শিৱপ্ৰসাদ ঠাকুৰ (Shivaprasad Thakur) অসমৰ এজন চলচ্চিত্ৰ পৰিচালক আছিল। ১৯৮৩ চনত মুক্তিপ্ৰাপ্ত ঘৰ সংসাৰ নামৰ চলচ্চিত্ৰৰ পৰিচালনাৰ যোগেদি তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পন কৰিছিল। তেখেতে মুঠতে ১০খন অসমৰ চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল। তেখেতৰ পৰিচালনাত মুক্তি পোৱা চলচ্চিত্ৰ সোণ মইনা নামৰ চলচ্চিত্ৰখনে ১৯৮৪ চনত শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।১ ইয়াৰোপৰি তেখেত ১৯৭৩ চনৰ ২১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ শিতানত ৰজত পদক লাভ কৰা মমতা (চলচ্চিত্ৰ) চলচ্চিত্ৰ খনৰ সহ প্ৰযোজনা কৰিছিল। ২০০৮ চনৰ ৫ জানুৱাৰীত ৭১ বছৰ বয়সত তেখেতৰ দেহাৱসান ঘটে।২
পৰিচালিত চলচ্চিত্ৰ
শিৱপ্ৰসাদ ঠাকুৰে মুঠতে ১০খন ছবি পৰিচালনা কৰিছিল:
| ছবিৰ নাম | বৰ্ষ | টোকা |
|---|---|---|
| বোৱাৰী | ১৯৮২ | |
| ঘৰ সংসাৰ | ১৯৮৩ | |
| সোণ মইনা | ১৯৮৪ | |
| মন-মন্দিৰ | ১৯৮৫ | |
| ময়ূৰী | ১৯৮৬ | |
| এই দেশ মোৰ দেশ | ১৯৮৬ | |
| শেৱালি | ১৯৮৯ | |
| অশান্ত প্ৰহৰ | ১৯৯৪ | |
| অস্তৰাগ | ২০০৫ | |
| অহিৰ ভৈৰৱ | ২০০৭ | ৩ |
তথ্যসূত্ৰ
- ↑ (2013-01-22). Film Directors. enajori.com
- ↑ (2008-01-05). Award winning Assamese film director passes away. outlookindia.com
- ↑ আৰ্কাইভ কপি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিৱপ্ৰসাদ ঠাকুৰ” প্ৰবন্ধৰ সংশোধন ৬৩৭৭৬০ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।