অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কালসন্ধ্যা (চলচ্চিত্ৰ)

কালসন্ধ্যা (कालसंध्या) হৈছে ১৯৯৭ চনত মুক্তি লাভ কৰা এখন হিন্দী ভাষাৰ বোলছবি। ড॰ ভবেন্দ্ৰ নাথ শইকীয়াই পৰিচালনা কৰা ছবিখনে অসমত ঘটি থকা সামৰিক কাৰ্যকলাপক মুখ্য বিষয় হিচাপে উপস্থাপন কৰিছিল। বিদ্ৰোহে অসমৰ মানুহৰ জনজীৱনৰ ওপৰত কিদৰে প্ৰভাৱ পেলাইছিল, সেইয়া ছবিখনৰ জৰিয়তে দেখুৱাব বিচৰা হৈছিল।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ১৭২ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

কালসন্ধ্যা (कालसंध्या) হৈছে ১৯৯৭ চনত মুক্তি লাভ কৰা এখন হিন্দী ভাষা ভাষাৰ বোলছবি।১ ড॰ ভবেন্দ্ৰ নাথ শইকীয়াই পৰিচালনা কৰা ছবিখনে অসমত ঘটি থকা সামৰিক কাৰ্যকলাপক মুখ্য বিষয় হিচাপে উপস্থাপন কৰিছিল।২ বিদ্ৰোহে অসমৰ মানুহৰ জনজীৱনৰ ওপৰত কিদৰে প্ৰভাৱ পেলাইছিল, সেইয়া ছবিখনৰ জৰিয়তে দেখুৱাব বিচৰা হৈছিল।৩ যতীন বৰা, আশিস বিদ্যাৰ্থী, দেবশ্ৰী ৰয়, নিপন গোস্বামী আদিয়ে কেইটামান গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল।৪ উল্লেখনীয় যে, ছবিখন ১৯৯৭ চনৰ ভাৰতীয় পেনোৰামালৈও নিৰ্বাচিত হৈছিল।৫

সেই বছৰৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত ছবিখনৰ প্ৰদৰ্শনী হৈছিল। আনহাতে কাইৰো আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱৰ ভাৰতীয় শাখাতো ছবিখন অন্তৰ্ভুক্ত হৈছিল।৬

কাহিনী

ৰঞ্জিত নামত এজন শিক্ষিত নিবনুৱাই সংগ্ৰাম বাহিনীত যোগদান কৰে। অস্ত্ৰধাৰী বিদ্ৰোহীয়ে সেইসময়তে কেতবোৰ হত্যাকাণ্ড সংঘটিত কৰিছিল। তেনে এক পৰিপ্ৰেক্ষিততে ৰঞ্জিতে অনুৰাধাৰ গিৰিয়েকক হত্যা কৰে। কিছুদিনৰ পাছত, স্থানীয় মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপক বনজিৎ দত্তকো গুলীয়াই হত্যা কৰা হয়। ৰঞ্জিত ক্ৰমাৎ অধ্যাপকৰ পৰিয়ালৰ ঘনিষ্ঠ হৈ পৰে আৰু অনুশোচনা তথা অপৰাধবোধত দগ্ধ হ'বলৈ ধৰে।৭

অভিনয়-শিল্পী

তথ্যসূত্ৰ

  1. ↑ Kalsandhya. osianama.com
  2. ↑ (5 August 2007). Assamese film to be screened in London. Hindustan Times
  3. ↑ Cinema of the North East: From Jahnu Barua to Rima Das, voices of note from the region. Firstpost
  4. ↑ Kaal Sandhya
  5. ↑ Kaal Sandhya: Twilight of heart. DFF, Indian Panorama
  6. ↑ (17 August 2012). The man and his magic. The Hindu
  7. ↑ Kaal Sandhya. Cinemas of India

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত অসমৰ ছবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কালসন্ধ্যা (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৩৯৫৩০ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।