰিচালক ড° ভবেন্দ্ৰ নাথ শইকীয়া, হিন্দী, ১৯৯৭
  11. মন-মন্দিৰ, পৰিচালক শিৱপ্ৰসাদ ঠাকুৰ
  12. ময়ূৰী, পৰিচালক শিৱপ্ৰসাদ ঠাকুৰ
  13. এই দেশ মোৰ দেশ, পৰিচালক শিৱপ্ৰসাদ ঠাকুৰ ১৯৮৬
  14. প্ৰতিদান, পৰিচালক দাৰা আহমেদ,১৯৮৭
  15. উত্তৰকাল, পৰিচালক আব্দুল মজিদ,১৯৮৯

থিয়েটাৰ জগতলৈ অৱদান

ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চকলাৰ নিৰ্দেশক ৰূপে তেওঁ প্ৰায় প্ৰতিখন থিয়েটাৰৰ সৈতে জড়িত। ইন্দ্ৰধেনু থিয়েটাৰ, কহিনুৰ থিয়েটাৰ, ৰাজশ্ৰী থিয়েটাৰ, ভাগ্যদেৱী, বৰদৈচিলা, প্ৰাগজ্যোতিষ, জ্যোতিৰূপা, আশীৰ্বাদ, ৰাজতিলক, আৱাহন থিয়েটাৰ আদিৰ সতে বিভিন্ন সময়ত জড়িত আছিল। ভ্ৰাম্যমাণৰ মঞ্চত তেওঁ ৪৫০খনতকৈও অধিক নাটকৰ মঞ্চসজ্জাৰ দায়িত্বত আছিল। তদুপৰি বিখ্যাত পৰিচালকৰ ভালেমান ( ৫৬) নাটকত আহমেদে কলা নিৰ্দেশনাৰ দায়িত্ব পালন কৰিছিল। তেওঁ যোৱা চল্লিছ বছৰত ১৫০ খনমান টি ভি ধাৰাবাহিক আৰু ১১০খন টেলিফিল্মত কলা নিৰ্দেশক আছিল।

ভাস্কৰ্য শিল্পলৈ অৱদান

ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদে ভূপেন হাজৰিকা, পদ্মনাথ গোহাঞি বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, চ্যু-কা-ফা, চিলাৰায়, বিবেকানন্দ, জৱাহৰলাল নেহৰু, মোহনদাস কৰমচান্দ গান্ধী বি.আৰ. আম্বেদকাৰ, আবুল কালাম আজাদ, ড° এ পি জে আব্দুল কালাম আদিৰ আবক্ষ মূৰ্তি নিৰ্মাণ কৰি ভূয়সী প্ৰশংসা অৰ্জন কৰে। ‌ অসমৰ বিভিন্ন ঠাইৰ বিহুমণ্ডপ আৰু মঞ্চ তেওঁ নিৰ্মাণ কৰি আহিছে। অসমৰ উপৰি বাংলাদেশ আৰু শ্ৰীলংকাত তেওঁ মঞ্চসজ্জাৰ কাম কৰিছিল। শ্ৰী শ্ৰীবটদ্ৰৱা থানৰ প্ৰকল্পত কৃষ্ণলীলা, ভগৱান বিষ্ণুৰ দশাৱতাৰৰ ভাস্কৰ্য আদি তেখেতৰ কৰ্ম।

বঁটা আৰু কৃতিত্ব

  1. ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মান,২০২৬, কলা
  2. সংগীত নাটক একাডেমী এৱাৰ্ড,২০১৭, সম্পৰ্কিত থিয়েটাৰ- (মঞ্চসজ্জা) (allied theatre-(stagecraft)ৰ বাবে
  3. "বিশ্বৰ বৃহত্তম দুৰ্গা প্ৰতিমা" লিমকা বুক অৱ ৰেকৰ্ডছ, ২০১৭
  4. গণতন্ত্ৰ দিৱসৰ ৰাষ্ট্ৰীয় প্ৰতীকপটত দ্বিতীয়,২০০৩
  5. চগনলাল মেমৰিয়েল এৱাৰ্ড,( ৰাষ্ট্ৰীয় পৰ্যায়ৰ) ২০০৪-০৫
  6. অসম চৰকাৰৰ মঞ্চকলাৰ বঁটা, ১৯৯৭-৯৮
  7. শ্ৰেষ্ঠ সাজ-পাৰ ডিজাইনাৰ,অসম চৰকাৰ, ১৯৯৭-৯৮
  8. স্বৰ্ণ পদক, ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা,২০১২, নতুন দিল্লী,
  9. স্বৰ্ণ পদক, ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা,২০১৩, নতুন দিল্লী,
  10. স্বৰ্ণ পদক, ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা, নতুন দিল্লী, ২০১৫

সম্পৰ্কিত শ্ৰেণী

সংগীত নাটক একাডেমী বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নুৰুদ্দিন আহমেদ” প্ৰবন্ধৰ সংশোধন ৫৯৮০৬০ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।