সাৰথি (Sarothi) ড॰ ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত আৰু প্ৰযোজিত এখন অসমীয়া বোলছবি। ড॰ শইকীয়াই ছবিখন কাহিনী আৰু চিত্ৰনাট্যও লিখিছিল। ১৯৯১ চনত মুক্তি পোৱা ছবিখনে ৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া কাহিনীচিত্ৰ শিতানত ৰজত কমল বঁটা লাভ কৰিছিল।১২
কাহিনী
নিৰঞ্জন দত্ত এজন চৰকাৰী কৰ্মচাৰী। দত্তৰ পৰিয়ালত পত্নী, ডেকা পুত্ৰ আৰু গাভৰু জীয়ৰী। বহু বছৰ চাকৰি কৰাৰ পিছত তেওঁ নিজৰ পৰিয়ালটোৰ বাবে এটা ঘৰ নিৰ্মাণ কৰি আছে। ঘৰৰ নিৰ্মাণ কাৰ্য আগবাঢ়ি যোৱাৰ লগেলগে দত্তৰ মূৰত নিজৰ বৈবাহিক জীৱন, বিশেষকৈ ঘৰটোৰ নক্সা সম্পৰ্কে পত্নী ল'ৰা-ছোৱালীহালৰ বিভিন্ন ইচ্ছা সংক্ৰান্তিয় চিন্তাবোৰ পাঘূৰণি খাবলৈ ধৰে। ঘৰটো তেওঁ পৰিয়ালৰ আটাইকেইজনৰ বাবে নিৰ্মাণ কৰি আছে, অথচ তাৰ প্ৰতি কাৰো গুৰুত্ব নাই। নিজৰ নিজৰ কামত ব্যস্ত পৰিয়ালৰ কাৰোপৰা এই কঠিন সময়চোৱাত বিশেষ সহযোগিতা লাভ নকৰি তেওঁ অকলশৰীয়া অনুভৱ কৰে। অতীতৰ বান্ধৱী নিৰ্মলাৰ কথা তেওঁৰ মনত পৰে। তেওঁৰ ভাব হয়, নিৰ্মলা যদি তেওঁৰ জীৱনসঙ্গী হ'লহেঁতেন, তেওঁক কিজানি বৰ্তমানৰ পত্নীতকৈ বেছি বুজি পালেহেঁতেন, বেছি সহযোগিতা আগবঢ়ালেহেঁতেন। এদিন সন্ধিয়া নিৰ্মাণস্থলীৰ পৰা উভতি গৈ ঘৰত জনালে যে আজি দিনটো তেওঁৰ একো নোখোৱাকৈ গ'ল। কাৰণ ঘৰৰ পৰা তেওঁলৈ দুপৰীয়াৰ আহাৰ নপঠিয়ালেই। তেতিয়া পত্নী, পুত্ৰ আৰু জীয়ৰীৰ মাজত আহাৰ পঠিয়াবলৈ পাহৰি যোৱা বাবে ইজনে সিজনৰ গালৈ দোষ থেলি তৰ্কত লিপ্ত হ'ল। কিন্তু দত্তই এইটো তেনেই সাধাৰণ কথা আৰু ইয়াৰ বাবে হূলস্থূল কৰিব নালাগে বুলি সামৰি থলে।১
অভিনয় শিল্পী
সাৰথি ছবিখনৰ মূল ভূমিকা নিৰঞ্জন দত্তৰ চৰিত্ৰত অভিনয় কৰে অৰুণ নাথে। আন আন ভাওত আছিল মৃদুলা বৰুৱা (নিৰ্মালি), বিদ্যা ৰাও (দত্তৰ পত্নী), ডা° হেমেন বৰ্মণ, জয়ন্ত দাস, মিণ্টু বৰুৱা, মৌচুমী কাঠকটীয়া আদি।১২
বঁটা আৰু সন্মান
ছবিখনে ৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (১৯৯২) আঞ্চলিক ভাষাৰ কথাছবি শিতানত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি হিচাপে ৰজতকমল বঁটা লাভ কৰিছিল। ৰজতকমলৰ লগতে ড॰ ভবেন্দ্ৰ নাথ শইকীয়ালৈ প্ৰযোজক ৰূপে বিশহাজাৰ টকা আৰু পৰিচালক ৰূপে দহহাজাৰ টকা নগদ ধন আগবঢ়োৱা হৈছিল।১২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাৰথি (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬১৯১২৬ (২৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।